top of page

 SEARCH RESULTS 

606 results found with an empty search

  • হেৰুৱা কুমল পৰশ

    অচিন হেঁপাহবোৰ হুমুনিয়া হয় সপ্নৰ ভগ্ন দাপোনত ওলমি ৰয়। তাই অনুভৱত দোলন দিয়ে যেতিয়া অনুভৱৰ হাতত ধৰি লিখো প্ৰেমৰ মালিতা। গভীৰ অনুভৱত….. ডুবি থাকো….. কিবা পাবৰ বাবে কিবা হেনু হেৰুৱাব লাগে নিজকে হেৰুৱাওঁ তাত বাৰে বাৰে….. পাওঁ যেন তাইক কবিতাতে জীৱনে মৰনে। হেৰুৱা কোমল পৰশ শব্দৰ সিৰে সিৰে। #assamesekobita #axomiyakobita #heruwakumalparash #SahityaChorcha

  • সময়ৰ সোঁত

    কিবা পাইছো নে নাই পোৱা নুসুধিবা মোক নুসুধিবা মোৰ সময়বোৰ , গৈয়েযে আছোঁ সময় বাটত সেয়াই বহুত মোৰ ৷ গৈ আছোঁ হয় মোৰ জীৱন বাটত ক’লৈ গৈছো তাকো নাজানোঁ , ইয়াৰ বাট কেতিয়া অন্ত হ’ব সেয়াটো মই নাজানোঁ ৷ মিছাতে বুকুত লৈ নানা আশাবোৰ , দেহত সানিছোঁ কল্পনাৰ ধূলি বোৰ ৷ জীৱন নদীৰ ঘাটত লগ পাইছোঁ বহুজনক কথা হৈছোঁ, মৰম দিছোঁ এই মৰম চিৰদিন নাথাকে জানোঁ, সময়ৰ নৈ খনে মোক লৈ গৈ আছে এই যাত্ৰাৰ শেষ কেতিয়া সেয়াও মই নাজানোঁ ৷ যিদৰে নাজানোঁ ঠাই মই পৃথিবীলৈ অহাৰ জানো মাথোঁ পুনৰ কোনোবা এদিন উভতি যাবগৈ লাগিব সময় আহিলে এই সময়বা কেতিয়া আহিব এয়াও মই নাজানোঁ ৷ আমি আমাৰ জীৱনৰ কথা একোৱেই নোৱাৰোঁ ক’ব আহক আমি জীয়াই থকা কেইদিন এজনে আনজনৰ লগত হাঁহি মুখে মিলি-জুলি থাকোঁ, যি পাৰো সমাজৰ বাবে ভাল কাম কৰি পৃথিৱীলৈ অহাৰ চিন ৰাখোঁ ৷ #assamesekobita #axomiyakobita #SahityaChorcha #samayarhut

  • মৰমৰ পিতি

    পিতিয়ে তোক লেগি এই শাওঁনৰ মাহত বৰকে মনত পচ্ছি য়ে। ক্যা জানা? তই পথাৰোত কৈঠা ৰুবাৰ কাৰাণে বোকা দিয়া মৈ খানত আমাক যি উঠে দিছলি মস্তো ভাল লাগছিল। পকা কঠালটো ভাঙি চৈৰাটোত লৈ খাই খাই শেষ কৈৰবা নল্লি তই কম গালি দিছলি। বোকা চাউলেদি আইঠাকল সানি খাই বৰ স’দ লাগিছিল গৰ গৰকে এক কাঁহী খাই দিছলু। তই আমাক এৰি যাবাৰ দিনাৰ পাৰাই এগলাখান চব সোপানৰ নিচনা লাগে। সেই দেখি এই শাওঁনৰ মাহটোত তোক লাগি ইমান মনত পৰছি বুকুখান গোটাই ভাঙি যাবা খুজে চকুইদি সৰসৰকে পানী ববা ধৰে। হবোদে তই য’তেই আছা শান্তিত থাক তাৰে পাৰাই আমাক আশীৰ্বাদ দি থাকবি তাকেই কামনা কছ্ছু। #assamesekobita #axomiyakobita #moromorpiti #SahityaChorcha

