top of page

 SEARCH RESULTS 

605 items found for ""

  • প্ৰেম বিৰোধী মই

    প্রেম বিৰোধী মই, ক’লে বেয়া পাবা নেকি! দিয়া পিছে,আজি অলপ সত্য শুনা! সত্য ক’লে বেয়া পাবা নেকি! আজিৰ প্ৰেম ব্যবসায় ! বিক্ৰী হয়, “OYO” নামৰ বাণিজ্যিক সংস্থানত! মোৰ কথাবোৰ কঠোৰ ন?? ক’লে বেয়া পাবা নেকি! মন আছে,মানসিকতা নাই। হৃদপিন্ড আছে ,কিন্তু আবেগ নাই! আজিৰ যৌনতাত! মৌনতা আৰু ত্যাগত বিশ্বাসী মই! সেয়েই প্ৰেম বিৰোধী মই! ক’লে বেয়া পাবা নেকি?? #assamesekobita #assamesepoem #assamesepoetry #axomiyakobita

  • অসমীয়া যুৱ সমাজ আৰু হান্সেই দৰ্শনৰ প্ৰয়োজনীয়তা

    এটাৰ পাছত আনটো বিতৰ্কৰ যেন অন্তই নপৰে। কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতো থলুৱাৰ মাটিৰ বেদখল আৰু চৰকাৰৰ উচ্ছেদন, বিক্ষোভকাৰীৰ আন্দোলন আৰু আক্রমণ, আৰক্ষীৰ প্ৰত্যাক্ৰমণ , হত্যাকলৈ ৰাইজৰ বিৰোধ আৰু সমৰ্থন, ৰাজনৈতিক নেতাসকলৰ প্ৰহসন, গো মাংসৰ ভক্ষণাভক্ষন, অবৈধ বিদেশী নাগৰিকৰ প্ৰবজন, লাভাম্বিত আঁচনিৰে ধৰ্মান্তৰণ, থলুৱাৰ সংৰক্ষণ, এইডছৰ ভয়াবহ সংক্ৰমণ, ড্ৰাগছৰ বিক্রী আৰু সেৱন,অংগ সৰবৰাহকাৰীৰ অপহৰণ, ভন্ড নেতাৰ আন্দোলন আৰু শেহতীয়াকৈ নাৰীৰ পিন্ধন উৰণৰ বিতৰ্কই অসমৰ বৌদ্ধিক, ৰাজনৈতিক আৰু প্ৰশাসনিক মহলৰ লগতে সংবাদ মাধ্যমত তোলপাৰ লগাই আছে । স্বভাৱত সৰল, এলেহুৱা আৰু আবেগিক প্ৰৱণ অসমীয়ালোকৰ দুৰ্বলতাৰ সুযোগ লৈ অতীজৰ পৰাই এচাম স্বাৰ্থান্বেষী ৰাজনৈতিক দল সংগঠনৰ নেতা-পালিনেতা, ভন্ড বুদ্ধিজীৱি আৰু দূৰ্নীতিগ্ৰস্ত সংবাদ মাধ্যমে ৰাজ্যখনৰ নাগৰিকক বিভ্ৰান্ত কৰি আহিছে । বেয়া এটাই লাগে সাম্প্ৰতিক সময়ত অসম আৰু অসমীয়াৰ জাতি,মাটি, ভেটি আৰু ভাষাটোৰ স্বাৰ্থত প্ৰকৃতাৰ্থত মাত মাতিবলৈ প্ৰয়াত ত্যাগবীৰ হেম বৰুৱা,অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ আদিৰ দৰে জাতিটোক নিঃস্বাৰ্থভাৱে ভালপোৱা অভিভাৱক আমাৰ মাজত নাইয়েই বুলিব পাৰি। বৰ্তমান সময়ত যি দুই এজনে জাতিটোক হৃদয়ৰ পৰা ভাল পাই তেওঁলোকো নিৰুপায় । কাৰণ আজি অসমৰ সমাজব্যৱস্থা আৰু অসমীয়াৰ চিন্তাধাৰা এচাম মুক্ত ৰাজনৈতিক দালালৰ দ্বাৰা পৰিচালিত হ’ব ধৰিছে । সেই বাবেই এই পৰিস্থিতিত বহুতো সচেতক ব্যক্তিয়ে অনিচ্ছাসত্বেও নিজৰ কন্ঠৰুদ্ধ কৰি ৰাখিব বাধ্য হৈছে । কাৰণ সেই চাম লোকৰ চকুৰঠাৰত পৰিচালিত হোৱা সমাজখনৰ লোক সকলৰ বাবে তেওঁলোকৰ অভিমত মূল্যহীনবোধ হৈ পৰে। বৰ্তমানে ঘটি থকা এই সকলোবোৰ কথা জাতিটোৰ অনাগত ভবিষ্যতৰ বাবে মুঠেও ইতিবাচক লক্ষণ নহয়। অদূৰদৰ্শী,অপৰিপক্ক অসাধু আৰু স্বাৰ্থলোভী এই নেতা সকলে ধৰ্ম, জাতি, উপজাতি,ভাষা আৰু বৰ্ণৰ আধাৰত অসমীয়া সমাজখনক বিভক্ত কৰি জাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।