top of page

স্বৰ্ণময় সংস্কাৰী সুৱাস

সুৰম্য সুগন্ধি সুৰীয়া গ্ৰন্থ প্ৰকাশ মহান মহত্ব নিহিত সৃষ্টি চিন্তাৰেই সুন্দৰ শৈল্পিক সংস্কাৰী সুৱাস

জ্ঞানাস্বাদিত গৰিমাৰ সুষমামণ্ডিত সুদক্ষতাৰে সুদৃঢ় সোণালী সুৰম্য সৌন্দৰ্য সানি সুউজ্জ্বলতাৰে সুগ্ৰঢ়ী কৰে যি বিনন্দীয়া ভাষা সাহিত্যৰ ভৱিষ্যত আকাশ

সুগ্ৰাহী সুস্থিৰ সুৱলিত গ্ৰন্থ প্ৰকাশ সৃষ্টিশীল চিন্ময় চিন্তাৰেই বৰেণ্যতা বিস্তাৰি সূৰ্য্যোজ্জ্বল সুৱাস

শিল্পী শিল্প দুয়োটায়েই জ্ঞানোজ্জ্বলতা বিস্তীৰ্ণ শৈল্পিক হাতেৰে সৰ্বাঙ্গীনতাৰে সাধে ঐশ্বৰ্যমণ্ডিত মানিকী মাধুৰী মানৱ বিকাশ

ভাষা জাতি সাহিত্য হয় ঐশ্বৰ্য্যমণ্ডিত ঐতিহ্যৰ স্বৰ্ণসৌধ ওখ হৈ হৈ উত্তৰ পুৰুষৰ উতৰোত্তৰ সাধনত অনিৰ্বাণ অনলসতাৰে যোগাই উৎসাহ

অন্তৰ্বিজয়ী সুন্দৰ শব্দৰ সুগন্ধি ই জ্ঞান প্ৰেমদীপ্ত প্ৰতাপী প্ৰত্যাশী সমন্বয় ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাংগীন বিকাশ উত্তৰ পুৰুষৰ অপ্ৰতিৰোধ্য অনাবিল উশাহ

0 views0 comments

Related Posts

See All
bottom of page