  • নিজেই নিজৰ ত্ৰাণকৰ্তা হওঁক

    ১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেতিয়াৰ ছোভিয়েট দেশৰ এটা বাৰ’জনীয়া অভিযানকাৰী দল লেনিনগ্ৰাডৰ পৰা এন্টাৰ্কটিকা অভিমুখে যাত্রা কৰিছিল ৷ সেই বাৰ’ জনীয়া অভিযানকাৰী দলটোক নেতৃত্বাধীন কৰিছিল ডাঃ লিওনিড ৰোজোগভে ৷ চিকিৎসা বিজ্ঞানী ডাঃ ৰোজোগভক বাদে অভিযানটোৰ বাকী সদস্যসকল আছিল ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানী ৷ সূদীৰ্ঘ ছমাহ ধৰি এন্টাৰ্কটিকাৰ বৰফৰ মাজত থকাৰ পাছত ১৯৬১ চনৰ মাৰ্চৰ শেষৰ ফালে অভিযানকাৰীৰ দলটোৱে প্ৰবল হিম প্ৰবাহৰ সন্মুখীন হ’ব লগীয়াত পৰিল ৷ ছমাহ মাহ ধৰি চলা সেই তুষাৰপাত ইমানেই ভয়াবহ আছিল যে এন্টাৰ্কটিকাস্থিত ছোভিয়েটদেশৰ গৱেষণাগাৰটো কেইবাফুট ডাঠ বৰফৰ তৰপেৰে ঢাকখাই পৰিছিল৷ ফলস্বৰূপে গৱেষণাগাৰটোৰ লগতে সংলগ্ন একমাত্ৰ অস্কিজেন উৎপাদনকাৰী প্লান্টোৰ ওপৰতে তেওঁলোকৰ জীৱনৰ নিশ্চয়তা নিৰ্ভৰ কৰিছিল৷ ডাঃ ৰোজোগভ হঁতৰ গৱেষণাগাৰটোৰ সৈতে মস্কো আৰু লেনিনগ্ৰাডৰ সকলো বেতাৰ অনাতাঁৰ যোগাযোগো বিচ্ছিন্ন হৈ পৰিছিল ৷সেই দূৰ্যোগৰ সময়তে হঠাত এদিন ডাঃ ৰোজোগভৰ সোঁ পেটৰ তলত এটা বিষ আৰম্ভ হয় ৷ প্ৰথম অৱস্থাত ডাঃ ৰোজোগভে পেইনকিলাৰ টেবলেট খাই উপশম পাইছিল যদিও পাছলৈ বিষ তীব্ৰতৰ হৈ পৰিল ৷ ডাঃ ৰোজোগভে তেওঁৰ পেটৰ বিষৰ কাৰণ এপেন্ডিচাইটিচ বুলি বুজিব পাৰিছিল৷ বিষৰ তীব্ৰতালৈ লক্ষ্য কৰি অবিলম্বে অষ্টোপ্ৰচাৰ কৰি এপেনডিক্সটো কাটি নুলিয়ালে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব বুলি তেওঁ খাটাঙ কৈ ধৰিব পাৰিছিল ৷ ইফালে গৱেষণাগাৰৰ বাহিৰত প্ৰবল হিম প্ৰবাহ আৰু ভিতৰত সীমীত অক্সিজেনৰ মাত্ৰাত জীৱনৰ নিশ্চয়তা নাই ৷ লেনিনগ্ৰাড অথবা মস্কো কাৰো পৰা সহায় পোৱাৰ কোনো বাট নাই ৷ তৰোপৰি অভিযানকাৰী সকলৰ ভিতৰত একমাত্ৰ তেওঁৱেই এজন চিকিৎসক গতিকে বাকীকেইজনক সাৰথি হিচাপে লৈ ডাঃ ৰোজোগভে নিজেই নিজৰ অষ্টোপ্ৰচাৰ কৰিবলৈ মানষিক ভাৱে প্ৰস্তুত কৰি তুলিলে , নহলে মৃত্যু যে অৱশ্যম্ভাৱী ৷ পৰিকল্পনা অনুসৰি ডাঃ ৰোজোগভে বাথৰুমৰ ডাঙৰ আইনা এখন আৰু এটা স্পট লাইট দুজন অভিযানকাৰী হাতত দি এটা বিশেষ কোণত ধৰি থাকিব দিলে ৷ তেওঁ সেই আইনাখনৰ প্ৰতিবিম্ব চাই চাই নিৰ্দেশ দি অভিযানকাৰী সকলৰ মাজৰ পৰা এজন ৰসায়নবিদৰ জৰিয়তে অষ্টোপ্ৰচাৰ কৰিব ৷ অৱশেষত ১মে তাৰিখৰ দিনা যথাসময়ত ডাঃ ৰোজোগভে গবেষণাগাৰৰ ভিতৰত অস্থায়ীভাবে সাজু কৰি লোৱা অপাৰেচন থিয়েটাৰৰ আৰামী চকী এখনত বহি ল’লে ৷ তেওঁ পেটত লোকেল এনাছথেচিয়া ইনজেকচন মাৰি দি ৰসায়নবিদ জনক পেটত পেটটো ফালিবলৈ তীক্ষ্ণ চাৰ্জিকেল চুৰিখন আগবঢ়াই দিলে ৷ পিছে ৰসায়নবিদ জনে বহুত চেষ্টা কৰিও সাহস গোটাব নোৱাৰাত অৱশেষত ডাঃ ৰোজোগভে পেটৰ প্ৰচন্ড যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ নিজেই নিজৰ পেটত ফালিবলৈ সাজু হ’ল ৷ তেওঁ কোঠাটোত থকা অভিযানকাৰী তিনিও জনকে এটাই কথা কৈছিল যাতে অপাৰেচনৰ সময়ত যদি তেওঁ মূৰ্চা গলে যাতে অবিলম্বে এপিনেফ্ৰিন ইনজেকচন তেওঁৰ শৰীৰত খুচি দিয়ে ৷ পেটত লোকেল এনাছথেচিয়া দিয়াৰ বাবে ডাঃ ৰোজোগভে পেটৰ ভিতৰত সহজে এপেন্ডিক্সটো বিচাৰি উলিয়াবলৈ চাৰ্জিকেল গ্লোভচ নিপিন্ধি খালি হাত খনকেই পেটৰ ভিতৰত সুমুৱাই দিলে ৷ প্রচণ্ড বেদনাৰ মাজত ধৈৰ্য্য আৰু সহ্য দুয়োটাকে নিজৰ আয়ত্ত্বত ৰাখি তেওঁ নিজৰ অষ্টোপ্ৰচাৰ চলাই গ’ল ৷ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ কাৰণে আৰু গৱেষণাগাৰটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ডাঃ ৰোজোগভ ভাগৰি পৰিছিল ৷ তথাপিও প্ৰতি পাছ মিনিটৰ মুৰে মুৰে দহৰ পৰা পোন্ধৰ ছেকেণ্ডৰ বিৰতি লৈ লৈ সম্পূৰ্ণ এঘন্টা সময় অষ্টোপ্ৰচাৰ কৰি নিজৰ পেটৰ এপেন্ডিক্সটো কাটি উলিয়াবলৈ সক্ষম হ’ল ৷ এপেন্ডিক্সটো চকুৰ কাষলৈ আনি ডাঃ ৰোজোগভ শিয়ঁৰি উঠিছিল ৷ কাৰণ আৰু যদি কেইঘন্টামান পলম হ’ল হেতেন তেন্তে সেইটো বিস্ফোৰণ হোৱাটো খাটাঙ আছিল ৷ অষ্টোপ্ৰচাৰৰ পাছত কেইবা দিনলৈ ডাঃ ৰোজোগভৰ শাৰীৰিক অবস্থা বহুত শোচনীয় হৈ পৰিছিল যদিও লাহে লাহে উন্নত হ’বলৈ ধৰিলে ৷ এক মাহৰ মুৰত ডাঃ ৰোজোগভ সম্পূৰ্ণ ভাৱে সুস্থ হোৱাৰ পাছত এটা ইন্টাৰভিউত ডাঃ ৰোজোগভে কৈছিল , মানুহৰ জীৱন লৈ যেতিয়াই জীৱনৰ আৰু মৰনৰ প্ৰশ্ন আহি পৰে তেতিয়া মানুহে মৰনৰ সম্ভাৱনাৰ কথা নাভাবি জীয়াই থকাৰ সম্ভাৱনাবোৰ বিশ্লেষণ কৰিব লাগে। এজন মানুহক যমৰ দুৱাৰদলিৰ পৰা তন বা ধন বলে নহয় একমাত্ৰ মনৰ বলেহে ঘুৰাই আনিব পাৰে ৷ এজন মানুহে জীৱনত কৰা পৰোপকাৰ, সহকৰ্ম, দয়া ক্ষমা আদিৰ অনুভৱ সমূহ মানুহৰ মস্তিষ্কৰ ভিতৰত সঞ্জীৱনী শক্তিৰ দৰে সঞ্চিত হৈ থাকে ৷ জীৱনমৰণৰ সন্ধিক্ষণত সঞ্চিত হৈ থকা সেই সঞ্জীৱনী শক্তি সমুহ মনোবল হৈ আমাক জীয়াই থকাৰ সম্ভাৱনা যোগাই ৷ আহকচোন আমিও সাম্প্ৰতিক কৰোনা মহামাৰীৰ সময়কণত ঘৰৰ ভিতৰত আৱদ্ধ হৈ নিজক নিজৰ পৰিচৰ্য্যা কৰি থকা কৰোনা যুঁজাৰু সকলক ডাঃ ৰোজোগভৰ দৰে দুঃসাহসিক লোকজনৰ কথাৰ মনোবল যোগাও ৷ তেওঁলোকৰ জীৱনৰ সম্ভাৱনাৰ দুৱাৰ খুলি দিও ৷ ক’ত কিমান জন ঢুকাল, কোন ঢুকাল, ইত্যাদিবোৰ ঋনাত্মক বাতৰিৰ খবৰ দি তেওঁলোকক হতাশ নকৰি ডাঃ ৰোজোগভৰ দৰে মনোবলৰ সহায়ত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা মৃত্যুঞ্জয়ী সকলৰ বীৰগাঁথাৰ কাহিনী শুনাও ৷ চৰকাৰ, নেতা, আৰু প্ৰশাসনক দোষাৰোপ কৰাতকৈ নিজে সাৱধানতাৰ কবচ পিন্ধো ৷ আমি আজি চকুৰে নমনা এটা বিহৎ গুলিয়াথৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছো ৷ গতিকে আমি ধৈৰ্য্য, সহ্য আৰু আমাৰ সঞ্চিত মনোবলেৰে ডেভিদৰ দৰে এই গুলিয়াথক পৰাজিত কৰিব লাগিব ৷ বক্সাৰ সকলে ৰিঙত যেতিয়া পৰাক্রমী বক্সাৰৰ প্ৰত্যাহ্বানৰ সন্মূখীন হয় তেতিয়া তেওঁলোকে নিজে প্ৰত্যাক্ৰমণ নকৰি প্ৰতিৰক্ষাৰ প্ৰতি লক্ষ্য দিয়ে ৷ কাৰণ মাৰিবলৈ নিজক নিজেই বচাই ৰাখিব লাগিব ৷ নিজেই নিজৰ ত্ৰাণকৰ্তাৰ ৰূপত প্ৰস্তুত ৰাখিব লাগিব৷ #assameseprabandha #axomiyaprabandha #nijeitrankartahauk #SahityaChorcha

