top of page

 SEARCH RESULTS 

605 items found for ""

  • জীৱন চক্র

    গাপ লৈ গুটি তই গজালি ললি মাটি ফুটি ভুমিষ্ঠ হলি এতিয়া মৃত্যু অনিৰ্বায্য তোৰ নোৱাৰ ৰাখিব তই ধৰি। ভুমিষ্ঠ আৰু মৃত্যুৰ মাজত থকা জীৱন জুৰি ৰ’দ, বতাহ, বৰষুণ, ধুমুহাক সহ্য কৰি বীজৰ পৰা গজালি হৈ বৰগছ হবি ।। মৃত্যুৰ বাবে বাট চাই নাথাকে কোনো ৰৈ তথাপিও নিজকে বচাবৰ চেষ্টা কৰ তই নহলে অকাল মৃত্যু তোৰ ইও অনিৰ্বায্য নোৱাৰ ৰাখিব ধৰি। খাদ্যই জীৱৰ প্রাণ খাদ্য নহলে জীৱ হব নিষ্প্রাণ পৰস্পৰ নিৰ্ভৰশীল আমি তোৰ মৃত্যু হলে মোৰো জীৱন শেষ নথাকিম আমি কোনো ৰয় জীৱন মৰণ চক্ৰ নহব এই সংসাৰত। ভুমিষ্ঠ হ’লেই মৃত্যু অনিৰ্বায্য নোৱাৰ ৰাখিব তই ধৰি। #assamesekobita #axomiyakobita #Jivanchakra #SahityaChorcha

