The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- ফাগুন আহিব
ফাগুন আহিব, ভাৰসাম্য উষ্ণতাৰ। বননিত ফুলিব, শিমলু, পলাশ, মদাৰ। হব গীতৰ অমৃত পান, মন্ত্ৰমুগ্ধ হৃদয়জান। মধুৰ গীতৰ ৰচিকা, মনোমোহা পক্ষী হেতুলুকা। যদিও মন উৰুঙা উৰুঙা, আনন্দৰ ৰং ৰঙা। ভিন্ন ৰঙেৰে উজ্বলিব মুখচোৱা, ৰঙৰ উৎসৱ ফাকুৱা। ফাগুনৰ পূৰ্ণিমা তিথি, বিলাব প্ৰেমৰ চিঠি। প্ৰতিশ্ৰুতি নৱ উল্লাসৰ, সময় আহিব ভোগ বিলাসৰ। পাব মিতিৰালিৰ সহানুভূতি, হৃদয়ে হৃদয়ে প্ৰেমানুভূতি। #assamesekobita #axomiyakobita #fagunaahibo #SahityaChorcha
- প্ৰেমৰ সংগীত
আহিবা এদিন জোনাক নিশা বুকুত প্ৰেমৰ বতৰা লৈ নৈৰ পাৰত বহি দুয়ো মিলি গণিম আকাশী তৰা। কপৌ চৰায়ে গাব প্ৰেমৰ গান শুনিম দুৰৈৰ পৰা। মনৰ কথাবোৰ ক’ম তোমাক হিয়াখন নিৰল কৰি মলয়া বতাহে কৰিব ধেমালি দুয়োৰে ডিঙিত ধৰি। সাঁতুৰি নাদুৰি উৰি ফুৰিব পানী কাউৰীৰ জাক চিকুণ পানীত ওপঙি ফুৰিব পানী পৰুৱাৰ জাক। জলকুঁৱৰী সাক্ষী হৈ ৰব দুয়োৰে প্ৰেমৰ গাথাৰ। প্ৰেমৰ কথাবোৰ বুকুত সাৱটি গাম আৱেগৰ গীত মনৰ উলাহত হিয়াখনি জুৰাই দুয়ো সোঁতত উটি ফুৰিম। উটি উটি যেতিয়া দূৰৈৰ ক’ৰবাত পৰিম গৈ দুয়ো মিলি শাঁত ল’ম সুবিশাল নীলিমাৰ তলত। #assamesekobita #axomiyakobita #premorsangeet #SahityaChorcha
- শেষৰটো কবিতা
এনে নহয় যে অনুভূতি বোৰ নোহোৱা হৈ গ’ল জীৱনৰ সমাধিত হে অনুভৱ সমাধিস্থ তথাপি লিখিবলৈ মন গ’ল শেষৰটো কবিতা আবেগ বহুল হৃদয়খন সোলোকাই থৈ অনুভৱৰ অনুভূতি বোৰ বাকি বাকি লিখিলো শেষৰটো কবিতা কলিজাটো চেপিব খোজিও থমকি ৰʼলো কলিজাটো যে কেতিয়াবাই মৰি কেহৰাজ বৰণীয়া হৈছে এতিয়া যে চেপিলেও বিহপানীৰ বাহিৰে একোৱেই নোলাই দলিয়াই পেলালো সংগোপনে পাবত গজা অনামি সপোনবোৰ,শিল যেন কৰিলো মন কথাবোৰ হৃদয়েৰে নহয় ভাবিবলৈ ললো মগজুৰে লিখি পেলালো জীৱনৰ অন্তিম কবিতা উশাহবোৰ দিব নোৱাৰোঁ সেয়েহে নিশাহৰ সৈতে এৰিলো দীঘলীয়া হুমুনিয়াহ ছাঁইৰঙৰ এন্ধাৰবোৰ ত্যাগিলো কৃত্ৰিমতাৰ বুকুত হেপাঁহ পলুৱাই লিখিলোঁ শেষৰটো কবিতা। #assamesekobita #axomiyakobita #hekhortukobita #SahityaChorcha
- তমসাছন্ন ৰাতিৰ নীৰবতা