  • মন ভাৱনাত

    জিঁয়া জিঁয়া পাখি মেলি মনৰ আবেগ ঢালি সণোৱালী জীৱনৰ কাহিনী ফুল সৰা গধূলি আনিবাচোন এদিন বুটলি….. অবিৰাম গতিৰে মনৰ উৎফুল্লিত ভাৱেৰে বননিত সুললিত কণ্ঠত কুলি-কেতেকীৰ গীতেৰে নিজক চাবাচোন এদিন স্বচ্ছ দাপোনেৰে…… অবিৰাম ভাবে অভিলাসেৰে পাৰিলে বিলাবাচোন সপোন দিঠক কৰিব খোজা জনৰ বাবে…… মোৰো বহুত মন আছিল কিন্তু ক’ৰবাত মনৰ ভাৱনাত ভাগৰি পৰিলোঁ আৰু কাৰোবাৰ স্বাৰ্থত হেৰাই গ’লো…..…! যদিও ক’ৰবাত কাৰোবাৰ স্বাৰ্থত হেৰাই গ’লো..…. তথাপিও মই আজি নিজেই নিজক সত্য পথত অভিন্ন ভাবে অহৰ্নিশে মন ভাৱনাত বিচৰণ কৰালোঁ…….. #assamesekobita #axomiyakobita #monbhabonat #SahityaChorcha

  • শ্ৰমিক

    আশীৰ্বাদ নে অভিশাপ নাই জী থকাৰ প্ৰবল সংগ্ৰাম কোন পূৰ্ব জন্মৰ কৰ্মফলত তেওঁলোকৰ এই কৰুণ বৃত্তি! তেওঁলোক সময়ক প্ৰমূল্য দি কষ্টক ধাৰাশায়ী কৰি অনায়াসে জীৱন উছৰ্গা কৰে কামত কামৰ প্ৰতি অনিচ্ছা নাই তেওঁলোকৰ। তেওঁলোকৰ কামৰ অনিৰ্বাণ শক্তিত সেওঁ মানে সূৰ্যৰ প্ৰখৰ তাপ বৰষুণৰ উন্মাদ ধাৰাসাৰ স্তব্ধ হয় ধুমুহাৰ দুৰ্বাৰ গতি গা শিহৰিত কৰা শীতৰ কোলাহল। তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ওখ ওখ অট্টালিকাবোৰ কাৰখানাত উৎপাদিত হয় সামগ্ৰীৰ মূল্য কেঁচা ৰাস্তাবোৰ পকী হয় নদীৰ বুকুত নিৰ্মিত হয় সেতু তেওঁলোকৰ হাতুৰীৰ কোবত কোমল হয় কঠিন শিল। #assamesekobita #axomiyakobita #SahityaChorcha #sramik

  • কফিনত শেষ গজাল মৰাৰ আশাত

    অসমৰ আকাশত কলিয়া ডাৱৰৰ ডাঠ চামনিৰ আৱৰণ। শান্তিৰ কপৌ সজাঁত বন্দী ধৰফৰাইছে উশাহ ল’বলৈ। বাক স্বাধীনতা আজি ধোঁৱাৰ কুণ্ডলী পকাই ঘুৰি ফুৰিছে বতাহত। আশাৰ পানচৈয়ে বাট হেৰুৱাইছে চাকনৈয়াত। বালিত মুৰ গুজি উট পক্ষীৰ ভাও লোৱা ভাৱৰীয়াৰ শেষ নাটৰ পট সমাপ্তিৰ আখৰা। কামিহাড়ত আশাৰ চাকি জ্বলাই অপেক্ষাৰত কফিনত শেষ গজাল মৰাৰ আশাত।। #assamesekobita #axomiyakobita #hekgojal #SahityaChorcha

  • বিশ্বাস, অন্ধ-বিশ্বাস, কু-সস্কাৰ, বিজ্ঞান ইত্যাদি – (খণ্ড ২)

    এসময়ত আমাৰ গাওঁৰ তিনি আলিত,বৰপুখুৰীৰ পাৰত এজোপা বৃহৎ বৰ গছ আছিল। এতিয়া অৱশ্যে গছ জোপা নাই। সৰুতে গাঁৱৰ বুঢ়া সকলে আমাক কৈছিল “হেৰৌ, বৰপুখুৰীৰ পাৰৰ বৰগছজোপাৰ তলত ৰাতি ভূত ওলাই, বুজিছ? জখিনি ছোৱালী এজনী ওলাই। কোনোবা কোনোবাই বুঢ়া-ডাঙৰীয়াও দেখিছে। ৰাতি সেইফালে ভুলটো নাযাবি। মুচৰি পেলাব। গম পাবি।” সৰুতে ভয় লাগিছিল। অলপ ডাঙৰ হৈ ঘটনাটো “অন্ধ বিশ্বাস” বুলি সহজ ভাবে লবলৈ যত্ন কৰিছিলো যদিও স্বচক্ষ অভিজ্ঞতা ল’বলৈ সাহস হোৱা নাছিল। “চান্দ মামা” ৰ বিক্ৰম বেতালৰ ধাৰাবাহিক সাধু কথাত বৰ গছ জোপাৰ তলত ৰজা বিক্ৰমাদিত্যৰ পিঠিত বেতালক দেখি দেখি বৰ গছৰ তলৰ ভূতৰ ধাৰণাটো আৰু অলপ গঢ় লৈ উঠিছিল। পিছে এতিয়া পঢ়ি শুনি উপলব্ধি কৰিছো যে ৰাতি আমাৰ গাঁৱৰ বৰ গছ জোপাৰ তলত “ভূত” ওলাইছিল চাগে, হয়তো কথাটো মিছা নাছিল। আমি সকলোৱে জানো যে গছে দিনৰ ভাগত সূৰ্য্যৰ পোহৰত সালোক-সংশ্লেষণ (Photo Synthesis) ঘটাই বায়ুমণ্ডললৈ অম্লজান (Oxygen) নিষ্কাষণ কৰে আৰু ৰাতিৰ ভাগত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ বাবে গছৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বেছি বাবে ই তললৈ নামি আহে। গতিকে ৰাতি ডাঙৰ গছৰ তলত যথেষ্ঠ কাৰ্বন ডাই অক্সাইড জমা হৈ থাকে। আমি যদি ৰাতি বৰ গছৰ তলত থিয় হওঁ তেতিয়া হলে উশাহত সেই কাৰ্বন ডাই অক্সাইড শৰীৰৰ ভিতৰলৈ সুমুৱাই ল’ম। ফলত তেজত অক্সিজেনৰ পৰিমাণ কমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আহিব। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ শৰীৰত বাঢ়ি আহিলে যথেষ্ঠ অসুবিধা হব পাৰে, আনকি মৃত্যু পৰ্যন্ত হব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক “হাইপাৰকেপনিয়া” (hypercapnia) বুলি কোৱা হয়। এই “হাইপাৰকেপনিয়া” ই মগজুত অস্বাভাৱিক অনুভূতিৰ জাগৰণ ঘটাই মানুহক অপ্ৰকৃতস্থ কৰিব পাৰে, যাক ডাক্তৰী ভাষাত “হলোচিনেচন” ( hallucination) বুলি কোৱা হয়। সেই সময়ত চকুৰে অবাস্তৱ বস্তু দেখিব পাৰে , আবাস্তব বস্তু অনুভৱ কৰিব পাৰে। গতিকে, বৰ গছৰ তলৰ ৰাতিৰ সেই “ভূত” হ’ল গছৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড ৰ বাবে শৰীৰৰ “হাইপাৰকেপনিয়া” ৰ ফলশ্ৰুতিত হোৱা মানসিক বিভ্ৰান্তিত দেখা পোৱা অবাস্তৱ প্ৰতিচ্ছবি মাথোন। এতেকে , আমাৰ গাঁওৰ বৰ গছ জোপাৰ তলত ৰাতি ৰাতি “ভূত” ওলোৱা কথাটো মিছা নাছিল। #assameseprabandha #axomiyaprabandha #bishakhandhobishakhkusanskarbigyanitiyadi #SahityaChorcha

