top of page

যন্ত্ৰণা

নিয়ঁৰসিক্ত দুবৰিৰ দলিচাখনি শুভ্ৰ মুকুতাবোৰে জিল্-মিল্ জোনাক সিঁচি ৰূপোৱালী বৰণেৰে উজ্জ্বলাই তুলিলে| ঠেটুৱৈ ধৰা পুহৰ চেঁচা বতাহজাক লাগি দেহা সিৰ্-সিৰাই গ’ল | মানসপটত ভাঁহি উঠিল এখন দূৰ্বিষহ ছবি গুৱাহাটীৰ ৰেলআলিৰ কাষত মুকলিত জীৱন কটোৱা দৰিদ্ৰ জনসাধাৰণলৈ| কোট,পেন্ট,জোতা-মোজাৰে পৰিবেষ্টিত দেহত ঠাণ্ডাৰ বা লাগি গাৰনোম ডাল ডাল হোৱা ঠাণ্ডাত মুকলি আকাশৰ তলত দিন কটোৱা সকলৰ জীৱনৰ দুৰ্বিষহতা কল্পনা কৰকচোন! গোটেই ৰাতি ঘন-ঘোৰ কুঁৱলিৰ মুক্ত আকাশৰ তলত ঠেটুৱৈধৰা ঠাণ্ডা ৰাতি এখন পাতল বস্ত্ৰ পৰিধান কৰি পাৰ কৰিছে জীৱন| পুৱতি পোহৰৰ লগে লগে অন্বেষণ কৰিছে জাৱৰ-জোঠৰ, ফটাকাগজাদিৰ জুুই জ্বলাবলৈ; নহ’লেযে ভৰি-হাত হৈ পৰিছে জঠৰ; একাপ গৰম চাহৰ অনুভৱ হয় তেওঁলোকৰ; কিন্তু সেয়াওযে দূৰ্লভ তেওঁলোকৰ বাবে |

0 views0 comments

Related Posts

See All
bottom of page