শৌচাগাৰ
- Sahitya Chorcha
- Dec 28, 2020
- 1 min read
তুমি মোৰ ঘৰৰ কিছু আতঁৰত, কিছু নিলগত। নাই কোনো তোমাৰ ভেদা-ভেদ নাই কোনো উচ্চ, নিচ্চ পুখুৰী হওক বা দমকলে হওক মাথোঁ পাণ কৰা অকণ মান পানী, হলাহল হলাহল। যেন তুমি প্ৰতি জন মানৱৰ পুৱাৰ হাঁহি, যেন তুমি মানৱ জাতিৰ পুৱাৰ বৰদৈচিলা, তোমাক সান্নিধ্য পাবলৈ প্ৰতি জন মানৱে মাৰে মাৰাথান দৌৰ।
তোমাৰ বুকুতে চলে, প্ৰতি দিনে কাৰ্গিলৰ বাৰুদৰ শব্দ ধেৰাধেৰ ধেৰাধেৰ।
যেন তুমিও খুছ আমিও খুছ
তোমাৰ নাই কোনো ভেদা-ভেদ নাই কোনো উচ্চ, নিচ্চ।




Comments