The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- প্ৰেমৰ কল্পনা
বহু লিখিলোঁ প্ৰেমৰ কবিতা তথাপি নাপালোঁ মোৰ কবিতাৰ প্ৰেমত মতলীয়া প্ৰেমিক হঠাৎ শুনিলোঁ দুৰণিৰ পৰা ভাঁহি অহা এটি প্ৰেমৰ সুহুৰি মোৰ হিয়াত ঝংকাৰিত কৰি গ’ল প্ৰেমৰ অনুৰাগ এতিয়া মাতাল মই তোমাৰ প্ৰেমৰ ৰাগিত উৰি ফুৰিছোঁ প্ৰেমৰ সুবাস লৈ মুক্ত বিহঙ্গ হৈ, পখিলা হৈ ফুলে পাতে গছে বনে তোমাৰ প্ৰেমৰ মায়াত। #assamesekobita #assamesepoetry #premorkalpana #SahityaChorcha
- বিৰিখ হৈ জীয়াও আহক
এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্য সকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক’লে ৷ কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্ৰসাদ বনাবলৈ দেশৰ চুকে কোনে থকা পাৰ্গত বাঢ়ৈ সকলক আমন্ত্ৰণ দি আনিলে ৷ বাঢ়ৈ সকল নিৰ্দিষ্ট দিনত উপস্থিত হোৱাৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ নক্সাটো দেখুৱাই বুজাই দিছিল যে প্ৰসাদৰ চিলিংখন মাত্র এটা খুটাৰ ওপৰত ঠিয়হৈ থাকিব লাগিব ৷ বাঢ়ৈ সকলে ৰজাৰ কথামতে প্ৰসাদটো বনাবলৈ এডাল বিশাল আৰু পূৰঠ শাল গছৰ প্ৰয়োজন হ’ব বুলি জনালে ৷ৰজাই বাঢ়ৈৰ কথা শুনি সামন্ত প্ৰহৰীক পূৰঠ আৰু বিশাল শালগছৰ সন্ধান কৰিবলৈ নিদিলে ৷ বহুতো বিচাৰ খোচাৰ কৰি অৱশেষত ৰাজপ্ৰসাদৰ কাষৰ বাগিচা খনত থকা আটাইতকৈ পুৰনি আৰু বিশাল শালগছ ডালেই ই নতুন কৈ বনাবলগীয়া প্ৰসাদৰ একমাত্ৰ খুটাটোৰ বাবে উপযুক্ত হ’ব বুলি সিদ্ধান্ত লোৱা হ’ল ৷ ৰজাই শালগছ ডাল কাটি আনিবলৈ বাঢ়ৈ সকলক অনুমতি দি শীঘ্ৰেই ৰাজ প্ৰসাদৰ কাম আৰম্ভ কৰিব দিলে ৷ কাশীৰাজ ব্ৰহ্মদত্তৰ পূৰ্ব পুৰুষতকৈ পুৰণি শাল গছ ডালত বহু বচৰ ধৰি বসবাস কৰি থকা বৃক্ষ দেৱতাজনে ৰজাই গছডাল কাটিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে মৰ্মাহত হৈ পৰিছিল ৷ বৃক্ষ দেবতাই সেই ৰাতিয়েই কাশীৰাজ ব্ৰহ্মদত্তক সপোনত দৰ্শন দি গছডাল নাকাটিবলৈ অনুৰোধ কৰিছিল ৷ পাছে ৰজাই ৰাতি দেখা সপোনটোৰ প্ৰতি কোনো গুৰুত্ব নেদেখুৱালে৷ অৱশেষত কাশীৰাজ নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ উমান পাই খাটাম পুৰুষীয়া শাল গছডালৰ আত্মাই নিজে আহি ৰজাৰ সন্মুখত ঠিয় দি ক’লে, ৰাজন আপুনি মোক গুৰিতে কাটি বগৰাই নেপেলাব ৷ প্ৰথমে মোৰ আগৰ অংশটো সাৱধানে কাটি পেলাব ৷ তাৰ পাছত