top of page

কবিসকলৰ বৃহৎ প্ৰেমালয়

  • Sahitya Chorcha
  • Jan 30, 2021
  • 1 min read

হে প্ৰেম, তুমি দূৰতে ৰোৱা; তোমাৰ আচৰণ যে আৰু অসহণীয়! মিঠা শব্দৰে ধৰাসায়ী মোক নকৰিবা; প্ৰেমৰ আলয়ত শিহৰণকাৰী অনুভূতিয়ে মোক অকলশৰীয়া কৰিব: কলমেও নিজ স্বাৰ্থপৰ প্ৰেমৰ হৈ শব্দ বিচাৰিব; মই যে পাহৰি যাম শ্বহীদৰ আতুৰভৰা দেশপ্ৰেম! হেৰাই যাব মনত ভোকাতুৰ শিশুৰ হিয়াফালি যোৱা আৰ্তনাদ! আতঁৰি যাব চণ্ডালৰ অভূতপূৰ্ব জীৱন ধাৰাৰ শিহঁৰণ! মচি যাব হৃদয়ত মোৰ শ্বহীদমাতৃৰ নিশাৰ উচুপনীৰ ধ্বনি! সহিব পৰা হম শ্বহীদপত্নীৰ দুখৰ বোজাও! নাই নাই প্ৰেম , তুমি দূৰতে থাকা ..; আনৰ আৱেগ, অনুভূতিবোৰেই মোৰ প্ৰেম! যাক হৃদয়ত শব্দৰে সাঁচি থৈ, ৰাতি নিদ্ৰাৰ কোলাত ঢলি পৰো; পুৱা সাৰপাই মোৰ প্ৰেমৰ সঙ্গী শব্দবোৰৰ আলফুলীয়া আলিঙ্গন! লিখি যাও বহীৰ পাতত বতাহে লৈ যায় সেই হৃদয়বোৰলৈ; প্ৰতিধ্বনিত হৈ ঘূৰি আহে **হে কবি, ধন্য শ্বহীদ মই এটি কবিতাৰে মই মুল্য পোৱাৰ বাবে! হে কবি, ধন্য মই মাতৃ দুখৰ সমভাগী হৈ কাব্য দান পোৱাৰ বাবে! হে কবি, ধন্য মই প্ৰকৃতি সুন্দৰতাক কলমেৰে বিলাই যোৱাৰ বাবে! হে কবি , ধন্য মই এজন চণ্ডাল হৈও নিষ্ঠুৰ জীৱন এটিক মূল্যাংকণ দি গঢ়াৰ বাবে; হে কবি , ধন্য মই অনাথ হৈও অনাথ শিশুৰ মনত সাহসেৰে প্ৰাণ সঞ্চাৰ কৰাৰ বাবে;

হে প্ৰেম, তুমি মুক্ত এতিয়া এখন বৃহৎ প্ৰেমালয়ত নিজক এৰি দি চোৱা অনায়াসে ক্ষুদ্ৰ স্বাৰ্থপৰ প্ৰেম তিতাকেঁহা সোৱাদৰ আভাস জাগিব! নিজ প্ৰেম এৰি আনৰ দুখক সামৰি চোৱাচোন! প্ৰতিদান হিচাপে দুধাৰি চকুলো বাগৰি বিৰল শান্তি মিলিব!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page