আউসীৰ তমসাৰে ভৰা এক জয়াল অবুজন পৃথিবীৰ মানুহবোৰৰ মাজত জীয়াই আছো কথমপি উশাহটি লৈ। বিচাৰি ফুৰো ভাগৰুৱা মনেৰে পাৰহৈ যোৱা নিজম আবেলিবোৰত সূৰুযে সিঁচি থৈ যোৱা ৰঙীয়াল পুৱাৰ বতৰা। য’ত উদয় হয় মোৰ সেতাপৰা হৃদয়ত এধানি মান সতেজতা পূৰ্ন হাঁহি। বিচাৰি ফুৰো এটি চিনাকি চিনাকি লগা আপোনত্বৰ আবৰণে ঢাকি ৰখা শব্দ “বন্ধু’ ক্ৰংকিটৰ দুনীয়াত “বন্ধু”নামৰ এই শব্দটিৰ অভাব অনুভব হয় মোৰ হৃদয়ত। পল-অনুপল কৰি জীৱনে এনেদৰেই আগুৱাইছে। দুদিন ভাল লগাৰ পিছতেই আপোনজনো হৈ পৰে পৰ আপোনতাৰ সুৰ বিলাই ধুৱাই লৈ যায় হেঁপাহৰ সকলো স্বপ্ন। মাত্ৰ যাঁচি থৈ যায় সেমেকা সেমেকা লগা তমসাছন্ন ৰাতিৰ নীৰবতা আৰু স্তব্ধতা। #assamesekobita #axomiyakobita #SahityaChorcha #tamsasnaratirnirbota
- আহিবানে তুমি
আহিনৰ পথাৰৰ ৰুৱনী হ’বলৈ ব্যস্ত নগৰখন কিছুদিন এৰি আহিবাচোন মোৰ ঘৰলৈ। মূৰত জাপি, ককালত টঙালি বান্ধি আহিনৰ পথাৰৰ হালুৱা হ’ম মই। বকিয়াঁ গঢ়িম, কঠিয়া আনি দিম। তই ৰুৱনী হৈ! অহ, তই ছাগে নেযানোঁ ভূই ৰুৱ। আয়ে শিকাব, তিনি আঙুলিৰে কঠিয়া গুজিবলৈ। আহিবানে তুমি? পথাৰখন লাহে লাহে সেউজীয়া হ’ৱ এই সেউজীয়া পথাৰখন সোনোৱালী হৈ আঘোনক আদৰিব। কৃষকৰ শেতাঁ ওঁঠত হাঁহি বিৰিঙাব। আঘোনৰ পথাৰত ব্যস্ত হ’ব দাৱনী। এইজাক দাৱনীৰ মাজতে থাকিবা তয়ো। বেলি লোঁহিৱাৰ পৰত এভাৰ ডাঙৰি লৈ দুয়ো ঘৰমুৱা হ’ম। হেপাঁহেৰে সোনগুটি চোপাই ভৰাঁলত থম, সকলোৱে মিলি ন-ভাত খাম। তই পাহৰি যাবি, এই ভৈয়ামত থাকি ব্যস্ত নগৰৰ কাহিনী। #aahibanetumi #assamesekobita #axomiyakobita #SahityaChorcha
- শীতৰ ঠেৰেঙা লগা পুৱা
কুঁৱলীৰ মুকুটা সৰে দুৱৰি বনত শীতৰ সেমেকা পথত, এচপৰা শেলুৱৈ ধৰা শিলৰ ফাঁকত শব্দ বুটলি ওৰে দিন ওৰে ৰাতি উজাগৰে পাৰ কৰি, দেহত শীতৰ শিহৰণ লৈ, শীতৰ দোমোজাত পৰি, কোমল ৰ’দৰ জিলিঙনিত দেহত উম লৈ, শেলুৱৈ ধৰা শিলৰ চপৰাত বহি, নীৰৱে লিখিলোঁ এটি বিষাদ ভৰা কবিতা। মইটো নহয় প্ৰতিমা, বুজি পাওঁ দেহৰ শিহৰণ উতলা যৌৱনৰ কথা। সেয়েহে লিখিছো দাৰি কমা চন্দ্ৰ হীন সবিতাৰ কথা। #assamesekobita #axomiyakobita #hitortherengalogapuwa #SahityaChorcha
- বুকুৰ কেঁচা ঘা টুকুৰা