ডাল সমূহ ৰেপি ৰেপি কাটি পেলাব ৷ চাব যাতে ডাল সমূহ অসাৱধান ভাবে মাটিত পৰি নাযাই ৷ আৰু শেষত মোক একেটানে মাটিৰ পৰা উঘালি পেলাব ৷ কাশীৰাজ ব্ৰহ্মদত্তই শালগছ ডালৰ আত্মাৰ কথাখিনি শুনি উৎসুকতাৰে প্ৰশ্ন কৰিলে, হে শাল বৃক্ষ কিহৰ কাৰণে আপুনি ইমান যন্ত্ৰণাদায়ক মৃত্যু বিচাৰিছে? অলপ খোলাকৈ কওকছোন ৷ শাল বৃক্ষই কাশীৰাজ ব্ৰহ্মদত্তৰ প্ৰশ্নৰ উত্তৰত কলে, ৰাজন মই কেইবাশ বছৰ ধৰি এইখন ঠাইত জীৱন নিৰ্বাহ কৰিলো ৷ মই মোৰ এই দীৰ্ঘ জীৱনটোত আপোনাৰ বহুটো উপৰিপুৰুষৰ জীৱনকালত দেখিলো, বহুটো তৰু তৃণৰ জন্ম মৃত্যুও দেখিলো৷ বছৰ বছৰ ধৰি বহুতো চিনাকি অচিনাকি, কিট পতংগ আৰু চৰাই চিৰিকটিয়ে মোৰ কাৰণে ডাল পাতত ঘৰ সংসাৰ পাতি আছে ৷ আপুনি গুৰিতে কাটি মোক বগৰাই পেলালে সেই নিৰ্দোষী নিচলা প্ৰাণীবোৰৰ অকাল মৰণ হ’ব ৷ নতুন কৈ জন্ম পোৱা পোৱালিবোৰ আৰু উমনিত থকা কণীবোৰৰ ভ্ৰূণ পোৱালিবোৰে পৃথিৱীখন দেখাৰ আগতেই তাহাঁতৰ আশাৰ পৃথিৱীখন চূড়মাৰ হৈ যাব ৷ মোৰ বিশাল শৰীৰটো ভূমিত পৰি গলে তলত নতুনকৈ গজালি মেলা তৰু তৃণবোৰো ধংস হৈ যাব ৷ সেই গতিকে মোক ৰেপি ৰেপি কাটি আৰু শেষত উভালি পেলালে অন্তঃত কিছু পৰিমাণে চৰাই চিৰিকটিৰ লগতে কিট পতংগৰো প্ৰাণ বাচি যাব ৷ শাল গছডালৰ আত্মাই কথা শুনি কাশীৰাজ ব্ৰহ্মদত্তৰ অবস্থা শিল পৰা কপৌটোৰ দৰে হ’ল ৷ ৰজাই নিজে কৰিব ওলোৱা ভূলৰ বাবে অনুতপ্ত হ’ল আৰু ৰাজ প্ৰসাদৰ নিৰ্মাণৰ কাৰণে ভবিষ্যতেও যাতে গছ বিৰিখ কাটিব নোৱাৰিব তাৰ কাৰণে আইন প্ৰণয়ন কৰি দিলে ৷ ভগৱান বুদ্ধই কাশীৰাজ ব্ৰহ্মদত্তৰ কাহিনীটো কোৱাৰ পাছত শিষ্যগনকো প্ৰকৃতিৰ সুৰক্ষা প্ৰতি নিজকে দায়বদ্ধ হ’বলৈ উদ্বুদ্ধ কৰিছিল ৷ আমাৰ পূন্যভূমি ভাৰতবৰ্ষ সচাঁকৈয়ে বহুটো উচ্চ মানদণ্ডৰ ৰীতি নীতি, বিশ্বাস আৰু সমাজ ব্যৱস্থাৰে সমৃদ্ধ আছিল ৷ পৰবৰ্তীকালত বিভিন্ন জাতি ধৰ্মলোকৰ অগ্ৰাসনৰ কবলত আমাৰ অতীজৰ বিশ্বাস ব্যৱস্থা আৰু চিন্তাধাৰাৰ অপমৃত্যু হ’ল ৷ পাশ্চাত্যৰ উপনিবেশবাদৰ কবলত আমি নিজকে নিজে পাহৰি যাবলৈ ধৰিলো ৷ তেওঁলোকৰ সন্মুখত নিজকে হীনমন্য সজাবলৈ ল’লো । তাৰেই সুযোগ লৈ আজি পাশ্চাত্যৰ বুদ্ধিজীৱী সকলে আমাৰ পুৰনি ঐতিহাসিক সমাজ ব্যৱস্থা, বিশ্বাস ব্যৱস্থা আৰু ৰীতি নীতিবোৰক কৌশলগত ভাবে নিজৰ ভাষাৰে ৰচনা কৰি আমাৰ জ্ঞান চকু মেল খুৱাবলৈ তৎপৰ হৈ পৰিছে ৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ কথা পুৰাণ আৰু উপনিষদটো বহু দৃষ্টান্ত পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে- ” ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে। ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎ্পুৰূষাঃ ইৱ ।।” অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ’দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱাই ৷ একেদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে মঙ্গলৰ কাৰণে উৎসৰ্গা কৰে ৷ আহক আমিও কাশীৰাজ ব্ৰহ্মদত্তৰ ৰাজ্যৰ উদাৰ মনৰ বিশাল হৃদয়ৰ শাল গছডালৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিজকে দায়বদ্ধ কৰি তোলো আৰু এখন সুন্দৰ পৃথিৱীৰ সূচনা কৰো ৷ বিঃদ্ৰঃ মোৰ কন্যা শ্ৰেয়াংশীয়ে অংকন কৰা ছবিখনৰ আলমত বিশ্ব পাৰিপাৰ্শ্বিক দিবস উপলক্ষে এই লেখাটো যুগুতাই পঠিয়ালো৷ #assamesekobita #assamesepoetry #Birikhhoijiyaoaahok #SahityaChorcha
- প্রকৃতি আৰু মানুহ
প্রকৃতিৰ দাসত্বত মানুহৰ গতিশীল জীৱনবোধ । মানুহৰ জীৱন গাঠা দাসত্বৰ এনাজৰীৰে বান্ধ খাই থাকে বিশাল আকাশৰ চিলাখন হৈ । জীৱন আলোকিত কৰাৰ হেঁপাহবোৰ প্ৰকৃতিৰ বুকুত বিচাৰি পাওঁ । জীৱনৰ গতিশীলতা আনে ধৰিত্ৰীৰ সেউজীয়া ৰূপে ।আশাবোৰ পুৰঠ হয় অপৰূপ ধৰিত্ৰীৰ বুকুত আমি মানুহ ? নদ- নদী পাহাৰ ভৈয়াম সকলোতে আমি সভ্যতা সংস্কৃতি বিচাৰি পাওঁ । অৰণ্যত জনাৰণ্য গঢ়া মানুহ আমি বোৱতী নদীৰ বক্ষ বিদাৰি জীৱন গতিশীল কৰাৰ সপোন দেখো । যাদৱ পায়েঙৰ দুচকুৰ বন্যাত। এদিন বালি চাপৰি সেউজীয়া হল । সেউজীয়াবোৰ গাড় হলে আশাবোৰ বাস্তৱ হব । ধৰিত্ৰীয়ে নিৰ্মল উশাহ ললে জীৱনবোৰ গতিশীল হব । #assamesekobita #assamesepoetry #Prakritiarumanuh #SahityaChorcha
- অস্তিত্ব সংকটৰ চলচ্চিত্ৰ
জলবায়ু পৰিৱৰ্তনৰ পটভূমিত গোলকীয় উষ্ণতাৰ বৃদ্ধি, সদায় নতুনকৈ উদ্ভৱ সংক্ৰামক ৰোগ ব্যাধি। বিগত দশকৰ ভিতৰতে অভূতপূৰ্ব পৰিৱেশ পৰিৱৰ্তন, মানৱ সঞ্চালিত কৰ্মকাণ্ডত অৱিৰত বনাঞ্চল ধ্বংসীকৰণ। ক্ৰমান্বয়ে হ্রাস পাইছে বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ, লোভ-আগ্ৰাসনত আৰম্ভণি অস্তিত্ব সংকটৰ চলচ্চিত্ৰ। মানুহৰ প্ৰকৃতিবিৰোধী কাৰ্যত অত্যধিক আত্মঘাটি অস্ত্ৰ-শস্ত্ৰ, ভৱিষ্যত মহামাৰীৰ আশংকা বিশৃংখল ধৰণীৰ পৰিৱেশতন্ত্ৰ। #assamesekobita #Environmentalday #Ostitwarhonkat #SahityaChorcha
