তগৰৰ মালিনী
- Jul 10, 2021
- 1 min read
মালিনী হাতৰ পৰশত তগৰে সপি দিয়ে নিজকে। উমাল বুকুত কুৰুকি কুৰুকি সোমাই দুবাহুত।
তাইৰ পৰা তগৰলৈ সোঁচৰে হাঁহিৰ বীজানু। হৃদয় চুই থকা তাইৰ খিলখিল হাঁহিত সৰিপৰে তগৰৰ সাঁচতীয়া দুখ।
এডোঙা সঁচা প্ৰেমত তিতি বুৰি উন্মাদ গোপনে গোপনে তগৰৰ আকুল হিয়াৰ হিয়া।
আবেলি হোৱা বেলিটো কাষতে শুৱাই ওঁঠত নুফুটা শব্দৰ এটি বনগীতৰ কলি নিগৰি নিগৰি বৰষে বুকুবেদি।




Comments