The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- অভিসাৰৰ দীঘলীয়া নিশাবোৰ
অভিসাৰিকা মই, জীৱন বন্দী ৰঙীন স্বপ্ন নগৰীত, এপিয়লা সুৰাৰ ৰাগিত, পাহৰিলোঁ এৰি অহা কোমল জীৱন। লম্পট পুৰুষ তোমালোক, কামদেৱ হিচাবে স্থান প্ৰথম শাৰীত। অহা যোৱা কৰা নিশাৰ আন্ধাৰত বিচাৰি আহা যৌৱনৰ উঠন বুকু, অভিসাৰিকাৰ নঙঠা শৰীৰ। বন্ধ গলিত কটাইছো জীৱন, কোনেও এদিনো সোধা নাই, জীৱন কাহিনী আমাৰ। যৌৱন সদায় ৰৈ নাথাকে সদায় যৌৱন জীৱিকাৰ সম্পদ হৈ নাথাকে। অনুভুতি আমাৰো আছে সৎ সংস্থাপন আমিও অনুভৱ আমিও কৰো। আমি লেতেৰা গলিৰ উপভোগৰ অভিসাৰিকা হৈ থাকিব নিবিচাৰো। দিনৰ পোহৰত অভিজাত পুৰুষ তোমালোক, কামনা খেপিয়াই ফুৰা গোপনে নিশাৰ আন্ধাৰত। তোমালোকৰ অৰ্জ্জিত কলা ধনৰ বিনিময়ত দৰদাম চলে আমাৰ কামনাৰ। প্ৰথম নিশাৰ নষ্ট পুৰুষ, লেতেৰা শৰীৰ হৈ পৰে আমাৰ অভিসাৰত। বক্ৰ পথেৰে অৰ্জ্জিত পুজি, দলিয়াই থৈ গৈছা লেতেৰা বিচনাত। অভিসাৰিকা আমি আমি সমাজ বন্ধকত লোৱা নাই, নষ্ট কৰা নাই আমাৰ সমাজ। ৰাতিৰ আন্ধাৰত কামনা বিচাৰি আহা সেই বাবে তোমালোক লেতেৰা নোহোৱা। নিশাৰ আন্ধাৰত সুখৰ আধাৰ বিচাৰি লোৱা উগ্ৰ প্ৰসাধনৰ গোন্ধৰ মাজত। দুৰ্গন্ধৰ গোন্ধত সুগন্ধি বিচাৰি পোৱা, সমাজ স্খলিত তোমালোকেই কৰা, তথাপিও তোমালোক অভিজাত সমাজৰ। #assamesekobita #axomiyakobita #obhixarardigholiyanixhabur #SahityaChorcha
- জ্যোতিৰ বাৰিধি নিত্য নিৰৱধি
জ্যোতিৰ জ্যোতিৰূপা জ্যোতিময় জ্ঞানকৃত জ্ঞানদীপ্ত সুৰম্য সুৱাসী সুষমামণ্ডিত সৰ্বাঙ্গসুন্দৰ শৈল্পিক সুন্দৰ কৃৰ্তী ৰমনীয় মহত্ত্বম কাব্যকলা সমন্বিত নান্দনিক সুকুমাৰ কৃষ্টিৰ মুষল বৃষ্টিৰে মহান মৰ্যদাপূৰ্ণ গাম্ভীৰ্যময় অব্যৰ্থ অনিৰুদ্ধ অনৱচ্ছিন্ন অক্ষয় মৃত্যুঞ্জয়ী শক্তি অনন্ত শাশ্বত পৰিশুদ্ধ জ্ঞাননিষ্ঠ আশ্চৰ্য মহান আদৰ্শৰ মহীয়ান গৰিয়ান মহত্ত্বম মহানতাপূৰ্ণ লোকোত্তৰ সৰ্বোত্তম উজ্জ্বল স্বীকৃতি সমৃদ্ধ অনিন্দ্যসুন্দৰ শৈল্পিক মহান জ্ঞান সমুদ্ৰৰেই অনন্য অপূৰ্ব সুদক্ষ কলা কৌশল নৈপূৰ্ণতাপূৰ্ণ অজেয় অমেয় দুৰ্দ্দম্য দুষ্পাচ্য সৰ্বশক্তিশালী শাশ্বত শক্তিৰ সুৱলিত সমষ্টি জ্ঞানাঙ্কুশজ্ঞাত জ্ঞান মাৰ্গ নিহিত ৰূপৰস সৌন্দৰ্যমণ্ডিত জ্যোতিৰ্ময় এই স্বৰ্ণযুগ চিহ্নিত জ্যোতিৰ কৃষ্টি সংস্কৃতিৰ বৃষ্টি স্বৰ্ণাভ বৰ্ণাভ সুৱদী সুৰীয়া চিৰ বিনন্দীয়া অসমৰেই সৰ্বকালব্যাপ্ত স্বৰ্ণমণ্ডিত সৰ্বাঙ্গসুন্দৰ দিব্যজ্যোতি সৰ্বস্ব অক্ষয় সৃজনীশীল শক্তি সমৃদ্ধ চিত্ৰশিল্পী সামঞ্জস্যতাৰে অজ্ঞাতসাৰে লোকসত্ত্বা হৰণকাৰী অনিবৰ্চনীয় সুমধুৰ সৃষ্টিৰ অয়স্কান্তীয় মহাকৰ্ষণ নিহিত ঐশ্বৰ্য প্ৰাচুৰ্যময় মহামহত্ত্বম উচ্চ ভাৱাদৰ্শ ৰঞ্জিত নান্দনিক ব্যুৎপত্তি উচ্ছল উত্তাল উগ্ৰ উতপ্ত স্বৰ্ণগৰ্ভ অংকুৰিত দুৰ্বাৰ অনিৰ্বাৰ অফুৰন্ত অনন্ত অমিয়া সিদ্ধিৰ চিৰ কল্যাণকামী অব্যৰ্থ আশীৰ্বাদ য’ত নিৰন্তৰ নিৰৱধি একনিষ্ঠ ধ্যাননিষ্ঠ সুদৃষ্টি দিলেই সমুজ্জ্বলতাৰে নিৰৱিচ্ছিন্নতাৰে উজ্বলি উথলি উঠে য’ত তীব্ৰমানৱতাপূৰ্ণ মানৱ প্ৰমুল্যবোধ নিহিত সূৰ্য্যদীপ্ত বিশ্বপ্ৰেম দেশপ্ৰেম মানৱপ্ৰেম শিল্প কলা সাহিত্য সৌন্দৰ্য ব্যাপ্ত বিশ্বজনীন অনন্ত সাংঙ্গীতিক শান্তিৰ মধুৰ মনোময় মুষল বাৰিধি চিৰসত্য দেৱতুল্য সুৰম্য মাধুৰ্য্যমণ্ডিত জ্যোতিৰ জ্যোতিৰূপা চিৰ বসন্ত বুলীয়া অমেয় অমিয়া সেউজ সোণালী দীপ্তিৰে দীপ্তমান জ্যোতিৰ্ময়ী হিৰণ কিৰণময়ী পৃথিৱী অনিবৰ্চনীয় অনন্য সুন্দৰ প্ৰকৃত মানুহ গঢ়াৰেই প্ৰণোচ্ছল জ্ঞানোচ্ছল অব্যৰ্থ শিল্পীৰ চিত্ৰশিল্প সৃষ্টিশীলতা সৰ্বস্ব সৰ্বাঙ্গ সুন্দৰ ৰমনীয় স্বপ্নোজ্বল প্ৰাঞ্জল উজ্জ্বল প্ৰেমপ্লাৱিত পৃথিৱী সত্য সুন্দৰৰ পুজাৰী কৃচ্ছসাধনসিদ্ধ জ্যোতিৰ শিল্পিত শৈল্পিক অনন্ত সুৰীয়া প্ৰেমময় ধ্বনি প্ৰতিধ্বনি ঐকান্তিকতাপূৰ্ণ অন্তঃকৰণেৰে এবাৰ হৃদয়ঙ্গম কৰা যদি তুমিও হ’বা সুন্দৰ পৃথিৱীৰ সৰ্বাঙ্গসুন্দৰ মানুহ অসম অসমীয়াও পৃথিৱীত হ’ব সুন্দৰ সোণালী ৰূপকোঁৱৰৰ শিল্পী হাতৰ সুলভ ৰূপালী জোনাকে সৰ্বাঙ্গসুন্দৰ কৰিব জ্যোতিৰ জ্যোতিৰ্ময় পৃথিৱী মহা মনিষীৰ মহিমামণ্ডিত স্বৰ্ণাভ বৰ্ণাভ স্বপ্নও মুক্ত উজ্জ্বল চন্দ্ৰ সূৰ্য্য নক্ষত্ৰ পুঞ্জৰ দৰে চিৰদিন চিৰকাল উমাল তেজাল চান্দসিক সাংঙ্গীতিক ধাৰাৰে সেউজ সুন্দৰ সুৰম্য পৃথিৱীত থাকিব উজ্বলি নৱপ্ৰজন্মৰ ব্যক্তিত্ত্বত অনিবৰ্চনীয় সুৰম্য প্ৰেমৰ সমুদ্ৰ চিৰ বসন্তৰ উচ্ছল উলাহেৰে উঠিব উথলি জ্যোতিৰ জ্যোতিৰূপা বাৰিধি যে নিত্য নিৰৱধি #assamesekobita #axomiyakobita #jyotirbaridhinityanirabodhi #SahityaChorcha
- বন্ধুত্বৰ অনুভৱেৰে
বন্ধুত্বৰ আত্মাই আত্মিক সহযোগীতা ৰমনীয়তাৰে নিৰবধি প্ৰৱাহমান য’ত সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত মায়াময় বাস্তৱতা অস্তসূৰ্য্যৰ বক্ষত চিৰন্তন দেদীপ্তমান সত্য নিষ্ঠ আস্থা প্ৰসাৰী উদয় হোৱাৰ শাশ্বত প্ৰতিশ্ৰুতিৰ প্ৰতীক্ষা সুন্দৰ সৌন্দৰ্যময় অন্তৰস্নাতা অনন্ত পৱিত্ৰ সত্যসিদ্ধ প্ৰেম নিস্বাৰ্থ নিৰ্মল বন্ধুত্বৰ মাজতেই নেসৰ্গিকতাৰে হয় প্ৰতিষ্ঠা বন্ধুত্বৰ মাজতেই বয় আত্মিকতা আস্তীৰ্ণ আন্তৰিক আত্মসন্তুতিৰ অমিয়া অমল চঞ্চল ধাৰা বন্ধুত্ব এক অনিবৰ্চনীয় পৰমাৰ্থিক প্ৰেম অমৰত্বৰ অক্ষয় অমৃতেৰে জ্বলা অনিৰ্বাণ স্বৰ্ণ শিখা #assamesekobita #axomiyakobita #bondhutwaronubhavore #SahityaChorcha
- অনিৰ্বাপিত শলিতাৰে আৰ্নিবান জ্বলিব প্ৰেমৰ জুই
একাজলি প্ৰেমৰ খোজত খোজকঢ়ি সদ্যস্নাতা মইজনী জপিয়াই জপিয়াই দুৰ্বাৰ ক্লান্তিহীন বতাহৰ কোৱত দাঙ খাই খাই উৰিছো এঠাইৰ পৰা আন ঠাইলৈ। দূৰ্বোধ্যতাৰ চেঁচা সান্নিধ্যৰ মাজত অৰ্ধভস্মীভূত হৈ ভাঁহি ভাঁহি ক’লা ডাৱৰৰ গভীৰ বক্ষত উৰিছো এপাহি ফুলৰ সন্ধানত। প্ৰেমদীপ্ত