  • অকথ্য নিৰ্ঘাট বাস্তৱৰ দুৰ্লক্ষ্য মিছিল

    দৃশ্যপট ১ মানুহগৰাকীৰ বয়স সত্তৰ উৰ্ধত হব, হাত দুখন কঁপি থাকে , মাত বোৰও কঁপা কঁপা। প্ৰায়ে মোৰ চেম্বাৰলৈ আহিছিল। বহুমূত্ৰ, উচ্চ ৰক্তচাপ আৰু কেবাটাও আনুসংগিক ৰোগত আক্ৰান্ত তেওঁ। নিতৌ প্রায় সাত আঠটা ঔষধ খাব লাগে। চাই চিটি দৰবৰ কাগজ খন লিখি দিওঁ আৰু তেৱোঁ মোক এটা নমস্কাৰেৰে কৃতজ্ঞতা জনাই যায় গৈ। এদিনৰ কথা, দৰৱ লিখি দিয়াৰ পাছত তেওঁ মোক ক’লে “ছাৰ, মই আপোনাক আজি ফীজ টো দিব নোৱাৰিম, বেয়া নাপাব। এইমাহৰ মেনতেনেইনঞ্চ টো পোৱাত পলম হৈছে।” মই ক্ষন্তেক সময় তেওঁলৈ ভেবা লাগি চালো। দৰমহা পোৱা নাই, পেঞ্চন পোৱা নাই আদি শব্দবোৰ শুনিছো। কিন্তু মেনতেনেইনঞ্চ পোৱা নাই বুলি সিদিনা প্ৰথম শুনিলো। উৎসুকতাৰে কথাটো জানিব বিচৰাত তেওঁ মোক তেওঁ জীৱনৰ সেই দুৰ্ভাগ্যজনক জীয়া কাহিনী বোৰ কৈ গ’ল – তেওঁৰ দুটা ল’ৰা, ছোৱালী নাই। দেউতাক ঢুকুৱাৰ পাছত বৰ কষ্টৰে দুয়োটা ল’ৰাক পঢ়ুৱাই শুনাই ডাঙৰ কৰিলে। ডাঙৰ ল’ৰা এতিয়া গুৱাহাটীত থাকে, চাকৰি কৰে। তাতে ঘৰ দুৱাৰ কৰিলে। সৰু ল’ৰা ডিব্ৰুগড়তে থাকে, বেংকত চাকৰি কৰে। তাৰ পত্নীও চৰকাৰী হস্পিটেলত নাৰ্ছ। বুঢ়ী ডিব্ৰুগড়ৰ দাঁতি কাষৰীয়া গাঁৱৰ ঘৰত সম্পূৰ্ণ অকলশৰীয়া। প্ৰথম অৱস্থাত দুয়োটা ল’ৰা আহিছিল, মাকৰ খবৰ লৈছিল, টকা পইচাও কিছু দি গৈছিল । লগত লৈ যোৱা কথাও কৈছিল কিন্তু তেওঁহে গাঁৱৰ মোহ এৰি চহৰৰ অচিন পৰিবেশলৈ যাব বিচৰা নাছিল। বোৱাৰী অহাৰ পাছৰ পৰা লাহে লাহে পট পৰিৱৰ্তন ঘটিল। লৰাহঁতৰ আহযাহ কমি আহিল , লাহে-লাহে পইচা পাতি দিয়াটোও বন্ধ হৈ গল। ফোন কৰিলেও বেছি সময় কথা পাতিব নিবিচাৰে। আত্মসন্মানী বুঢ়ীগৰাকীয়েও ল’ৰা ওচৰত হাত পতাতকৈ নিজৰ জীৱিকাৰ খৰছ নিজেই উলিওৱাৰ কথা চিন্তা কৰিলে। বাৰীৰ তামোল পান, নেমু জলকীয়া বেছিলেও তেল, নিমখ আৰু চিকিৎসাৰ খৰছ উলিওৱাত অসুবিধা নহৈছিল। তেনেদৰে কিছুদিন চলিল। বুঢ়ীৰ অৱস্থা দেখি সমন্ধীয় এজন উকিল তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল। উকিলৰ পৰামৰ্শ মতে তেওঁ দুই পুত্ৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰিলে। মহামান্য আদালতে দুই পুত্ৰক মাতৃৰ ভৰণ পোষণৰ বাবে এক নিদিষ্ট পৰিমাণৰ ধন ৰাশি প্ৰতি মাহে আদালতত জমা দিব বাবে নিৰ্দেশ দিলে। সেই টকাৰ কথাই তেওঁ “মেনতেইনেঞ্চ” বুলি উল্লেখ কৰিছিল। কথা খিনি শুনি মনটো মোৰ সেমেকি উঠিল। বৃদ্ধাক কলো “আইতা, ফিজৰ কথা চিন্তা কৰিব নালাগে। আপুনি মোৰ ওচৰত আহি থাকিব। মই চাই দিম “বুঢ়ী গৰাকীয়ে হুক হুকাই কান্দি উঠিল” বোপাই , মোৰ ল’ৰা যদি তোমাৰ নিচিনা হল হেঁতেন।