top of page

আঘোণৰ অনুভৱ

  • Dec 19, 2020
  • 1 min read
(১) ধাননি পথাৰত চেচু খন্দা, নৰাৰ পেঁপা বজোৱা, লেচেৰী বোটলা মোৰ আনন্দময় শৈশৱৰ নাম আঘোণ।
                                           (২) 
পকা ধানৰ মাজে মাজে ঘাঁহ কটা, দাই নিয়া পথাৰ দৰাত গৰু চৰোৱা মোৰ কৈশোৰৰ নাম আঘোণ।
                                           (৩) 
ধানৰ পাতে কটা কলাফুলত পানী লাগি কৰা চেক চেকণিৰ মোৰ ল’ৰালিৰ অনুভূতিৰ নাম আঘোণ।
                                           (৪) 
নাৰিকল তেলৰ টিনৰ তলি গজালেৰে ফুটাই শাকনি বাৰীত পানী দিয়া মোৰ কৈশোৰৰ নাম আঘোণ।
                                           (৫) 
গাভৰু দাৱনীৰ লগত চুপতি মাৰি কলপাতত ফুটীয়াই নিমখ জলকীয়াৰে ৰবাব টেঙা খোৱা মোৰ যৌৱনৰ নাম আঘোণ।
                                           (৬) 

কুঁৱলীৰ আঁৰ কাপোৰ লোৱা লাজুকীয়া আঘোণ, গাভৰু দাৱনীৰ তামোল ৰঙা ওঁঠত হাঁহি অঁকা আশাবোৰৰ নাম আঘোণ।

                                           (৭) 

খেতিয়কৰ কান্ধৰ মেটমৰা ডাঙৰীৰ সোণালী সপোনৰ আবেলিৰ নাম আঘোণ।

                                           (৮) 

ধন্যবাদ আঘোণ নগৰীয়া ব্যস্ততাৰ মাজতো প্ৰতি বছৰে তই মোক ঘূৰাই দিয় মোৰ সোণালী শৈশৱ, প্ৰতিটো হেমন্তত বিমূর্ত হয় তোৰ পথাৰ খনৰ দৰে প্ৰাচুৰ্যময় মোৰ কৈশোৰ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page