- সেন্দুৰ
কৃষ্ণচূড়াৰ ৰঙা ফুলৰ দলিচাত খোজ পৰোতে তোমালৈ মনত পৰিছিল সতী জয়া। তোমাৰ দেহৰ কপাহী ৰঙা সাজযোৰৰ স’তে কপালৰ ৰঙা দগদগীয়া ফোঁটটোৰে তোমাক বৰ ধুনীয়া দেখাইছিল। চাঁওদাঙৰ কত যন্ত্ৰণা সহিও তুমি সতীত্বৰ মহানতাক প্ৰতিপণ্ণ কৰি তাৰ মৰ্যদা অক্ষুন্ন ৰাখিলা। হয়তো সেয়াই নাৰী ধৰ্ম স্বামীৰ জীৱন ৰক্ষাৰ বাবে নিজৰ কপালত জিলিকি থকা সেন্দুৰকণক মচ খাবলৈ নিদিয়ে কাহানিও। লুইতে আজিও বিনাই তোমাৰেই কিৰিতি হৈ ৰ’ব চিৰ প্ৰৱাহমান যুগ যুগান্তৰ পৃথিৱীৰ বুকুত। #assamesekobita #assamesepoem #hendur #SahityaChorcha
- “অশ্ৰু অঞ্জলি”
কাষতে থাকিও মই বহু নিলগত নোৱাৰিলোঁ কৰিব একো মাথোঁ চাই ৰলোঁ তোমাক আৰু তোমাক ৷ চুই চাম তোমাক অলপ মৰম কৰিম তোমাক কাষলৈও যাব যে নোৱাৰোঁ মই আইনৰ মেৰপাক নে সময়ৰ আহ্বান মাথোঁ দূৰৰ পৰা চাই ৰলোঁ গ্লাছৰ খিৰিকিৰে চকুৰ পলক নেপেলোৱাকৈ কিমান সয়ম নেজানো কাৰোবাৰ মাতত মূৰটো উঠাই চালোঁ কপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত দূৰৰ পৰাই মুখখন এপলকৰ বাবেহে দেখা পালোঁ ৷ মোৰ সন্মুখেৰেই লৈ গ’ল তোমাক এবাৰ ভালকৈ চাবও নোৱাৰিলোঁ মাথোঁ দুগালেদি বৈ অহা দুঢাৰি অশ্ৰু অঞ্জলিৰে বিদায় দিলোঁ তোমাৰ জীৱনৰ অন্তিম ক্ষণত ৷৷ #assamesekobita #axomiyakobita #onshruanjali #SahityaChorcha
- ডাক্তৰ আৰু কৰ’ণা মহামাৰী
সদায়ৰ দৰে আজিও ভাত কেইগৰা নাখে মূখে ভৰাই ডাঃ তৃষা দাসে দৌৰা দৌৰিকৈ ডিউতিলৈ লৰ মাৰিলে। ৱাৰ্ডত ঠিক পাঁচ মিনিট আগতেই গৈ পালে। যিহেতু কৰ’ণা মহামাৰীৰ আতংকময় পৰিৱশ গতিকে পি পি ই কিট পিন্ধিব লাগিব আৰু পি পি ই কিট পিন্ধা মানেই নিজৰ উশাহ নিশাহৰ ওপৰত নিয়ন্ত্ৰণ হ্ৰাস পোৱা, প্ৰস্ৰাৱ কৰিব নোৱাৰা ইত্যাদি ইত্যাদি। কোনো পিনেদি বায়ু সোমাব নোৱাৰে গতিকে ইমান গেলা গৰমটোত ঘামবোৰ ওলাই ওলাই এবাল্টিমান ঘামপানী একত্ৰিত হয় পি পি ই কিটৰ ভিতৰত। মানুহে নিজৰ চেহেৰা পাতি ধুনীয়াকৈ ৰাখিবলৈ শ- হেজাৰ টকা ক্ৰীম – মলম আদি গালত ঘঁহে আৰু কত’ যে কি নকৰে!! আকৌ নিঃস্বাৰ্থভাৱে মানৱ কল্যাণৰ খাতিৰত, মাথোঁ মানুহৰ প্ৰাণ ৰক্ষাৰ খাতিৰত ডাক্তৰ- নাৰ্চ সকলে দিনে ৰাতিয়ে মাস্ক পি পি ই কিট পিন্ধি সেই চেহেৰা ঘূনীয়া কৰিবলগীয়া হয়। ডাঃ তৃষাই ডাক্তৰ কোঠাত প্ৰৱেশ কৰি নিজৰ বস্ত্ৰ সলনি কৰি পি পি ই কিট পৰিধান কৰিলে। কোঠাৰ পৰাই তেখেতে ৰোগীৰ কাতৰৰ ক্ষীণ ধ্বনি শুনিবলৈ পাইছে যেন কৰ’ণাৰ সন্ত্ৰাসত ৰোগীয়ে ত্ৰাহি ত্ৰাহি কৰি আছে। এনেতে নাৰ্চ এগৰাকী দুৱাৰৰ আগেদি পাৰ হৈ যাওঁতে ডাঃ তৃষাই সুধিলে – “বাইদেউ আজি ৱাৰ্ড কেনেকুৱা?” নাৰ্চে উত্তৰ দিলে – “মেম আজি ৱাৰ্ড ফুল হৈ আছে। প্ৰায় চল্লিছ পঞ্চাছটামান ভৰ্ত্তি হৈছে।” ডাঃ তৃষা – “অ হয় নেকি?” বুলি পালছ অক্সিমিটাৰ আৰু স্থ্যেত’স্ক’পডাল ডিঙিত ওলোমাই ৱাৰ্ডলৈ গমণ কৰিলে। গোটেই ৱাৰ্ডখনৰ চাৰিওফালে কৰ’ণা কৱলত থকা ৰোগীৰ যন্ত্ৰণাৰ কাতৰৰ গুমগুমনি। সহকৰ্মী ডাক্তৰৰ সৈতে কথা পাতি আজিৰ পৰিস্থিতিৰ বুজ ল’লে। ডাঃ তৃষাই ৱাৰ্ডৰ নাৰ্চ এগৰাকীক কলে – “বাইদেউ ৰোগীৰ টিকেট কেইটা লৈ আহক।” নাৰ্চ গৰাকীৰ সৈতে ৱাৰ্ডৰ ৰাউণ্ড মাৰি দেখিলে যে ৱাৰ্ড কৰ’ণা ৰোগীৰে উভৈনদী হৈ আছে যে ৰোগী থবলৈ বিছনা নোহোৱা হৈছে। ইতিমধ্যে ৱাৰ্ডত ইমান ৰোগী আছে তাৰোপৰি নতুনকৈ ৰোগীও আহিছে, কত থব ৰোগীসকলক? ডাঃ তৃষাই নাৰ্চক কলে – “বাইদেউ কাষৰ ৱাৰ্ডত ৰোগী কেইজনমানক শ্বিফ্ট কৰিব লাগিব। মই টিকেটত লিখি দিছো ৰোগীসকলক অনতিপলমে লৈ যাওঁক যাতে তেওঁলোকৰ চিকিৎসাও সোনকালে হব।” নাৰ্চে কলে – “ঠিক আছে মেম।” আৰু এগৰাকী নাৰ্চ আহি কলে – “মেম ৰোগী এজনৰ অৱস্থা কাহিল হৈ পৰিছে সোনকালে বলক।” ডাঃ তৃষা দৌৰি গল ৰোগীৰ কাষলৈ। ৰোগীজনৰ বেছি বয়স হোৱা নাই, মাত্ৰ সাতাইছ বছৰ। ৰোগী এজন ডেকা ল’ৰা। ৰোগীক চোৱাচিতা কৰি নাৰ্চক কলে – “বাইদেউ এওঁক অক্সিজেন দিব লাগিব। সোনকালে ৱাৰ্ড বয়ক কৈ অক্সিজেন লগাব কওঁক।” এনেতে ৰোগীয়ে কান্দি কান্দি কবলৈ ধৰিলে – “মেম মই বাছিম নে নাই? মই ভালকৈ উশাহ লব পৰা নাই। মোক বহুত ভয় লাগিছে।” কথাষাৰ শুনি ডাঃ তৃষা দাসৰ শৰীৰ থৰ লাগি গ’ল। যেন চকুৰ আগত অন্ধকাৰে ছানি ধৰিছে। চকু জলজলীয়া হৈ পৰিল। ডাঃ তৃষাই কলে – “আপুনি চিন্তা নকৰিব আমি আছোঁ নহয়। আপুনি একেবাৰে ভয় নাখাব।” এই বুলি ৰোগীক সান্তনা দিলে। ঠিক সময়ত ৱাৰ্ড বয়ে অক্সিজেন চিলিণ্ডাৰ লৈ আহিলে। অক্সিজেন মাস্ক লগাই নাৰ্চক মনিটৰিং কৰিবলৈ কোৱা হ’ল। ডাঃ তৃষাই ওৰে জীৱনকালত কাহানিও এনেকুৱা আতংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। এনেকৈয়ে ৱাৰ্ডত বহু কেইগৰাকী ৰোগী গভীৰ শ্বাস প্ৰশ্বাসৰ কষ্টত ভুগিছে। হাওঁফাওঁৰ অক্সিজেন মাত্ৰা ক্ৰমান্বয়ে