……” দৃশ্যপট ২ আই চি উৰ পাঁচ নম্বৰ বিচনাত আশীতিপৰ মুৰ্মুষ বৃদ্ধা গৰাকী যেন কিছু ব্যতিক্ৰমী। সাধাৰণতে চিৰিয়াছ ৰোগী ভৰ্ত্তি থাকিলে জোখত কৈ বেছি পৰিয়ালৰ মানুহে হস্পিটেলত অযথা ভিৰ কৰা দেখা যায়। ভিন্ন জনে ভিন্ন প্ৰশ্নৰে ডাক্তৰক ব্যতিব্যস্ত কৰে। কিন্তু এইগৰাকী ৰোগীৰ লগত কোনো নাই, ডাক্তৰক “কামুৰি বলৈও” কোনো নাই। নাৰ্ছয়ে জনালে যে পুতেক এজন সদায় আহে, দৰৱ জাতি কিনি দি যায়, খোৱা বস্তুও নাৰ্চৰ হাততে দি যায়। দুদিনৰ পাছত এজন আদ বয়সীয়া মানুহ মোৰ কোঠাত সোমাই আহিল, “ছাৰ, বুঢ়ী আৰু কিমান দিন মান থাকিব?” “আপুনি কাৰ কথা কৈছে?” “আই চি উ ফাইবৰ বুঢ়ী জনী মোৰ মা হয়। বৰ জমেলাত ফচিলো ছাৰ বুজিছে। এফালও নোহোৱা হল সিফালো নোহোৱা হ’ল। পদুম নগৰত ঘৰ বনাই আছো। বৃহস্পতি বাৰে শ্বট ঢেলাই দিয়া কথা ভাবিছিলো, পাৰিম নে বাৰু? “একে উশাহতে কথা কিনি কৈ পেলালে , সময় নাই। মোৰ নামৰ আগত ডাঃ আৰু নামৰ পাছত ডিগ্ৰী কিছুমান লাগি আছে বাবে কিছুমান কাম কৰিব নোৱাৰো। নহলে তাক মই সিদিনা চুই কিলাব মন গৈছিল। দৃশ্যপট - ৩ এইয়া আকৌ এক বিপৰীত অভিজ্ঞতা। ৰোগী জন আই চি উত ভৰ্তি আছে। জটিল ৰোগ। এগৰাকী মহিলাই আই চি উৰ পৰা ওলাই আহোতেই মোক আগছি ধৰিলে “ছাৰ মোক আই চি উৰ ভিতৰত থাকিবলৈ পাৰ্মিচন দিয়ক না। মই বিয়া হৈ যোৱা ছোৱালী। হাচবেণ্ড, লৰা ছোৱালী এৰি এই বিপদৰ সময়ত দেউতাৰ লগত থাকিম বুলিয়েই আহিছো। প্লিজ ছাৰ।” মনটো বেয়া লাগি গল নাৰ্ছক ক’লো যাতে মানুহ গৰাকীক ভিতৰত থাকিবলৈ দিয়া হয়। দুদিনমানৰ পাছত কতব্যৰত নাৰ্ছ গৰাকীয়ে কলে “ছাৰ, এই মানুহজনী মানি গৈছো দেই। দিনে নিশাই দেউতাকৰ লগতে লাগি থাকে। খুৱাই দিয়া, পেচাব পাইখানা চাফা কৰা, গা মুচি দিয়া, হাত ভৰি পিটিকি দিয়া সকলো কৰি থাকে। ৰাতিও টুল এখন লৈ কাষতে বহি হাত মূৰ পিটিকি থাকে। আমি কওঁ বাইদেউ আপুনি কেবিনত শুই থাকক, দৰকাৰ হলে মাতি দিম, কিন্তু নাযায়।” ৰোগীজন প্ৰায় এমাহৰ ওচৰা আচৰি হস্পিটেলত থাকিল। দিনে ৰাতিয়ে দেউতাকৰ যত্ন লৈ ছাঁ টোৰ দৰে লাগি থাকিল ছোৱালী জনী। অৱশেষত হস্পিতালৰ পৰা ছুটি দিব পৰাকৈ মানুহজন আৰোগ্য হল। ছুটীৰ দিনা মানুহ গৰাকীয়ে আই চি উৰ নাৰ্ছ, ৱাৰ্ড বয় সকলোকে মিঠাই বিলালে। এখন গামোচা আৰু তামোল পান দি মোক সকলোৰে সন্মুখতে সেৱা কৰিব বিচৰাত মই কিছু অস্বস্তি অনুভৱ কৰিছিলোঁ। অজানিতে মোৰ দুচকুৰে দুধাৰী চকুলো বৈ আহিছিল। আনন্দৰ চকুলো ….. পৰিশিষ্ট দুদিন মানৰ আগৰ কথা। এখন হস্পিটেললৈ গৈছিলোঁ, ৰোগী চাবলৈ নহয়, মোৰ বন্ধু এজনৰ এটা কন্যা সন্তান জন্ম হ’ল, উপহাৰৰ টোপোলা এটা লৈ খবৰ লবলৈ গ’লো। বন্ধুৰ মনটো ইমান ভাল নহয়। কথাৰ প্ৰসংগত আচল কথাটো কৈয়েই পেলালে” এইবাৰ ল’ৰা এটা হোৱা হলে ভাল লাগিল হেঁতেন।” তেওঁৰ আগৰ এজনী ছোৱালী আছে। মই তেতিয়া বন্ধুক উপৰোক্ত তিনিওটা কাহিনী শুনালো, বন্ধুৰ মনটো কিছু ফৰকাল হোৱা যেন অনুমান হ’ল। নবজাতক কন্যা সন্তানটিক হিয়া উজাৰি আশীৰ্বাদ দি বন্ধুৰ পৰা বিদায় ললোঁ। #assamesesatyakahani #axomiyabastavkahani #doctorjiorpatient #SahityaChorcha

