top of page

 SEARCH RESULTS 

605 items found for ""

  • কবি হৃদয়

    তেওঁৱেই কবি যাৰ হৃদয়ত থাকে সৰ্বোজ্বল অলংকাৰিক অনন্য অমেয় অনুপম শব্দৰ খনি যি সৃষ্টিৰ পৰশমনি। অচৈতন্য হৃদয়ত চিন্ময়তা জগাই তুমিয়েইচোন হোৱা সঞ্জিবনী সুধাৰ মন্দাকিনী হৃদয়ে হৃদয়ে বোৱাব পৰা প্ৰেম চঞ্চলা তৰঙ্গিনী। তোমাৰ হৃদয়ত নিজৰি নিজৰি বয় অনুভূতিৰ অনবদ্য অমৃত ভক্তি প্ৰেম প্ৰাবল্যই য’ত নিৰবধি নিবিড়তাৰে স্বপ্ন কৰে সাফল্য মণ্ডিত । নেলাগে যত শব্দৰ ভাঙনি অনুভূতিৰে সিঁচি দিয়া অৰ্থৰ অনুপম ৰেঙনি হৃদয়াস্হ প্ৰতিটো শব্দত আকাশৰ বিশালতাৰে যৌৱন নমাই দিয়া চিৰ যৌৱনাকৈ গঢ়ি চিন্ময়তা ঢালি পুনু অলংকাৰ পিন্ধাই দিয়া। তোমাৰ হৃদয়েৰে ছন্দোবদ্ধ হয় কত মন্দিৰৰ মংগল ধ্বনি সন্ধ্যা ললিতা কান্তাইও কয় কিমান শুনিব তাত নুপুৰৰ ধ্বনি কবি তোমাৰ হৃদয় মহান প্ৰেমৰ সৌধত নিৰবধি প্ৰেমৰ গান সেয়াই তোমাৰ হৃদয় হয় সত্য সুন্দৰৰ আবাস থলি চিৰ বসন্তৰ প্লাৱন প্লাবিত মহা প্ৰেম সত্যৰ মিলন ভূমি। #assamesekobita #axomiyakobita #Kavihriday #SahityaChorcha

  • বনপৰী

    তুমি কোন বনৰ পৰী তোমাৰ দুটি ওঠঁত জিলিকে ৰূপালী জোনৰ হাঁহি। দীঘল চুলিত সৰে তোমাৰ মুকুতা মণি তুমি কোন বনৰ পৰী। নৃত্যৰ তালে তালে তোমাৰ দুভৰিত বাজে নূপুৰ, দুচকুত ভূৱন ভুলোৱা হাঁহি, লাহি পাহি দেহৰ গঠন। সেউজ-সোণোৱালী হাঁহি তোমাৰ মুখৰ বৰণ সুকোমল গোলাপৰ পাহি। শুকুলা মেঘৰ আঁৰে আঁৰে থাকি অযুঁত তৰাৰ ঘুমতি ভাঙি, মুখত মেঘালী হাঁহি, তুমি কোন বনৰ পৰী। #assamesekobita #axomiyakobita #Banpori #SahityaChorcha

  • ধৈৰ্য্য

    কি সাধ্য কি অসাধ্য, লক্ষ্যও তোমাৰ পদধূল; চুম্বন কৰিবলৈ বাধ্য। ধৈৰ্য্যৰ যি অফুৰন্ত সাধক, তেঁৱে সুস্থিৰ মনোবলৰ বাহক। ঘাত-প্ৰতিঘাত জীৱনত অনেক-অজস্ৰ, ধৈৰ্য্যই জীৱন যুদ্ধত একমাত্ৰ নিপুণ অস্ত্ৰ। ধৈৰ্য মানৱীয় গুণাধিকাৰী প্ৰত্যেক জীৱনৰ মূলমন্ত্ৰ। ধৈৰ্য্য বিনে নাই সাধনা-ধ্যান, ধৈৰ্য্যশীল সাধনাত পায়; সকলোৱে মুক্তিৰ জ্ঞান। ধৈৰ্য্যই জীৱনত বিফলতা কৰে দূৰ, লক্ষ্যধাৰী জীৱনত যোগাই নতুন সুৰ। #assamesekobita #axomiyakobita #dhajya #SahityaChorcha