ঈ পূৰ্বতেও তেনে এচাম লোকৰ অদূৰদৰ্শিতা আৰু নিজৰ ৰাজনৈতিক ক্ষমতালাভৰ হাবিয়াসৰ বাবে চুকাফাৰ বৰ অসমখন ভাঙি খন্ড খন্ড হৈ পৰিছিল । ফলঃত কাৰ্বি, বড়ো, তিৱা,মিচিং ৰাভা,হাচং, ডিমাচা অথৱা কছাৰী সকলে আজি নিজকে অসমীয়া বুলি পৰিচয় নিদি বৰঞ্চ নিজৰ জনজাতিৰ নাম কবলৈ ভাল পোৱা হ’ল। কালক্ৰমত বৰ অসমৰ সকলো জাতি উপজাতিৰ উমৈহতীয়া সুৰীয়া ভাষাটোৰো আদৰ কমি আহিব ধৰিছে । আমাৰ জাতিটোৰ লোক সকলৰ মাজত ঐক্য আৰু সমন্বয়ৰ অভাৱৰ বাবেই প্ৰখ্যাত সমাজ বিজ্ঞানী তথা বৈষ্ণৱগুৰু শংকৰদেৱৰ আদৰ্শ আৰু দৰ্শনৰ লগতে অসম সাহিত্য সভাৰ দৰে মহান প্ৰতিষ্ঠানটোকো একচাম স্বাৰ্থলোভীয়ে ৰাজনীতি কৰণ কৰি পেলাব কুন্ঠাবোধ নকৰা হ’ল । এই সকলোবোৰৰ পৰিণতিতে দিনক দিনে আমাৰ ৰাজ্যখনৰ সামাজিক আন্তঃগাঁঠনি সোলোক ঢোলোক হৈ পৰিব ধৰিছে । আমাৰ এই অসহায় অৱস্থাৰ সুযোগ লৈ প্ৰতিবেশী দেশখনৰ পৰা হোৰাহোৰে প্ৰবজন কৰি থকা অত্যন্ত কষ্টসহিষ্ণু আৰু কৰ্মঠ বিদেশী সকলে সোৰোপা অসমীয়া জাতিৰ মাটি,ভেটি আৰু ভাষাটোও গ্ৰাস কৰি যাব ধৰিছে । ভুতৰ ওপৰত দানহ পৰাৰ দৰে মানব অংগ সৰবৰাহকাৰীৰ আৰু সৰবৰাহৰ ড্ৰাগছ মাফিয়াৰ কবলত ধনী,দুখীয়া, ডেকা বুঢ়া সকলো অসমীয়াই এফালৰ পৰা দাহ যোৱাৰ উপক্ৰম হৈছে । অথচ বৌদ্ধিক সমাজ আৰু সমাজ সচেতক সকল নিৰ্বাক নিৰ্বিকাৰ । তেওঁলোকৰ আকৌ বেছিভাগেই এতিয়া ব্যস্ত কিশোৰী এজনীয়ে কি পিন্ধি পৰীক্ষা দিব যাব, বজাৰত যাব, মন্দিৰত যাব, গীৰ্জাঘৰত যাব, মছজিদত,যাব ইত্যাদি ইত্যাদিবোৰত। এইবোৰ টুলুঙা কথাত লাগি থাকিলে বাৰু জাতিটোৰ কিবা বিকাশ হ’বনে ? বিগত পঞ্চাশ বছৰত অসমৰ ভৌগোলিক, ৰাজনৈতিক, সামাজিক দিশত কিমান পৰিবৰ্তন সেইবোৰৰ প্ৰতি কাৰোৱেই অকণো কানসাৰ নাই এই সকলো কথা সমূলি উলাই নকৰি তথ্য সহকাৰে বিশ্লেষণ কৰি শুধৰাই লোৱাৰ সময় আহি পৰিছে । নহলে অসম আৰু অসমীয়া জাতিটো ভবিষ্যতৰ ইতিহাসৰ মানচিত্ৰত চিহ্নিত হে হৈ ৰ’ব। বৰ্তমানৰ উন্নত দেশ জাপানেও বহুতো ৰাজনৈতিক, প্ৰাকৃতিক আৰু সামৰিক আদি বিভিন্ন আভ্যন্তৰীণ আহুকালৰ সন্মুখীন হৈছিল। অনুমানিক প্ৰায় প্ৰায় পয়ত্রিশ হেজাৰ বছৰ আগতেই জাপানত মানব সভ্যতাৰ সূচনা হৈছিল । প্ৰায় দহ হেজাৰ বছৰ আগত জাপানত যমন নামৰ এটা চিকাৰীজীৱি সভ্যতা থকাৰ উমান পোৱা গৈছিল । কিন্ত ২৫০ খ্ৰীষ্টাব্দ মানতহে ইয়াৱৈ যুগত জাপান এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে মুৰ দাঙি