  • দূৰৈত সৌ হাঁহি থকা জোনটিয়ে

    দূৰৈত সৌ হাঁহি থকা জোনটিয়ে মোক হাত বাউলি মাতে তৰাৰ দেশলৈ, জোনাকে ধুৱাই নিয়া সময়তে আইতাৰ পৰীৰ দেশৰ নিচুকনি সাধুৱে উৰুৱাই নিয়ে অজান দেশলৈ। #SahityaChorcha #Assameseshyari #axomiyastabak #Assamesestabak #axomiyashyari

  • এনেদৰেই পাৰ হয়

    এনেদৰেই পাৰ হয়, মোৰ জীৰ্ণ উৰুখা পঁজাৰ পদুলিত আইতাৰ কোলাত শুই, কত বহাগ জেঠ আহাৰ শাওণ। #Assameseshyari #Assamesestabak #enedoreiparhoi #SahityaChorcha

  • বিবেক

    গুৰুৰ আসনত বিবেক বৈৰাগী, বিবেকহীন মগজু; জীৱাত্মা হয় ৰাগী। বিবেক জ্ঞান পুৰুষৰ, অপূৰ্ব দান ঈশ্বৰৰ। বিবেকক বোলা হয়, তৰোৱাল দুধাৰী। অসংযমী বিবেক, ধ্বংসাত্মক অস্ত্ৰ-ধাৰী। বিবেকে যোগায়, কৰ্মত সৎবুদ্ধি। নতুবা দৈত্য-বুদ্ধি, অহংকাৰৰ বৃদ্ধি। বন্দনা পাৰমাত্মাৰ নহয় কদাপি সিদ্ধি, হয় দেহাত্মাৰ সমাধি। #assamesekobita #axomiyakobita #bibek #SahityaChorcha

  • শ্বহীদৰ আত্মা

    এইখন মোৰ জননী জন্ম ভুমি, দেশৰ বাবে, প্ৰাণ আহুতি দি, আছোঁ ক্লান্তিহীন ভাৱে, একে থিৰে, জন সমাগমৰ মাজত। আজিও আছে জননীৰ বুকুত,বায়ু,পানী,(ব’তাহ), সেউজীয়া প্ৰকৃতিৰ সৈতে বিলীন হৈ, মোৰ দেহৰ কেঁচা তেজ । জননীৰ বুকুত অগ্নিদগ্ধ, মোৰ সংগ্ৰামী দেহ । তথাপি আছোঁ মই অমৰ হৈ জননীৰ বুকুত অগ্নিঅস্ত্ৰ হৈ । জননী আই তোৰ সু-সংগ্ৰামী পুত্ৰ মই, আই তই নুটুকিবি চকুলো ! তোৰ চাৰিও দিশে আছোঁ জীয়াই মই । যদিও তোৰ বুকুত ৰাখিছে মোক,শ্বহীদৰ মূত্তি সাজি, আজিও আছে মোৰ আত্মা জীয়াই । জননী আই তই নুটুকিবি চকুলো, তোৰ প্ৰহৰী হৈ চাৰিও দিশে আজিও আছোঁ মই আই আজিও আছোঁ! ফিৰিঙ্গটি, অগ্নিকল্প হৈ। #assamesekobita #axomiyakobita #SahityaChorcha #swahidoraatma

  • অনুতপ্ত প্ৰহৰ

    নাই পাৰ নাই ঘাট নাই কাৰো মিঠা মাত উপলা পৃথিৱী এইখন মাথোন বিষাদ অজানিতে প্ৰেমত পৰি নেচালো ভাৱি গুণি বিছাৰি নেপাওঁ আজি ইয়াত বতাহ দুচকুত অন্ধকাৰ হিয়াত দুখৰ ভাৰ যাবও নোৱাৰো আজি আগুৱাই প্ৰেমৰ মায়াত পৰি অবাটত দিলো ভৰি আপোন জনেও আজি ঘূৰিয়েই নেচাই অনুতাপত দহি দহি চকু মেল খালেও আজি ঘূৰি যাবলৈ মোৰ কোনো বাট নাই হাত ভৰি বন্ধা মোৰ মন আন্তৰত নাই জোৰ সময়েও আজি মোক দিয়ে লথিয়াই ঘোৰ বিপদত পৰি আজিহে চাইছো ভাৱি থাকিব লাগে বিৱেক বুদ্ধি বিচাৰ নিজকে গোপন কৰি গোপনে গ’লে আগবাঢ়ি হেৰাবই সকলো জীৱন হ’বই অসাৰ #assamesekobita #axomiyakobita #onutaptaprahar #SahityaChorcha

  • উদাস হতাশ আঘোনৰ আবেলি

    আঘোনৰ নিৰিবিলি সোনোৱালী পথাৰত হেঙুলীয়া হেমন্তৰ হেঙুল হাইতাল সনা ৰ’দ বিষাদ বিষাদ উদাস উদাস হতাশ হতাশ উৰুঙা উৰুঙা ৰমনীয় ৰান্ধনী ৰ’দ অজান বেদনা অজানিতে বোৱাই নীৰৱে নীৰৱে উচুপে মোৰ হিয়াই কি জানো হেৰুৱালো ক’ত #assamesekobita #axomiyakobita #SahityaChorcha #udakhhotakhaaghunorabeli