  • চিন্তাৰ প্লাৱন

    হৃদয় অজস্ৰ ভাৱনাৰে আপ্লুত জানো কিবা মনত খেলি মেলি ভিন্ন চিন্তাৰ ঢৌ উঠিছে মনত কিন্তু কবলৈ একো নাই। চিন্তাৰ প্লাৱনত বুৰ গৈছোঁ মই চৌদিশে কলা ডাৱৰে হেঁচি মনক আৱৰে কিন্তু কবলৈ একো নাই। বুকুত ভিন্ন শব্দৰ গুঞ্জন হলেও কি হব ? সংবেদনৰ অভাৱ দেহত হৈ আছোঁ আৱদ্ধ মাজত অটুট চাৰিবেৰ বৃহৎ যেন কোনো ফালে নাই মন মুকুলাবৰ পথ কিন্তু কবলৈ একো নাই। #assamesekobita #axomiyakobita #chintarplabon #SahityaChorcha

  • কৃষ্ণ লীলা ৰাসক্ৰিয়াত এক দৃষ্টিপাত

    কৃষ্ণৰ জ্যোতিময় চৰণ কমলত অমল অভিনিৱিষ্টতাৰে আত্ম উৎসৰ্গা কৰি যি অচিন্ত্য অনন্ত অনিবৰ্চনীয়া স্বপ্নময়ী অনিৰ্বাৰ আত্মিক আনন্দ অনুভূতি প্ৰাপ্তি হয়, সেইয়াই হ’ল প্ৰাঞ্জল প্ৰদীপ্ত শাশ্বত ভাস্বত স্বৰ্ণাভ বৰ্ণাভ আত্মমুগ্ধতা আস্তীৰ্ণ অখন্ডমণ্ডলমণ্ডিত অত্যাশ্চৰ্য্য মহাৰাস ৰসসিক্ত পৱিত্ৰ সমূজ্জ্বল অনন্ত বসন্তোচ্ছল প্ৰেমানন্দ । শ্ৰীমৎভাগৱতৰ ৰাস পঞ্চাধ্যায়ত সৃষ্টিতত্বত এই দিশ সমূহ নৱ অৰ্ণোদবৰ্ণা বসন্তোচ্ছল কসুমগন্ধা উজ্জ্বল আকাশৰ উন্মূক্ত সূৰ্য্যৰ দৰেই নিৰৱধি নিৰ্মলতাৰে বৰ্ণিত হৈছে । ঈশ্বৰ পৰমব্ৰহ্ম , মায়া ঈশ্বৰৰ অধীন, আৰু জীৱৰ মন মায়াধীন । মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ঈশ্বৰত শৰণ লৈ আত্মা সমৰ্পণ কৰিব নোৱাৰিলে এই পৰাকাষ্ঠাস্পৰ্শী অনন্ত সূৰ্য্য প্ৰেমৰ পথিক কোনোৱেই হ’ব নোৱাৰে আৰু এই অনন্তসূৰ্য্য সংস্কাৰৰ মহত্ত্বম স্বৰ্ণমণ্ডিত মধুৰতম মকৰন্দ পাণ কৰিব নোৱাৰে। অনন্ত সূৰ্য্য সংস্কাৰৰ বাবে বিস্তৰ শাস্ত্ৰ অধ্যয়ন কৰি ঋষি মুনি তপস্বী হোৱাৰ প্ৰয়োজন নাই । এই নিপুন দক্ষতা কুশল কাৰ্য্যকৰ্মশীল সাত্ত্বিক তাত্বিক সত্যসিদ্ধ তত্ত্বৰ বাস্তৱ প্ৰতিফলন হ’ল গোৱালী সকল । ইয়াত প্ৰদৰ্শিত কৰা হৈছে চতুৰ্বৰ্গাশ্ৰমৰ মাজত থাকিয়েই কৃষ্ণ সেৱা কৰিব পাৰি আৰু