top of page

সহনশীলতা

গুৱাহাটীত থকা পুতেক হেমন্তই কেইদিনমান আগতে আহি মাকক লৈ গ’লহি নিজৰ লগতে ৰাখিম বুলি। বহু দিনৰ পৰাই ভাবি আছিল অকলে থকা মাকজনীয়ে সিহঁতৰ লগত থাকি অন্ততঃ অকলশৰীয়া অনুভৱ নকৰিব। নাতিৰ লগত খেলিবলৈ পালে স্ফূৰ্তিত থাকিব পাৰিব। হেমন্তৰ ঘৈণীয়েকে কিন্তু আপত্তি কৰিছিল । বুঢ়ী মানুহ এগৰাকীৰ আলপৈচান ধৰি থাকিবলৈ তেওঁৰ সময় নাই।

তথাপি হেমন্তৰ বহু চেষ্টাৰ বাবে ঘৰত ৰাখিবলৈ মান্তি হ’ল যদিও খোৱ লোৱাৰ ক্ষেত্ৰত বৰ হীন দেৰি কৰি থাকিল । এদিন হেমন্তই কলংপাৰ বজাৰৰ পৰা মাকে ভাল পোৱা ডাঙৰ শ’ল মাছ এটি আনিলে । ঘৈণীয়েকক ভালদৰে বনাবলৈ দি মাকক দুটুকুৰা দিবলৈ কৈ অলপ ওলাই গ’ল। হেমন্তই দুপৰীয়া ভাত পানী খায় উঠি মাকৰ ওচৰলৈ গৈ মাকক সুধিলে মা আজি মাছৰ আঞ্জাখন বৰ সোৱাদ হৈছিল দে, শ’ল মাছ কেনে পালি? মাকে একো নক’লে। কাৰণ মাকৰ ভাতৰ পাতত মাছ দিয়াই নাছিল। তেওঁ অকল দাইল আৰু আলু ভাজিৰেহে ভাত খাইছিল। পুতেকে বোৱাৰীয়েকক গালি পাৰিব বুলি মিছাকৈয়ে ক’লে হয়দে বৰ ভাল পালো খায়, আঞ্জাখন বৰ সোৱাদ হৈছিল, মাছ খিনিও বৰ ভাল আছিলও হেমন্ত।

1 view0 comments

Related Posts

See All
bottom of page