উঠিছিল। পৰবৰ্তীকালত কফুন,নাৰা, হায়ান কামাকুৰা, মুৰোমাচি,আজুচি মোমোয়ামা,ইডো, মেজ্জি, টাচিও, চোৱা,ৰেৱা যুগৰ পৰা সাম্প্ৰতিক হেইচেই ৰাজনৈতিক যুগলৈ জাপানে বহু সংঘাতৰ সৈতে যুঁজ দি আহিছে । ১১৮৫ খ্ৰীষ্টাব্দৰ গামপে গৃহ যুদ্ধৰ পাছৰ পৰাই মংগোল, চীন, ৰাচিয়া আৰু পৰ্টুগীজৰ উপৰ্যুপৰি আক্রমণৰ পাছত ১৯৪৪চনৰ দ্বিতীয় বিশ্বযুদ্ধত জাপান একেবাৰেই বিধস্ত হৈ পৰিছিল । ইয়াৰ উপৰিও বিভিন্ন গৃহযুদ্ধৰে জৰ্জ্জৰিত সমগ্ৰ জাপান বহুবাৰ ভূমিকম্প,চুনামী আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাও আক্ৰান্ত হৈছিল। কিন্ত প্ৰখৰ বুদ্ধিমান আৰু কষ্টসহিষ্ণু জাপানীজ সকলে সময়ে সময়ে উদ্ভৱ হোৱা তেনেধৰনৰ সমস্যাবোৰ কম সময়ৰ ভিতৰতে সুকলমে সমাধান কৰিব পুনৰ বিকাশৰ দিশত অগ্ৰসৰ হৈছিল। জাপানে সেই সমস্যাবোৰ সমাধান কৰিবলৈ কেতিয়াও কঠোৰ আইন অথৱা বাধ্যতামূলক নীতি প্ৰণয়নৰ নাছিল । তাৰ পৰিবৰ্তে বিশেষ দৰ্শন অথৱা চিন্তাধাৰাৰে সেই সমস্যাবোৰ মষিমূৰ কৰাৰ চেষ্টা কৰিছিল। জাপানৰ প্ৰশাসনিক, শৈক্ষিক, সামাজিক,সামৰিক আৰু ৰাজনৈতিক সকলোবোৰ ক্ষেত্ৰই কিছুমান বিশেষ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰভাৱান্বিত । সেই কাৰণে সমাজৰ হিতৰবাবে শাসন ব্যৱস্থাই কিবা সংস্কাৰী সিদ্ধান্ত ললে চৰকাৰী অধিনিয়ম পালনৰ বাবে অধিসূচনা জাৰি কৰি আইনী ভয় দেখোৱাৰ প্ৰয়োজনবোধ নকৰে। সংঘটিত হৈ যোৱা প্ৰতিটো ঘটনা তথা দুৰ্ঘটনাৰ এক বিশেষ দৰ্শনৰ আলমত সমীক্ষা কৰি তাৰ আচল কাৰণ বিচাৰি উলিওৱাৰ চেস্তা কৰে । ভূলৰ সমীক্ষা কৰি শিক্ষা লোৱা জাপানীজ সকলৰ এই বিশেষ দৰ্শনটোকে “হান্সেই” বুলি কোৱা হয়। জাপানীজ শব্দ “হান্সেই ” দৰাচলতে দুটা ভিন্ন শব্দৰ সংযোজনহে। জাপানীজ শব্দ “হান” মানে হ’ল পৰিৱৰ্তন কৰা “চেই” মানে হ’ল বিশ্লেষণ কৰা । সংযোজিত শব্দ হান্সেই শব্দটোৰ অৰ্থ হৈছে বিশ্লেষণাত্মক ভাৱে শুধৰণি কৰা । এই দৰ্শনৰ আধাৰত জাপানীজ সকলে সংঘটিত হোৱা নিজৰ লগতে আনে কৰা ভূলকো গাপ দি নথৈ তথ্য সহকাৰে পূৰ্ণ বিশ্লেষণ কৰি সেই ভূলৰ কাৰণ আৰু তাৰ পুনৰাবৃত্তি নোহোৱাৰ উপায় নিৰ্ধাৰণ কৰি উলিয়াবলৈ প্ৰয়াস কৰে । জাপানীজ সকলে হান্সেই দৰ্শনক আত্মদৰ্শনৰ এক যোগাভ্যাস বুলিও অনুশীলন কৰে । তেওঁলোকে আনে কৰা ভুলৰ বিশ্লেষণ কৰাটোত সকলে বেছি গুৰুত্ব আৰোপ কৰে । কাৰণ আনে কৰা ভুলৰ প্ৰকৃত কাৰণ যদি উদ্ভাৱন কৰিব পৰা যায় তেন্তে সাম্ভাব্য বহুতো ক্ষতিৰ পৰা নিজক ৰক্ষা কৰিব পাৰি। জাপানত হান্সেই দৰ্শন উদয় হোৱাৰ বহু বচৰ আগতেই খ্ৰীষ্টপূৰ্ব ৩০০ মানতে প্ৰখাত দাৰ্শনিক, কূটনৈতিকবিদ মগধৰ মহামন্ত্ৰী চানক্যই এই একেখিনি কথাই কৈছিল। কিন্ত্ত বুদ্ধিমান জাপানীজ সকলৰদৰে আমি আমাৰ দেশৰ অতীজৰ দৰ্শন আৰু চিন্তাধাৰাক আদৰ কৰিব নিশিকিলো । সেই কাৰণে বহু ক্ষেত্ৰত আমি সফল হব নোৱাৰিলো । জাপানীজ সকলে এই দৰ্শনজ্ঞানৰ জৰিয়তে আজিও তেওঁলোকৰ সকলোবোৰ ব্যক্তিগত আৰু সামাজিক সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি লয়। আহকছোন আমিও এই দৰ্শনৰ জৰিয়তে আমাৰ সংঘটিত সকলো ভূল ক্ৰুটিৰ সমীক্ষা কৰি তাৰ সংশোধনৰ চেস্তা কৰো । হান্সেই দৰ্শন অনুযায়ী সংঘটিত হোৱা ভূলৰ পৰ্যালোচনা তলত দিয়া ক্রমে অনুশীলন কৰা হয়। ১ ৷ হান্সেই দৰ্শনে এজন ব্যক্তি অথৱা এখন সমাজে কৰা ভুলৰ বিশ্লেষণ কৰি তাৰ শুধৰণিৰ উপাই বিচাৰি লোৱাত সহায় কৰে। কিন্ত ব্যক্তি অথৱা সমাজ এখনৰ প্ৰথম কৰণীয়টো হ’ল সংঘটিত হোৱা ভূলটো অকপট ভাবে স্বীকাৰ কৰা। সংঘটিত হোৱা ভূলবোৰ গাপ দি ৰাখিলে অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকে। হান্সেই দৰ্শন সাময়িক পৰ্য্যবেক্ষণ নহয়, ই এজন ব্যক্তি অথৱা সমাজৰ ভূল ক্ৰুটিৰ বোৰ শুধৰণি কৰি বিকাশৰ দিশত অগ্ৰসৰ হোৱা নিৰাধাৰ প্ৰক্ৰিয়া। সেয়হে এটা ভুল সংঘটিত হলে তাৰ সমীক্ষাৰ বাবে সদায়েই ছটা ক’ৰ সহায় লব লাগে । সেই ক’ কেইটা হ’ল, কিয়, কি, কোন, ক’ত, কেতিয়া আৰু কিমান । ভূলৰ স্বীকাৰেই হৈছে শুধৰণিৰ প্ৰথম পৰ্যায় । ২৷ পোনচাটেই নিজে কৰা কামখিনি একেবাৰে শুদ্ধ বুলি যুক্তিপ্ৰদৰ্শন কৰি নায্যতা প্ৰতিপন্ন কৰিব বিচৰাটো ভূল। এই কাৰ্য্যৰদ্বাৰা নিজৰ ভূল লুকুৱাবলৈ চেস্তা কৰাটোহে পৰিলক্ষিত হয় । চিধাই আনৰ ওপৰত দোষ জাপি নিদি নিজৰ ভূলৰ বাবে ব্যক্তিগত দায়িত্ব পালন কৰা উচিত। হান্সেই দৰ্শনত আনক তিৰস্কাৰ কৰা একেবাৰেই বাৰণ কৰা হৈছে । নিজে কৰা কাম খিনি বাবে নিজৰ দায়িত্ব স্বীকাৰ কৰি হৈ যোৱা ভূলৰ সমীক্ষা কৰিব লাগে। এই দৰ্শনত কাৰ বাবে ভুল হ’ল বুলি প্ৰশ্ন কৰিবলৈ উৎসাহ প্ৰদান নকৰে। তাৰ পৰিবৰ্তে মোৰ কি ভূল হ’ল বুলি প্ৰশ্ন কৰিবলৈহে উৎসাহ দিয়ে । এই প্ৰক্ৰিয়াটোকে আত্ম প্ৰতিফলন বুলি কোৱা হয় । সাহসিকতাৰে বিনাচৰ্তে ভূল ক্ৰুটিৰ দায়িত্ব মুৰ পাতি লোৱাটোৱেই হ’ল এজন ব্যক্তি তথা সমাজৰ ৰ আত্ম প্ৰতিফলনৰ প্ৰথম পদক্ষেপ। ৩ । অনুতপ্ততা হ’ল ভূল শুধৰণিৰ প্ৰথম প্ৰক্ৰিয়া । যিকোনো সিদ্ধান্তৰ সতে আৱেগিক হৈ পৰাটো মাৰাত্মক ভুল। আমি লোৱা সিদ্ধান্তবোৰ অন্তৰ্দৃষ্টিৰ আধাৰত সমীক্ষা কৰাটো অতি বাঞ্চনীয়। ধৰ্ম অথৱা কাৰোবাৰ হেঁচাত সেও মানি হোৱা শুধৰণিৰ স্থায়িত্ব নাই । হান্সেই দৰ্শনৰ উৎপত্তিৰ কেবা হেজাৰ বচৰ আগতেই ৰচিত শ্ৰীমদ্ভগৱদগীতাত