বুকুৰ কেঁচা ঘা টুকুৰা আৰু নুখোঁচৰিবি, অ’ সোণ; আৰু নুখোঁচৰিবি। বৰ অসহনীয় তাৰ বিষ, বৰ অসহনীয়। জন্মৰে পৰা কঢ়িয়াই লৈ ফুৰা ঘা টুকুৰা সদায়ে কেঁচা হৈয়ে থাকে; মোৰ কলিজাৰ উমেৰে তহঁতক জিপাল কৰিব বিচাৰোঁ, তহঁতৰ আনন্দবোৰ চাই মই পাহৰি থাকিব বিচাৰোঁ মোৰ বুকুৰ কেঁচা ঘা টুকুৰাৰ অসহনীয় যন্তনা। মাজে মাজে আহি শত্ৰু দলে বিষাক্ত কীট হৈ দংশন কৰে, তেতিয়া মোৰ বুকুৰ ঘা টুকুৰা পৰা কেঁচা তেজ নিগৰে; ৰক্তাক্ত হয় গোটেই শৰীৰ, ৰক্ত বৰ্ণ হয় তহঁতৰ কেঁচা ঘামবোৰ! মই বৰ অসহায় হৈ পৰোঁ, অ’ সোণ; বৰ অসহায় হৈ পৰোঁ। তহঁতৰ দুখবোৰে মোৰ ঘা টুকুৰা বহলাই তোলে। তহঁতৰ মাজৰেই সুবিধাবাদীক কিবুলি বিভূষিত কৰিম সিহঁতৰ কলংকৃত অধ্যায়! কোনো দিন নোশুকোৱা মোৰ বুকুৰ ঘা টুকুৰাত সিহঁতে বাৰে বাৰে আঘাত কৰে; সেই আঘাতত মোৰ দেহৰ মাংস টুকুৰা বোৰ চপৰা চপৰে খহে; অ’ সোণ; চপৰা চপৰে খহে। আৰু নুখোঁচৰিবি, অ’ সোণ; আৰু নুখোঁচৰিবি। বৰ অসহনীয় মোৰ বুকুৰ কেঁচা ঘা টুকুৰাৰ বিষ বৰ অসহনীয়। #assamesekobita #axomiyakobita #Bukurkesaghatukura #SahityaChorcha
- তোমাৰ মৰমে
তোমাৰ মৰমে আজি হৃদয়ৰ আভ্যন্তৰত উত্তাল তৰংগৰ সৃষ্টি কৰিছে জীৱনৰ প্ৰতি খোজে খোজে তুমি তুমি ভাৱনাই আজি চৌপাশ চানি ধৰিছে তোমাৰ মৰমে আজি এই মনক, বাউলী কৰিলে কৃষ্ণচূড়াৰ পাহিত, সপোন ৰচি কঁহুৱাৰ কুঁহে কুঁহে ভালপোৱাৰ সুবাস সিঁচি উন্মনা প্ৰাণে আজি সৰগীয় সুখত প্ৰাপ্তিৰ নিঃশ্বাস এৰিছে তোমাৰ মৰমে আজি ভাগৰুৱা প্ৰাণত সজীৱতাৰ পৰশ বুলালে ব্যৰ্থতাৰ এন্ধাৰে ৰাজত্ব কৰা হৃদয়ত নৱ কিৰণৰ আলোক চতিয়াই তোমাৰ মৰমে আজি এই জীৱন সাৰ্থক কৰিলে। #assamesekobita #axomiyakobita #SahityaChorcha #Tumarmorome
- তোমাৰ আগমন
অশ্ৰুসিক্ত এটি ফাগুনৰ, হেঙুলীয়া আভা আবেলিবোৰৰ। অসহায় ভাষা, মোৰ হৃদয়ৰ। আৱেগ প্ৰৱন মন, অগণিত জন গণ। হেৰুৱাইছোঁ নিজকে জগতত, জন সমাগমৰ ভিৰত। তোমাৰ আগমনত, তোমাৰ কোমল পৰশত, তোমাৰ প্ৰেমৰ সুবাসত, ব্যক্ত সকলো নয়নত। উমাল বাগিছাখন, হল মোৰ জীৱনত। #assamesekobita #axomiyakobita #SahityaChorcha #tumaragomon
- আমি সকলো অসমীয়া
