top of page

এটা কবিতা

মোৰ প্ৰয়সীয়ে কয় মই হেনো বলিয়া

তেওঁ কিন্তূ অনুভৱেই নকৰে মইযে সুন্দৰ ভাৱে বুজি পাওঁ তেওঁ কিমান চালিয়া

বাস্তৱৰ বাদে তেওঁ ভৱিষ্যত বুজি নেপায় বিস্মৃতি তেওঁৰ পদে পদে লগৰীয়া যিয়েই বিয়পাই বিবাদ মোকহে হেলাৰঙে কৰে জগৰীয়া

নিজেহে নিজক বুজে আনক নুবুজে আকাংক্ষাৰ সমুদ্ৰত উটি ভাঁহি পাহৰো বুলিয়েই পাহৰি যায় সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত প্ৰেমৰ ভাষা

কৰ্মৰ পৰা তেওঁৰ আজৰিয়েই নাই দায়িত্বৰ কথা কিন্তু অকনো নুবুজে ক’বলগা নক’বলগা সকলো কয় ধাৰাষাৰে আনৰ কথা কিন্তু কণমানো নুবুজে নুশুনে

নিজৰ দোষো অকনো নেদেখে পলে অনুপলে মোকহে দোষাৰোপ কৰে তেওঁ ওলাই গ’লে ঘৰলৈ পাহৰে তাকে ক’লে নগৰত জগৰ লাগে

নাৰী নহয় নদীৰ দৰে নাৰীযে এজাক বিধ্বংসী ধুমুহা বাৰিষা খৰালীৰ ঋতুৱে ঋতুৱে

নৰ নাৰী কোনোৱেই নহয় দোষী সকলো সমানে দোষী এখন তাল অকলে নেবাজে

0 views0 comments

Related Posts

See All
bottom of page