উল্লেখিত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জ্জুনক সেই একেই খিনি দৰ্শন জ্ঞান দিছিল। এই পবিত্ৰ গ্ৰন্থখনৰ ষোল্ল অধ্যায়ৰ ষোল্ল সংখ্যক শ্লোকত প্ৰভু শ্ৰীকৃষ্ণই কৈছিল, সখা অৰ্জ্জুন, পৃথিৱীত মাত্ৰ জীৱই আছে। তাৰে এটা হ’ল দৈব্য গুন সম্পন্ন আৰু আনটো হ’ল দানবীয় প্ৰকৃতিৰ। স্বৰ্গ নিবাসী দেবতা সকল স্বভাৱজাত, ধীৰ,স্থিৰ, সৃষ্টিশীল, সংবেদনশীল আৰু পুন্য কৰ্মত ৰত । কিন্ত ইয়াৰ বিপৰীত ৰসাতলৰ দানববোৰআকৌ উশৃংখল স্বভাৱৰ, নিষ্ঠুৰ আৰু পাপকৰ্মৰ প্ৰতি অনুৰাগী। সত্য যুগত দেবতা সকল স্বৰ্গ আৰু দানৱ সকলে ৰসাতল নামৰ দুটা পৃথক গ্ৰহত নিবাস কৰিছিল । ত্ৰেতা যুগত দেবতা আৰু দানব একেটা গ্ৰহতে থাকিবলৈ লৈছিল । দ্বাপৰ যুগত আকৌ একটা পৰিয়ালতে দেবতা আৰু দানব জন্ম হবলৈ ধৰিছিল । পৰবৰ্তী কলিকালত একজন মানুহেই দৈব্য আৰু দানবীয় দুয়োটা গুন সম্পন্ন হৈ জন্ম পাব ধৰিলে। সেই বাবেই কলিৰ কালত এজন কচাই অথৱা চণ্ডালৰ অন্তৰতো মানবীয়তা দেখিব পোৱা যায় আৰু সৎ সংগত বিশ্বাস কৰা ধৰ্ম গুৰুও পাপ কৰ্মত লিপ্ত হৈ পৰা নিদৰ্শনো পোৱা যায় । সেই বাবেই মানুহে সঁচা-মিচা ,ভাল-বেয়া আদি কথাবোৰ আত্ম বিশ্লেষণ কৰি নিজক শুধৰাই ল’ব লাগে । নিজৰ সিদ্ধান্তৰ প্ৰতি আৱেগিক হৈ ভূল মানি নোলোৱাতকৈ অনুশোচনাৰ অগনিত নিজৰ ভূল ক্ৰুটি দাহন কৰি শুধৰণিৰ পথত খোজ পেলোৱাটোৱেই উত্তম নিৰ্ণয় হব। ৪ ৷ এজন ব্যক্তি অথৱা সমাজ যদি শুধৰণি তথা উন্নতিৰ বাবে নিজেই প্ৰতিশ্ৰুতিবদ্ধ হয় তেন্তে সেই ব্যক্তিজনক অথবা সমাজখন ৰ বাবে একো অন্তৰায় নাথাকে । মাত্ৰ মাজে সময়ে আমাৰ বিশ্বাস ব্যৱস্থাক প্ৰত্যাহ্বান জনাই আত্ম বিশ্বাসক সবল কৰি আত্ম বিশ্লেষণৰ দ্বাৰা আত্ম সংস্কৰণ কৰি কৰ্মত ব্ৰতী হৈ পৰিব লাগে। তেতিয়া সফলতাই আমাৰ পিছে পিছে ঘুৰি ফুৰিব। যোৱা বহুকেইটা দশক ধৰি অসমৰ জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ বহুতেই হেতালি খেলিলে । বহুতো শিয়ালবুদ্ধিৰ স্বাৰ্থলোভীয়ে সমাজৰ অধিকাংশ লোকক কথাই কথাই আন্দোলন, প্ৰতিবাদ, ধৰ্মঘট,চকাবন্ধ, চান্দানীতি,সন্ত্ৰাসবাদ, দালালৰাজ আদি অনৈতিক কাৰ্য্যকলাপৰ প্ৰতি উচতনি দি ৰাজ্যখনৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰ সমূহৰ পৰিবেশ বিনষ্ট কৰি পেলালে। সেই বাবে আজিৰ যুব সমাজে জাপানৰ হান্সেই দৰ্শনৰ দৰে প্ৰগতিশীল চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ নিজৰ লগতে সমাজখন শুধৰাই নল’লে ভবিষ্যতে নিজক অসমীয়া বুলি চিনাকী দিবলৈও লাজ লগা দিন আহি পৰিব। #article #prabandha #SahityaChorcha

