top of page

অসম মোৰ বুকুৰ আপোন

অসম মোৰ বুকুৰ আপোন, মোৰ জীৱনৰ শিৰোনামাত; মাথোঁ তোমাৰেই সপোন।

অসম মোৰ সোণৰ অসম যদিও অনেক জাতি-বৰ্ণ-ধর্ম ভ্ৰাতৃত্ব কতো নাই আমাৰ সম তোমাৰ বুকুত লভিছোঁ জন্ম, সৰ্বদা তোমাৰ হিতে মোৰ কৰ্ম।

অসম মোৰ বুকুৰ আপোন, দৰ্শালা সত্যৰ দাপোন বিহু আমাৰ মন-প্ৰাণ বিশ্ব-দৰবাৰত পাইছোঁ মান তোমাৰ বিকাশৰ জয়ধ্বনি মোৰ হৃদয়ত উঠিছে প্ৰতিধ্বনি।

অসম মোৰ বুকুৰ আপোন, মোৰ জীৱনৰ শিৰোনামাত ; মাথোঁ তোমাৰেই সপোন। মাথোঁ তোমাৰেই সপোন।

0 views0 comments
bottom of page