top of page

কফিনত শেষ গজাল মৰাৰ আশাত

  • Jul 12, 2021
  • 1 min read

অসমৰ আকাশত কলিয়া ডাৱৰৰ ডাঠ চামনিৰ আৱৰণ।

শান্তিৰ কপৌ সজাঁত বন্দী ধৰফৰাইছে উশাহ ল’বলৈ।

বাক স্বাধীনতা আজি ধোঁৱাৰ কুণ্ডলী পকাই ঘুৰি ফুৰিছে বতাহত।

আশাৰ পানচৈয়ে বাট হেৰুৱাইছে চাকনৈয়াত।

বালিত মুৰ গুজি উট পক্ষীৰ ভাও লোৱা ভাৱৰীয়াৰ শেষ নাটৰ পট সমাপ্তিৰ আখৰা।

কামিহাড়ত আশাৰ চাকি জ্বলাই অপেক্ষাৰত কফিনত শেষ গজাল মৰাৰ আশাত।।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page