জীৱ মুক্ত হ’ব পাৰি । অনস্বীকাৰ্য অময়া অমিয়া মহিমামণ্ডিত মধুৰতম গৰীয়ান জ্ঞান পাব পাৰি । অৰ্থাৎ কৃষ্ণত শৰণ লৈ নিগমতত্ত্ব নিমগ্নতা লাভ কৰি জীৱৰ সংস্কাৰপূৰ্ণ ঊৰ্দ্ধগতিৰ সাৰল্যতা সমাহিত সাধন লাভ কৰিবলৈ যি জ্ঞানে সন্মাৰ্গ প্ৰদৰ্শন কৰে। ব্ৰজ্ৰৰ গোৱালী সকলেকেই গোপী বুলি কোৱা হয় ।” গো” পদে বেদ আৰু এই বেদ অৰ্থাৎ জ্ঞানবিধৌত প্ৰজ্ঞাপ্লাৱিত ৰাসামৃত পান কৰোতা জনেই গোপী । আনহাতে ভাগৱত ৰস পান কৰা সকলেই কৃষ্ণ ভাৱাপণ্ণ স্বৰ্ণমণ্ডিত মহানতম মহাপ্ৰেমী । প্ৰেমে পূৰ্ণতা লাভ কৰিবলৈ প্ৰস্তুতি , সন্মতি আৰু স্বীকৃতি এই তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে । সেইবাবেই গোৱালী সকলে কৃষক স্বামী হিচাপে পাবলৈ কাত্যায়নী ব্ৰত পালন কৰিছিল । প্ৰস্তুতিৰ আধাৰত যমুনাৰ পাৰত কাত্যায়নীক ঘটক ৰূপী বালিৰ মূৰ্তি সাজি গোপী সকলে পূজা কৰি যমুনাত বিবস্ত্ৰ হৈ গা ধুইছিল । এনে সুযোগতে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰিছিল । ইয়াৰ আধ্যাত্মিক যোগাৰ্থ হ’ল যমুনা ভৱ সাগৰ, পানী হ’ল মায়া, বস্ত্ৰ বা আৱৰণ হ’ল অহংকাৰ কাম ক্ৰোধ লোভ মোহ আৰু কৃষ্ণ হ’ল অনাদি অনন্ত অচিন্ত্য সৰ্বদুখহাৰী সৰ্ব্বেশ্বৰ । ভৱ সাগৰত কৃষ্ণময় প্ৰগাঢ় প্ৰদীপ্ত প্ৰকৃত প্ৰেম লাভ কৰিবলৈ হ’লে , মায়া আৱৰ্তৰ পৰা আৱৰণ হীন হৈ, লোভ মোহ মায়া ক্ৰোধ দম্ভ অহংকাৰ ত্যাগ কৰি কৃষ্ণত আত্ম সমৰ্পণ কৰিব লাগিব । গোপী সকলে তাকেই কৰিলে । প্ৰথম স্তৰ সম্পণ্ণ কৰাৰ পাছত কৃষ্ণই সন্মতি প্ৰদান কৰিলে ,এয়েই প্ৰকৃত বস্ত্ৰ হৰণ । অৰ্থাৎ সংসাৰৰ মায়া অতিক্ৰমী গোপী সকলে কৃষ্ণ প্ৰেমত সন্মতি পালে । বস্ত্ৰ হৰণ অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ অহংকাৰ হৰণৰ এই সময় আছিল দেহতত্ত্ব সমন্ধিত গভীৰ গম্ভীৰতা বিস্তীৰ্ণ বিশিষ্ট মহা মহত্ত্বম তাৎপৰ্য্যনিহিত শীত কাল। কিন্তু