top of page

 SEARCH RESULTS 

605 items found for ""

  • তুমি অহা বাট থৈছো ফুলেৰে সজাই

    তুমি অহা বাট মই সদায় ফুলেৰে থওঁ সজাই কেতিয়া আহিবা তুমি শিৰত সেন্দুৰ সানি সজাবলে মোৰ প্ৰেমৰ পৃথিৱী সুন্দৰ অন্তৰৰ সৌন্দৰ্য বোলাই সুৰম্য প্ৰেমৰ সুমধুৰ সুগন্ধি বিলাই ষড়ঋতুৰ আকাশত ৰক্তিম সূৰ্য্য জ্বলাই কেতিয়া তুলিবা প্ৰেমৰ ফুলেৰে ফুলাই আকুল বিয়াকুল মোৰ হিয়াখনি বসন্ত বৰ্ণিল বাস্তৱৰ বাৰিধি বোৱাই আহিবা আহিবা বুলি গভীৰতাৰে ভাৱি তুমি অহা বাট থৈছো ফুলেৰে সজাই মুৰৰ দীঘল ওৰণী খুলি হেঙুল হাইতাল হেঁপাহৰ হিমন্ত হিলাই কেতিয়া তুমি মোক প্ৰেমেৰে ল’বা সাৱতি অনাবিল অনন্ত মাদকতাৰ ঢল বাগৰাই তুমি অহা বাট ফুলেৰে সজাই অধীৰ আপেক্ষাৰে তুমি অহালৈ স্বপ্নৰ মালা গাঁঠি গাঁঠি আছো বাট চাই শৃঙ্গাৰ অলংকৃত মূৰ্চ্ছনাৰ তালত তাল ৰাখি মুগা ৰিহাৰ পাতৰ খচ্ খচনি তুলি থৌকি বাথৌ খোজেৰে লাজ সলাজ ভাৱেৰে মোৰ কাষলৈ আহিবা তুমি হালি জালি কথা ক’বা ফাগুনৰ মলয়া বতাহ বোৱাই সেই মিলন মধুৰ ক্ষণলৈ আছো বাট চাই তুমি নাহিবা বুলি মই ভাৱিবই নোৱাৰো নিদিবা বুলি নেভাবো সহাঁৰি তুমি বাৰু আহিবা কেতিয়া তোমালৈ বাট চাই চাইও মোৰ চকু নিবিষাই তুমি আহিবা আহিবা বুলিয়েই এই নদীৰ তীৰত আছো বাট চাই তুমি আহিলেই পুৰ্ণ হ’ব মোৰ জীৱন অনন্ত প্ৰেমত নিজকে দিম উটুৱাই #assamesekobita #axomiyakobita #SahityaChorcha #tumiohabatthoisufuleresajai

  • জাগ জাগ অসমীয়া বজা ৰণতুৰ্য্য

    জাগ জাগ জাগ অসমীয়া বজা ৰণতুৰ্য্য কৰিবই লাগিব তই আজি যুদ্ধ দেশদ্ৰোহী শত্ৰুক নকৰিলে আজি স্তব্ধ নৰ’ব অসমীয়াৰ খিলঞ্জীয়া অস্তিত্ব জনজাগৰণৰ অগ্নিময় হুংকাৰ তুলি কপাঁবই লাগিব তই পৃথিৱীৰ বক্ষ অসমত অসমীয়া বাছি নেথাকিব সবংশে শত্ৰুক তই নকৰিলে বিধ্বংস অনিৰ্বাৰ আগুৱান হ হ অসমীয়া ধ্বংস কৰ বঙাল বিদেশী শত্ৰুৰ লক্ষ্য দুৰ্মদ বীৰত্বৰে দে দুৰ্বাৰ অক্লান্ত যুদ্ধ নহ’লে অসমীয়াৰ ধ্বংস অনিবাৰ্য বৰ্জন কৰ বৰ্জন কৰ সেই ভুৱা গণতন্ত্ৰ বিধ্বস্ত কৰে যি অসমীয়াৰ অস্তিত্ব যুগে যূগে মুৰ্খামী কৰাৰ আৰু সময় নাই আত্মবিশ্লেষণেৰে নিজক কৰ শুদ্ধ নহ’লে অসমীয়াৰ অস্তিত্বৰ ধ্বংস অনিবাৰ্য অনিবাৰ্য অনিবাৰ্য #assamesekobita #axomiyakobita #jagjagoxomiyabojaranatujya #SahityaChorcha

