top of page

“অশ্ৰু অঞ্জলি”

কাষতে থাকিও মই বহু নিলগত নোৱাৰিলোঁ কৰিব একো মাথোঁ চাই ৰলোঁ তোমাক আৰু তোমাক ৷

চুই চাম তোমাক অলপ মৰম কৰিম তোমাক কাষলৈও যাব যে নোৱাৰোঁ মই আইনৰ মেৰপাক নে সময়ৰ আহ্বান মাথোঁ দূৰৰ পৰা চাই ৰলোঁ গ্লাছৰ খিৰিকিৰে চকুৰ পলক নেপেলোৱাকৈ

কিমান সয়ম নেজানো কাৰোবাৰ মাতত মূৰটো উঠাই চালোঁ কপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত দূৰৰ পৰাই মুখখন এপলকৰ বাবেহে দেখা পালোঁ ৷

মোৰ সন্মুখেৰেই লৈ গ’ল তোমাক এবাৰ ভালকৈ চাবও নোৱাৰিলোঁ মাথোঁ দুগালেদি বৈ অহা দুঢাৰি অশ্ৰু অঞ্জলিৰে বিদায় দিলোঁ তোমাৰ জীৱনৰ অন্তিম ক্ষণত ৷৷

0 views0 comments

Related Posts

See All
bottom of page