তেওঁলোকৰ স্বীকৃতি প্ৰাপ্তিৰ সময় শেৱালি সুশোভিত নিৰ্মল প্ৰশান্তিৰে পৱিত্ৰ প্ৰাঞ্জল উজ্জ্বল শৰৎ কালহে। শৰৎৰ শেৱালি হ’ল দুখ বেজাৰৰ প্ৰতীক । ৰাতি ফুলি ৰাতিতে সৰি পৰাৰ দৰে সকলো মনৰ অন্ধকাৰ নিঃশেষ হ’ব লাগিব চিদ্ৰশূন্যতাৰে সৰ্বকালৰ বাবে । ইয়াৰ পূৰ্ণোদ্যমী অভিনিৱিষ্টতা অধ্যৱসায়ী অনিৰুদ্ধ অনিৰ্বাৰ প্ৰদীপ্ত প্ৰস্তুতি হ’ল মনোময়তাদীপ্ত মনস্বী মদিৰ মোহন মুৰুলীৰ মন্ত্ৰমুগ্ধ ধ্বনি অহৰ্নিশে শ্ৰৱন । মুৰূলী সপ্তৰন্ধযুক্ত বৈশিষ্ট্যতাৰে বিশিষ্ট গাঁণ্ঠিশূন্য বাদ্য । গাঁঠি থাকিলে বংশী ধ্বনি যিদৰে হ’ব নোৱাৰে , থিক সেইদৰে কৃষ্ণৰ প্ৰেমৰ ৰসামৃত পান কৰিবলৈ হ’লে হৃদয় গাঁঠি শূন্য হ’ব লাগিব। এই গাঁঠি খোলাৰ স্বৰ্ণমণ্ডিত প্ৰক্ৰিয়াটোৱেই হ’ল কৃষ্ণৰ কমল চৰণত আত্মসমৰ্পণাত্মক ঐকান্তিকতাপূৰ্ণ শৰণ। অৰ্থাৎ আত্মা পৰমাত্মাত সমৰ্পণ কৰি , কৃষ্ণৰ বন্দনা সমাহিত গুণ গান একান্তমনে কৰিব লাগিব সপ্তকাৰ্য্য সাধন সিদ্ধি লাভেৰে বিষ্ণু জ্ঞান মহাতত্ব প্ৰাপ্তিৰ বাবে। এনেদৰে প্ৰেমত অগ্ৰসৰ হওঁতে শৰৎৰ পূৰ্ণিমা তিথি আহি গোপী সকলৰ সন্মুখত উপস্থিত হ’ল। বৃন্দাবন অৰ্থাৎ মহাআনন্দৰ স্থানতেই আৰম্ভ হ’ল অনন্ত প্ৰেমামৃত ৰসাস্বদনৰ প্ৰক্ৰিয়া ৰাসক্ৰিয়া । মহাপ্ৰেমৰ অমৃত প্ৰাপ্তিৰ বাবে যি ক্ৰিয়া কৰিব লাগে সেইয়াই হ’ল ৰাসক্ৰিয়া ।এই ক্ৰিয়া জীৱাত্মাই পৰমাত্মাৰ লগত কৰা অনাবিল অমিয়া অময়া মিলন ক্ৰিয়া । প্ৰেমৰ অমৃতৰস পান কৰি অমৰত্ত্ব লাভৰ বাবে মহাজ্ঞানী সকলে এই তৃতীয় স্থানত প্ৰৱেশ কৰিব লাগে । অৰ্থাৎ ধ্যান ধাৰণা আৰু যোগ সমাধিত লয় যোগেৰে লীন যাব লাগে । দেহতাত্ত্বিক দৃষ্টিৰে দৃষ্টিপাত কৰিলে আমাৰ নিজ দেহতে এই তিনি স্থান প্ৰত্যক্ষ কৰিব পাৰি ।