মই হ’ম নীলকণ্ঠ
- Aug 18, 2021
- 1 min read
মনৰ বিস্ফোৰিত আৱেগেৰে মোক ধুৱাই নপেলাবা।
হিয়াত হেচুকি ৰখা আশাবোৰ শুকাই যাবলৈ নিদিবা।
বুকুৰ বেদনাবোৰ চকুপানীৰ জীয়া ধলত উটুৱাই দিয়া সাগৰৰ বুকুলৈ।
শব্দৰ কোমল দলিচাত খোজ পেলাই বাৰে বাৰে খাওঁ উজুটি।
তীক্ষ্ণ বাক্যবাণত বিধ্বস্ত আগভোটা কাপেৰে বৰষিব অগ্নি স্ফুলিঙ্গ।
সপোনৰ ৰম্যপুৰীত বিচাৰি ফুৰিম কবিতাৰ সৌৰভ পান কৰি হৈ পৰিম নীলকণ্ঠ।




Comments