  • অচিন প্রেম

    সৰু সৰু সপোন বোৰ ধৰি ৰাখিছিলোঁ, দিঠক দেখাৰ হেপাঁহত। কিয় জানোঁ বাৰে বাৰে উভতি আহিছিলোঁ তোমাৰ কাষৰে পৰা ভয়ে ভয়ে লাজে লাজে। হয়টো তোমাৰ ভাল নালাগিবও পাৰে, মোৰ ভাল পোৱা কলা ৰং বোৰ। তথাপিও আজিও বিছাৰি ফুৰো তুমি ভাল পোৱা সৰু সৰু শব্দবোৰ, চেষ্টা কৰো ছন্দ বোৰ মিলাই কবিতা লিখিবলৈ তোমাৰ হৃদয়ৰ দেৱালত। কেতিয়াবা চিঞৰি চিঞৰি কব মন যাই লেখিব মন যাই কেতিয়াবা হিয়া উজাৰি মোৰ হৃদয়ৰ কলা অধ্যায়বোৰৰ এটা শব্দ কিন্তু শুনিব কোনে? বুজিব কোনে? তুমিটো মোৰ আজিও অচিন। #assamesekobita #axomiyakobita #ochinprem #SahityaChorcha

  • ক’ত থ’ম মোৰ প্ৰেম

    ক’ত থ’ম মোৰ প্ৰেম সোণালী আঘোণকে সুধিম নেকি! সোণ বৰণীয়া ধানৰ আঁহে আঁহে ৰাখিম নে মোৰ প্ৰেম, তুমি বাউলী বতাহ হৈ চুই দিবা আলফুলে! মতলীয়া ফাগুনক সুধিমনে পলাশৰ পাহে পাহে ৰঙাই থ’বলে’, তুমি পচোৱা হৈ বা দিবলে’ বসন্তৰ বুকুত ৰাখিম নেকি মোৰ প্ৰেম তুমি সেউজীয়া কুঁহিপাত হৈ মোক সজাই দিবলে’! বৰষাক ক’ম নেকি সপোনৰ বৰষুণ জাক হৈ মোৰ হৃদয় তিয়াবলে’ য’ত তোমাৰ প্ৰেমৰ ৰক্তজৱাই সঁজাল ধৰিব নিৰৱে নিৰলে আলফুল কুসুম কলি হৈ মোৰ বুকুত সুবাস সিঁচি দিবা মই দুহাত মেলি আঁকোৱালি ল’ম কলিজাৰ উমাল স্পন্দনেৰে। #assamesekobita #axomiyakobita #Kotthommurprem #SahityaChorcha

  • নপঢ়া চিঠিৰ বতৰা

    নিশা পোষ্টেলৰ ‌ যোগেদি অহা অশ্ৰুলেখাৰ সেই নীলা খামৰ চিঠিখন মোকলাই চালোঁ তাইৰ মৌ বৰষা হৃদয়ৰ বতৰাবোৰ পুৱা বেলিৰ ‌ সেন্দুৰীয়া পোহৰত। হঠাতে এটা শেন পক্ষী আহি থপিয়াই লৈ গ’ল অশ্ৰুলেখাৰ চিঠিখন, নিলীম আকাশত সমীৰণৰ তালে তালে উৰি ফুৰিছে অশ্ৰুলেখাৰ হৃদয়ৰ ভাবৰ বতৰা বোৰ আৰু তাইৰ দুহাতৰ পৰশত উজ্বলি উঠা উকা কাগজ আৰু নীলা চিঁয়াহীৰ শব্দৰ মুকুতা বোৰ। #assamesekobita #axomiyakobita #Nopadhrachithirbotora #SahityaChorcha

