The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
Search this site
606 results found with an empty search
- ধৰিত্ৰী অম্বৰৰ মহামিলন
ধৰিত্ৰীৰ সৌন্দৰ্য্যত মুচকছ অম্বৰ বিচ্ছেদৰ দুখত সৰিল চকুলো ধাৰাসাৰ সম্বিত ঘূৰাই পাই থিতাতে সিদ্ধান্ত ললে মিঠা আলিঙ্গনৰ এবাৰ প্ৰাৰ্থনা জনালে মৰম আকলুৱা ধৰিত্ৰীয়েও সন্মতি দিলে অম্বৰেও পলম নকৰি তললৈ সৰি পৰিলে ধৰিত্ৰী অম্বৰৰ কিনো মহামিলন ঘটিল আনন্দত আত্মহাৰা ৰবিয়েও চকুলো টুকিল দশোদিশে সুমঙ্গলৰ শংখ, ঘণ্টা বাজিলে প্ৰকৃতি ন কন্যা ৰূপত দুগুণ ৰূপৱতী হৈ পৰিলে তৰাবোৰৰ চিকমিকনিত পখিলাৰ হালিজালি নাচোন বিহঙ্গমৰ সুললিত সুৰেৰে প্ৰকৃতিৰ সাজোন কাচোন ভোমোৰাৰ গুণগুণনিত বৃহস্পতিৰ টোপনি ভাঙে শনিৰ খঙৰ ভমকত ভোমোৰা লৰি পলালে বুধে আহি গহিনাই সমৰ্পনৰহে ইংগিত দিলে অৰ্ণৱৰ বিশাল জলৰাশিত ৰবিৰ অৱগাহন সহিব নোৱাৰি চন্দ্ৰমাই ১৫ দিনলৈ ৰবিৰ পোহৰকে কৰিলে প্ৰত্যাখ্যান সকলোৰে দুখহৰ্তা ৰবিয়ে আকৌ প্ৰেমানুভূতিৰ ভাগ দি চন্দ্ৰমাকো ললে আপোন কৰি দিনত সমুদ্ৰই ৰবিৰ উজ্বল জ্যোতিত বিলিনহৈ হয় প্ৰৱাহমান ৰাতি আকৌ চন্দ্ৰৰ লগত লুকাভাকু খেলি লয় বিশ্ৰাম জীৱকুলে এনে মহামিলনৰ হিয়াউজাৰি সোৱাদ লভে মানৱে আকৌ এইবোৰৰ পৰিত্ৰানৰহে উপায় বিচাৰে। #SahityaChorcha #dharitriambar #axomiyakobita #mahamilan #assamesekobita
- সহধৰ্মিণী
তুমি মোৰ ডায়েৰী হ’বানে? আৰু মই কলম হৈ তাতে প্ৰতিটো পৃষ্ঠাত লিখি যাম তোমাৰ আৰু মোৰ প্ৰেমৰ অনিন্দ্যসুন্দৰ অনুভূতিবোৰ। তোমাৰ জীৱনৰ প্ৰতিটো পৃষ্ঠাত মোৰ কলমৰ চিয়াঁহীৰে লিখি যাম তোমাৰ আৰু মোৰ মন আকাশত প্ৰেমিক দহিকতৰা হৈ উৰি ফুৰা প্ৰেমৰ মিঠা মিঠা মুহূৰ্তবোৰ। লিখি যাম মই কিদৰে তুমি প্ৰতিনিয়ত ঊষাৰ স্বৰ্ণ-কান্তিৰ প্ৰথম পৰশ হৈ খিৰিকীৰ ফাঁকেৰে আহি চুমা দি মোৰ গালত সানিছা আকুল আলসুৱা প্ৰেমৰ বোল। লিখি যাম মই কিদৰে তুমি বসন্তৰ বোল হৈ মোৰ জীৱনৰ শুকান পাত খিলাত আনিলা অভিনৱ অময়াপুৰী। লিখি যাম মই কিদৰে তুমি আপোন পৰিচয় হেৰুৱা মোৰ জীৱনৰ মৰা সুঁতিত শাওণৰ ধল হৈ ৰঙাই তুলিছিলা মোৰ মন।
- মৰহা ফুলৰ সুবাস
