The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- শিক্ষকৰ মহত্ব
শিক্ষক নহয় এটা চৰ্তসিদ্ধ শব্দ অভিপ্ৰেত অৰ্থ তাৰ বিজ্ঞান সন্মত। শিক্ষকৰ শিক্ষকতা শিষ্টাচাৰ ক্ষমা কৰুণাদীপ্ত কৰ্তব্যপৰায়ণতা সত্য সুন্দৰতাৰে সমৃদ্ধ জ্ঞানদীপ্ত শৈল্পিকতা। মানৱ সম্পদ গঢ়ি অনুভৱ কৰে সদানন্দ তেওঁৱেই সৎ নেতৃতজ্ঞ শিক্ষক স্বকৰ্ম ধন্য স্বজাতি স্বদেশৰো তেওৱে নিয়ন্তা প্ৰগতিৰ উচছ শিখৰী তুংগ পৰ্যান্ত সৰ্বজন গ্ৰাহ্য বিশ্বাস যোগ্যতাৰে কৰে ; মহত্ত্বপূৰ্ণ মহৎ কৰ্ম, সৰ্বত্ৰতে সৰ্বকালে যি সৰ্বজন বিদিত। অতীত বৰ্তমানৰ ভবিষ্যত দ্ৰষ্টা তেওঁৱেই মহান মহৎ শিক্ষক যিয়ে কৰে একনিষ্ঠ শিক্ষকতা। জাতি মাটি ভেটি কৃষ্টি সংস্কৃতিৰ ৰক্ষণা বেক্ষণাতো তেও সিদ্ধহস্ত তেওঁ সমাজৰ শক্তিৰ সভ্যতাৰ গতিৰ সপোন দ্ৰষ্টা নিপুণ শিল্পী। মধ্যহ্ন সূৰ্য দীপ্ত শক্তিৰ উৎস শিক্ষকৰ শিক্ষকতাৰ প্ৰগাঢ় প্ৰতিতি। বসুন্ধৰা ব্যপ্ত জীৱ সমস্ত সৰ্বত্ৰতে যাৰ প্ৰেম বিচৰণ কৰে নিত্য নৈমিত্তিকতাৰে বৰ্ণিল বসন্ত ময় স্বৰ্ণিল স্বপ্নক লৈ জীৱনযোৰা প্ৰক্ৰিয়া সক্ৰিয়া কৃচ্ছ সাধনাৰে তেওঁৱেই শিক্ষক ঈশ্বৰ প্ৰদত্ত গুণেৰে। শিক্ষকৰ শিক্ষকতা সুগন্ধি সৌন্দৰ্য ব্যপ্ত জ্ঞান প্ৰদানৰে মাদকতা উলিয়াই আনে যিয়ে সৰ্বজনৰ হৃদয়ৰ পৰা স্বত :প্ৰণোদিত ভাবে প্ৰকৃত মানৱতা গঢ়ে সমাজ নিৰ্মূল কৰে সংৰচনা। নেতৃত্ব সুনিশ্চিত কৰি অহোপুৰুষাৰ্থ জ্ঞানোজ্বল পৰিকল্পনাৰে জাগৰণ উদ্ৰোগ গতিশীল কৰি নিৰক্ষৰ জীৱনলৈ সাক্ষৰতা আনি দেশ জাতি সমাজলৈ আনে পূৰ্ণতা। তেওঁৱেই প্ৰকৃত জ্ঞান সমৃদ্ধ নেতৃত্বদক্ষ সৰ্বজন বৰেণ্য শিক্ষক ধন্য তেওৰ শৈল্পীক শিক্ষকতা। #assamesekobita #axomiyakobita #SahityaChorcha #Shikshakormahatwo
- এটি প্ৰেমৰ কবিতা
কিনকিনিয়া বৰষুণত তুমি মোৰ জপনাখনৰ আগেদি অগা- দেৱা কৰিছিলা। খিৰিকিৰ ফাকেৰে চাই পঠিয়ালো মই। আজিও আছে মনত মোৰ মোক দেখা পায় মিচিকিয়াই হাঁহিলা তুমি আছেনে মনত তোমাৰ মোক নাপালে আপোনঘাটি হৈ মৰিম বুলি কৈছিলা তুমি। মই যে উচুপি উঠিছিলো তোমাৰ কথাত। সাবতি লৈছিলা তোমাৰ বুকুৰ মাজত আছেনে মনত তোমাৰ ক’ত মধুৰ সপোন