top of page

বিশ্বাস, অন্ধ-বিশ্বাস, কু-সস্কাৰ, বিজ্ঞান ইত্যাদি – (খণ্ড ২)

  • Sahitya Chorcha
  • Jul 11, 2021
  • 2 min read

এসময়ত আমাৰ গাওঁৰ তিনি আলিত,বৰপুখুৰীৰ পাৰত এজোপা বৃহৎ বৰ গছ আছিল। এতিয়া অৱশ্যে গছ জোপা নাই। সৰুতে গাঁৱৰ বুঢ়া সকলে আমাক কৈছিল “হেৰৌ, বৰপুখুৰীৰ পাৰৰ বৰগছজোপাৰ তলত ৰাতি ভূত ওলাই, বুজিছ? জখিনি ছোৱালী এজনী ওলাই। কোনোবা কোনোবাই বুঢ়া-ডাঙৰীয়াও দেখিছে। ৰাতি সেইফালে ভুলটো নাযাবি। মুচৰি পেলাব। গম পাবি।” সৰুতে ভয় লাগিছিল। অলপ ডাঙৰ হৈ ঘটনাটো “অন্ধ বিশ্বাস” বুলি সহজ ভাবে লবলৈ যত্ন কৰিছিলো যদিও স্বচক্ষ অভিজ্ঞতা ল’বলৈ সাহস হোৱা নাছিল। “চান্দ মামা” ৰ বিক্ৰম বেতালৰ ধাৰাবাহিক সাধু কথাত বৰ গছ জোপাৰ তলত ৰজা বিক্ৰমাদিত্যৰ পিঠিত বেতালক দেখি দেখি বৰ গছৰ তলৰ ভূতৰ ধাৰণাটো আৰু অলপ গঢ় লৈ উঠিছিল। পিছে এতিয়া পঢ়ি শুনি উপলব্ধি কৰিছো যে ৰাতি আমাৰ গাঁৱৰ বৰ গছ জোপাৰ তলত “ভূত” ওলাইছিল চাগে, হয়তো কথাটো মিছা নাছিল। আমি সকলোৱে জানো যে গছে দিনৰ ভাগত সূৰ্য্যৰ পোহৰত সালোক-সংশ্লেষণ (Photo Synthesis) ঘটাই বায়ুমণ্ডললৈ অম্লজান (Oxygen) নিষ্কাষণ কৰে আৰু ৰাতিৰ ভাগত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ বাবে গছৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বেছি বাবে ই তললৈ নামি আহে। গতিকে ৰাতি ডাঙৰ গছৰ তলত যথেষ্ঠ কাৰ্বন ডাই অক্সাইড জমা হৈ থাকে। আমি যদি ৰাতি বৰ গছৰ তলত থিয় হওঁ তেতিয়া হলে উশাহত সেই কাৰ্বন ডাই অক্সাইড শৰীৰৰ ভিতৰলৈ সুমুৱাই ল’ম। ফলত তেজত অক্সিজেনৰ পৰিমাণ কমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আহিব। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ শৰীৰত বাঢ়ি আহিলে যথেষ্ঠ অসুবিধা হব পাৰে, আনকি মৃত্যু পৰ্যন্ত হব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক “হাইপাৰকেপনিয়া” (hypercapnia) বুলি কোৱা হয়। এই “হাইপাৰকেপনিয়া” ই মগজুত অস্বাভাৱিক অনুভূতিৰ জাগৰণ ঘটাই মানুহক অপ্ৰকৃতস্থ কৰিব পাৰে, যাক ডাক্তৰী ভাষাত “হলোচিনেচন” ( hallucination) বুলি কোৱা হয়। সেই সময়ত চকুৰে অবাস্তৱ বস্তু দেখিব পাৰে , আবাস্তব বস্তু অনুভৱ কৰিব পাৰে। গতিকে, বৰ গছৰ তলৰ ৰাতিৰ সেই “ভূত” হ’ল গছৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড ৰ বাবে শৰীৰৰ “হাইপাৰকেপনিয়া” ৰ ফলশ্ৰুতিত হোৱা মানসিক বিভ্ৰান্তিত দেখা পোৱা অবাস্তৱ প্ৰতিচ্ছবি মাথোন। এতেকে , আমাৰ গাঁওৰ বৰ গছ জোপাৰ তলত ৰাতি ৰাতি “ভূত” ওলোৱা কথাটো মিছা নাছিল।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page