নয়নাৰ সজল প্ৰেম স্বৰ্ণকমল জ্যোতিৰে আজন্ম সৃষ্টি কৰি তড়ীৎবেগী সমূজ্জ্বল হিৰন্ময়ী, অন্ধকাৰত আচ্ছন্ন মই সিদ্ধ শ্যামলী বিচাৰিছো দুৰ্বাৰ সজল প্ৰেমৰ প্ৰতিমূৰ্ত্তি। মোৰ হিয়াৰ আমঠুত মহাবীৰ্য্যৱান উত্তপ্ত অগ্নিশিখা, কলিজাটো পুৰিছে ধিয়াই ধিয়াই ভুষ্মিত ছাইৰ অনুৰাগত অনুৰাগী মই নিৰ্লজ্জ অতীষ্ঠ শৃঙ্গাৰী হৈ। তথাপি খোজ মোৰ অনাদিকালৰ পৰা ঐতিহ্যমণ্ডিত ব্যক্তিত্বৰ সান্নিধ্যলৈ। পথ চাই আছো একাদিক্ৰমে বুকুত আশা লৈ তোমাৰ চঞ্চল অধৰত ফুটিব মোৰ নাম উঠিব শাশ্বত ভাশ্বত উতপ্ত প্ৰেমৰ জোৱাৰ, হদয়ৰ সংসাৰত ফুটিব পুষ্পভদ্ৰা সজ্জিত ওষ্ঠ অধৰত বাজিব সত্যতা,নিষ্ঠা , কৰ্মৰ প্ৰৱণতাৰ ঝংকাৰ। সেয়াই হ’ব মোৰ হৃদয়ৰ তুৰীয় তৃপ্তি, অনিৰ্বাপিত প্ৰেমৰ দীপশিখা জ্বলিব চিৰ নিৰন্তৰ অনিৰুদ্ধ ভবিষ্যতৰ পথত প্ৰোজ্বল শলিতা অনিৰ্বাণ অগ্নিস্নান জুইকুৰা। #assamesekobita #axomiyakobita #onirbapitaholitareonirbanjolibopremorjui #SahityaChorcha
- মৰমৰ পত্নী
মোৰ নামত তোমাৰ শিৰত সূৰ্য উঠে সেন্দুৰৰ, মোৰ নামত তুমি দেখা এখন সেউজীয়া সপোনৰ ঘৰ। মোৰ নামতে উচৰ্গা তোমাৰ উশাহ নিশাহ, মোৰ নামতেই দান, তোমাৰ সাচতীয়া যৌৱন। মোৰ নামতেই সপোন, মোৰ নামতেই বাস্তৱ, মোৰ নামতেই মাতৃত্বৰ বাসনা জন্ম হয় তোমাৰ। মোৰ নামতেই সহ্য কৰিব পাৰা সমস্ত সংসাৰৰ যন্ত্ৰণা, দান কৰা তুমি মোক পিতৃত্বৰ অহংকাৰ। অথচ, বুজিও নুবুজো, দেখিও নেদেখো, নিজেই পুৰি পুৰি, মোক পোহৰাব খোজা এয়াই তোমাৰ নিস্বাৰ্থ স্বাভিমান। #assamesekobita #axomiyakobita #moromorpatni #SahityaChorcha
- ভোগালীৰ ভোগ
