Jan 18, 20211 min

ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলী

মহান আত্মাৰ অধিকাৰি হৈ
 
হে মহান শিল্পী !
 
কৰিলা সকলোৰে
 
অন্তৰ জয়|
 
তোমাৰ গীতৰ মূৰ্চনাৰে
 
প্ৰতিধ্বনিত হৈছে
 
সমগ্ৰ আকাশ-বতাহ|
 
গীতৰ অমীয়া সুৰে
 
মুহিলা সমগ্ৰ বিশ্বক|
 
গীত,কবিতাৰ তালে তালে
 
লয়ে লয়ে উদ্বুদ্ধ হ’ল
 
সকলোৰে অন্তৰ |
 
দি গ’লা সঞ্জীৱনী শক্তি,
 
জগাই তুলিলা সুপ্ত উদ্বীপনা,
 
দেশপ্ৰেমত হ’ল উদ্বুদ্ধ জন-গণ |
 
নাটকেৰে দি গ’লা
 
সংস্কৃতিৰ ভাণ্ডাৰ |
 
গীত,নৃত্য ,কবিতা ,নাটকেৰে
 
চহকী কৰি গ’লা
 
সাহিত্য-সংস্কৃতিৰ ভঁৰাল |
 
হে মহান !শ্ৰদ্ধাৰে জনাইছো প্ৰণাম ,
 
যুগে যুগে হোৱা তুমি
 
চিৰ জ্যোতিস্মান|

#SahityaChorcha #assamesepoetry #jyotiprasad #poetry #assamesekobita

    00
    0