top of page

বিহংগম (২য় খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

সুউচ্চ হিমালয় গিৰিমালাৰ পাদদেশৰ একমাত্ৰ ৰাজতান্ত্ৰিক দেশ, লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন (ভূটান) ৰ ৰাজপথেৰে যাত্ৰা কৰি অভিনন্দন ধন্য হৈ পৰিল৷ পৰিস্কাৰ পৰিচন্ন, যানবাহনৰ যানযট নথকা পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ একাষে সুউচ্চ থিয় লঠঙা পাহাৰ আৰু ইকাষে এখন সৰু নদী৷ নীলাভ আৰু স্বচ্ছল কুলকুল কৈ বৈ যোৱা নদীখনৰ পাৰতেই পাৰো চহৰ খন ৷সি বহি অহা ইশ্বুজু গাড়ীখনৰ খিৰিকীৰ কাচ কেইখন নমাই সি পাৰো চহৰৰ নৈসৰ্গিক দৃশ্যাৱলীৰ চাক্ষুষ তৃপ্তিত বিভোৰ হৈ পৰিল৷ হেঙুল-হাইতাল বুলিয়া লঠঙা পাহাৰলানিৰ পৰা খো-খোৱাই শব্দ কৰি পথৰ দাঁতিৰ সৰল গছ বোৰৰ ফাঁকেৰে অহা ৰিব্ ৰিব্ নিৰ্মল আৰু শীতল বতাহ জাকে অভিনন্দনক আৰু অধিক ৰোমাঞ্চিত কৰি তুলিলে৷ সমুদ্ৰপৃষ্ঠৰ পৰা অধিক উচ্চতাৰ পাহাৰবোৰত সাধাৰণতে গছ-গছনি নহয়৷ বাৰিষাকালত সেই সুউচ্চ পাহাৰবোৰত হোৱা সেউজীয়া ঘাঁহ বন আৰু শিলত ধৰা শেলুৱৈবোৰ শীতকালত ঠাণ্ডাৰ প্ৰকোপত আৰু দিনৰ প্ৰখৰ ৰদত শুকাই হেঙুল-হাইতাল বুলিয়া হৈ পৰে৷ এই সুউচ্চ গিৰিমালাৰ মালভুমিতেই পৃথিৱীৰ আটাইতকৈ বিপদজনক বিমানবন্দৰ বোৰৰ ভিতৰত এটা পাৰো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত৷ এই বিমানবন্দৰটোত বিমান উৰণ আৰু অবতৰন কৰিবলৈ পৃথিৱীৰ ভিতৰত মাত্র আঠজন পাইলটকহে প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে৷ আজি বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা এই তথ্যটো জানিব পাৰি অভিনন্দে বিস্ময় মানিলে৷

ৰাষ্ট্ৰীয় ঘাই পথটোৰ দুয়োপাৰ ইমানেই ছাফছিকুন আছিল আনকি গছৰ এটা সৰাপাতো অভিনন্দনৰ চকুত নপৰিল৷ ড্ৰাইভাৰজনৰ মুখৰ পৰা অভিনন্দনে পাৰো চহৰৰ গাতে লাগি থকা ধুনীয়া নদীখনৰ নাম পাৰো চু বুলি জানিব পাৰিলে৷ পকী ঘাটৰ নীলভ স্বচ্ছ পাৰো চু নদীখন অভিনন্দনৰ পাঁচ বছৰ আগতে ইউৰোপলৈ যাওঁতে দেখা বাৰ্লিন মহানগৰৰ কাষে কাষে বৈ যোৱা স্প্ৰী নদীখনৰ নিচিনাই লাগিল৷ সৰু যদিও আকৰ্ষণীয় পাৰো চহৰখনো তাৰ এখন মিনি বাৰ্লিন মহানগৰ যেন লাগিল৷ ড্ৰাইভাৰজনক ভূটান আৰু পাৰো চহৰখনৰ বিষয়ে আৰু কিবা কিবি শুধিব মন আছিল তাৰ পাছে তেওঁ বহুত লাহে লাহে কথাবোৰ কয়৷ সেই গতিকে অভিনন্দনে গাড়ী চলাই থকা সময়ত তেওঁক আমনি নকৰাটোৱেই উচিত হ’ব বুলি ভাবিলে৷