  • ধৰিলে ধৈৰ্য্য

    সহ্যৰ সীমা চেৰোৱা অসহ্যৰ কক্ষপথত ধৰ্মনিষ্ঠ ধ্যানেৰে ধৰিলে ধৈৰ্য্য অপ্ৰতিৰোধ্য হ’বই সূৰ্যৰ বীৰ্য্য কৃষ্ণাভ ডাৱৰৰ কুটিল কুৎচিত ডাংকোব অনায়সে অন্তৰ্হিত হোৱাটো অনিবাৰ্য্য অসত্য অধৰ্ম অন্যায় অনাচাৰ সময়ে কোনোদিন নকৰে সহ্য নকৰে সহ্য ধৰিলে ধৈৰ্য্য সূৰ্য্য জ্বলাতো অনিবাৰ্য #assamesekobita #axomiyakobita #dhariledhajya #SahityaChorcha

  • উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ

    উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ জলন্ত আগ্নেয়গিৰিৰ গলিত পদাৰ্থ মোৰ দুৰ্মদ দুৰ্দ্দন্ত উদাত্ত কণ্ঠ মহা বিপ্লৱ বিপ্লৱ মোৰ মহা মন্ত্ৰ জীৱন্ত অনন্ত অক্লান্ত অন্যায় অবিচাৰ অত্যাচাৰ মোৰ অসহ্য অনাশ্ৰয়া অনাশ্ৰিতা নিষ্পেষিতৰ কণ্ঠ জগায় ভূমিকম্পৰে আনিম মহা প্ৰলয় নমাই শিল্পীৰ শিল্পৰে উভালিম বিষবৃক্ষ টুকুৰা টুকুৰ কৰিম কুৰ্বৰ বক্ষ লক্ষ্য লক্ষ্য ই মোৰ দুৰ্দান্ত দুৰ্মদ লক্ষ্য লাচিতৰ হেংদাং হাতত তুলি পাতো আহা শান্তিৰ স্বৰ্গ পৃথিৱীত নতু হোৱা সতৰ্ক হেজাৰ জনগণৰ ঐক্যকণ্ঠ মোৰ বিপ্লৱ মহা অন্যায়ৰ ধ্বংস আৰু শান্তিৰ মহামন্ত্ৰ দুৰ্বাৰ দুৰ্মদ দূৰ্জেয় অস্ত্ৰ লুইত মই বহ্নিমান দুৰ্বাৰ অনিৰ্বাৰ দুৰন্ত মই প্ৰশান্ত চিৰ স্বাধীন মই নহও নত নহও নহও নত মহা বিপ্লৱ বিপ্লৱ মোৰ মহা মন্ত্ৰ দুৰন্ত দুৰ্মদ দুৰ্দান্ত অস্ত্ৰ উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ শত সহস্ৰকৌটি নিষ্পেষিতৰ আকাংক্ষিত সূৰ্য্য মই অনিৰ্বাৰ অনিৰুদ্ধ মোৰ লক্ষ্য #assamesekobita #axomiyakobita #SahityaChorcha #ugrautaptabhugarbhamurbakhya

  • কলমত চিয়াঁহী নাই

    কলমত চিয়াঁহী নাই মোৰ তথাপি লিখাৰ আশা হৃদয়ৰ চিয়াঁহীৰে লিখিছোঁ মই তুমি বুজিবানে মোৰ মৰমৰ ভাষা। #Assameseshyari #Assamesestabak #Kalamotshyahinai #SahityaChorcha

  • মই তোমাকে কৈছো

    আছেনে হিয়াত তোমাৰ সেই পৰশমনি যত গলাব পাৰি আপোন হৃদয়খনি । আভিজাত্যৰ আবিৰ সানি কোনেও নেদেখে প্ৰিয়া ফাগুনৰ নঙঠা ডালত বহাগৰ সেউজীয়া ৰং। প্ৰাপ্তিৰে কিয়নো বিচৰা প্ৰেমৰ ঠিকনা তুমি ত্যাগেৰে বিচাৰি চোৱা হীৰা হৈ জিলিকিবা তুমি। ফুল হৈ ফুলি ৰোৱা নন্দন বনত তুমি সুবাস হৈ বিলাই দিয়া সুগন্ধি ধৰাত। #assamesekobita #axomiyakobita #Moitumakekoisu #SahityaChorcha

bottom of page