top of page

জুখি চাব খুজিছো

  • Sahitya Chorcha
  • Jan 20, 2021
  • 1 min read

মই তোমাৰ শৰীৰত কেৰেলুৱাৰ দৰে বগাই গৈছিলোঁ।

তোমাৰ দেহৰ প্ৰতিটো ভাঁজত জুখিছিলো উঠা নমাৰ গভীৰতা।

হৃদয়ত সোমাই জুমি চাইছিলো অঁকা আছেনে মোৰ ছবিখন।

তুমি লাজতে কুচি মুচি হৈ বহি পৰিছিলা বাৰে বাৰে মোক এৰুৱাই দিছিলা অভিমানত।

মই আৰু বেছি খৰকৈ বগাই গৈছিলো তোমাৰ মৰমৰ জোখবোৰ পুনৰ জুখিবলৈ ঠিকেই আছে নে নাই?

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page