top of page

মোৰ বৃন্দাবনত কোন কানাই তুমি

  • Aug 7, 2021
  • 1 min read

বাঁহীৰ সুৰৰ ঝংকাৰ তুলি মোৰ বৃন্দাবনত কোন কানাই মোৰ এপিয়লা প্ৰেমৰ ফটিকা খায় কোন ৰাধাই নুপুৰ বজায়,

যমুনা জোনাকসনা ঢৌৱে বাহিৰত ৰাগ টানে ষোড়শ গোপী মাউখে উটাই শ্ৰোতস্বিনী নদীৰ দীপ্ততাত ।

কোন বাৰু!!! মোৰ বৃন্দাবনত সোমায় উৰাল কোবাই কলিজা কপায় উৰেটো ৰাতি কটাই,

মই হব পৰা নাই যমুনাৰ মূখৰ ৰাধা তোমাৰ ওমাল পৰশত গুণগুণাই গাবলৈ এটা কবিতা

তোৰ বিশাল হৃদয়ত তোৰ অন্তহীন জীৱন মাধুয্য মই আঁকিব পৰা নাই জোনাক জোনাক লগা হৃদয়ৰ ৰেখা

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page