আধা ঘণ্টামান সময়ৰ যাত্ৰাপথ অতিক্ৰম কৰাৰ পাছত অভিনন্দন হতঁ গৈ বোণ্ডে নামৰ গাওঁ পালে গৈ৷ সুউচ্চ পাহাৰৰ ওপৰৰ এই গাওঁখনৰ মাজেৰে যোৱা অকোৱা পকোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে বগাই গৈ থাকোতে পথৰ দাঁতিয়েদি খোজ কাঢ়ি গৈ থকা পাৰম্পৰিক ভূটানী সাজপোছাক পৰিধান কৰা কিছুমান সৰু সৰু ল’ৰাছোৱালীয়ে কৰযোৰে মূৰ দোৱাই অভিনন্দন হতঁক সম্ভাষণ জনালে৷ অভিনন্দনেও সমানে মূৰ দোৱাই তাহাঁতক প্ৰতিসম্ভাষণ জনালে৷ তাহাঁতৰ পিঠিত ওলমি থকা মোনা আৰু হাতৰ টিফিন কেইটাৰ পৰা বুজা গ’ল যে তাহাঁত স্কুল ছুটীৰ পাছত ঘৰলৈ উভতিছে৷

কনমানি লৰাছোৱালী কেইটাৰ শিষ্টাচাৰে ভূটীয়া সকলৰ উচ্চ মানদণ্ডৰ সামাজিক আৰু ধাৰ্মিক বিচাৰধাৰাকেই প্ৰতিফলন কৰিলে৷ এইয়াহে অতিথি দেৱো ভৱ পৰম্পৰাৰ প্ৰকৃত পৰিভাষা৷ অথচ পৃথিৱীৰ বৃহত্তম গনতান্ত্ৰিক দেশখনৰ নিজৰেই ৰাজ্যখনৰ কিছুমান অঞ্চললৈ গলে এতিয়াও লৰাছোৱালীয়ে গাড়ীলৈ শিল দলিওৱা, পাৰ্কিং কৰি ৰখা গাড়ীৰ খিৰিকীৰ আইনাৰ ধুলিত অশ্লীল শব্দ লিখি থৈ যোৱা আদি অসভ্যালি কৰা পৰিলক্ষিত হয়৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে ঘৰ,বিদ্যালয় আৰু সমাজ সকলোতে চৰিত্ৰপাঠ আৰু শিষ্টাচাৰ পাঠৰ অভাৱ৷ ক’ত যানো সি পঢ়িছিল যে আইচলেণ্ড, চুইজাৰলেণ্ডৰ, জাৰ্মানী, ইজিপ্ত, ছিংগাপুৰ, ডুবাই, আজাৰবাইজান, বেলজিয়াম আৰু চুইডেনৰ দৰে ভাৰতৰ নিচেই নিকটবৰ্তী ভূটান ৰাষ্ট্ৰ খনতো সংঘটিত অপৰাধৰ হাৰ অতি নিম্ন ৷ ইয়াৰ কাৰণ কঠোৰ আইন ব্যৱস্থা নহয়৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল এই কেইখন দেশত শিশুৰ মুখত মাত নুফুটা অৱস্থাতেই A for Apple আৰু B for Bag শিকাই মিছনেৰী স্কুলত নামভৰ্ত্তি কৰাই ভবিষ্যতৰ ডাক্তৰ- ইন্জিনীয়াৰ গঢ়াৰ প্ৰস্তুতি নকৰে ৷ ইয়াত শিশুক শিকোৱা হয় চৰিত্ৰ আৰু শিষ্টাচাৰৰ আদি পাঠ, সামাজিক সচেতনতা আৰু দায়বদ্ধতাৰ লগতে ধৰ্ম-অধৰ্ম্মৰ জ্ঞান৷ গতিকে শিশু অৱস্থাতে এইবোৰ দেশত ভবিষ্যতৰ এজন সুস্থ নাগৰিকৰ গঢ় দিয়া হয়৷ সেই কাৰণে এই দেশ সমূহত অলিয়ে গলিয়ে ধৰ্ষণকাৰী, চোৰ ডকাইত, তোষনকাৰী, শোষনকাৰী, ঠগ প্ৰৱঞ্চক, দূৰ্নীতিকাৰী , ৰাজনৈতিক দালাল আৰু ৰাস্তাত টায়াৰ জ্বলাই ৰাজহুৱা সম্পত্তি ধ্বংস কৰা আন্দোলনকাৰীও নাই৷