  • হেঙুলী ৰহণ

    মই নিলিখো আৰু পপিতা এটি বিষাদ ভৰা কবিতা লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা। কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ, ওলাইছে নেকি হেঙুলীয়া মুখ খনি এবাৰ। তোমাৰ কিৰণ পাই ওলালো এবাৰ স্নান কৰোঁ নাদৰ পানী তুলি! দেহৰ ৰন্ধে ৰন্ধে উজ্বলাই দিলা তুমি তোমাৰ হেঙুলীয়া পোহৰ সানি। নিশা সপোন বোৰ কাঢ়ি নিলা তুমি পুৱা আহি মোৰ হৃদয়ৰ আঁৰে আঁৰে তুমি। উজ্বলাই তুলিলা মোৰ সেন্দুৰীয়া মুখ খনি তোমাৰ হেঙুলীয়া ৰহণ সানি। প্ৰকৃতিয়েও মোলৈ ৰ লাগি চাই, লাজৰ ওৰণী টানি মই আছো লুকাই । মই নিলিখো আৰু পপিতা এটি বিষাদ ভৰা কবিতা। মই লিখো দাৰি, কমা, ছন্দ হীণ সবিতাৰ কথা। #assamesekobita #axomiyakobita #hengulirahon #SahityaChorcha

  • ভাদৰ হৰিধ্বনি

    প্ৰবিত্ৰ ভাদ হৰি কীৰ্তন ধ্বনি নামঘৰ চৌদিশে আকাশে-বতাহে ঈশ্বৰ কৃষ্ণৰ গুণ যশ কীৰ্ত্তন- – ভাদৰ আবেলি- – – – আকাশৰ কোলাৰ পৰা বোৱতী পানী হৈ ৰৈ বৈ আহে ৰসময় প্ৰেম ভকতৰ হিয়াৰ অন্তঃগহ্বলৈ সু-হৃদয়ৰ সম্বন্বয় ঐক্যতা ভকতিৰসৰ সবল এনাজৰী চিৰসেউজীয়া ৰূপ- – – গুৰুজনাৰ – – – সৃষ্টিৰ অমৃতৰ নদী প্ৰেমৰ ঢল পাৰ ভাঙি বৈ আহে আই বাপ বৈষ্ণৱৰ ধ্বনি বুকুৰ চুবুৰি খহাই আমিয়া ভক্তিৰ সুৰধ্বনি – – – – #assamesekobita #axomiyakobita #bhadorhoridhwani #SahityaChorcha

  • মই হ’ম নীলকণ্ঠ

    মনৰ বিস্ফোৰিত আৱেগেৰে মোক ধুৱাই নপেলাবা। হিয়াত হেচুকি ৰখা আশাবোৰ শুকাই যাবলৈ নিদিবা। বুকুৰ বেদনাবোৰ চকুপানীৰ জীয়া ধলত উটুৱাই দিয়া সাগৰৰ বুকুলৈ। শব্দৰ কোমল দলিচাত খোজ পেলাই বাৰে বাৰে খাওঁ উজুটি। তীক্ষ্ণ বাক্যবাণত বিধ্বস্ত আগভোটা কাপেৰে বৰষিব অগ্নি স্ফুলিঙ্গ। সপোনৰ ৰম্যপুৰীত বিচাৰি ফুৰিম কবিতাৰ সৌৰভ পান কৰি হৈ পৰিম নীলকণ্ঠ। #assamesekobita #axomiyakobita #nilakantha #SahityaChorcha

  • মোৰ বৃন্দাবনত কোন কানাই তুমি

    বাঁহীৰ সুৰৰ ঝংকাৰ তুলি মোৰ বৃন্দাবনত কোন কানাই মোৰ এপিয়লা প্ৰেমৰ ফটিকা খায় কোন ৰাধাই নুপুৰ বজায়, যমুনা জোনাকসনা ঢৌৱে বাহিৰত ৰাগ টানে ষোড়শ গোপী মাউখে উটাই শ্ৰোতস্বিনী নদীৰ দীপ্ততাত । কোন বাৰু!!! মোৰ বৃন্দাবনত সোমায় উৰাল কোবাই কলিজা কপায় উৰেটো ৰাতি কটাই, মই হব পৰা নাই যমুনাৰ মূখৰ ৰাধা তোমাৰ ওমাল পৰশত গুণগুণাই গাবলৈ এটা কবিতা তোৰ বিশাল হৃদয়ত তোৰ অন্তহীন জীৱন মাধুয্য মই আঁকিব পৰা নাই জোনাক জোনাক লগা হৃদয়ৰ ৰেখা #assamesekobita #axomiyakobita #murbrindabonotkunkanaitumi #SahityaChorcha