  • মোৰ পৰিচয়

    মই কোন? মইয়ে মিৰি তাহানিৰ পৰ্বত,পাহাৰত থকা সোৱণশিৰিয়া ডেকা মইয়ে মিচিং আজিৰ অসমৰ দিহিং দিখৌ দিচাংমুখৰ লুইতপৰীয়া ডেকা। বহুত আশা বুকুত বান্ধি পালোহি আহি তৈল নগৰী ডিগবৈ। আত্মবিভোৰ হলো বহু লোকৰ ভাষা সংস্কৃতিৰ মিলন দেখি। কালৰ গতিত সমন্বয়ৰ শিকলি ডালত পৰিল মামৰৰ প্ৰলেপ ধৰ্ম ভাষা জাতিৰ বুকুত দানবৰ আচোঁৰ চিৰ চেনেহী আইৰ আচলত আজি ৰঙা তেজৰ দাগ। জাতি-উপজাতিৰে গঢ়া আমি অসমীয়া তাহানি আহোম ৰজাৰ অথবা শংকৰ, জ্যোতি, বিষ্ণু ৰাভাৰ বৰ আইৰ আদৰক নেওচি গুচি গল ভাই মোৰ নগা – মিজো অৰুণাচলী , মেঘালয় আৰু ত্ৰিপুৰা-মণি পুৰী ৰৈ গ’ল মাথো মিচিং, কাৰ্বি,বড়ো, কছাৰী। কুটিল ৰাজনীতিৰ পাকচক্ৰত এওলোকো যেন আঁতৰি যাবৰ উপক্ৰম হ’ল। আজিও তেজ নিগৰি থকা দানবৰ কুৎসিত নৃত্য ঘনে ঘনে আঘাত হানে পাষাণে, বাৰে বৰণীয়া মোৰ অসমীৰ বুকুত। #assamesekobita #axomiyakobita #murparichay #SahityaChorcha

  • তগৰৰ মালিনী

    মালিনী হাতৰ পৰশত তগৰে সপি দিয়ে নিজকে। উমাল বুকুত কুৰুকি কুৰুকি সোমাই দুবাহুত। তাইৰ পৰা তগৰলৈ সোঁচৰে হাঁহিৰ বীজানু। হৃদয় চুই থকা তাইৰ খিলখিল হাঁহিত সৰিপৰে তগৰৰ সাঁচতীয়া দুখ। এডোঙা সঁচা প্ৰেমত তিতি বুৰি উন্মাদ গোপনে গোপনে তগৰৰ আকুল হিয়াৰ হিয়া। আবেলি হোৱা বেলিটো কাষতে শুৱাই ওঁঠত নুফুটা শব্দৰ এটি বনগীতৰ কলি নিগৰি নিগৰি বৰষে বুকুবেদি। #assamesekobita #axomiyakobita #SahityaChorcha #tagorormalini

  • বিহংগম (একাদশ খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

    অভিনন্দনে তাৰ ৰুমৰ দুৱাৰখন খুলিয়েই দেখিলে সন্মুখত অচাৰাই হাতত এপাহ ৰঙা গোলাপ আৰু এটা লেফাফা লৈ ঠিয় দি আছে ৷ তাই মুখত মৰমলগা মিচিকিয়া হাঁহিটিৰে পুৱাৰ অভিবাদন জনাই তাৰ হাতত লেফাফাটো তুলি দি ক’লে, মহাশয় যোৱা ৰাতি হোৱা আপোনাৰ অসুবিধাখিনিৰ বাবে আমি দুঃখিত ৷ পুনৰ আপোনাৰ যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি আপোনাক অগ্ৰীম কুপন উপলভ্ কৰিছো যাতে আপুনি আপোনাৰ পুৱাৰ আৰু নিশাৰ আহাৰ সময়ত পাব পাৰে ৷ নিতৌ পুৱা সাত বজাৰ পৰা দহ বজালৈকে পুৱাৰ আহাৰ ডাইনিং হ’লতে পাব ৷ ৰুমত যদি খাদ্য পৰিবেশন কৰিব লাগে অনুগ্ৰহ কৰি আগতীয়াকৈ মোক জনাই দিব ৷ অচাৰাই সৰলতাৰে কোৱা কথাখিনি শুনি অভিনন্দনে তাৰ হাতৰ ঘড়ীটোলৈ চালে ৷ অচাৰাই কাৰণটো অনুমান কৰিব পাৰি ক’লে , মহাশয় আপুনি ঘড়ীটো ভূটানৰ স্থানীয় সময়ৰ সতে মিলাই লৈছেনে ? ভূটানৰ সময় কিন্ত ভাৰততকৈ আধা ঘন্টাৰ ব্যৱধানত আগতীয়া কৈ চলে৷ অহ্, মই এই কথাটো গমেই পোৱাৰ নাছিলো তুমি মোক জনাই দিয়াৰ বাবেই ধন্যবাদ অচাৰা ৷ বাৰু , তুমি মোক আৰু এটা সহায় কৰিব পাৰিবনে ৷ মই অলপ বজাৰৰ ফালে যাব ওলাইছো ৷ গতিকে মোক অলপ ভাৰতীয় মুদ্ৰাৰ পৰিবৰ্তে ভূটানী মুদ্ৰাৰ প্ৰয়োজন হৈছে ৷ অভিনন্দনৰ কথাখিনি শুনাৰ লগে লগে অচাৰাই আগ্ৰহেৰে তাক সহায় কৰিব সাজু হ’ল ৷ তাই ক’লে, সাধাৰণতে ভাৰতীয় টকা (₹) আৰু ভুটানী ন্ঙালট্ৰাম (Nu) মুদ্ৰাৰ মূল্য একে সমান ৷ ভূটানত ভাৰতীয় মুদ্ৰাৰ চাহিদাও বহুত বেছি ৷ প্ৰধানকৈ ভূটীয়া সকল ভাৰতৰ সীমামূৰীয়া অঞ্চললৈ গ’লে বজাৰ সামৰ আদি কৰিলে ভাৰতীয় মুদ্ৰাৰে বিনিময় কৰিব লগীয়া হয় ৷ ভাৰতীয় এক টকাৰ মূল্য ভূটানী এক ন্ঙালট্ৰামৰ সমান ৷ এশ চেৰটাম (Ch) মানে এশ পইছাত এক ন্ঙালট্ৰাম ৷ গতিকে আপুনিও ভাৰতীয় মুদ্ৰা লৈ বজাৰলৈ গ’লেও একো অসুবিধা নাপাব৷ অচাৰাই কথাখিনি কৈ থাকোতে অভিনন্দনে নিৰ্বাক হৈ ৰহ লাগি তাইৰ মুখলৈ চাই ৰ’ল ৷ কিবা যেন সাংঘাটিক আকৰ্ষণ আছে তাইৰ কথা বতৰা আৰু অনবৰতে তাইৰ ওঠত লাগি থকা মিচিকিয়া হাঁহিটিত ৷ যোৱা কালি ল’গ পোৱাৰ পৰাই তাইৰ বিজুলীৰ চমকনিৰ দৰে মিচিকিয়া হাঁহিটো কিবা তাৰ খুব ভাল লাগিব ধৰিছে ৷ তাইৰ কথা বতৰাও সমানে শ্ৰুতিমধুৰ৷ আজি পিন্ধি থকা মেৰুণ ৰঙৰ কিৰাযোৰ আৰু কঁকাললৈ পৰি থকা চুলিতাঁৰিৰে অচাৰাক এজনী যাদুৰ দেশৰ পৰীৰ দৰেই লাগিছিল তাৰ৷ মই এতিয়া যাব পাৰোনে বুলি কোৱা অচাৰাৰ মাতত অভিনন্দনে সম্বিত ঘূৰাই পাই লাজতে নিশ্চয়, নিশ্চয় বুলি তাইক ধন্যবাদ জনাই ৰুমলৈ সোমাই গ’ল৷ অভিনন্দনে কুপন কেইখন টেবুলৰ ওপৰতে ৰাখি পুৱাৰ থিম্ফু চহৰ খন এপাক মাৰি চোৱাৰ লগতে মন্দিৰ দৰ্শন কৰিবৰ উদ্দেশ্যে হোটেলৰ পৰা খোজ পেলালে৷ চোৰ্তেন লেম(পথ)ৰ দাঁতিত অৱস্থিত গালিংখা হোটেলৰ পৰা ওলাই বাওঁহাতে ঘুৰি পঞ্চাশ মিটাৰমান আহোতেই অভিনন্দন আহি এটা চাৰিআলিত উপস্থিত হ’ল ৷ ৰাতিপুৱা আঠ বাজিছিল যদিও ৰাস্তাত গাড়ী মটৰ নাইয়েই বুলিব পাৰি ৷ বৰফ শীতল ফেৰফেৰীয়া বতাহ এজাকে তাৰ গালে মুখ যেন আচুৰিহে গ’ল ৷ চাৰিআলিটোৰ পৰা সোঁহাতে পদ পথদি অভিনন্দন লাহে লাহে আগুৱাই যাব ধৰিলে ৷ দুই এজন দেশী বিদেশী চাইকেল চালক তাৰ কাষেদি পাৰ হৈ গ’ল ৷ তেতিয়াহে সি লক্ষ্য কৰিলে যে ইউৰোপ আদি আগশাৰীৰ দেশ সমূহৰ দৰে চাইকেল চলাবলৈ ঘাই পথত বেলেগে ট্ৰেক বনোৱা আছে ৷ থিম্ফুৰ পথবোৰ বেচ চাফ্ চিকুণ ৷ প্ৰত্যেকখন দোকানত সন্মুখত এটাকৈ আবৰ্জনা ৰখা বাকচ আছে ৷ কিন্ত সি থিম্ফুৰ কোনো দোকানৰ সন্মুখত, পথৰ দাঁতিত বা লাইটৰ পোষ্টত বিজ্ঞাপনৰ হৰ্ডিং অথৱা চাইনবৰ্ড নেদেখিলে৷ চোৰ্তেন লেম(পথ)ৰ দাঁতিত অৱস্থিত গালিংখা হোটেলৰ পৰা ওলাই বাওঁহাতে ঘুৰি পঞ্চাশ মিটাৰমান আহি অভিনন্দন এটা চাৰিআলিত উপস্থিত হ’ল ৷ ৰাতিপুৱা আঠ বাজিছিল যদিও ৰাস্তাত গাড়ী মটৰ নাইয়েই বুলিব পাৰি ৷ বৰফ শীতল ফেৰফেৰীয়া বতাহ এজাকে তাৰ গালে মুখ যেন আচুৰিহে গ’ল ৷ উইন্ড চিতাৰৰ চেইনডাল ডিঙিলৈ টানি সি চাৰিআলিটোৰ পৰা সোঁহাতে পদ পথদি লাহে লাহে আগুৱাই যাব ধৰিলে ৷ দুই এজন দেশী বিদেশী চাইকেল চালকে পেদেলমাৰি তাৰ কাষেদি পাৰ হৈ গ’ল ৷ তেতিয়াহে সি লক্ষ্য কৰিলে যে ইউৰোপ আদি আগশাৰীৰ দেশ সমূহৰ দৰে চাইকেল চলাবলৈ ঘাই পথত বেলেগে ট্ৰেক বনোৱা আছে ৷ থিম্ফুৰ পথবোৰ বেচ চাফ্ চিকুণ৷ প্ৰত্যেকখন দোকানত সন্মুখত এটাকৈ আবৰ্জনা ৰখা বাকচ আছে৷ কিন্ত সি থিম্ফুৰ কোনো দোকানৰ সন্মুখত, পথৰ দাঁতিত বা লাইটৰ পোষ্টত বিজ্ঞাপনৰ হৰ্ডিং অথৱা চাইনবৰ্ড নেদেখিলে ৷ জীৱনত প্ৰথমবাৰৰ বাবে এখন পাৰ্কত মুক্ত আকাশৰ তলত শৰীৰ চৰ্চাৰ কাৰণে সা-সৰঞ্জামৰ সুন্দৰ ব্যৱস্থাপনা দেখি অভিনন্দন বিস্ময়ত অভিভূত হৈ পৰিল ৷ পাৰ্কখনৰ সন্মুখত আঁৰি থোৱা সৰু ৰঙা ফলকখনত হালধীয়া আখৰেৰে লিখা আছিল মেইন্টেইন্ড বাই মিনিষ্ট্ৰি অফ্ হেল্থ, ৰয়েল কিংদম অফ্ ভূটান৷ অভিনন্দনে লগে লগে নিজৰ দেশৰ কথা ভাবিলে ৷ ভূটানতকৈ দহগুণে ডাঙৰ পৃথিৱীৰ সৰ্ব বৃহৎ গনতান্ত্ৰিক দেশখনৰ শাসক আৰু শাসন ব্যৱস্থাত এনে কি খুটিনাটি ৰৈ গ’ল যে আজি ভূটানৰ দৰে এখন সৰু দেশ প্ৰশাসনিক আৰু নৈতিক দিশত ইমান আগবাঢ়ি যাব সক্ষম হৈছে৷ আমাৰ দেশত মুক্ত আকাশৰ তলত যদি এনেদৰে মুল্যবান সা-সৰঞ্জাম ৰাখিবলৈ হয় তেন্তে ৰাতিৰ ভিতৰতে চুৰি হৈ যোৱাটো খাটাঙ৷ এক কামত নাহিলেও চোৰে চুৰ কৰি নিবই ৷ কথাবোৰ ভাবি আহি আহি অভিনন্দন থিম্ফু চহৰৰ আকৰ্ষণীয় ক্লক টাৱাৰ স্কোৱেৰ পালেহি৷ এটা ওখ গম্বুজৰ ওপৰত চাৰিও ফালে চাৰিটা প্ৰকান্ড ঘড়ীৰে আটোম টোকাৰি কৈ ৰখা হৈছে ক্লক টাৱাৰ স্কোৱেৰ৷ অভিনন্দনৰ বুজিবলৈ বাকী নাথাকিল যে যোৱাৰাতি আৰু আজি পুৱা ঘড়ীৰ ঘন্টাৰ শব্দ আচলতে ইয়াৰ পৰাই ভাঁহি গৈছিল বুলি৷ কংক্ৰিটৰ গেলেৰীৰ সৈতে আকাশৰ তলৰ মুক্ত প্ৰেক্ষাগৃহ ক্লক টাৱাৰ স্কোৱেৰৰ চাৰিওফালে সৰু বৰ বহুতো দোকান আছে যদিও পুৱা খোলাই নাছিল ৷ ক্লক টাৱাৰ স্কোৱেৰ চোতালত কিছুমান দেশী বিদেশী লোকে য্যোগাভ্যাস কৰি আছিল ৷ স্বচ্ছ আৰু নিৰল নিস্তব্ধ ঠাইখনত অভিনন্দনেও কিছুসময়ৰ কাৰণে তাতেই বহিব বুলি ভাবোঁতেই বতাহত কৰবাৰ পৰা কুলু কুলু শব্দ ভাঁহি অহা শুনি শব্দটো কৰ পৰা আহিছে উমান ল’বলৈ আগুৱাই গৈ দেখিলে এখন সৰু নদী ৷ নদীখনৰ পানী ইমানেই স্বচ্ছ আছিল সি নদীখনৰ সুগভীৰ তলিত ফিচা কোবাই কোবাই খেলি থকা সৰু ডাঙৰ ৰংবিৰংৰ মাছবোৰ সহজেই দেখি পাইছিল ৷ যোৱাকালি দেখা পাৰোশ্বুৰ দৰে এই নদীখনৰো পাৰবোৰ কংক্ৰিটৰে পকা কৰা ৷ নদীখন তাৰ নিজৰে পাচ বছৰমান আগতেই দেখা বাৰ্লিন চহৰৰ কাষেদি বৈ যোৱা শ্ৰী নদীখনৰ দৰেই লাগিল৷ সি পানী যুৱলিলৈ নামি পানীত হাতখন দিয়েই উচপ খাই উঠিল ৷ হিম চেঁচা পানী ৷ সি পানী যুৱলিৰ পৰা উঠি আহোঁতেই এজন ভূটীয়া ল’ৰাই তাক নদীখনৰ সোঁত বহুত তীব্ৰ বাবে পানীত নামিবলৈ মানা কৰিলে ৷ এই নদীখনৰ নাম থিম্ফু শ্বু বুলি লৰাজনৰ পৰা জানিব পাৰিলে৷ সি সোধাত লৰাজনে নাতিদূৰৈৰ মেলং লেমত এটা গনেশ মন্দিৰ আছে জনালে ৷ হাতৰ ঘড়ীটোলৈ চাই অভিনন্দনে দেখিলে ইতিমধ্যেই ন বাজিবৰ হ’ল ৷ দহ বজাত তাক ডীলাৰৰ অফিচ লৈ নিবলৈ মিঃ উগেন আহি পাবহিয়েই ৷ গতিকে মন্দিৰ দৰ্শনৰ আশা সিমানতেই সামৰি সি হোটেললৈকে খোজ দিলে৷ কিন্ত পুৱঁতি নিশাৰ আচৰিত সপোনটোৰ অৰ্থ জানিবলৈ সি কোনোবা লামা অথবা পুৰোহিতৰ সুধিবই লাগিব বুলি মনতে ঠিৰাঙ কৰিলে৷ পদ পথটোৱেদি হোটেললৈ আহি থাকোতেই এজন ধৰ্মাত্মা লামাক অথনি দেখা শৰীৰৰ চৰ্চাৰ ব্যৱস্থা থকা পাৰ্কখনত বহি থকা দেখি অভিনন্দনে মনৰ উৎকন্ঠা যেন আতৰি গ’ল৷ সি এখন্তেকো পলম নকৰি ধৰ্মাত্মা লামাজনক লগ পাবলৈ পাৰ্কখনলৈ বুলি আগবাঢ়িল৷ #Assamesegolpa #assamesestory #bihangam #SahityaChorcha