জুৰিয়ে কমলক বহুত মনে প্ৰাণে ভাল পাইছিল।তাই তাৰ এষাৰি মাত শুনিবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু কমলে হয়তো তাইক ইমান ভাল পোৱা নাছিল।নাজানে তাইৰ তাৰ মনৰ কথা।সি তাইক সঁচাকৈ ভাল পাইছিল নে বেয়া লাগিলে নতুবা অকলশৰীয়া অনুভৱ কৰিলে তাইৰ লগত টাইম পাচ কৰিবলৈ অতি আপোন ভাৱে কথা পাতিছিল। তাই তাৰ মৰমত ব্যাকুল হৈ বহুত অন্ত:কৰণেৰে ভাল পাইছিল।তাই আবেগতে তাক কেতিয়াবা কৈ পেলাইছিল তোমাক বহুত ভাল পাওঁ বুলি। সঁচাকৈ তোমাক মই ভাল পাওঁ প্ৰাণতকৈও বেছি।এই কথা শুনা পাছত কমল বহুত দিন তাইৰ লগত কথা বতৰা নপতাকৈ থাকে।আকৌ ঘপককৈ পাহৰাই পাহৰাই মাজে মাজে আহি তাই লগত কথা পাতে।তাইৰ লগত বহুত আপোন ভাবে কথা পাতে আকৌ বহুত দিনলৈ কথা বতৰা নপতাকৈ অন্তৰ্দ্ধান হৈ থাকে। এনেদৰে হয়তো তাইৰ লগত দুবছৰ মান সময় পাৰ হৈ যায়। তাই হৈ পৰিল এপাহি মৰহা ফুলৰ প্ৰতিমূৰ্ত্তি। কিন্তু তাই দেখোন পাহৰিব নোৱাৰে সেই ভাল পোৱা।তাই নিৰৱে কান্দে কাকো একো ক'ব নোৱাৰে। এনেদৰে সময় বোৰ পাৰ হৈ যায়। অৱশ্যে পাছলৈ তাই মনক সংযত কৰি কেৱল বন্ধুত্বৰ ভাৱৰ সমন্ধৰে বান্ধ খাবলৈ যত্ন কৰে। এতিয়া তাই দুখ কৰি সময় পাৰ কৰিব নোখোজে।তাই উপলব্ধি কৰে ভগৱানে তাইক কিয় মনুষ্য ৰূপে পৃথিৱীলৈ পথালে?কেৱল খাই বৈ সুখ ভোগৰ আনন্দত মত্ত হৈ জীৱনটো অতিবাহিত কৰিবলৈ নে অন্য কিবা কৰি জীৱন উদ্ধাৰ কৰিবলৈ? নাই তাই আৰু সময় অবাবত পাৰ কৰি কেতিয়াও লক্ষ্য বিহীন ভাৱে অযথা সময় কটাব নোখোজে ।তাই দৃঢ় সংকল্প কৰে ইতৰ প্ৰাণীৰ দৰে জীৱনটো বিষয় সুখত শেষ নকৰি সকলোকে মৰমৰ এনাজৰীয়ে বান্ধি ৰখাৰ মানসৰে প্ৰতিজ্ঞা বদ্ধ হৈ জগত কল্যাণৰ সন্ধানত সন্ধানিত হ'ব বিচাৰে তাই। তাই আজি মনটো বহুত প্ৰফুল্ল কিয়নো তাই কমলক তাইৰ শেষ মনৰ সিদ্ধান্ত জনাই দিলে।তাই আজি পলে পলে বিচাৰি পালে মৰহা ফুলৰ সুবাস ।মুক্ত মনে শুকুলা ডাৱৰৰ পৰশ বুটলিবলৈ এৰি দিলে দুহাত আকাশলৈ। #Assamesegolpa #Axomiyagolpa #morohafhool #SahityaChorcha
- তাহানিৰ আইতা
তাহানি কালতে আইতা জনীয়ে, নৱ জাতক ভুমিষ্ঠ কৰাছিল কল পাতত শুৱাই, জৰাফুকা পানীৰে গৰ্ভ খালচ কৰিছিল। বাঁহৰ চেঁচুৰে নৱজাতকৰ নাৰী কাটিছিল, কোলাত কেচুৱা লৈ বাহিৰ উলিয়াছিল। আইতা! তুমি যে প্ৰসূতি মাতৃক গাৰ বিষ যাবলৈ গৰ্ভ শুকাবলৈ শুকান খৰিছা মাগুৰ মাছৰ ভাজি , কচু থোৰ জালুকীয়া, আদা নহৰু জালুক দি কাৱৈ মাছৰ ভেদাই লতাৰ জোলেৰে জাল খুৱাইছিল? আইতা! তুমি আজি নাই, মনত পৰেনে তোমাৰ তাহানিৰ সেই কথা বোৰ ! আইতা! তুমি য’তেই নাথাকা কিয় তাহানিৰ দিন পুৰণা হ’ল, নতুন যুগত সকলো আধুনিক হ’ল #assamesekobita #axomiyakobita #SahityaChorcha #tahaniraaita