  • সহজেই বুজি পাবা

    মই ভবাৰ দৰে তুমিও ভবা হ’লে মোৰ কথা ইমান নীৰস নহ’ল হেতেন এই পৃথিৱী ময়ো নহ’লো হেতেন নিঠৰুৱা পলসুৱা প্ৰেমৰ পলাশী বাটেৰেগৈ অৰুণিম আকাশৰ সূৰ্য্য পথত ৰৈ এতিয়াও আছো বাট চাই তুমি এবাৰ ঘূৰি চোৱা এবাৰলৈ হ’লেও মোৰ বুকুৰ বৰষাত ক্ষণিক তিতি চোৱা গমপাবা তোমাৰ প্ৰেমৰ স্বপ্নৰেই মতলীয়া মোৰ হৃদয় চিৰ সেউজীয়া হৃদয়ত হৃদয় থৈ শুনিবাচোন মোৰ হৃদয়ৰ কথা নয়নত নয়ন থৈ চাবাচোন মোৰ পৃথিৱীৰ সেউজীয়া মই তোমাক কিমান ভালপাঁও কিমান ভালপাঁও সহজেই বুজি পাবা #assamesekobita #axomiyakobita #hahojeibujipaba #SahityaChorcha

  • বৰ দুখ লাগে

    বৰ দুখ লাগে হে শিল্পী নিশা তোমাৰ অভিনয়ত গদ্ গদ্ হৈ হাত চাপৰিত প্ৰেক্ষাগৃহ কঁপাই তোলা দৰ্শকবোৰ এতিয়া ক’ত ? মঞ্চত ৰাজসিংহাসনত উপৱিষ্ট হৈ প্ৰজাক শাসন কৰা মহাৰাজৰ ঘৰৰ আখলত যেতিয়া জুই নজ্বলে তেতিয়া বৰ দুখ লাগে। তোমাৰ প্ৰতিটো সংলাপত হাঁহিৰ ৰোল তোলাৰ পিছত তোমাৰ ঘৰত থকা একমাত্ৰ পুত্ৰৰ অসুস্থতাত এপালি দৰৱ কিনিবলৈ পত্নীয়ে যেতিয়া হাহাঁকাৰ কৰে তেতিয়া বৰ দুখ লাগে। নৃত্য-গীতৰ ছন্দেৰে সংগীতৰ লহৰেৰে প্ৰেক্ষাগৃহ ৰজনজনাই থাকোতে তোমাৰ ৰুগীয়া মাতৃ-পিতৃয়ে তোমালৈ বাট চায় যেতিয়া ইহলীলা সম্বৰণ কৰে তেতিয়া বৰ কষ্ট পাওঁ। দূৰ্যোগৰ সময়ত তোমাৰ খবৰ ল’বলৈ এষাৰ মাত দিবলৈ জীয়াই থকাৰ বাবে উৎসাহ দিবলৈ তোমাৰ কাষত যেতিয়া কোনোৱে থিয় নহয় তেতিয়া বৰ দুখ লাগে। জীয়াই থকাৰ শেষ আশাকণো নাইকীয়া হৈ ভীক্ষাৰ পাত্ৰ হাতত লোৱাৰ বাহিৰে যেতিয়া আন পথ ৰুদ্ধ হৈ পৰে তেতিয়া বৰ দুখ লাগে। এই দুখবোৰ আঁতৰক প্ৰেক্ষাগৃহ বোৰ হাজাৰ হাজাৰ নিয়ন লাইটেৰে উজ্বলি উঠক দৰ্শকৰ হাত চাপৰিত কাণ তালমাৰি ধৰক এইয়া পুনৰ নহ’বনে?? #SahityaChorcha #bardukhlage #assamesepoetry #axomiyakobita #assamesekobita

