The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- অসমৰ বীৰ লাচিত
লাচিত তুমিহে অসমৰ বীৰ তোমাৰ স্বপ্নৰ অসম হৈ থকা নাই অসম কেৱল বিশৃংখলতাৰ ভিৰ বিলুপ্তিত তোমাৰ দৰে বীৰ ৰাজনীতিৰ কৱলত হৈছে অসমৰ গতি ধীৰ। অসমৰ বিশাল মাটি তোমাৰ বিনে হৈছে ভ্ৰষ্টাচাৰৰ বিশাল ঘাটি লুইত আমাৰ গৌৰৱ নেতাৰ কথা বৰ বৰ পাৰত বিদেশীয়ে সাজিছে ঘৰ কিয়বা সকলো নিৰৱ? হে লাচিত! তোমাৰ বিনে অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে? অসমক ৰক্ষা দিব কোনে? #assamesekobita #axomiyakobita #axomorveerlachit #SahityaChorcha
- আঘোণৰ অনুভৱ
(১) ধাননি পথাৰত চেচু খন্দা, নৰাৰ পেঁপা বজোৱা, লেচেৰী বোটলা মোৰ আনন্দময় শৈশৱৰ নাম আঘোণ। (২) পকা ধানৰ মাজে মাজে ঘাঁহ কটা, দাই নিয়া পথাৰ দৰাত গৰু চৰোৱা মোৰ কৈশোৰৰ নাম আঘোণ। (৩) ধানৰ পাতে কটা কলাফুলত পানী লাগি কৰা চেক চেকণিৰ মোৰ ল’ৰালিৰ অনুভূতিৰ নাম আঘোণ। (৪) নাৰিকল তেলৰ টিনৰ তলি গজালেৰে ফুটাই শাকনি বাৰীত পানী দিয়া মোৰ কৈশোৰৰ নাম আঘোণ। (৫) গাভৰু দাৱনীৰ লগত চুপতি মাৰি কলপাতত ফুটীয়াই নিমখ জলকীয়াৰে ৰবাব টেঙা খোৱা মোৰ যৌৱনৰ নাম আঘোণ। (৬) কুঁৱলীৰ আঁৰ কাপোৰ লোৱা লাজুকীয়া আঘোণ, গাভৰু দাৱনীৰ তামোল ৰঙা ওঁঠত হাঁহি অঁকা আশাবোৰৰ নাম আঘোণ। (৭) খেতিয়কৰ কান্ধৰ মেটমৰা ডাঙৰীৰ সোণালী সপোনৰ আবেলিৰ নাম আঘোণ। (৮) ধন্যবাদ আঘোণ নগৰীয়া ব্যস্ততাৰ মাজতো প্ৰতি বছৰে তই মোক ঘূৰাই দিয় মোৰ সোণালী শৈশৱ, প্ৰতিটো হেমন্তত বিমূর্ত হয় তোৰ পথাৰ খনৰ দৰে প্ৰাচুৰ্যময় মোৰ কৈশোৰ। #aaghunoronubhav #assamesekobita #axomiyakobita #SahityaChorcha
- নিৰ্বাচনৰ বতৰ
বায়ুমণ্ডলে নিৰ্বাচনৰ বতৰৰ ইংগিত দিছে, নেতা-কৰ্মী সক্ৰিয় হবলৈ ধৰিছে বাতৰি কাকত, টেলিভিশ্বন, চচিয়েল মিডিয়াত নিৰ্বাচনী গ্ৰীষ্মই আৱৰিছে। নিৰ্বাচনৰ এই গ্ৰীষ্ম বতৰত কেৱল মন্ত্রীত্ব পোৱাৰ আশাৰে, কোনোবাই কৈছে জাতি-মাটিৰ কথা, কোনোবাই দিছে ভূৱা প্ৰতিশ্ৰুতি, বৃহৎ বৃহৎ হৰ্ডিঙ লগাই উন্নয়ণৰ প্ৰতিযোগিতা চলিছে, ৰাজনীতিৰ অ-আ নজনা প্ৰাৰ্থীয়ো ভোট বেংকৰ চিন্তাত পৰিছে। কৰ্মীসকলে ইজনে-সিজনৰ ওকালতি কৰিছে, হৈ-হাল্লা আৰু ময়মতালি এতিয়া সাধাৰণ কথা হৈ পৰিছে। ৰাজপথ কপাঁই সদলবলে নেতাৰ জয়ধ্বনি ৰচিছে, উদাক্ত ভাষণৰ হাত চাপৰিৰে ৰাইজৰ মনত আশাৰ ৰেঙনি আনিছে, মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে, সকলোৱে ভেকোভাৱনা কৰিছে। গাদীৰ মায়াত মচগুল হৈ ইজনে-সিজনক তাৎসল্য কৰি, জনসাধাৰণৰ ভোটক ভেঙুচালী কৰি নেতাই দল সলাই-সলাই, ৰাজপথত চাইৰেন বজাই বজাই নিৰ্বাচনৰ বতৰ আহি পৰিছে। #assamesekobita #axomiyakobita #Politics #SahityaChorcha