- নহয় দ্বৈতবাদী
তীব্ৰ প্ৰতিকুলতাত তিষ্টি থাকিব পৰা জনহে সুদৃঢ় সুনিপুন আত্মবিশ্বাসেৰে তীব্ৰ শক্তিশালী ঐশ্বৰ্য প্ৰাচুৰ্য শূন্য হ’লেও কোনোদিন নহয় দ্বৈতবাদী #assamesekobita #axomiyakobita #nohoidwitabadi #SahityaChorcha
- ভেনি ভিদি ভিচি
ৰাষ্ট্ৰপতিৰ পৰা মানৱ-বন্ধু খিতাপৰ ক্ষ্মাৰকখন গ্ৰহণ কৰি সত্যবানৰ সাতচল্লিচ খ্ৰী:পূৰ্বত জুলিয়াছ চিজাৰে জেলা সমৰ জিকি কোৱা ‘ভেনি ভিদি ভিচি’ বাক্যাংশ মনত পৰিল৷ হৰেণ মাষ্টৰে সম্বন্ধীয় আৰু চিনাকী শুভাকাংক্ষীৰ দুৱাৰে দুৱাৰে গৈ সহায় বিচাৰি ল’ৰা সত্যৱানক ডাক্তৰ পঢ়ুৱালে৷ পাছত নগৰৰ আঢ্যৱন্ত শহুৰেকে সহজে ধন ঘটাৰ প্ৰলোভন দি সত্যবানক ঘৰজোঁৱাই সজোৱাৰ গোপন অভিপ্ৰায়েৰে চহৰতে নাৰ্চিংহোম খুলি দিব বিচাৰিলে৷ পাছে শহুৰৰ প্ৰবল আপত্তিকো প্ৰত্যাখ্যান কৰি সত্যবানে নিজৰ দুখীয়া গাঁওখনতহে মানৱ সেৱা কেন্দ্ৰ নাৰ্ছিং হোম খুলিলে৷ তাৰ পিছতো সি থমকি নৰ’ল৷ এখন এখনকৈ প্ৰায় কুৰিখন ভিতৰুৱা গাঁৱত মানৱ সেৱা কেন্দ্ৰ পাতি দেশৰ সৰ্বোচ্চ মানৱ-বন্ধু খিতাপ সন্মান লাভ কৰি আজি সি গদ্ গদ্ হৈ পৰিল৷ তাৰ যেন জন্ম সাৰ্থক হ”ল৷ পৃথিৱীলৈ মানুহ হৈ আহি, মানুহৰ বেদনা দেখি এদিন মানুহৰ হৃদয়বোৰো জয় কৰি পেলালে ৷ সেই কাৰণেই তাৰ মনত পৰি গল ভেনি ভিদি ভিচি (আহিলো, দেখিলো আৰু জয় কৰিলো)৷ #ahiludekhilu #Assamesegolpa #Axomiyagolpa #SahityaChorcha
- বিহংগম (২য় খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে
সুউচ্চ হিমালয় গিৰিমালাৰ পাদদেশৰ একমাত্ৰ ৰাজতান্ত্ৰিক দেশ, লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন (ভূটান) ৰ ৰাজপথেৰে যাত্ৰা কৰি অভিনন্দন ধন্য হৈ পৰিল৷ পৰিস্কাৰ পৰিচন্ন, যানবাহনৰ যানযট নথকা পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ একাষে সুউচ্চ থিয় লঠঙা পাহাৰ আৰু ইকাষে এখন সৰু নদী৷ নীলাভ আৰু স্বচ্ছল কুলকুল কৈ বৈ যোৱা নদীখনৰ পাৰতেই পাৰো চহৰ খন ৷সি বহি অহা ইশ্বুজু গাড়ীখনৰ খিৰিকীৰ কাচ কেইখন নমাই সি পাৰো চহৰৰ নৈসৰ্গিক দৃশ্যাৱলীৰ চাক্ষুষ তৃপ্তিত বিভোৰ হৈ পৰিল৷ হেঙুল-হাইতাল বুলিয়া লঠঙা পাহাৰলানিৰ পৰা খো-খোৱাই শব্দ কৰি পথৰ দাঁতিৰ সৰল গছ বোৰৰ ফাঁকেৰে অহা ৰিব্ ৰিব্ নিৰ্মল আৰু শীতল বতাহ জাকে অভিনন্দনক আৰু অধিক ৰোমাঞ্চিত কৰি তুলিলে৷ সমুদ্ৰপৃষ্ঠৰ পৰা অধিক উচ্চতাৰ পাহাৰবোৰত সাধাৰণতে গছ-গছনি নহয়৷ বাৰিষাকালত সেই সুউচ্চ পাহাৰবোৰত হোৱা সেউজীয়া ঘাঁহ বন আৰু শিলত ধৰা শেলুৱৈবোৰ শীতকালত ঠাণ্ডাৰ প্ৰকোপত আৰু দিনৰ প্ৰখৰ ৰদত শুকাই হেঙুল-হাইতাল বুলিয়া হৈ পৰে৷ এই সুউচ্চ গিৰিমালাৰ মালভুমিতেই পৃথিৱীৰ আটাইতকৈ বিপদজনক বিমানবন্দৰ বোৰৰ ভিতৰত এটা পাৰো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত৷ এই বিমানবন্দৰটোত বিমান উৰণ আৰু অবতৰন কৰিবলৈ পৃথিৱীৰ ভিতৰত মাত্র আঠজন পাইলটকহে প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে৷ আজি বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা এই তথ্যটো জানিব পাৰি অভিনন্দে বিস্ময় মানিলে৷ ৰাষ্ট্ৰীয় ঘাই পথটোৰ দুয়োপাৰ ইমানেই ছাফছিকুন আছিল আনকি গছৰ এটা সৰাপাতো অভিনন্দনৰ চকুত নপৰিল৷ ড্ৰাইভাৰজনৰ মুখৰ পৰা অভিনন্দনে পাৰো চহৰৰ গাতে লাগি থকা ধুনীয়া নদীখনৰ নাম পাৰো চু বুলি জানিব পাৰিলে৷ পকী ঘাটৰ নীলভ স্বচ্ছ পাৰো চু নদীখন অভিনন্দনৰ পাঁচ বছৰ আগতে ইউৰোপলৈ যাওঁতে দেখা বাৰ্লিন মহানগৰৰ কাষে কাষে বৈ যোৱা স্প্ৰী নদীখনৰ নিচিনাই লাগিল৷ সৰু যদিও আকৰ্ষণীয় পাৰো চহৰখনো তাৰ এখন মিনি বাৰ্লিন মহানগৰ যেন লাগিল৷ ড্ৰাইভাৰজনক ভূটান আৰু পাৰো চহৰখনৰ বিষয়ে আৰু কিবা কিবি শুধিব মন আছিল তাৰ পাছে তেওঁ বহুত লাহে লাহে কথাবোৰ কয়৷ সেই গতিকে অভিনন্দনে গাড়ী চলাই থকা সময়ত তেওঁক আমনি নকৰাটোৱেই উচিত হ’ব বুলি ভাবিলে৷ আধা ঘণ্টামান সময়ৰ যাত্ৰাপথ অতিক্ৰম কৰাৰ পাছত অভিনন্দন হতঁ গৈ বোণ্ডে নামৰ গাওঁ পালে গৈ৷ সুউচ্চ পাহাৰৰ ওপৰৰ এই গাওঁখনৰ মাজেৰে যোৱা অকোৱা পকোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে বগাই গৈ থাকোতে পথৰ দাঁতিয়েদি খোজ কাঢ়ি গৈ থকা পাৰম্পৰিক ভূটানী সাজপোছাক পৰিধান কৰা কিছুমান সৰু সৰু ল’ৰাছোৱালীয়ে কৰযোৰে মূৰ দোৱাই অভিনন্দন হতঁক সম্ভাষণ জনালে৷ অভিনন্দনেও সমানে মূৰ দোৱাই তাহাঁতক প্ৰতিসম্ভাষণ জনালে৷ তাহাঁতৰ পিঠিত ওলমি থকা মোনা আৰু হাতৰ টিফিন কেইটাৰ পৰা বুজা গ’ল যে তাহাঁত স্কুল ছুটীৰ পাছত ঘৰলৈ উভতিছে৷ কনমানি লৰাছোৱালী কেইটাৰ শিষ্টাচাৰে ভূটীয়া সকলৰ উচ্চ মানদণ্ডৰ সামাজিক আৰু