মৰ্মাহত
- Sahitya Chorcha
- Feb 17, 2021
- 1 min read
মাজৰাতি মই প্ৰায়ে সাৰপাওঁ শূন্য জেগাখিনি খেপিয়াই চাওঁ শ্ৰুতিমধুৰ হয় তোমাৰ অশৰীৰি নিশ্বাস।
স্মৃতিত ভাঁহে সহচৰী ৰাতিবোৰ দুচকুত বিৰিঙে বিষাদ!
স্বপ্নৰ ফুলনিখনো সমাধিস্থ হ’ল কেৱল সৰাপাতেহে দি গ’ল তোমাৰ আধৰুৱা খোজবোৰৰ বতৰা।
দিক্ ভ্ৰান্ত কাঁচিজোনটোও বহুবাৰ গৰ্ভৱতী হ’ল তোমাৰহে কাহানিও দেখা নহ’ল!




Comments