কমি আহিছে। কিছুমানক আই চি ইউ লৈ শ্বিফ্ট কৰা হৈছে আৰু ৱাৰ্ডতে ৰাখিব পৰা ৰোগীসকলক দৰৱ আৰু অক্সিজেনেৰে নিৰন্তৰ সেৱা আগবঢ়োৱা হৈছে। আকৌ বহু কেইজন ৰোগী কৰ’ণাৰ সন্ত্ৰাসৰ বলি হৈ মানসিকভাৱে দুৰ্বল হৈ পৰিছে। তেওঁলোকক সাহস যোগাবলৈ বহুকেইজন সহকৰ্মী ডাক্তৰ-নাৰ্চ সকলোৱে গীত নৃত্য আদি পৰিৱেশন কৰিছে। প্ৰত্যেক দিনাই কৰ’ণা মহামাৰীত আক্ৰান্ত হৈ ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লব লগা হৈছে। মৃত্যুৰ পিছত যাতে অন্য ব্যক্তিলৈ এই ভয়াৱহ ৰোগ সংক্ৰমণ নহওঁক সেইবাবে অন্তৰক শিলৰ দৰে কঠিন কৰি হলেও জনসাধাৰণৰ স্বাৰ্থত প্লাষ্টিকৰ বেগত মৃত দেহক ভৰাই দিয়া হৈছে। এনেকুৱা দৃশ্যই ডাঃ তৃষাৰ দেহ আত্মা কঁপাই তুলিছে। তেখেতৰ চকুৰ সন্মুখতে বহু পৰিয়ালৰ সদস্য- কাৰোবাৰ মা দেউতা, কাৰোবাৰ ভাই ভনী এজন এজনকৈ নিমিষতে জীৱনযাত্ৰা সামৰি চিৰকালৰ বাবে জগতৰ পৰা বিদায় লব লগা হৈছে। হে প্ৰভু!! এয়া আপোনাৰ কেনেকুৱা ধংসলীলা? বহু পৰিয়ালৰ জীৱনত সৰগ ভাঙি পৰাত বুকু ফাটি সপোনৰ ঘৰ খন বিচ্ছিন্ন হৈ পৰিছে। ডাঃ তৃষা নিজে এগৰাকী মাতৃ গতিকে এনে পৰিস্থিতিত ৰোগীৰ যন্ত্ৰণাৰ কাতৰে তেখেতৰ মমতাক জোঁকাৰী তুলিলে। তেখেতৰ লগতে সকলো স্বাস্থ্য কৰ্মীসকলে দিনে ৰাতিয়ে টোপনি খতি কৰি, নাখাই নবয়, পেচাব পাইখানা স্তব্ধ ৰাখি নিজৰ প্ৰাণৰ চিন্তা নকৰি এই প্ৰলয়ঙ্কাৰী কৰ’ণাৰ সময়ত ৰোগীক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে আৰু ৰোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ কৱচ ৰূপে নিজে আগত থিয় দি অৱিৰতভাৱে যুদ্ধ কৰি আছে। এতিয়া সজাগ নাগৰিক হিচাপে আমি এটা কথা উপলব্ধি কৰিবই লাগিব যে বিনাশক কৰ’ণা ৰোগ নিৰাময়ৰ বাবে এশ শতাংশ কাৰ্যকৰী কোনো ঔষধ নাই। কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ পৰম অস্ত্ৰ হ’ল – মূখা পিন্ধা, সামাজিক দূৰত্ব বজায় ৰাখা আৰু সঘনাই চাবোনেৰে হাত ধোৱা বা হেণ্ড চেনিটাইজাৰ দি হাত বীজানুমুক্ত কৰা, লগতে চৰকাৰী নীতি-নিৰ্দেশনা সহৃদয়ে পালন কৰা। অন্যথা আমাৰ দেশ মৰিশালীলৈ ৰূপান্তৰিত হবলৈ বেছি সময় নালাগিব। #Assamesegolpa #assamesestory #Doctorarucoronamohamari #SahityaChorcha
- দুসময়