ধাৰ্মিক বিচাৰধাৰাকেই প্ৰতিফলন কৰিলে৷ এইয়াহে অতিথি দেৱো ভৱ পৰম্পৰাৰ প্ৰকৃত পৰিভাষা৷ অথচ পৃথিৱীৰ বৃহত্তম গনতান্ত্ৰিক দেশখনৰ নিজৰেই ৰাজ্যখনৰ কিছুমান অঞ্চললৈ গলে এতিয়াও লৰাছোৱালীয়ে গাড়ীলৈ শিল দলিওৱা, পাৰ্কিং কৰি ৰখা গাড়ীৰ খিৰিকীৰ আইনাৰ ধুলিত অশ্লীল শব্দ লিখি থৈ যোৱা আদি অসভ্যালি কৰা পৰিলক্ষিত হয়৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে ঘৰ,বিদ্যালয় আৰু সমাজ সকলোতে চৰিত্ৰপাঠ আৰু শিষ্টাচাৰ পাঠৰ অভাৱ৷ ক’ত যানো সি পঢ়িছিল যে আইচলেণ্ড, চুইজাৰলেণ্ডৰ, জাৰ্মানী, ইজিপ্ত, ছিংগাপুৰ, ডুবাই, আজাৰবাইজান, বেলজিয়াম আৰু চুইডেনৰ দৰে ভাৰতৰ নিচেই নিকটবৰ্তী ভূটান ৰাষ্ট্ৰ খনতো সংঘটিত অপৰাধৰ হাৰ অতি নিম্ন ৷ ইয়াৰ কাৰণ কঠোৰ আইন ব্যৱস্থা নহয়৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল এই কেইখন দেশত শিশুৰ মুখত মাত নুফুটা অৱস্থাতেই A for Apple আৰু B for Bag শিকাই মিছনেৰী স্কুলত নামভৰ্ত্তি কৰাই ভবিষ্যতৰ ডাক্তৰ- ইন্জিনীয়াৰ গঢ়াৰ প্ৰস্তুতি নকৰে ৷ ইয়াত শিশুক শিকোৱা হয় চৰিত্ৰ আৰু শিষ্টাচাৰৰ আদি পাঠ, সামাজিক সচেতনতা আৰু দায়বদ্ধতাৰ লগতে ধৰ্ম-অধৰ্ম্মৰ জ্ঞান৷ গতিকে শিশু অৱস্থাতে এইবোৰ দেশত ভবিষ্যতৰ এজন সুস্থ নাগৰিকৰ গঢ় দিয়া হয়৷ সেই কাৰণে এই দেশ সমূহত অলিয়ে গলিয়ে ধৰ্ষণকাৰী, চোৰ ডকাইত, তোষনকাৰী, শোষনকাৰী, ঠগ প্ৰৱঞ্চক, দূৰ্নীতিকাৰী , ৰাজনৈতিক দালাল আৰু ৰাস্তাত টায়াৰ জ্বলাই ৰাজহুৱা সম্পত্তি ধ্বংস কৰা আন্দোলনকাৰীও নাই৷ অভিনন্দনে মনৰ উপলব্ধিবোৰ ফঁহিয়াই থাকোতেই বোণ্ডে গাঁওখনৰ উপকন্ঠৰ এখন বজাৰ পালেহি৷ পথৰ দাঁতিৰ বজাৰখনত বিক্রী কৰি থকা সতেজ আপেল আৰু বিভিন্ন ফলমূল দেখি অভিনন্দনে লোভ সামৰিব নোৱাৰিলে৷ টেক্সিছালক জনক গাড়ীখন” ৰখাবলৈ কৈ এজনী ভূটীয়া বুঢ়ী মানুহৰ পৰা ৫০টকাত এক কেজি আপেল কিনি ল’ল৷ মৰম লগা ভঙা ভঙা হিন্দীখিনি শুনি অভিনন্দনৰ বুঢ়ী মানুহজনীলৈ মৰম লাগি গৈছিল৷ বুঢ়ীয়েও মৰম উপজি তাৰ হাতত এটা ডাঙৰ ৰঙা আপেল গুজি দিলে৷ সিও শ্ৰদ্ধাসহকাৰে কৰযোৰে মূৰ দোৱাই বুঢ়ীৰ পৰা বিদায় লৈ বজাৰ খন এপাক ঘুৰি গাড়ীত বহি পৰিল৷ চলন্ত গাড়ীখনত বহি অভিনন্দনে বজাৰ খনত দৃষ্টিগোচৰ হোৱা কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মনতে ফহিয়াই চালে৷ প্ৰথমতেই তাৰ পথৰ দাঁতি, চহৰ বা বজাৰ মাজত কোনো ঠাইতে হোৰ্ডিং অথৱা চাইনবৰ্ড চকুত নপৰিল৷ মাত্র কিছুমান বিশেষ স্থানত ভূটানৰ মহাৰাজ আৰু মহাৰাণী সহ বিশাল হোৰ্ডিংহে সি দেখিব পাইছিল ৷ ২য়তে বজাৰৰ সকলোবোৰ দোকানৰ সন্মুখত মাত্র এখন সৰু ৰঙা ফলকত হালধীয়াৰ আখৰেৰে দোকানৰ নাম আৰু নম্বৰ উল্লেখ কৰা আছিল৷ বিপনী সমুহ ৰ সন্মুখত বা কাষত কোনো গ্লচাইন বা চাইনবৰ্ড অৰাঁ নেদেখিলে৷ তৃতীয়তে বজাৰ খনৰ কাপোৰ, ইলেক্ট্ৰনিক, বাচন বৰ্তন , কিতাপ-পত্ৰ, ঔষধ পাতি সকলোবোৰৰ কাৰণে সুকীয়া স্থানৰ ব্যবস্থা কৰা আছিল৷ ৪ৰ্থ তে মাছ মাংস আদিৰ কাৰণে অলপমান দুৰত ছাফছিকুন ঠাইত ব্যবস্থা কৰি দিয়া হৈছিল যাতে মাখি আদিয়ে গ্ৰাহকক আমনি নিদিয়ে৷ ৫ম তে প্ৰতিখন দোকানতে ভূটান নৰেশ্ব আৰু মহাৰাণীৰ ফটোৰ সন্মুখত ঘি চাকি অথবা ম’ম জ্বলাই ৰাখিছিল৷ যেনেদৰে আমাৰ ইয়াত লক্ষ্মী আৰু গনেশৰ ফটো ৰখা হয়৷ ভূটানত ৰজাই প্ৰজাক নিজৰ সন্তানৰ দৰে আচৰণ কৰে৷ সেইবাবে ৰজা আৰু ৰানীকো জনগনে নিজৰ পিতৃ-মাতৃ জ্ঞান কৰে৷ ৬ষ্ঠ তে প্ৰতিখন দোকানৰ সন্মুখত এটা ডাষ্টবিন ৰখা আছিল যাতে যতে ততে লেতেৰা পৰি নাথাকে৷ অভিনন্দনে মনতে ভাবিলে আমি কেতিয়া বাৰু সচেতন হম এই দিশত৷ আমাৰ সমাজ সলনি হ’ব নে? কথাখিনি ভাবি আহি থাকোতেই ৰাস্তাৰ দাঁতিত থিয় হৈ থকা এজন বুঢ়া লামাই হাত দাঙি অভিনন্দন হতঁক গাড়ীখন ৰখাবলৈ ইংগিত দিলে৷ টেক্সিছালকজনে কিবা সোধাৰ আগতেই অভিনন্দনে গাড়ীখন ৰাস্তাৰ দাঁতিত কাষৰীয়া কৰি ৰখাবলৈ কলে৷ গাড়ীখন ৰখাই দিয়াত অভিনন্দন লামা জনক লগ কৰিব বুলি নামি গ’ল ৷ পাছে লামাজন ইতিমধ্যে আহি তাহাঁতৰ গাড়ীখনৰ ওচৰ পালেহিয়েই৷ #assameseupanyas #axomiyaupanyas #bihangam #SahityaChorcha
- তাগিদা-জীয়াই থকাৰ
হাঁহি ধেমালিৰ বজাৰখনৰ মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক ৰৈ আছো জোলোঙা পাতি অকণমান আশাৰ ৰেঙণি বুটলিম বুলি কিন্তু হায়! কণা বিধাতাই লৈ গুচি গ’ল জোলোঙাখনকেই ফালি-চিৰি—— বুকুত মাথোঁ হুমুনিয়াহৰ উজান-ভাটি জীয়াই থকাৰ তাগিদাত মই পাহৰি পেলাওঁ কলিজাৰ দাগটোৰ কথা— তাগিদা মাথোঁ— জীয়াই থকাৰ এতিয়া ভগৱানলৈ এটাই প্ৰাৰ্থনা মোক আজিৰ দিনটোৰ বাবে— ভাতমুঠি দিয়া #assamesekobita #axomiyakobita #jiyaithokar #SahityaChorcha
- পলিথিনৰ আঁৰৰ মানুহ গৰাকী