অভিনন্দনে মনৰ উপলব্ধিবোৰ ফঁহিয়াই থাকোতেই বোণ্ডে গাঁওখনৰ উপকন্ঠৰ এখন বজাৰ পালেহি৷ পথৰ দাঁতিৰ বজাৰখনত বিক্রী কৰি থকা সতেজ আপেল আৰু বিভিন্ন ফলমূল দেখি অভিনন্দনে লোভ সামৰিব নোৱাৰিলে৷ টেক্সিছালক জনক গাড়ীখন” ৰখাবলৈ কৈ এজনী ভূটীয়া বুঢ়ী মানুহৰ পৰা ৫০টকাত এক কেজি আপেল কিনি ল’ল৷ মৰম লগা ভঙা ভঙা হিন্দীখিনি শুনি অভিনন্দনৰ বুঢ়ী মানুহজনীলৈ মৰম লাগি গৈছিল৷ বুঢ়ীয়েও মৰম উপজি তাৰ হাতত এটা ডাঙৰ ৰঙা আপেল গুজি দিলে৷ সিও শ্ৰদ্ধাসহকাৰে কৰযোৰে মূৰ দোৱাই বুঢ়ীৰ পৰা বিদায় লৈ বজাৰ খন এপাক ঘুৰি গাড়ীত বহি পৰিল৷ চলন্ত গাড়ীখনত বহি অভিনন্দনে বজাৰ খনত দৃষ্টিগোচৰ হোৱা কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মনতে ফহিয়াই চালে৷ প্ৰথমতেই তাৰ পথৰ দাঁতি, চহৰ বা বজাৰ মাজত কোনো ঠাইতে হোৰ্ডিং অথৱা চাইনবৰ্ড চকুত নপৰিল৷ মাত্র কিছুমান বিশেষ স্থানত ভূটানৰ মহাৰাজ আৰু মহাৰাণী সহ বিশাল হোৰ্ডিংহে সি দেখিব পাইছিল ৷ ২য়তে বজাৰৰ সকলোবোৰ দোকানৰ সন্মুখত মাত্র এখন সৰু ৰঙা ফলকত হালধীয়াৰ আখৰেৰে দোকানৰ নাম আৰু নম্বৰ উল্লেখ কৰা আছিল৷ বিপনী সমুহ ৰ সন্মুখত বা কাষত কোনো গ্লচাইন বা চাইনবৰ্ড অৰাঁ নেদেখিলে৷ তৃতীয়তে বজাৰ খনৰ কাপোৰ, ইলেক্ট্ৰনিক, বাচন বৰ্তন , কিতাপ-পত্ৰ, ঔষধ পাতি সকলোবোৰৰ কাৰণে সুকীয়া স্থানৰ ব্যবস্থা কৰা আছিল৷ ৪ৰ্থ তে মাছ মাংস আদিৰ কাৰণে অলপমান দুৰত ছাফছিকুন ঠাইত ব্যবস্থা কৰি দিয়া হৈছিল যাতে মাখি আদিয়ে গ্ৰাহকক আমনি নিদিয়ে৷

৫ম তে প্ৰতিখন দোকানতে ভূটান নৰেশ্ব আৰু মহাৰাণীৰ ফটোৰ সন্মুখত ঘি চাকি অথবা ম’ম জ্বলাই ৰাখিছিল৷ যেনেদৰে আমাৰ ইয়াত লক্ষ্মী আৰু গনেশৰ ফটো ৰখা হয়৷ ভূটানত ৰজাই প্ৰজাক নিজৰ সন্তানৰ দৰে আচৰণ কৰে৷ সেইবাবে ৰজা আৰু ৰানীকো জনগনে নিজৰ পিতৃ-মাতৃ জ্ঞান কৰে৷ ৬ষ্ঠ তে প্ৰতিখন দোকানৰ সন্মুখত এটা ডাষ্টবিন ৰখা আছিল যাতে যতে ততে লেতেৰা পৰি নাথাকে৷ অভিনন্দনে মনতে ভাবিলে আমি কেতিয়া বাৰু সচেতন হম এই দিশত৷ আমাৰ সমাজ সলনি হ’ব নে? কথাখিনি ভাবি আহি থাকোতেই ৰাস্তাৰ দাঁতিত থিয় হৈ থকা এজন বুঢ়া লামাই হাত দাঙি অভিনন্দন হতঁক গাড়ীখন ৰখাবলৈ ইংগিত দিলে৷ টেক্সিছালকজনে কিবা সোধাৰ আগতেই অভিনন্দনে গাড়ীখন ৰাস্তাৰ দাঁতিত কাষৰীয়া কৰি ৰখাবলৈ কলে৷ গাড়ীখন ৰখাই দিয়াত অভিনন্দন লামা জনক লগ কৰিব বুলি নামি গ’ল ৷ পাছে লামাজন ইতিমধ্যে আহি তাহাঁতৰ গাড়ীখনৰ ওচৰ পালেহিয়েই৷

0 views0 comments
bottom of page