top of page

দুসময়

হঠাত খোজ থৈয়ে মই দৌৰিছো, কোঠাই কোঠাই বিভীষিকা, কোঠাই কোঠাই কান্দোনৰ উচ্চ ৰোল। বগা প্লাষ্টিকৰ ভিতৰত তপত দেহাত ধৰফৰাই মোৰ উশাহৰ স্পন্দন ….

কোনোবাই হেৰুৱাইছে ভাই, কোনোবাই হেৰুৱাইছে মা, কোনোৱে ভনি, কোনোৱে হয়তো দেউতা!! জীৱনৰ সৰগ ভাগি চুৰমাৰ হৈ পৰিছে, মাথোন কান্দোনৰ শব্দত, সহায়ৰ অসহায় শব্দত, মই আধা মুৰ্চা গৈছো!! চৌপাশ চানি ধৰে অসহায় জীৱনে, বুকু ভঙা কান্দোন বোৰে । কোনো এ উশাহ নেপায় চতফতাই, কোনো এ প্ৰাণৰ ভয়ত চতফতাই কোনো এ আধৰুৱা জীৱনৰ নিশ্চিত অসমাপ্তিত চত্ ফতাই। কোনো এ চত্ ফতাই পিয়াহৰ এটুপি ক্ষুদাত। উশাহবোৰ চুটি হৈ আহে ক্ৰমে!

বৰ কষ্ট ! বৰ কষ্ট! আমি কি কৰিব পাৰো, আমি নো কি তৰিব পাৰো, অসহায় মানৱ! অসহায় প্ৰাণ!! অসহায় ভূত ভৱিষ্যত!! অসহায় সহায়ৰ হাত!! তথাপিও দৌৰিছো, দৌৰিছো কোঠাই কোঠাই ইটোৰ পৰা সিটোলৈ সিটোৰ পৰা ইটোলৈ…

বুকুৰ হেঁচাত মস্তিকৰ একাষৰীয়া কোণক জগাই তুলিব পৰাৰ ব্যৰ্থ প্ৰয়াস….. হাতত জীৱনৰ সঞ্জীৱনী লৈ তুলি ধৰিছো দুই এপদ সঞ্জীৱনী সুধা অন্তিম শয়নৰ মূহুত্বটিলৈ …..

নিৰুপায়! নিৰুপায় আমি!! বুকুত চানি ধৰে আন্ধাৰে, বুকুত জালি ধৰে অবিচ্ছিন্ন কাঁইটে , চিৰা চিৰ কৰি মহিমুৰ কৰে , বাহিৰ ভিতৰ সব একাকাৰ কৰে, অদৃশ্য অব্যক্ত স্থানলৈকে।

বন্ধ মুখাৰ ভিতৰত আমি চত্ ফতাও , নতুবা শুই পৰিছো মুখ বন্ধ কৰি, নতুবা প্ৰাণৰ ভয়ত ধৰফৰাই আছো জীৱন জটিল! জীৱন যন্ত্ৰণাময় !! তাতোতকৈ ও জটিল নীলা কাপোৰৰ আৱেষ্টনীত শীতল হৈ অহা দেহৰ যন্ত্ৰণাময় অন্তিম যাত্ৰাবোৰ !!

অকল্পনীয় অনাকাংক্ষিত!! আমাৰ জীৱন বোৰ তাতেই ৰুদ্ধ । আপোন গাওঁৰ দূৰণিতে ছাঁই হৈ পৰা দেহৰ অন্তিম দৃশ্য!!

এনেকৈয়ে দিন যায় এনেকৈয়ে ৰাতি যায়!! কেবল দৌৰো কেবল দৌৰো কোঠাই কোঠাই বন্ধ প্লাষ্টিকৰ পিঞ্জৰাত চতফতাই মোৰ দেহ!! ইটোৰ পৰা সিটোলৈ সিটোৰ পৰা ইটোলৈ…

0 views0 comments

Related Posts

See All
bottom of page