ওপৰৰ পৰা চিম চিমকৈ বৰষুণ পৰিছে ।এজাক বতাহে পলিথিন খন উৰুৱাই নিবলৈ তুমুল যুদ্ধ কৰিছে । এছাৰকণিট হো হোৱাই জ্বলি থকা ষ্টভটো নুমাই যোৱা যেন লাগিছে ঠেটুৱৈ লগা ঠেৰেঙা জাৰত কপি কপি ৬০ ৰ উদ্ধৰ মহিলা গৰাকীয়ে ইফালৰ পৰা সিফাললৈ বাঁহৰ কামীত বান্ধি থোৱা পলিথিন খন উৰি যোৱাৰ ভয়ঁত টানকৈ গাঁঠিদিয়াৰ চেষ্টা কৰিথকা দেখি মই ৰব নোৱাৰি সুবিধাকৈ বান্ধি দিলো তেঁও মোক মনেমনে শলাগ লৈ পাৰিথোৱা বেঞ্চ খনত বহিবলৈ কলে। ইমান সময় দুয়ো ব্যস্ত থকাৰ বাবে কোনকৰ একো চিনাকি হোৱা নাই। মই বহিলো মানুহ গৰাকীয়ে মোক একাপ চাহ আগবঢ়াই দিলে। মুখা মুখী হওতেই শিল পৰা কপৌৰ দৰে হ’ল।এইয়া কি দুয়োৱে দুয়োক।মই থোকাঠুকি মাতেৰে ক’লো তু-মি জু–ৰী নহয় জানো ।তেঁও মূৰ দুপিয়ালে। হুক-হুকাই কান্দি তেঁও কলে ঐ নিবিৰ তই দেউতাৰৰ টকাৰ বলত সেইদিনা তোৰ সেই ভেৰণীয়া বন্ধুৰ সহায়ত বাপেৰৰ গাড়ী খনত জোৰকৈ উঠাই নি মোৰ শালিনতা নস্ত কৰা দিন ধৰি মই সেই সমাজ তথা ঘৰৰ পৰা নিজক লুকুৱাই জীয়াই থকাৰ সংগ্ৰাম কৰি আছো । তোমালোকৰ ধনৰ টুলাত উঠি মই মোৰ নিজস্ব তেতিয়াও নিবিকিলো এতিয়াও নিবিকো । মোৰ ধনবিট নথাকিব পাৰে কিন্তু মৰম ভালপোৱা নৈতিকতা সৎ চিন্তা সম ভাৱাপন্নতা আদি বোৰৰ লগতে সৎ চৰিত্ৰৰ অলংকাৰ পৰিধান কৰি জীয়াই আছো । মই ভাৱিলো তাইৰ লগত থকা এটাও মোৰ নাই তললৈ মূৰ কৰি লাহেকৈ আতৰি আহি ভাৱিলো এসময়ত হাঁহিৰে খিল খিলাইথকা আৰু এতিয়া চকুপানীয়ে বাট নেদেখা পলিথিনৰ আঁৰৰ সেই মানুহ জনীয়েই হ’ল পকা থেকেৰা যেন জুৰী । #SahityaChorcha #Axomiyagolpa #palithin #Assamesegolpa #Assamesekahani
- কবিসকলৰ বৃহৎ প্ৰেমালয়
হে প্ৰেম, তুমি দূৰতে ৰোৱা; তোমাৰ আচৰণ যে আৰু অসহণীয়! মিঠা শব্দৰে ধৰাসায়ী মোক নকৰিবা; প্ৰেমৰ আলয়ত শিহৰণকাৰী অনুভূতিয়ে মোক অকলশৰীয়া কৰিব: কলমেও নিজ স্বাৰ্থপৰ প্ৰেমৰ হৈ শব্দ বিচাৰিব; মই যে পাহৰি যাম শ্বহীদৰ আতুৰভৰা দেশপ্ৰেম! হেৰাই যাব মনত ভোকাতুৰ শিশুৰ হিয়াফালি যোৱা আৰ্তনাদ! আতঁৰি যাব চণ্ডালৰ অভূতপূৰ্ব জীৱন ধাৰাৰ শিহঁৰণ! মচি যাব হৃদয়ত মোৰ শ্বহীদমাতৃৰ নিশাৰ উচুপনীৰ ধ্বনি! সহিব পৰা হম শ্বহীদপত্নীৰ দুখৰ বোজাও! নাই নাই প্ৰেম , তুমি দূৰতে থাকা ..; আনৰ আৱেগ, অনুভূতিবোৰেই মোৰ প্ৰেম! যাক হৃদয়ত শব্দৰে সাঁচি থৈ, ৰাতি নিদ্ৰাৰ কোলাত ঢলি পৰো; পুৱা সাৰপাই মোৰ প্ৰেমৰ সঙ্গী শব্দবোৰৰ আলফুলীয়া আলিঙ্গন! লিখি যাও বহীৰ পাতত বতাহে লৈ যায় সেই হৃদয়বোৰলৈ; প্ৰতিধ্বনিত হৈ ঘূৰি আহে **হে কবি, ধন্য শ্বহীদ মই এটি কবিতাৰে মই মুল্য পোৱাৰ বাবে! হে কবি, ধন্য মই মাতৃ দুখৰ সমভাগী হৈ কাব্য দান পোৱাৰ বাবে! হে কবি, ধন্য মই প্ৰকৃতি সুন্দৰতাক কলমেৰে বিলাই যোৱাৰ বাবে! হে কবি , ধন্য মই এজন চণ্ডাল হৈও নিষ্ঠুৰ জীৱন এটিক মূল্যাংকণ দি গঢ়াৰ বাবে; হে কবি , ধন্য মই অনাথ হৈও অনাথ শিশুৰ মনত সাহসেৰে প্ৰাণ সঞ্চাৰ কৰাৰ বাবে; হে প্ৰেম, তুমি মুক্ত এতিয়া এখন বৃহৎ প্ৰেমালয়ত নিজক এৰি দি চোৱা অনায়াসে ক্ষুদ্ৰ স্বাৰ্থপৰ প্ৰেম তিতাকেঁহা সোৱাদৰ আভাস জাগিব! নিজ প্ৰেম এৰি আনৰ দুখক সামৰি চোৱাচোন! প্ৰতিদান হিচাপে দুধাৰি চকুলো বাগৰি বিৰল শান্তি মিলিব! #assamesekobita #axomiyakobita #kobirpremalay #SahityaChorcha
- বৰ অসমৰ চাওফা
নিশব্দ ৰজনীৰ পহৰাত ব্ৰতী জাগ্ৰত আহোম সেনানী। সময় বোৰ পাৰ হৈছিল চকুযুৰি মুদি সপোন দেখাৰ প্ৰয়াস বিচলিত হৈ গৈছিল সপোন বৰ অসম গঢ় দিয়াৰ সাৰ পালে অসমীয়াৰ প্ৰাণ, জাগ্ৰত প্ৰহৰি হোৱাৰ মন। যদিও চৌদিশে নিশব্দতা। জাগ্ৰত কেৱল বৰ অসমৰ গাঁৱলীয়া ডেকা কেইটা। সপোন বৰ অসম গঢ় দিয়াৰ। জিৰণিত ব্যস্ত এলেহুৱা ডেকা সাৰে আছে জাগ্ৰত আহোম সেনানী। মন বিচলিত সত্বেও, সুৱৰিছে প্ৰতিজ্ঞাৰ কথা। সেনানীয়ে,নুশুনে শত্ৰুৰ বিননী। সপোন বৰ অসম গঢ় দিয়াৰ। সদা জাগ্ৰত সেনানী স্বজাতিৰ বাবে, দেশৰবাবে। অকমন্য ব্যক্তিৰ সংজ্ঞা অৰ্থহীন জাতি গঠনৰ, সমাজ গঠনৰ। সেনানীয়ে বজাই সমন্বয়ৰ বীণ। সপোন বৰ অসম গঢ় দিয়াৰ। ১২২৮ চনত স্বৰ্গদেউ চুকাফাই স্থাপিত কৰিছিল বৰ অসমৰ সংজ্ঞা। সৰ্বজনবিদিত স্বৰ্গদেউ চুকাফা বৰ অসমৰ প্ৰথম চাওফা। #SahityaChorcha #sukapha #axomiyakobita #medammephi #assamesekobita
- মনৰ কল্পনা
কল্পনা বোৰ বোকোচাত বান্ধি পৰীভ্ৰমী চৰাই দৰে! ঘুৰি ফুৰো মুক্ত আকাশৰ তলত। ওখোৰা মোখোৰা পথ উজুতিত ভাঙে মোৰ নখ কণ্টকেও বিন্ধে দুভৰিত। তেজেৰে ৰাঙলী মোৰ দুভৰি ঘামত দেহ হয় জুৰুলি জুপুৰি। তথাপি নাপাও ওৰ কল্পনাৰ সমাপ্তি বিচাৰি। সময়ৰ সীমনাত আহে বহু অজুহাত! তথাপি নাযায় এৰি, কঢ়িয়াই লৈ ফুৰো অৰ্হনিশে, কল্পনা বোৰ—— মোৰ আলসুৱা বোকোচাত বান্ধি। #assamesekobita #axomiyakobita #monorkalpana #SahityaChorcha