আছিল আমাৰ। নিয়তিৰ খেল বিধিৰ বিধান নহ’ল নহ’ল আমাৰ সপোন পূৰণ, আধাবাটতে তুমি গ’লাগৈ গুচি, মোক এৰি, মোৰ কথা এবাৰো নাভাবিলা তুমি। আজিও আছো ৰৈ তোমালৈ আহাচোন এবাৰ চাই যোৱাহি , মোক। তোমাৰ বেজাৰত আজিও কান্দো মই নিজানত। পল প্ৰতি পল দেখু মই তোমাক সপোনত। জীৱনৰ বিয়লি বেলাত তোমাকেই বিছাৰো মোৰে গাৰোৰ শিতানত। #assamesekobita #axomiyakobita #Etipremorkobita #SahityaChorcha
- হে’ৰ নিবনুৱা
ৰাজপথত বহিছ অনশন কৰিছ প্ৰচেচন কৰিছ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছ নিবনুৱা তহঁত৷ হাতত বন্দুক লৈ’ছ, আইন হাতত লৈ’ছ, ঘৰৰ পৰা ওলাই গৈ’ছ, নিবনুৱা কমাব খোজ্ হে’ৰ নিবনুৱাহঁত৷ স্বাভিমান এৰ, কষ্ট কৰিব শিক, নিজে কৰিব শিক, সৰু-বৰ এৰ হে’ৰ নিবনুৱাহঁত৷ শিক্ষিত তহঁত, জানই দেখোন তহঁত, বছৰ বছৰ বৃদ্ধি হয় নিবনুৱাৰ সমদল গা-বল সবল, ডেকাচাম তহঁত লাজ কৰ তহঁত, পইচা লাগে হাতত, নিবনুৱা তহঁত৷ শ্ৰমিক নাই, উপায় নাই, বাহিৰা লোকৰ উজান বাধা দিয় তাত, মাত মা’ত তাত, কেনেকুৱা নিবনুৱা তহঁত৷ শ্ৰম ন’কৰ কিয়, পইচা বিচাৰ্ কিয়, মুখেৰে নকয় তোক শ্ৰম কৰ পইচা ল, দাদাগিৰি কিয় নিবনুৱা দাদা জানো তহঁত৷ নিবনুৱা যদি হয় তহঁত ৰাজপথত কিয় পথাৰত যা, চৰ অঞ্চলত যা, চৰকাৰী সুবিধা ল, বিজ্ঞানৰ সহায় ল, কৃষিকৰ্ম কৰ, মানুহ নিয়োগ কৰ কৰ্মসংস্থাপন বঢ়া তহঁত নিজেই পাৰিবি দেখুন হে’ৰ নিবনুৱাহঁত৷ নিবনুৱাহতঁক ব্যৱহাৰ কৰোৱা ৰাজনীতিকৰ কাম দলেবলে যোগ দিয় তহঁত তহঁতৰ জানো এইটো কাম৷ ৰাজনীতি জানো চাকৰি হয় ৰাজনীতি জানো উদ্দেশ্য হয় ৰাজনীতিলৈ তেনেহলে ঢাপলি কিয়? হে’ৰৌ নিবনুৱাহঁত৷ চৰকাৰী চাকৰিনো কিমান আছে তাতকৈ লাখ গুনে বেছি নিবনুৱা আাছে চৰকাৰ আহিব যাব চৰকাৰক দোষ দি লাভ কি হব৷ নিজে এইবোৰ ভাবি চা নিজকে নিজে এবাৰ সুধি চা তহঁতি নাভাবিলে ভাবিব কোনে নিবনুৱা যে তহঁত৷ কোনোবাই কিবা কলে গাত লাগে তাতে তহঁতৰ কেনা লাগে ভেকাঁহি মাৰি উঠ গাত গৰম তেজ বৰ মতা দেখাও বৰঘৰৰ লৰা হয় জানো তহঁত হে’ৰৌ নিবনুৱাহঁত৷ কিমান দিন থাকিবি নিবনুৱা সাজি বাধ্যত পৰিবি কিবা এটাতো কৰিবি তেনেহলে এতিয়ানো নকৰ কিয় মূৰ গুজ এতিয়াই কিবা কৰ এতিয়াই কৰ তহঁত এতিয়াই ওলা তহঁত এতিয়াই হে’ৰৌ নিবনুৱাহঁত৷ আহ, ওলা জ্ঞান-বুদ্ধি লগা শিক্ষাবোৰ ব্যৱহাৰ কৰ শ্ৰমলৈ ৰূপান্তৰ কৰ কৃষিক্ষেত্ৰ, উদ্যোগ, শিল্পকৰ্মত নিজে প্ৰয়োগ কৰ৷ হেৰ, গুণী, জ্ঞানী, শিক্ষিত, পাৰ্গত তহঁত নিবনুৱাহঁত৷ #assamesekobita #axomiyakobita #Heronibonuwa #SahityaChorcha
- মই যে নহওঁ
মই যে নহওঁ এটি কবিতা মই যে নহওঁ এটি কবিতা তোমাৰ কলিজাৰ ছিয়াহীৰে লিখা নহওঁ তোমাৰ বুকুৰ মিঠা অনুৰাগ হৃদয় জুৰি বৈ থকা! #Assamesestabak #axomiyastabak #moijenahau #SahityaChorcha
- শব্দ বিহীন স্তব্ধ নিশা
শব্দ বিহীন স্তব্ধ নিশা বুকুত জাগে অব্যক্ত তৃষা সপোন খেদি মন ভাগৰে শূন্য হিয়াই আকাশ ধিয়াই! #Assamesestabak #axomiyashyari #SahityaChorcha #shabdobihinstabdanixha
- বৈষম্যৰ প্ৰাচীৰ
মই নিবিচাৰো, মোৰ পৰিশ্ৰান্ত দেহৰ বাবে লৱণু কোমল পাটী। বেৰৰ জলঙাৰে আকাশৰ তৰা লেখি মই শুনিব খোজো, উচ্চ-নীচ, ধনী-দুখিয়াৰ বৈষম্যৰ প্ৰাচীৰ ভঙাৰ সুতীব্র শব্দ। অস্পৃশ্যৰ সীমা ৰেখাৰ আৱেষ্টনীত আমি আজি আটায়ে বন্দী। সু-উচ্চ অট্টালিকা নতুবা উৰুখা পঁজাৰ, গাভৰুৰ দেহত সময়তেই সমানে যৌৱন আহে। জোন-বেলিৰ উদাৰ মানসিকতাই মোক সততে চুঁই যায়, দুখীয়াৰ উৱলা পঁজাতো বেলিয়ে সমানে পোহৰ দিয়ে। তএাচ, অন্তৰ্ভেদী ফল্গুধাৰা বোৱতী নহয়, পাষাণ ব্যক্তিৰ হৃদয়ে হৃদয়ে। #assamesekobita #axomiyakobita #boixhyamorprachir #SahityaChorcha
- কাব্যশিল্প
কাব্যশিল্প কনককান্তি কল্লোলিত অনিন্দ্যসুন্দৰ অনিবৰ্চনীয় আত্মসন্তুতি অন্তৰ্নিহিত প্ৰৱল প্ৰতাপী পৱিত্ৰ অখন্ড প্ৰেমমণ্ডলমণ্ডিত প্ৰাঞ্জল প্ৰোজ্জ্বল সূৰ্য্য সাধনা বিম্বাশৱদে বিম্বিত হৈ হৈ বিমূৰ্ত বিমুক্তিৰে অনিবাৰ বিগলিত হয় য’ত নৱৰস সিদ্ধ নিৰলস নিৰ্মল নিৰ্গুন মানৱ বন্দনা কাব্য শিল্প অন্যতম অনন্য সাধনাসিক্ত আত্মা পৰমাত্মাৰ মিলন প্ৰয়াসী বন্দনা কবিত্ব কাব্য বাস্তৱ য’ত কবিৰ নিত্য অঙ্গনা #SahityaChorcha #kavyashilpa #axomiyakobita #অসময়কবত #assamesekobita
- ম’বাইল গেম