সেই তিনিস্থান হ’ল ক্ৰমে শৰীৰ ধৰ্ম স্থান, মন বিচাৰৰ স্থান, হৃদয় হ’ল ভক্তিপূৰ্ণ আনন্দৰ স্থান। যি ভক্তি হ’বলাগে প্ৰেমবৈৰাগ্য, উৰ্জিতাউৰ্মিল ভক্তি সমৃদ্ধ কৈৱল্যতাব্যাপ্ত । শক্তি আৰু প্ৰজ্ঞাপ্লাৱিত প্ৰদীপ্ত প্ৰেমৰ মিলন হ’লেই প্ৰৱল্যতাৰে প্ৰেমানন্দ অনুভৱ কৰিব পাৰে। সেউজ সুন্দৰ অনিবৰ্চনীয় অমৰ অমৃতময় প্ৰেমৰ স্থানেই হ’ল বৃন্দাবন।দেহতাত্ত্বিক দৃষ্টিত হদয়কেই বৃন্দাবন বুলি ক’ব পাৰি । পৰমাত্মাৰ লগত জীৱ আত্মাৰ মহামিলন লীলাই হ’ল ৰাসলীলা যি ইন্দ্ৰীয়তৃপ্তিশূন্য জৈৱিকতা বৰ্জিত অনঙ্গ প্ৰেমৰ ইন্দ্ৰীয়াতীত মহাআনন্দ লীলা । এই ৰাসৰ মাজেৰে পাৰ্থিব তথা আধ্যাত্মিক জীৱনৰ পৰমাৰ্থিকতাপূৰ্ণ ত্ৰৈগুণ্য উন্নীত তত্ত্ব পূৰ্ণ ৰূপে প্ৰতিফলিত হৈছে ।দৈনন্দিন কাৰ্য্য কৰ্ম সম্পাদনৰ শেষত , বিশ্ৰামৰ সময়ত জীৱ আত্মা পৰমাত্মাৰ লগত নিবিৰ নীৰৱতাৰে নিমগ্ন হয় ৰাসক্ৰিয়াত, পাৰ্থিব জড়তা বহিৰ্ভূত হৈ । অৰ্থাৎ ই লোক নিন্দা, ,সত্য সুন্দৰ শিৱ ধৰ্মৰ সৌন্দৰ্য নিন্দা আৰু ভৌতিক প্ৰাণৰ সংশয়ৰ শত শত সহস্ৰ সহস্ৰ কৌটি গুণ ঊৰ্দ্ধত । এই তিনি সংশয় থাকিলে ৰাসক্ৰিয়া সম্ভৱ নহয় । কৃষ্ণই ইয়াৰে পৰীক্ষা কৰিছে গোপী সকলৰ মাজৰ পৰা অন্তৰ্ধ্যান হৈ। অন্তত গোপী প্ৰেমত অৰ্থাৎ ভকতৰ আৱৰণহীন প্ৰেমত কৃষ্ণ সন্তুষ্ট হৈ সকলোৰে লগত কেলি কৰিলে যতগোপী তত কৃষ্ণ হৈ । জ্ঞান বিজ্ঞান তদঙ্গ ৰহস্য ভেদীব পৰা জনেই প্ৰয়োগিক দিশেৰে অনুভৱ কৰিব পাৰে যে ৰাসক্ৰিয়া মূলতঃ অনঙ্গ কেলি বা কাম জয় কেলি ।যাৰ দ্বাৰা কুলকুন্ডলিনী শক্তি জাগ্ৰত কৰি শত চক্ৰ পৰিভ্ৰমনেৰে জীৱনৰ উদ্দেশ্য ভেদ কৰি ,প্ৰকৃত মানৱী জীৱনৰ আত্ম দৰ্শন লাভ পশ্চাৎ পৰমাত্মাৰ বিশ্বৰূপ দৰ্শন স্বচ্ছতাৰে অনায়সে মানসচক্ষুৰে কৰিব পাৰি আৰু জীৱনক পূৰ্ণতা প্ৰদান কৰিব পাৰি । তাত্ত্বিক সাত্ত্বিক সম্যক দৃষ্টিত এয়ে হ’ল মহা মহিয়ান গৰীয়ান মহা মহত্ত্বম অনিবৰ্চনীয় কৃষ্ণৰ প্ৰগাঢ় প্ৰদীপ্ত প্ৰেমলীলা বা ৰাসলীলা । #krishnalilarashkriyatekdrishtipat #prabandha #SahityaChorcha

  • দুখৰৰাতি নুপুৱাই

    প্ৰেমৰ বটিয়া বাটি বিষাদৰ মালা গাঁঠি সৃষ্টিৰ আনন্দ বুলাই অশ্ৰুৰে ধুৱাই ধুই নুমাও হিয়াৰ জুই তৃষাৰ নদী বাগৰাই হেৰোৱা দিনৰ কথা নেভাবো নিচিন্তো জানা যাওঁ মাথোন আগুৱাই নতুন পৃথিৱীৰ নতুন সূৰ্যৰ পোহৰ বিছাৰি সৃষ্টিৰ মাজতহে পায় হেৰোৱা দিনবোৰ হেৰায়েই গ’ল গোপনে নেভাৱো তাক সদায় নৱ নৱ সময়ে গঢ়া নিত্য নৱ বাস্তৱত জীৱন দিও উটুৱাই আশা নিৰাশা নাই আজি স্বপ্ন নাই প্ৰতীক্ষাৰো যে অৰ্থ নাই সৰ্ব চিন্তা কৰ্মৰ ফল সময়েহে দিব সময়ত তাত কোনো সন্দেহ নাই বিষাদী সময়ে গৰকা নিৰুপায় এই জীৱন নিৰ্থক হৈ হৈ হৈ ৰৈ গ’ল সেয়েহে আজি জানা নিৰৱে মৌন হৈ ৰ’লো এতিয়া গধুলিয়ে হ’ল সৃষ্টিত নিমগ্ন থাকো শৈল্পিক সুন্দৰ মনলৈ সপোনো সফল নহ”ল তৃষা স্বপ্ন সকলো মিছা বাস্তৱ প্ৰকৃততে সঁচা জীৱন অপচয় হ’ল তাকে ভাৱি আছো বহি নীৰৱে নীৰলে আজি আবেলিৰ অস্ত পথত জীৱন প্ৰদীপ ছোৱা আজি নুমাও নুমাও নুমাব অলপ পাছত অহৰহ ব্যৰ্থাতাৰ ভৰত নিশ্চল জীৱন মোৰ অন্ধকাৰত ডুব গ’ল থকাবোৰ থাকিয়েই গ’ল নোৱাৰো আৰু কৰিব এতিয়া যাবৰেই হ’ল বিদায় পৰত আজি দুখৰ চকুলো টূকি একোৱেই লাভ নাই দিন আহে দিন যায় পুৱাৰ সুৰুজ ওলাই দুখৰ ৰাতি নুপুৱাই #assamesekobita #axomiyakobita #dukharratinupuwai #SahityaChorcha

  • বেদনা

    কলিজাৰ কোমল স্পন্দন কেতিয়াবা হুমুনিয়াহ হয় সপোন সপোন লগা কথাবোৰ কেকটাচৰ পাতৰ দৰে বুকুত বিন্ধে বাৰে বাৰে! ভাল লগা কথাবোৰ দুচকুৰ নীলাৰে শাওণৰ ধল হৈ বাগৰে! বিশ্বাস ভৰা প্ৰতিশ্ৰুতিবোৰ হিমশীলা হৈ বুকুত খুন্দিয়ায় বুকু ভাঙি যায়। জীৱনে এনেকৈয়ে খেলে চাগে সময়ৰ নিষ্ঠুৰ হাতোৰাত পলে পলে হৃদয় গলি যায় জীৱনেও কেতিয়াবা আঁত হেৰুৱায়! #assamesekobita #axomiyakobita #bedona #SahityaChorcha

