নপঢ়া চিঠিৰ বতৰা
- Sahitya Chorcha
- Dec 22, 2020
- 1 min read
নিশা পোষ্টেলৰ যোগেদি অহা অশ্ৰুলেখাৰ সেই নীলা খামৰ চিঠিখন মোকলাই চালোঁ তাইৰ মৌ বৰষা হৃদয়ৰ বতৰাবোৰ পুৱা বেলিৰ সেন্দুৰীয়া পোহৰত।
হঠাতে এটা শেন পক্ষী আহি থপিয়াই লৈ গ’ল অশ্ৰুলেখাৰ চিঠিখন,
নিলীম আকাশত সমীৰণৰ তালে তালে উৰি ফুৰিছে অশ্ৰুলেখাৰ হৃদয়ৰ ভাবৰ বতৰা বোৰ আৰু তাইৰ দুহাতৰ পৰশত উজ্বলি উঠা উকা কাগজ আৰু নীলা চিঁয়াহীৰ শব্দৰ মুকুতা বোৰ।
Comments