বার্তালাপ
- Sahitya Chorcha
- Mar 21
- 1 min read
ডাৱৰ আজি আবৰি দিয়া পোহৰক,
বৰ বিৰক্ত কৰিছে |
আজি নিৰৱতাৰ গহীন এন্ধাৰৰ সৈতে এচামুচ স্মৃতি দিয়া |
আৰু মোৰ মাৰ চকুৰ টোপাল সমাজক চাবলৈ নিদিবা |
আজিও সপোনত আহিছিলে তাই,
আজিও তাই পাহৰা নাই |
আজিও তাই আকাশৰ পৰা, মোৰ নিদ্রাহীন ৰাতিবোৰৰ শ্রোতা,
যেন মোৰ আকাশৰ অকলশৰীয়া তৰা।
ডাৱৰ অলপ বৰষুন দিয়া,
মই কান্দোনৰ অভিলাষী,
সমাজক চাবলৈ নিদিবা।
- ডাঃ গৌৰৱ দাস
টংলা সামুহিক স্বাস্থ্য কেন্দ্র




Comments