আমি সকলো অসমীয়া। কোঁচ,কলিতা,আহোম , কছাৰী,কৈৱৰ্ত,বড়ো, মিচিং,বঙালী ,মজদুৰ আদি শব্দৰে আমাক ভাগ ভাগ নকৰিব ; আমি সকলোৱেই অসমত বসবাস কৰা অসমীয়া। হিন্দু,মুচলমান ,শিখ,জৈন আদি এক ঈশ্বৰৰ সন্তান। আমাৰ সকলোৰে গাত ৰঙাতেজ প্ৰবাহমান। আমাৰ মাজত ভেদা-ভেদ আনি অসমীআইক কষ্ট নিদিব, আমি এক মাতৃৰ সন্তান। একতাৰ ডোলডাল যেতিয়া শিথিল হৈ যাব আমি হৈ যাম থানবান। বিভেদতাই হৈ পৰিব অশান্তিৰ কাৰণ। একতাৰ ডোলেৰে সকলো বান্ধখাই সকলোৱে কওক “আমি অসম মাতৃৰ সন্তান।” আমি সকলো অসমীয়া। #aamihokoluaxomiya #assamesekobita #axomiyakobita #SahityaChorcha
- শৌচাগাৰ
তুমি মোৰ ঘৰৰ কিছু আতঁৰত, কিছু নিলগত। নাই কোনো তোমাৰ ভেদা-ভেদ নাই কোনো উচ্চ, নিচ্চ পুখুৰী হওক বা দমকলে হওক মাথোঁ পাণ কৰা অকণ মান পানী, হলাহল হলাহল। যেন তুমি প্ৰতি জন মানৱৰ পুৱাৰ হাঁহি, যেন তুমি মানৱ জাতিৰ পুৱাৰ বৰদৈচিলা, তোমাক সান্নিধ্য পাবলৈ প্ৰতি জন মানৱে মাৰে মাৰাথান দৌৰ। তোমাৰ বুকুতে চলে, প্ৰতি দিনে কাৰ্গিলৰ বাৰুদৰ শব্দ ধেৰাধেৰ ধেৰাধেৰ। যেন তুমিও খুছ আমিও খুছ তোমাৰ নাই কোনো ভেদা-ভেদ নাই কোনো উচ্চ, নিচ্চ। #assamesekobita #axomiyakobita #hausagar #SahityaChorcha
- মা
মোক বেয়া নাপাবিঅ’ মা। মই বৰ নিৰুপায়। তোক আনি মই মোৰ লগতো ৰাখিব নোৱাৰোঁ। এতিয়া যে মই সম্পুর্ণ ৰূপে পৰৰ অধীন মা। বিয়াৰ ইমান বছৰৰ পিছতো মই এইখন ঘৰৰ মানুহৰ মনবোৰ বুজিবকে নোৱাৰিলোঁ।পলকতে ভাল, পলকতে বেয়া। তোক আনিবলৈ মন যোৱা স্বত্বেও মই তোক আনিব নোৱাৰোঁ মা। ৰাতি ভাত পানী খাই বিচনাত পৰিলে এপৰলৈ টোপনি নাহে।বাৰে বাৰে তোৰ সেই সহজ সৰল মুখখনিয়ে মোক বৰকৈ আমনি কৰে। তোৰ বুকুৰ উমাল মৰম বোৰে মোক বৰকৈ অসহায় কৰি তোলে মা। কিন্তু মই যে নিৰুপায়! কাৰন মই এতিয়া তোৰ নহয়, এতিয়া যে মই আনৰ। মই নিজেও মোৰ নহয় অ’ মা! জীয়েক ৰূপাৰ চিঠিখনৰ কথা বোৰে যেন মাকৰ হৃদয় খনত এপাত শেলে বিন্ধাদিহে বিন্ধি গ’ল। দুই চকুৰে সৰসৰকৈ চকুপানী নিগৰি আহিল। চাদৰৰ আচলেৰে চকুপানী মচি জীয়েক লৈ লিখিলে ….. তই চিন্তা নকৰিবি আইজনী।মোৰ কোনো অসুবিধা হোৱা নাই। মোৰ কথা বৰকৈ চিন্তা কৰি নাথাকিবি অ’। এতিয়া সেই খনেই তোৰ আচল ঘৰ। শাহু শহুৰক অবহেলা নকৰিবি। তোৰ আচল মা দেউতাৰ তেওঁলোকহে। আৰু জোৱাই কষ্ট পাব লগা কোনো কামেই তই নকৰিবি অ’ আই। মিছাতে অনাহক চিন্তা কৰি ঘৰখনৰ শান্তি বিঘ্নিত নকৰিবি। (সচাকৈয়ে তেনেকুৱা মাতৃৰ হৃদয়ৰ দৰে সকলো শাহুবোৰৰও যদি হ’লহেতেন!) #assamesekobita #axomiyakobita #maa #SahityaChorcha