কাণ কৰ কাণ দি মন দি কঁকালত টঙালি বান্ধি, শুনা নৱপ্ৰজন্ম ম’বাইল গেম এবিধ যান্ত্ৰিক খেল হে নহয় কিন্তু জীৱন সাৰথি সমুচিত সময়ত সমুচিত ভাৱে ব্যৱহাৰ কৰিলে পাবা ইয়াৰ বিপাক। অসমুচিত সময়ত অসমুচিত ভাৱে ব্যৱহাৰ কৰিলে জীৱন হ’ব এলাইবাদু সময় হ’ব টালি-বাজি শৰীৰ হ’ব ধোদৰ-পচলা আপোনজন হ’ব চকুৰ কূটা দাঁতৰ শাল সম্পৰ্কবোৰ হ’ব কাঠচিতীয়া। হেৰুৱাই পেলাবা প্ৰতিভা হেৰুৱাই পেলাবা জ্ঞানস্পৃহা হেৰুৱাই পেলাবা কৰ্মণ্যতাৰ মানসিকতা। #SahityaChorcha #mobilegame #axomiyakobita #অসময়কবত #assamesekobita
- শৈশৱ
জীৱনৰ আটাইতকৈ সোণোৱালী দিনবোৰেই হ’ল শৈশৱ। যিটো সময়ত জীৱনে বুজি নাপায় জীৱনৰ অগা-ভেটা। যিটো সময়ত জীৱনটোৱে সকলোতে বিচাৰি পায় প্ৰফুল্ল ,প্ৰমোদ, মমতা আৰু সৰলতা। জীৱনৰ যিটো সময়ত নাথাকে কোনো চিন্তাৰ ধাৰা , নাথাকে কোনো কুটিল মানসিকতা , নাথাকে কোনো জাতি-বৰ্ণ-ধৰ্মৰ ঠেক মানসিকতা , নাথাকে কোনো হিংসা ,বিদ্বেষ আৰু কপটতা । থাকে মাথো মৰমৰ এক বিশাল মহাসাগৰ, সৰলতা ভৰা কল্পনাৰ ৰাজ্য, মাক-দেউতাৰ নিস্বাৰ্থ মৰম আৰু ভালপোৱা। শৈশৱৰ সেই দিনবোৰৰ কথা ভাবিলে মনটো প্ৰফুল্লিত হৈ পৰে মুখৰ পৰা অজানিতে ওলাই আহে এক হাঁহি। শৈশৱ পাৰ হ’লেই জীৱনৰ পৰা হেৰাই যায় জীৱনৰ সৰলতাবোৰ জীৱনৰ নিস্বাৰ্থ আনন্দবোৰ জীৱনলৈ নামি পৰে এক অঘোষিত যুদ্ধ য’ত স্থান নাই কোনো পৰাজয়তাৰ। সময়ৰ সোঁতত আগবাঢ়ি গৈছোঁ জীৱনৰ লগত যুদ্ধ কৰি কৰি তথাপিও মনৰ খপৰাত আজিও সজীৱ কৰি ৰাখিছোঁ সোণোৱালী শৈশৱৰ সেই ৰঙীণ মুহূৰ্তবোৰ। #hoikhob #SahityaChorcha #axomiyakobita #অসময়কবত #assamesekobita
- মৃত্যু
মৃত্যুয়ে কেতিয়া পাৰিব কিৰিলি বন্ধু ক’ব পাৰিবা জানো তুমি !!! মায়াসনা পৃথিৱীৰ সকলো মায়া মোহ এৰি যাব যে লাগিব আমি !! হয়তো কোনোবা আগত হয়তো কোনোবা পাছত , যাবয়ে লাগিব আমি কান্দিব বন্ধু সকলোয়ে এদিন আপোনজনক হেৰুৱাৰ বেদনাত ;;;;;;;;;; তুমি ও কান্দিবা এদিন বন্ধু যিদিনা যামগৈ মই মায়াময় পৃথিৱীত সকলোকে এৰি ;;;;;; জীৱনৰ ভৰসা নাই আজি আছো , কালি নাই এইয়াই জীৱন হাই হাই !!!! তৰা হৈ জিলিকিম নীল আকাশত!!!! ৰ” লাগি চাই ৰ’ম তোমালোকক এটা কথা কৈ যাওঁ বন্ধু বিদায় দিবা মোক হাঁহি মুখত ৰাখিবা সদায় মোক তোমালোকৰ হিয়াৰ একোণত—– আহিলো বন্ধু মাগিছো বিদায়। বিদায়। চিৰবিদায়। #SahityaChorcha #axomiyakobita #অসময়কবত #mrityu #assamesekobita