  • মুখা

    সপোনত এদিন যাম তোমাৰ সৌন্দৰ্য্যশালী মুখাৰ আঁৰত থকা মুখা বিচাৰি। ৰূপোৱালী জোনৰ এমুঠি পোহৰ লৈ জোনাকী বাটেৰে যাম তোমাৰ কাষলে। তোমাৰ সেই অভিনয়ৰ সোনালী বেশ বিচাৰি থিতাপি ল’ম তোমাৰ কাষত লগ হ’ম সাগৰ সংগমত। চাম একে থিৰে তোমাৰ সেই অভিনয়ৰ পাতনি, আকাশী লতা হৈ বগাই যাম সপোনত এদিন তোমাক বিচাৰি। চাম প্ৰাণ ভৰি, মুখাৰ আঁৰত থকা অভিনয়ৰ মুখা খুলি। #assamesekobita #axomiyakobita #Mukha #SahityaChorcha

  • শীতৰ অনুভৱ

    হিমচেচা আঙুলিৰ ফাকে ফাকে নামি আহে শীত, কুঁৱলীৰ মাজেৰে নিয়ৰে আহি শীতল কৰি তোলে ধৰণী,,, স্মৃতিয়ে কঢ়িয়াই আনে জুহালৰ কাষত লোৱা আমেজবোৰ, পুৱা-গধূলি জুইৰ কাষত বহি কটোৱা মধুৰ সময়বোৰ,,, শীতৰ ঠেটুৱৈ ধৰা জাৰৰ পৰিত্ৰাণ পাবলৈ জুহালৰ কাষত বহা, সকলোৱে মিলিজুলি লোৱা চাহৰ জুতি আৰু আলু-বেঙেনা পোৰা এতিয়া এইবোৰ অতীত ,,, আইতাই জুহালৰ কাষত নাতিহতঁক সাধুকথাৰে দিয়া উমাল মৰমবোৰে বাট বুলিছে সাধুকথালৈ ,,, শীতৰ জুহালৰ পকা অঙঠাৰ পৰশত বেমাৰও দিকভ্ৰান্ত হয় ককা-আইতাৰ ককালৰ বিষেও বাট বুলে ,,, শীতৰ জুহালৰ সোৱাদ লবলৈ এতিয়া যেন স্মৃতিৰ গহ্বৰত তথাপিও অনুভৱ কৰিলো আজি কবিতাৰ মাজত। #assamesekobita #axomiyakobita #hitoronubhav #SahityaChorcha

  • “ভাল পাই পেলাইছো তোমাক”

    চেতন অথবা অৱচেতনত কঢিয়াই ফুৰিছো তোমাৰ অৱস্থিতি তোমাৰ নিশ্বাসত ঘনিষ্ঠতা কৰিছো মোৰ উশাহবোৰ………… মনৰ অৱসাদ ফালি কলিজাৰ গহ্বৰত তোমাৰ পদাৰপণে হালধীয়া অথবা সেউজীয়া প্ৰেমৰ বীজ সিচিঁছে……. মেঘ আৰু বতাহৰ উশাহবোৰ জীপাল হৈ সংশ্লেষিত হৈছে ঠিক তেনেকৈ….তোমাৰ উশাহবোৰ মোৰ দীঘলীয়া হুমুনিয়াহ হৈ হৃদয়ত তৰংগিত কৰিছে হেপাঁহৰ……. তোমাৰ কথাবোৰ গান হৈছে অভিমানবোৰ সুৰ হৈ ভাহিঁছে মোৰ সংশ্লেষিত প্ৰেমিক মনত, তোমাৰ সৈতে কটোৱা নিমিত্ব মুহুত্ববোৰ সুখ হৈ পদাঘাত কৰিছে মোৰ দুচকুত হৃদয়ৰ খিৰীকিত সৃষ্টি হৈছে প্ৰেমৰ কবিতাৰ টোপাল টোপাল আলোড়নৰ….. সঠিককৈ কব নোৱাৰিম এইয়া ছাগে তোমাৰ প্ৰতি উদ্ভাসিত হোৱা প্ৰেম অফুৰন্ত মৰম আৰু ভালপোৱাৰ ঠিকনা সছাঁকৈ মই তোমাৰ প্ৰেমত পৰিছো নেকি……? #assamesekobita #axomiyakobita #bhalpaipelaisutumak #SahityaChorcha

  • তুমি কোন??