  • বীৰাংগনা লাভলীনা

    অসমীৰ বীৰাংগনা লাভলীনা এক দু:সাহসী যোদ্ধা অসমৰ বোকা পানী লুইতৰ বালি শিৰত আশীষ লৈ যোৱা আগবাঢ়ি বিজয়ৰ মালা পিন্ধি আহিবা তুমি দেশৰ নাম জিলিকাই অসম বীৰ বীৰাংগনাৰ দেশ মূলাগাভৰু কনকলতাৰ দেশ এইখন লাচিত বৰফুকনৰ দেশ আইৰ তোৰ আঁচলত অযুত শক্তি অবলা বুলি ভাৱি ভুল নকৰিবি লাভলীনা দেখো হাতত গ্লোভ পিন্ধি বজ্ৰ হাতৰ প্ৰতিটো প্ৰহাৰত ধৰাশায়ী হয় বিপক্ষৰ বীৰত্ব শ্ৰেষ্ঠতৰ লক্ষ্যৰে বিশ্ব বিজয় হোৱা কোটি কোটি জনতাৰ শুভেচ্ছা তোমাক সূৰ্য্যোদয় দেশত খোদিত হওঁক নাম যুগে যুগে থাকি ৰব ইতিহাস তোমাৰ প্ৰেৰণা হওঁক তুমি নৱ প্ৰজন্মৰ নাৰী আজিও যুগৰ কালজয়ী সৃষ্টি আৰু সুবৰ্ধিত পৃথিৱী #SahityaChorcha #assamesepoem #assamesepoetry #lovelinaborgohain #assamesekobita

  • সপোন যেন

    নিশাটো ক্ৰমে গহীন হৈ পৰিছিল ঘিটমিটীয়া আন্ধাৰে আৱৰি ধৰিছিল। ফেঁচাৰ উৰুলি হুদুৰ চিঞঁৰে নিশাটো আৰু বেছি জয়াল কৰি তুলিছিল। আন্ধাৰৰ মাজত পথ খেপিয়াই ফুৰিছোঁ দুভৰিৰ কম্পিত খোজেৰে। কানৰ কাষেৰে জোৰেৰে পাৰ হৈ গ’ল এটি ডাঙৰ বাদুলী বতাহত কান এখন লৰিছিল। বুকুখন দুৰু দুৰুকৈ কঁপিছে যাবলৈ আছে বহু দূৰ বাট। শিয়ালৰ হোৱাই ৰাতি দুপৰৰ জাননী দিলে। ভৰিৰ ওপৰেৰে চেঁচা চেঁচা কিবা এটা পাৰ হৈ গ’ল গাতো শিঁয়ৰি উঠিল। হঠাৎ এক অজান শক্তিয়ে ডিঙিত চেপি ধৰিলে মাতিব খুজিও মাতিব পৰা নাই। খুব জোৰে চিঞঁৰ মাৰিলোঁ ওচৰতে থকা পত্নীয়ে গাত হেচুকি মাতিলে। সাৰ পাই দেখিলোঁ মই বিচনাখনত খামোচ মাৰি ওপৰলৈ মুখ কৰি শুই আছোঁ।। #assamesekobita #axomiyakobita #hopunjen #SahityaChorcha

  • শব্দবোৰ যদি ৰ’দ হয়

    শব্দবোৰ ৰ’দ হয় ৰ’দৰ বুকুত গজি উঠে শব্দবৃক্ষ সেই বৃক্ষৰ ছাঁত জিৰণি লয় প্ৰজ্ঞাই ভাষাৰ উৰ্বৰা পথাৰত শব্দৰ ব্যঞ্জনাই গজালি মেলে হেৰাব খোজা শব্দবোৰ খামুচি ধৰি নতুন চিন্তা চেতনাই জীপাল কৰে সুমধুৰ ভাষাৰ সেউজীয়া পথাৰখন! ভাষা-উপভাষাৰ সমাহাৰত সৃষ্টি হয় বৈচিত্র্যময় ভাষা কিম্বা সংস্কৃতিৰ সমন্বয় ভাষা-সংস্কৃতিৰ এই মহা সমাৱেশ চিন্তাৰ গতিশীলতাই দিয়ে তাতে প্ৰাণৰ আৱেশ! শব্দতেই জীৱন জীয়াৰ আখৰা চলে বৰ্ণই বৰ্ণই মিলি ৰামধেনু ৰঙৰ মালিতা ৰচে! এই শব্দইও যে কেতিয়াবা উজুতি খায় অপৰিশীলিত অপৰিপক্ক চৰ্চাত নিজৰ স্থানতেই গতি হেৰায়! তথাপি শব্দ গতিময় এই শব্দ অন্তহীন প্ৰজ্ঞাৰ আলয়! #assamesekobita #axomiyakobita #hobdoburjodirodhoi #SahityaChorcha

  • হেৰুৱা কুমল পৰশ

    অচিন হেঁপাহবোৰ হুমুনিয়া হয় সপ্নৰ ভগ্ন দাপোনত ওলমি ৰয়। তাই অনুভৱত দোলন দিয়ে যেতিয়া অনুভৱৰ হাতত ধৰি লিখো প্ৰেমৰ মালিতা। গভীৰ অনুভৱত….. ডুবি থাকো….. কিবা পাবৰ বাবে কিবা হেনু হেৰুৱাব লাগে নিজকে হেৰুৱাওঁ তাত বাৰে বাৰে….. পাওঁ যেন তাইক কবিতাতে জীৱনে মৰনে। হেৰুৱা কোমল পৰশ শব্দৰ সিৰে সিৰে। #assamesekobita #axomiyakobita #heruwakumalparash #SahityaChorcha

bottom of page