  • অপেক্ষাৰ অনুভৱ

    শীতৰ মাদকতা——- আৰু আমেজ লৈ বৰদিনৰ ঘণ্টা ধ্বনি আৰু কেৰলৰ সুৰে সুৰে, তুমি তুমি অনুভৱ এটাই মোৰ হৃদয়ত আমনি কৰিছে । তুমি আহিবা দেই——- মোৰ দুৰ্বাৰ হেঁপাহক সাকাৰ কৰি, তোমাৰ মৰমী হাতৰ স্পৰ্শৰে হিঁয়া খন জুৰ পেলাবলৈ ! ৰৈ আছো তোমাৰ পৰশ লৱলৈ । তুমি আহিবা দেই——- শীতৰ নিশা এটি কটাম তোমাৰ তপত বুকুত উম লৈ । #assamesekobita #axomiyakobita #SahityaChorcha

  • যন্ত্ৰণা

    নিয়ঁৰসিক্ত দুবৰিৰ দলিচাখনি শুভ্ৰ মুকুতাবোৰে জিল্-মিল্ জোনাক সিঁচি ৰূপোৱালী বৰণেৰে উজ্জ্বলাই তুলিলে| ঠেটুৱৈ ধৰা পুহৰ চেঁচা বতাহজাক লাগি দেহা সিৰ্-সিৰাই গ’ল | মানসপটত ভাঁহি উঠিল এখন দূৰ্বিষহ ছবি গুৱাহাটীৰ ৰেলআলিৰ কাষত মুকলিত জীৱন কটোৱা দৰিদ্ৰ জনসাধাৰণলৈ| কোট,পেন্ট,জোতা-মোজাৰে পৰিবেষ্টিত দেহত ঠাণ্ডাৰ বা লাগি গাৰনোম ডাল ডাল হোৱা ঠাণ্ডাত মুকলি আকাশৰ তলত দিন কটোৱা সকলৰ জীৱনৰ দুৰ্বিষহতা কল্পনা কৰকচোন! গোটেই ৰাতি ঘন-ঘোৰ কুঁৱলিৰ মুক্ত আকাশৰ তলত ঠেটুৱৈধৰা ঠাণ্ডা ৰাতি এখন পাতল বস্ত্ৰ পৰিধান কৰি পাৰ কৰিছে জীৱন| পুৱতি পোহৰৰ লগে লগে অন্বেষণ কৰিছে জাৱৰ-জোঠৰ, ফটাকাগজাদিৰ জুুই জ্বলাবলৈ; নহ’লেযে ভৰি-হাত হৈ পৰিছে জঠৰ; একাপ গৰম চাহৰ অনুভৱ হয় তেওঁলোকৰ; কিন্তু সেয়াওযে দূৰ্লভ তেওঁলোকৰ বাবে | #assamesekobita #axomiyakobita #jantrana #SahityaChorcha