- মাতাল প্ৰেম
মাতাল মই, মাতাল তুমি মই ৰঙীন সুমথৰ ৰাগত তুমি নানাৰঙী মুখাৰ আগত। ক’ত বৰদৈচিলা আগতে পৰাজিত হৈছে , তোমাৰ মৰম ভাল পোৱাঁ বোৰৰ আগত। কিন্তু.. তুমি মোৰ চকু যুৰিত বিষাদ বিছাৰি পালাঁ আৰু কন্দুৱাই গলা মোৰ হৃদয়ৰ অন্তৰ আত্মা। কন্দুৱাব মইও জানোঁ কিন্তু তোমাৰ চকু যুৰিত মই অশ্ৰু বৰষা নহয় আওসীৰ জোনাক চাব বিছাৰিছিলোঁ। আৰি লব বিছাৰিছিলোঁ, তোমাৰ হাঁহি বোৰ মোৰ হৃদয়ৰ থাপনাত। আজিও মাতাল মই তুমি এৰি আহাঁ বিষাদ বোৰক লৈ। তুমিওটো মাতাল আজিও নানাৰঙী মুখাৰ। #SahityaChorcha #Matalprem #অসমযকবত #axomiyakobita #assamesekobita
- মৰমৰ চিঠি
মৰমৰ…… আঘোণৰ নিয়ৰ সিক্ত দুবৰিৰ দলিচাবোৰে বাৰুকৈয়ে মনত পেলাইছে তোমাৰ কথা মৰমৰ বন্ধু , তোমাৰ মনত আছে নে ? সেইদিনবোৰ য’ত মই বিচাৰি ফুৰিছিলোঁ তোমাৰ মুখত হাঁহি আৰু তুমি বিচাৰি ফুৰিছিলা মোৰ মনৰ খুচি। এতিয়া দিনবোৰ সলনি হ’ল বুজিছা তুমিতো নাই মোৰ সমীপত মোক অকলে এৰি গুচি গ’লা সৌ জোনবাইৰ দেশত তৰা হৈ। নাভাবিবা মই তোমাক পাহৰি যোৱা বুলি। জোন বেলি তৰা যিমান সত্য আমাৰ বন্ধুত্বও সিমান সত্য। মৃত্যুৰ অমানিশাই তোমাক মোৰ পৰা কাঢ়ি নিলেও মোৰ মনৰ পৰা কাঢ়িব পৰা নাই জানা। সৌ সিদিনাৰ কথা দোকমোকালিতে খিৰিকীৰ ফাঁকেৰে শালিকা যোৰৰ আনন্দৰ হাঁহি মৌন ভাষাৰ মৰমবোৰ দেখি মোৰ মনটোও তোমালৈ লৰ মাৰে তোমাৰ পলত ওমলিবলে আনন্দৰে হাঁহি মনৰ কলীয়া মেঘৰ ডাৱৰবোৰক আঁতৰাবলে। কিন্তু হঠাৎ খিৰিকীৰে নিবিড় অবুজ ভাষাৰে বৈ অহা মিঠা বতাহৰ অমিয়া সুৰৰ পৰশে মনত পেলাই দিলে নিষ্ঠুৰ নিয়তিৰ অকাল মৃত্যুৰ অমানিশাৰ কথা। আজিলৈ সামৰোঁ দেই বন্ধু মৃত্যুৰ অমানিশাৰ নিমাত আঘাতৰ চিঞৰবোৰে বাৰুকৈ আমনি কৰিছে বুজিছা। মনে শব্দ বিচাৰি পোৱা নাই কলমে শব্দ লিখিব পৰা নাই #assamesekobita #axomiyakobita #moromorchithi #SahityaChorcha