    তুমি আন্ধাৰৰ মাজত পোহৰ বিলাই নীৰৱে জ্বলি থকা এগছি চাকি । নে, তুমি কোনো অচিন দেশৰ পক্ষী যাৰ গানত মুগ্ধ মোৰ মন । নে , তুমি অজানিতে মোৰ মুখত বিৰিঙি যোৱা এটি মিঠা হাঁহি । নে, তুমি মোৰ হৃদয়ৰ কল্পনাত স্তব্ধ হৈ থকা মাথোঁ এটি অৰ্থহীন অনুভৱ । #assamesekobita #axomiyakobita #SahityaChorcha #tumikun

  • অসম মোৰ বুকুৰ আপোন

    অসম মোৰ বুকুৰ আপোন, মোৰ জীৱনৰ শিৰোনামাত; মাথোঁ তোমাৰেই সপোন। অসম মোৰ সোণৰ অসম যদিও অনেক জাতি-বৰ্ণ-ধর্ম ভ্ৰাতৃত্ব কতো নাই আমাৰ সম তোমাৰ বুকুত লভিছোঁ জন্ম, সৰ্বদা তোমাৰ হিতে মোৰ কৰ্ম। অসম মোৰ বুকুৰ আপোন, দৰ্শালা সত্যৰ দাপোন বিহু আমাৰ মন-প্ৰাণ বিশ্ব-দৰবাৰত পাইছোঁ মান তোমাৰ বিকাশৰ জয়ধ্বনি মোৰ হৃদয়ত উঠিছে প্ৰতিধ্বনি। অসম মোৰ বুকুৰ আপোন, মোৰ জীৱনৰ শিৰোনামাত ; মাথোঁ তোমাৰেই সপোন। মাথোঁ তোমাৰেই সপোন। #assamesekobita #Axommurbukuraapun #axomiyakobita #SahityaChorcha

  • জীৱন এনেকুৱাই

    ঘুৰি নাচাওঁ‌ অতীতক, উভতি নযাওঁ‌ লৰালি কাললৈ, স্মৃতিয়ে আমনি কৰিব।আন্ধাৰ এৰি থৈ আহিছোঁ‌, পোহৰত বগুৱা বাই আহিছোঁ‌, বহু দূৰ বাট আগুৱাই আহিলোঁ‌ ।ওখোৰা মোখোৰা বাট, গচকি এৰি আহিছোঁ‌ মই, আন্ধাৰে আমনি নকৰাকৈ।জেকা মাটিত কঠিয়া নগজে, ৰ’দে সেউজীয়া কৰে পথাৰ , জোনবায়ে নিশা পোহৰ বিলায়।অশ্ৰুসিক্ত নয়ণ বিদায় ক্ষণত পোহৰত পাহৰিছোঁ‌ দুখ, আন্ধাৰ বহু দুৰৈত এৰি আহিলোঁ‌।সপোন উপজিছে মনত, বেদনাৰ সময় উকলি গ’ল , বন্ধ হ’ল ঘুৰি অহাৰ পথ । #assamesekobita #axomiyakobita #jivanenekuwai #SahityaChorcha

  • অসমৰ বীৰ লাচিত

    লাচিত তুমিহে অসমৰ বীৰ তোমাৰ স্বপ্নৰ অসম হৈ থকা নাই অসম কেৱল বিশৃংখলতাৰ ভিৰ বিলুপ্তিত তোমাৰ দৰে বীৰ ৰাজনীতিৰ কৱলত হৈছে অসমৰ গতি ধীৰ। অসমৰ বিশাল মাটি তোমাৰ বিনে হৈছে ভ্ৰষ্টাচাৰৰ বিশাল ঘাটি লুইত আমাৰ গৌৰৱ নেতাৰ কথা বৰ বৰ পাৰত বিদেশীয়ে সাজিছে ঘৰ কিয়বা সকলো নিৰৱ? হে লাচিত! তোমাৰ বিনে অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে? #assamesekobita #axomiyakobita #axomorveerlachit #SahityaChorcha

bottom of page