হঠাত খোজ থৈয়ে মই দৌৰিছো, কোঠাই কোঠাই বিভীষিকা, কোঠাই কোঠাই কান্দোনৰ উচ্চ ৰোল। বগা প্লাষ্টিকৰ ভিতৰত তপত দেহাত ধৰফৰাই মোৰ উশাহৰ স্পন্দন …. কোনোবাই হেৰুৱাইছে ভাই, কোনোবাই হেৰুৱাইছে মা, কোনোৱে ভনি, কোনোৱে হয়তো দেউতা!! জীৱনৰ সৰগ ভাগি চুৰমাৰ হৈ পৰিছে, মাথোন কান্দোনৰ শব্দত, সহায়ৰ অসহায় শব্দত, মই আধা মুৰ্চা গৈছো!! চৌপাশ চানি ধৰে অসহায় জীৱনে, বুকু ভঙা কান্দোন বোৰে । কোনো এ উশাহ নেপায় চতফতাই, কোনো এ প্ৰাণৰ ভয়ত চতফতাই কোনো এ আধৰুৱা জীৱনৰ নিশ্চিত অসমাপ্তিত চত্ ফতাই। কোনো এ চত্ ফতাই পিয়াহৰ এটুপি ক্ষুদাত। উশাহবোৰ চুটি হৈ আহে ক্ৰমে! বৰ কষ্ট ! বৰ কষ্ট! আমি কি কৰিব পাৰো, আমি নো কি তৰিব পাৰো, অসহায় মানৱ! অসহায় প্ৰাণ!! অসহায় ভূত ভৱিষ্যত!! অসহায় সহায়ৰ হাত!! তথাপিও দৌৰিছো, দৌৰিছো কোঠাই কোঠাই ইটোৰ পৰা সিটোলৈ সিটোৰ পৰা ইটোলৈ… বুকুৰ হেঁচাত মস্তিকৰ একাষৰীয়া কোণক জগাই তুলিব পৰাৰ ব্যৰ্থ প্ৰয়াস….. হাতত জীৱনৰ সঞ্জীৱনী লৈ তুলি ধৰিছো দুই এপদ সঞ্জীৱনী সুধা অন্তিম শয়নৰ মূহুত্বটিলৈ ….. নিৰুপায়! নিৰুপায় আমি!! বুকুত চানি ধৰে আন্ধাৰে, বুকুত জালি ধৰে অবিচ্ছিন্ন কাঁইটে , চিৰা চিৰ কৰি মহিমুৰ কৰে , বাহিৰ ভিতৰ সব একাকাৰ কৰে, অদৃশ্য অব্যক্ত স্থানলৈকে। বন্ধ মুখাৰ ভিতৰত আমি চত্ ফতাও , নতুবা শুই পৰিছো মুখ বন্ধ কৰি, নতুবা প্ৰাণৰ ভয়ত ধৰফৰাই আছো জীৱন জটিল! জীৱন যন্ত্ৰণাময় !! তাতোতকৈ ও জটিল নীলা কাপোৰৰ আৱেষ্টনীত শীতল হৈ অহা দেহৰ যন্ত্ৰণাময় অন্তিম যাত্ৰাবোৰ !! অকল্পনীয় অনাকাংক্ষিত!! আমাৰ জীৱন বোৰ তাতেই ৰুদ্ধ । আপোন গাওঁৰ দূৰণিতে ছাঁই হৈ পৰা দেহৰ অন্তিম দৃশ্য!! এনেকৈয়ে দিন যায় এনেকৈয়ে ৰাতি যায়!! কেবল দৌৰো কেবল দৌৰো কোঠাই কোঠাই বন্ধ প্লাষ্টিকৰ পিঞ্জৰাত চতফতাই মোৰ দেহ!! ইটোৰ পৰা সিটোলৈ সিটোৰ পৰা ইটোলৈ… #assamesekobita #assamesepoetry #Duhomoyoi #SahityaChorcha
- অমিয়া প্ৰেমৰ চানেকি
বিমুৰ্ত নিশাটিত তোমাৰ সান্নিধ্যই উমাল কৰা সময়বোৰ বৰ মিঠা। মোৰ কৰ্ণ গহ্বৰত তোমাৰ কম্পিত ওঠৰ অস্ফুট শব্দবোৰ বৰ মধুৰ। তোমাৰ লাৱনি দেহৰ প্ৰতিটো ভাঁজত মোৰ হাতে স্পৰ্শ কৰা মুহুৰ্ত খিনি অতি চঞ্চল। দুয়োৰে ওঠৰ স্পৰ্শত নি:সৃত অনুভুতিৰ কম্পনে দিয়ে অনাবিল আনন্দৰ জোৱাৰ। দুয়ো দূয়োতে বিলিন হোৱা সময়ৰ খোজত পৰি ৰ’ব যেন অমিয়া প্ৰেমৰ নিবিড় চানেকি। #amiyapremorsaneki #assamesekobita #axomiyakobita #SahityaChorcha
- ৰাখে হৰি মাৰে কোনে?