  • এগৰাকী নাৰীৰ আত্মকথা

    ৰঞ্জন দত্তৰ একমাত্র জীয়ৰী সুৱাসনা দত্ত । তাই পঢ়াত চোকা আছিল বাবেই তাইক চহৰৰ এখন কলেজত নাম লগাই দিলে । তাই হোষ্টেলত থাকি পঢ়া শুনা কৰিবলৈ ল’লে, বি এ পঢ়া শেষ কৰি এদিন ঘৰলৈ উভতি আহিল আৰু তাই নপঢ়ো বুলি মাক বাপেকক কলে । বাপেকে কি কৰিবি বুলি সুধাত তাই ক’লে ভাবি লওঁ উত্তৰ দি নিজৰ শুৱনি কোঠালৈ গ’ল । মাক আৰু বাপেকে তাইৰ বিয়াখনৰ কথাকে ভাবিলে । হয় তায়ো সন্মতি দিলে বিয়াত বহিম বুলি । মাক আৰু বাপেকে বিচাৰ খোচাৰ কৰাত এজন অকলশৰীয়া ঘৰৰ লৰা পালে সি কোনো এটা প্ৰাইভেট কোম্পানিত চাকৰি কৰে দৰমহাও ভাল । মুঠতে সাত আৰু পাচ লগ লাগি তাইৰ বিয়াখন ঠিক কৰিলে বিয়াৰ তাৰিখো হ’ল। বাপেক গাঁৱৰ চৰকাৰী এল পি স্কুলৰ প্ৰধান শিক্ষক যদিওঁ দৰমহা কেইটাৰে কোনোমতে ঘৰখন চলাই গৈ আছে। তাইৰ বিয়াত যৌতুকৰ নামত সকলো দিলে বাপেকে, কাৰণ তাই একমাত্র ঘৰখনৰ মৰম লগা ছোৱালী আছিল। লৰাজনৰ লগত সুৱাসনাৰ বিয়া হৈ গ’ল। লৰাজন চহৰতে থাকে। তাইকো চহৰলৈ লৈ যোৱা হ’ল; দুয়ো তাত সুখেৰে দিন কটাব ধৰিলে। দিনৰ দিনটো তাই ঘৰত অকলশৰে থাকে গিৰিয়েক ৰাতিপুৱাই ওলাই যায় কামলৈ আৰু সন্ধিয়া উভতি আহে ঘৰলৈ । এনেকৈয়ে বহু দিন পাৰ হৈ গ’ল দুয়োৰে সংসাৰ খন । কিছু দিন পিছত তাই গিৰিয়েকক এটা সু-খবৰ দিলে তাই মাক হ’বলৈ ওলাইছে। গিৰিয়েকৰ মনত খুব আনন্দ লাগিল কথাষাৰ শুনি ।কথাষাৰ শুনি সুৱাসনাৰ মাক বাপেক দুয়ো চহৰলৈ আহিল, আৰু মাকে তাইক মাতৃ হোৱাৰ সকলো কথা এটা এটাকৈ সকলো কথা বুজাই গ’ল, তায়ো নিস্তব্ধ হৈ শুনি গ’ল। মাক বাপেকে তাইক সকলো কথা বুজাই ঘৰলৈ উভতি আহিল । কিছু দিন যোৱাৰ পিছত তাই যোজা সন্তানৰ মাক হ’ল । এটা লৰা আনজনী ছোৱালী আছিল আৰু দুয়োটা সন্তান বৰ ধুনীয়া আছিল। দেখাত খুব মৰম লগা আছিল। দুয়োৰে সংসাৰত সুখে উপচি পৰিল। ওচৰৰ মানুহে সকলোৱে ভাল পাবলৈ ধৰিলে সিঁহতক। গিৰিয়েকে সন্তান দুটিক খুব মৰম কৰিছিল। এনেকৈয়ে দিন বাগৰি সন্তান দুটিৰ কালি এবছৰ সম্পুর্ন হ’ব। প্ৰথম জন্মদিন উপলক্ষে আয়োজিত কৰিবলৈ গিৰিয়েকে অফিচৰ পৰা পোনে পোনে বজাৰলৈ ওলাই গৈছিল । তেনেতে সম্মুখৰ পৰা এখন ডাঙৰ গাড়ী আহি মানুহজনক আগৰ চকাৰে মহতীয়াই নিলে। লগে লগে মানুহ জমা হৈ গ’ল সেই ঠাইত। সুৱাসনাই খবৰ পাই লৰালৰিকৈ সেই ঠাই পালে। তাই সেই ঠাই পোৱাৰ আগত গিৰিয়েক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিলে । তাই গিৰিয়েকৰ মৃতদেহটি ঘৰলৈ লৈ আহি বুকুত দুয়োটা সন্তানক বান্ধি লৈ গিৰিয়েকৰ সৎকাৰ কৰিলে । তাইৰ যেন সুখৰ সংসাৰ খন হঠাৎ কাল অমানিশাই আগুৰি ধৰিলে। তাই চিন্তাত পাৰ নোপোৱা হৈ পৰিল। কেনেকৈ ডাঙৰ দীঘল কৰিব দুটাকৈ মৰম লগা সন্তান। কিছু দিন পিছত তাইক নিবলৈ তাইৰ মাক বাপেকে তাইৰ ঘৰ ওলাল । তাই কিছু সময় ভাবি তাই নাযাওঁ বুলি কৈ দিলে মাক বাপেকক। মাক বাপেকে তাইক বহুতবাৰ প্ৰয়াস কৰিলে কিন্তু বিফল হৈ পৰিল। মাকে তাইক ভিতৰৰ কোঠাত লৈ গৈ কলে যে সোৱাদ যুক্ত কেঁচা মাংস বিচাৰি ফুঁৰা বলিয়া কুকুৰৰ সংখ্যা এইখন চহৰত কম নাই মাকে সেই কথাও কলে তাইক কিন্তু মাকৰ কথা কোনো কাৰণতেই নুশুনিলে। তাই ঠিৰাং কৰিলে যে তাই যিকোনো প্ৰকাৰে তাইৰ দুয়োটা সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিব। মাক বাপেকে নিৰুপাই হৈ ঘৰলৈ উভতি আহিল। দিন কি ৰাতি তাই একো ধৰিব নোৱাৰা হ’ল। তাই মাথোঁ ভাবিব ধৰিলে সিঁহতক কেনেকৈ ডাঙৰ দীঘল কৰিব । কিছু দিন পিছত তাই বাহিৰলৈ ওলাল কামৰ সন্ধানত । কতো কাম বিচাৰি নাপালে তাই বিমুখ হৈ উভতি আহিল। সেইদিনা তাইৰ ঘৰত এজন অচিনাকি ব্যক্তি আহি উপস্থিত হ’ল সুৱাসনাই চিনি পোৱা নাছিল মানুহজনক ।মানুহজনে তাইক কাম এটা দিম কলে, আৰু তাইৰ হাতত কেইটামান টকা দি মানুহজনে তাৰপৰা গুছি আহিল। তাই গোটেই ৰাতি ভাবিব ধৰিলে । কেতিয়াওঁ নেদেখা এজন মানুহে তাইৰ ঘৰত আহি তাইক টকা দিয়া, কাম দিয়া এক আচৰিত ধৰণৰ কথা। মানুহজনে দিয়া ঠিকনা মতেই তাই ঘৰ ওলাল আৰু কলিং বেল বজায় ভিতৰলৈ সোমায় গ’ল। মানুহজনে দৰ্জা খন ভিতৰলৈ মাতি নি সকলো কাম দেখুৱাই দিলে । তাই একান্ত মনে সকলো কাম কৰি গ’ল সন্তান দুটিক এটা ৰুমত বহুৱাই ৰাখি। ঘৰৰ সকলো কাম শেষ কৰি তাই মানুহজনক মাত লগাই ঘৰলৈ উভতি আহিল । তাই আজি অলপ সকাহ পালে , যেনেকৈ নহওঁক কিয় তাই কষ্ট কৰিব লাগিলে মাথোঁ তাইক এতিয়া টকাৰ দৰকাৰ। এনেকৈ সদায় একান্ত মনে কাম কৰি থকা সুৱাসনাৰ প্ৰতি এক বিশেষ মানুহজনৰ দয়া উপজিল। তাইক কলে যেতিয়াই টকাৰ প্ৰয়োজন হয় কৈ দিলে হ’ল মানুহজনে সহায় কৰিবলৈ সক্ষম আছে। তাই মুৰটো জোকাৰি দিলে। তাৰে কিছু দিন পিছত আকৌ এজন মানুহ আহি উপস্থিত হ’ল তাইৰ ঘৰত। মানুহ জন দেখাত নম্ৰ ভদ্ৰ যেন লগা। এনেকৈ দিন গৈ আছে তাইৰ ঘৰত এজন এজনকৈ পুৰুষ মানুহ আহি তাইৰ ঘৰত আহি উপস্থিত