top of page

এটি প্ৰেমৰ কবিতা

  • Dec 27, 2020
  • 1 min read

কিনকিনিয়া বৰষুণত তুমি মোৰ জপনাখনৰ আগেদি অগা- দেৱা কৰিছিলা। খিৰিকিৰ ফাকেৰে চাই পঠিয়ালো মই। আজিও আছে মনত মোৰ মোক দেখা পায় মিচিকিয়াই হাঁহিলা তুমি আছেনে মনত তোমাৰ মোক নাপালে আপোনঘাটি হৈ মৰিম বুলি কৈছিলা তুমি। মই যে উচুপি উঠিছিলো তোমাৰ কথাত। সাবতি লৈছিলা তোমাৰ বুকুৰ মাজত আছেনে মনত তোমাৰ ক’ত মধুৰ সপোন আছিল আমাৰ। নিয়তিৰ খেল বিধিৰ বিধান নহ’ল নহ’ল আমাৰ সপোন পূৰণ, আধাবাটতে তুমি গ’লাগৈ গুচি, মোক এৰি, মোৰ কথা এবাৰো নাভাবিলা তুমি। আজিও আছো ৰৈ তোমালৈ আহাচোন এবাৰ চাই যোৱাহি , মোক। তোমাৰ বেজাৰত আজিও কান্দো মই নিজানত। পল প্ৰতি পল দেখু মই তোমাক সপোনত। জীৱনৰ বিয়লি বেলাত তোমাকেই বিছাৰো মোৰে গাৰোৰ শিতানত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page