মাঁক জগত জননীৰূপে আমি পূজো। কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ অতিকৈ কোমল কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ?? তুমি ইমান নিৰ্মম কেনেকৈ হ’ব পালা যে মোক হত্যা কৰিবলৈ অকণো কুন্ঠাবোধ নকৰিলা !! হয় মই তোমাৰ অবৈধ সম্পৰ্কৰ ফল , যদিও মোৰ বাবে তুমিতো অবৈধ নাছিলা। তোমাৰ গৰ্ভতে ন মাহ থাকি তোমাৰ আৰু মোৰ মাজত যি সম্পৰ্ক গঢ়ি উঠিছিল সেয়া কি অবৈধ??? কদাপিও অবৈধ হব নোৱাৰে। তুমি মোক পুতি থৈ যোৱা বালিত মোৰ উশাহ লবলৈ বৰ কষ্ট হৈছিল মাঁ । কাতৰত কান্দিবও নোৱাৰিছিলোঁ। মোৰ মাত ফুটা নাছিল যদিও মই তোমাক বৰকৈ বিচাৰিছিলোঁ মাঁ। কিন্তু তোমাৰ অসীম নিষ্ঠুৰতাই মোৰ কোমল দেহাটিৰ ওপৰত কৰুণাৰ এটা টোপালো সৰিব নিদিলে। মনোৰম পৃথিৱীখনৰ সৈতে ভালকৈ চিনাকি হোৱাৰ আগতেই বিদায় লব লগা হোৱাত মই নিঃসহাই হৈ পৰিছিলোঁ। ৰাখে হৰি মাৰে কোনে? সেইবাবে স্বয়ং প্ৰভু ঈশ্বৰে মেকুৰী ৰূপত আহি মোৰ প্ৰাণ ৰক্ষা কৰিলে। এইয়া মোৰ পুনৰ জনম মাঁ। তুমি চিন্তা কৰিব নালাগে মোৰ মাতৃ হবলৈ বহুতে ওলাই আহিছে। মই ঈশ্বৰক হৃদয়েৰে প্ৰাৰ্থনা কৰিছো – হে প্ৰভু!! আৰু কোনো কুমলীয়া প্ৰাণ যাতে তোমাৰ নিৰ্মমতাৰ বলি নহওক!!! #assamesekobita #assamesepoem #rakheharimarekune #SahityaChorcha
- কেতিয়া শুধৰিম আমি?
সমগ্ৰ দেশজুৰি কৰ’নাৰ দ্বিতীয় লহৰত, আতংকময় পৰিবেশ ৰোগৰ সংক্ৰমনত। চৰকাৰী নীতি নিৰ্দেশনাও পোৱা নাই গুৰুত্ব, অদৃশ্য হৈছে মুখা নাই সামাজিক দূৰত্ব। একাংশই নাপাই উপায় যদিও পিন্ধিছে মুখা, কি আমোদজনক দৃশ্য নাক মুখ পাই দেখা। তামোল গুটখাৰ পিকেৰে ৰাঙলী, ৰাজহুৱা আস্থানৰ দেৱাল-পদূলি। সুযোগ গ্ৰহণ কৰি প্ৰশাসনৰ শিথিলতাৰ, বাঢ়িছে ভয়ংকৰ বিপদ সাধাৰণ জনতাৰ। গতিকে কোৱা বন্ধু কেতিয়া শুধৰিম আমি? আহিব কৰ’নাৰ তৃতীয় লহৰ সকলোৱে হব স্বৰ্গগামী। #assamesekobita #axomiyakobita #ketiahudharimaami #SahityaChorcha
- বৰ্তমান
মাতৃভূমিৰ পদযুগল তিয়াই পেলালে সন্তানৰ নয়নৰ লোতকে কন্দা, কন্দা চাৰিওফালে কান্দোনৰ কৰুণ সুৰ। সভ্যতাৰ একেবাৰে উচ্চ শিখৰত আৰোহণ কৰিও মানুহবোৰ আকৌ নামি আহিছে বাস্তৱৰ কৰুণ পৰিস্থিতিলৈ মহামাৰীত বহুতো মানুহ মৰিল। পীড়িত মানুহবোৰে হিয়া ধুনি কান্দিছে বৰ্তমান বাস্তৱ মাথোঁ হুমুনিয়াহ সুখ আৰু দুখৰ পাখি গজা কলা – বগা সময়। কাল সময় বুকুত বান্ধি জীৱনে আপোন ঘৰৰ চাৰিবেৰৰ মাজত লুকুৱাই দেহ মনৰ ওপৰেদি বিষাদৰ হুমুনিয়াহ এটা বাগৰি যায়। সময়ৰ দৈন্য অৱস্থাৰ মাজত ব্যৰ্থ হৈ যাব নেকি আশাভৰা সপোনবোৰ মিছাৰ স্বৰ্গত। প্ৰকৃতি নীৰৱ সকলো নীৰৱ শূণ্য আকাশৰ তলত যেন মহাশূন্যৰ বিচৰণ। #assamesekobita #axomiyakobita #bartaman #SahityaChorcha