হয়। ওচৰৰ মানুহে লক্ষ্য কৰিবলৈ ধৰিলে এইবোৰ কথা। আজি বাৰটা বসন্ত অতিক্রম কৰিলে লৰা ছোৱালী হালে , লৰা ছোৱালী হালক এখন ইংৰাজী মাধ্যম স্কুলত নাম লগাই দিছে মাকে, সিহঁতে বুজি পাই মাকৰ দুখৰ কথা। দুয়ো পঢ়াত চোকা সকলো কথা সহজতে বুজি পাই। তাই যেতিয়া কামলৈ যাব ওলাই তেতিয়া তাইক ওচৰৰ তিৰোতা বোৰে দুৰৰ পৰাই দেখিলে থু-থু কৰে। তাই সেইবোৰ কথা লক্ষ্য কৰে যদিওঁ ভ্ৰক্ষেপ নকৰে। আৰু সিহঁতে কোৱা শুনে এগৰাকী বেশ্যা হৈ এইখন সমাজত কেনেকৈ জীয়াই থাকিব পাৰে কি আচৰিত। তাতকৈ বেশ্যা শাললৈ গ’লেই হ’ল তাত সেইখন বেলেগ সমাজ য’ত এই তিৰোতা বোৰৰ বাবে চলি আছে। তাই যেন সকলো সহ্য কৰি তলমুৰ কৰি নিজৰ কামলৈ বাট বুলিলে। এই কথা একান দুকাণ কৰি সুৱাসনাৰ মাক বাপেকৰ কাণত পৰিল। সন্ধিয়া মাকৰ ফোন আহিল। মাকে তাইক কৰ্কশ মাতেৰে বহুত কথাই শুনালে। তাৰ পিছত তাইৰ লগত কোনো সম্বোন্ধ নাই বুলি ফোনটো কাটি দিলে। তাই ভাবিব নোৱাৰিলে মাকে তাইক কিয় এনেকুৱা কথা শুনালে তাই এনেকুৱা কি বেয়া কাম কৰিলে য’ত ইমান অপমান কৰিলে জন্ম দিয়া মাক এগৰাকীয়ে।তাইক আকৌ এবাৰ কথাবোৰে ভাবান্তৰ কৰি তুলিলে। কিন্তু তাইৰ ঘৰত সেই পুৰুষ বোৰ আহাটো বন্ধ হোৱা নাছিল, আগতকৈ বেছিহে আহিব ধৰিলে। সুৱাসনাৰ লৰা ছোৱালী হালক স্কুলত সকলোৱে ইতিকিং কৰে বেশ্যাৰ সন্তান বুলি। আজিকালি সুৱাসনা পদূলিত ওলাব নোৱাৰা হৈ পৰিছে। যিকোনো মানুহে তাইক দেখিলে কয় এইজনীৰ মুখ দেখিলেই দিনটো কলা হয় মুৰৰ ওপৰত কলা কাউৰীয়ে বিনাব ধৰে যাত্ৰাৰ পথত কলা মেকুৰীয়ে বাট কাটি জীৱনলৈ বিপদ মাতি আনে বুলি তাইক ভেঙুচালি কৰে, ৰঙা চকু দেখুৱাই, অভিশাপ দিয়ে আৰু যে কিমান কি কয়। তাই আজিকালি জীয়াই থাকিওঁ মৃত হৈ পৰিছে। তাই নিৰৱে চকুলোঁ টুকি মনতে কথাবোৰ ভাবে। বগা সাঁজযোৰত ইমান কলঙ্কৰ দাগ সনা আছে নে…? এইযোৰ কাপোৰ ইমান লেতেৰা নে…? তাই মনত ঠিৰাং কৰিলে তাই সমাজক মুখ খুলি কথা কব যে তাই বিধৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তায়ো এগৰাকী নাৰী। সকলো বোৰ নাৰীৰ দৰে তায়ো ৰঙীন সাঁজ পিন্ধিবলৈ মন এটা আছে কিন্তু তাই নোৱাৰে। তায়ো মন খুলি আন তিৰোতা বোৰৰ দৰে হাঁহিব বিচাৰে কিন্তু তাই নোৱাৰে কিয়। তাই হাঁহিলে কলঙ্ক নামি আহে বুলি আনে কিয় ইতিকিং কৰে তাইক।তাইক আকৌ এবাৰ কথাবোৰে ভাবান্তৰ কৰি তুলিলে। কিন্তু তাইৰ ঘৰত সেই পুৰুষ বোৰ আহাটো বন্ধ হোৱা নাছিল , আগতকৈ বেছিহে আহিব ধৰিলে । সুৱাসনাৰ লৰা ছোৱালী হালক স্কুলত সকলোৱে ইতিকিং কৰে বেশ্যাৰ সন্তান বুলি। আজিকালি সুৱাসনা পদূলিত ওলাব নোৱাৰা হৈ পৰিছে । যিকোনো মানুহে তাইক দেখিলে কয় এইজনীৰ মুখ দেখিলেই দিনটো কলা হয় মুৰৰ ওপৰত কলা কাউৰীয়ে বিনাব ধৰে যাত্ৰাৰ পথত কলা মেকুৰীয়ে বাট কাটি জীৱনলৈ বিপদ মাতি আনে বুলি তাইক ভেঙুচালি কৰে, ৰঙা চকু দেখুৱাই, অভিশাপ দিয়ে আৰু যে কিমান কি কয় । তাই আজিকালি জীয়াই থাকিওঁ মৃত হৈ পৰিছে। তাই নিৰৱে চকুলোঁ টুকি মনতে কথাবোৰ ভাবে। বগা সাঁজযোৰত ইমান কলঙ্কৰ দাগ সনা আছে নে…? এইযোৰ কাপোৰ ইমান লেতেৰা নে…? তাই মনত ঠিৰাং কৰিলে তাই সমাজক মুখ খুলি কথা কব যে তাই বিধৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তায়ো এগৰাকী নাৰী। সকলো বোৰ নাৰীৰ দৰে তায়ো ৰঙীন সাঁজ পিন্ধিবলৈ মন এটা আছে কিন্তু তাই নোৱাৰে। তায়ো মন খুলি আন তিৰোতা বোৰৰ দৰে হাঁহিব বিচাৰে কিন্তু তাই নোৱাৰে কিয়। তাই হাঁহিলে কলঙ্ক নামি আহে বুলি আনে কিয় ইতিকিং কৰে তাইক। তায়ো মন্দিৰত সোমাই মাটিৰ ভগৱানক সেৱা কৰি পুজা কৰি মন্দিৰৰ টিলিঙা বজাব। কিন্তু তাই টিলিঙা বজালে মন্দিৰৰ ভগৱান ৰুষ্ট হৈ উঠে বুলি কোৱা হয় অপবিত্র হয় ঠাই কিয় এনে আচৰণ এই সমাজত তাই বুজি নাপালে । শিক্ষা থাকিও জ্ঞান আহৰণ কৰিব নোৱাৰিলে কিয় । কপালত সেন্দুৰৰ ফোট থাকিলে এখন সমাজ আৰু বিধৱা হ’লে এখন সমাজ কোনজন ভগৱানে প্ৰতিষ্ঠাপন কৰিছিল এনেকুৱা সমাজ । নে আজিৰ মুখাপিন্ধা ভদ্ৰলোকৰ ভন্দ সমাজ। সুৱাসনা কোনো বেশ্যা বা দুঃচৰিত্ৰৰ নাৰী নাছিল। তাই বিধাৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তাইক একো একোটা লেতেৰা মনৰ মানুহে বেশ্যা সজাইছিল। তাইৰ ঘৰত পুৰুষ আহিছিল হয় কোনো ভন্দ পুৰুষ অহা নাছিল আহিছিল মাথোঁ একো একোজন সৎ চৰিত্ৰৰ সুন্দৰ মনৰ পুৰুষ যি পুৰুষে নাৰীৰ দায়িত্ব বুজি পাই, যি পুৰুষে নাৰীক সন্মান কৰে, যি পুৰুষে নাৰীক নাৰী বুলি গণ্য মান্য কৰে সেই পুৰুষ আহিছিল সুৱাসনাৰ ওচৰত। যাৰ ফলত সুৱাসনা আজি এখন সুকীয়া সমাজৰ পক্ষে এটা সুন্দৰ পদত কৰ্মৰত। তাই আজিকালি এখন নাম থকা মেডিকেলৰ ধাত্ৰী হয় তাই ধাত্ৰী এগৰাকী নাৰ্চ । #agorakinariratmakotha #Assamesegolpa #assamesestory #SahityaChorcha

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page