  • স্বৰ্ণময় সংস্কাৰী সুৱাস

    সুৰম্য সুগন্ধি সুৰীয়া গ্ৰন্থ প্ৰকাশ মহান মহত্ব নিহিত সৃষ্টি চিন্তাৰেই সুন্দৰ শৈল্পিক সংস্কাৰী সুৱাস জ্ঞানাস্বাদিত গৰিমাৰ সুষমামণ্ডিত সুদক্ষতাৰে সুদৃঢ় সোণালী সুৰম্য সৌন্দৰ্য সানি সুউজ্জ্বলতাৰে সুগ্ৰঢ়ী কৰে যি বিনন্দীয়া ভাষা সাহিত্যৰ ভৱিষ্যত আকাশ সুগ্ৰাহী সুস্থিৰ সুৱলিত গ্ৰন্থ প্ৰকাশ সৃষ্টিশীল চিন্ময় চিন্তাৰেই বৰেণ্যতা বিস্তাৰি সূৰ্য্যোজ্জ্বল সুৱাস শিল্পী শিল্প দুয়োটায়েই জ্ঞানোজ্জ্বলতা বিস্তীৰ্ণ শৈল্পিক হাতেৰে সৰ্বাঙ্গীনতাৰে সাধে ঐশ্বৰ্যমণ্ডিত মানিকী মাধুৰী মানৱ বিকাশ ভাষা জাতি সাহিত্য হয় ঐশ্বৰ্য্যমণ্ডিত ঐতিহ্যৰ স্বৰ্ণসৌধ ওখ হৈ হৈ উত্তৰ পুৰুষৰ উতৰোত্তৰ সাধনত অনিৰ্বাণ অনলসতাৰে যোগাই উৎসাহ অন্তৰ্বিজয়ী সুন্দৰ শব্দৰ সুগন্ধি ই জ্ঞান প্ৰেমদীপ্ত প্ৰতাপী প্ৰত্যাশী সমন্বয় ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাংগীন বিকাশ উত্তৰ পুৰুষৰ অপ্ৰতিৰোধ্য অনাবিল উশাহ #assamesekobita #axomiyakobita #SahityaChorcha

  • প্রকৃতি

    ইমান মনোৰম ইমান ধুনীয়া হে পিতামহ- পৰম! মনুষ্যই তোমাক কৰিছে ঘুনীয়া। বিশ্বক তুমি মৰম দিছা, হৃদয় উজাৰি চেনেহ দিছা; সমস্ত জীৱমণ্ডলক সাৱটি আদৰিছা। মনুষ্যৰ নাই মমতা হেৰুৱাইছে জ্ঞান-মতি কি হব কি হব বিশ্বৰ গতি? তোমাৰ ধ্বংস লীলাত সকলো তৎপৰ নিৰ্মমতাৰ বলি তুমি, ক্ষমা-ক্ষমা হে ঈশ্বৰ! #assamesekobita #axomiyakobita #prakriti #SahityaChorcha

  • উতপ্ত প্ৰেমৰ তেজস্বী আহ্বান

    তোমাৰ সচেতনতা শ্যামলী অসমৰেই সজাগতা সজাগ তীক্ষ্ণ দুচকুত দুৰ্মদ হওঁক নিত্য সতৰ্কতা স্বদেশ প্ৰেমৰ ই সত্য সিদ্ধ সংগ্ৰাম শ্বহীদৰ তেজ ৰঙা উতপ্ত আহ্বান হামচৈয়া হিৰন্ময়ী ব্যস্ত বাস্তৱতা জনম মৰণৰ সংস্কাৰী পৱিত্ৰতা সত্য সুন্দৰ সমূজ্জ্বল য’ত জীৱন যাপণৰ উচ্চতম সাৰ্থকতা শাশ্বত ভাস্বত স্বৰ্ণমণ্ডিত য’ত মহান লক্ষ্যৰ মহত্ত্বম নিস্বাৰ্থতা সুৰক্ষিত স্বৰ্ণালি ভৱিষ্যত গঢ়াৰ অনিৰুদ্ধ অনিৰ্বাৰ সূৰ্য্যোজ্বল নিষ্ঠা তোমাৰ তেজে তেজে জ্বলক দুৰ্বাৰ স্বদেশ প্ৰেমৰ অনিৰ্বাপিত শলিতা #assamesekobita #axomiyakobita #SahityaChorcha #utaptapremortejaswiaahvan

bottom of page