- ইয়াত এখন নগৰ আছিল #কৰণা
ইয়াত এখন নগৰ আছিল, আছিল পুৱা গধূলিৰ নগৰীয়া ব্যস্ততা, শাৰী শাৰী কৈ দোকানত ওলোমাই থোৱা আছিল চিপছৰ পেকেট বোৰ, মোক খা মোক খা কৈ আছিল আপেল আঙুৰ আৰু কল বোৰ, গণেশৰ পান দোকানৰ মুখত দুজন মানৰ ৰসাল আড্ডা বেছ জমিছিল, চেকেণ্ড শ্ব’ চিনেমা চাবলৈ সোমাইছিল এজাক পুৰুষ মহিলা, কোনোৱে মমফলি খাইছিল আৰু কোনোৱে খাইছিল চনামিক্সাৰ। বেউটিপাৰ্লাৰ খনৰ পৰা এজনী দুজনী কৈ ওলাই আহিছিল সুন্দৰী মহিলা, গোলাপী ওঁঠত মিচিকিয়া হাঁহি। ডাক্তৰৰ চেম্বাৰ খনৰ আগত হাতত বেগ লৈ এদল মানুহৰ উৎকণ্ঠা। ৰাস্তাত খোজ কাঢ়ি পাৰ হব নোৱাৰা গাড়ীৰ ভিৰ, বাইকত প্ৰেমিক প্ৰেমিকাৰ আহ যাহ, জিম্ টোত এদল পাহুৱাল ডেকাৰ উদূলি মুদুলি আবেলি। সকলো এতিয়া স্মৃতি হল, নগৰ খন অতীত হল। মৰিশালীৰ নিস্তৱদ্ধতাত নৈ:শব্দ কোলাহল। মাজে মাজে এখন দুখন এম্বুলেন্সৰ অহা যোৱা, কোনো খনত জীৱন্ত আৰু কোনো খনত নিথৰ মানৱ দেহা। নগৰখন কিয় অতীত হল জানেনে? কাৰণ মূখা পিন্ধা মানুহ বোৰে মূখাৰ ওপৰত মূখা পিন্ধিব নাজানিছিল, কদৰ্য হাত বোৰ ধুব নাজানিছিল, হৃদয়ৰ দূৰত্ব বঢ়াই বঢ়াই শৰীৰৰ দূৰত্ব বঢ়াব নাজানিছিল। কাৰো কথা নুশুনা আকোঁৰ গোজ আছিল মানুহবোৰ। নগৰ খন এতিয়া অতীত হল, ইয়াত এখন নগৰ আছিল—- ….. #assamesekobita #axomiyakobita #corona #SahityaChorcha
- জীৱনটো এটা শিল্প
জীৱনটো এটা শিল্প ৰামধেনুৰ দৰেই ই ৰঙীন ফুলৰ দৰে সুন্দৰ কবিতাৰ দৰে অৰ্থপূৰ্ণ উপন্যাসৰ দৰে জীৱনৰ পৃষ্ঠাবোৰ । জীৱনটো এটা চিৰযুগমীয়া শিল্প । ~~~~ কাজল দাস
- অপূৰ্ব মোৰ দেশ
মোৰ দেশৰ দৰে দেশ আৰু নেপাঁও এই পৃথিৱীত । অপূৰ্ব মোৰ দেশ, অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ ভাষা, সাহিত্য আৰু সংস্কৃতি । মোৰ দেশ ভাৰতবৰ্ষ ধুনীয়াতকৈও ধুনীয়া । মোৰ দেশৰ মানুহবোৰো ধুনীয়া । অপূৰ্ব মোৰ দেশ, অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ মহান বীৰ জোৱান সকল । অপূৰ্ব তেওঁলোকৰ ত্যাগ, সাহস আৰু ধৰ্য্য । অপূৰ্ব মোৰ দেশৰ সৌন্দৰ্য্য অপূৰ্ব মোৰ দেশৰ মানুহ অপূৰ্ব মোৰ দেশ । ~~~~ কাজল দাস #assamesekobita #axomiyakobita #opurbamurdesh #SahityaChorcha