মাটি মাহ- কাঠআলু খাঁহী মাংসৰ সোৱাদ ল’লো খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস আঁৰি মাছৰ জোল খনি গোন্ধ আছে নাকত লাগি ডেকা -বুঢ়া সবে মিলি ঢোলে-দগৰে বিহু বুলি কণপোনাৰ কিৰিলিত ব’হাগে বান্ধিছে টঙালি!! মেজিৰ তাপত কঁকাল সেকি বিৰিয়াৰ পাতৰ হেন্দোলনি পথালোঁ খেদি। মিঠা আলু – কাঠআলু , মাহকঁৰাই দাঁতত পৰিলে মুৰমুৰাই সুৰীয়া গীতৰ তালে তালে গাভৰু জাকৰ কঁকাল হালে। স্বপ্নাতুৰ দেশৰ মানুহ আমি হৃদয়ত অলেখ ঢৌ-ৰ বুলনি নীলাকাশৰ মেঘৰ মোহনাত মাঘৰ বিহুত মন দেখোন উৰুঙা। #assamesekobita #axomiyakobita #bhogalirbhog #SahityaChorcha
- শৰতৰ শব্দৰ মন্ত্ৰপাঠ
শব্দৰ গোন্ধত বিচাৰি ফুৰো তোক নষ্টালজিত বন্দী তই শৰত, তোৰ আগমনত কবিয়ে মন্ত্ৰপাঠ কৰে এক মধুৰ সানিধ্যত। আহিনৰ শীতৰ সেমেকা আকাশ প্লৱানত জোৱাৰ উঠে শব্দৰ, শব্দই শব্দৰ কথা পাতে ভাষাই ভাষাৰ কথা পাতে এক মধুৰ সানিধ্যত। মোৰ উজাগৰিত তোৰ সুহুৰি স্বপ্নাতুৰ মগন স্বপ্নত, শব্দই শব্দ হৈ উঠিব সুৰুযত এক মধুৰ সানিধ্যত। তই শৰত কবিৰ শব্দৰ সাহিত্য কবিৰ শব্দৰ সংকৃতি কবিৰ শব্দৰ, প্ৰেম,ভালপোৱা,মাজৰ ঐক্যৰ মিলনৰ এনাজৰী এক মধুৰ সানিধ্যত। তই শৰত তই পৃথিৱীত নাথাকিলিহেঁতেন, শ্মশানত চিতাৰ জুই দৰে কবি মন সদায় জ্বলি থাকিল হয়। #assamesekobita #axomiyakobita #SahityaChorcha #Saratarhobdormantrapath
- মেজিৰ জুঁইকুৰা
বাপতি সাহোন চেনেহৰ মাঘৰ বিহুটি আদৰাৰ নিমিত্তে ৰিমিয়ে পিঠাপনাবোৰ সামৰি ভাগ ভাগকৈ সজাই পৰাই ভৰাই থৈ দিলে৷ হঠাৎ হৈচৈ লাগিল। পদূলিমুখলৈ বুলি ৰিমিয়ে খৰখেদাকৈ গৈ দেখিলে ৰাস্তাত মানুহ জমা হৈছে। হুলস্থূল পৰিৱেশ। মানুহবোৰ দৌৰাদৌৰি কৰিব ধৰিলে৷ কোনোৱে ক’লে মূৰত পানী অকণ দে ৷বহুৱাই আউজাই ধৰ তাক৷ ৰিমিৰ বুকুখন ধপধপ কৰিব ধৰিলে৷ কাৰবাৰ যে কিবা এটা হৈছে ৰিমিৰ বুজিব বাকী নাথাকিল৷ সেয়ে তাই ভীৰৰ মাজলৈ আগুৱাই গৈ দেখি এটি চিৎকাৰ কৰি অচেতন হৈ পৰিল৷ কোনোৱে ৰিমিক মূৰ আৰু মুখত পানী দিলে৷ হাত ভৰি মালিচ কৰিলে৷ ৰিমিয়ে বুজি পালে তাইৰ একমাত্ৰ পুত্ৰ যে মেজিৰ জুঁই দিবলৈ গৈ গাড়ীৰ খুন্দাত বাচি নাথাকিল৷ সেয়ে প্ৰচণ্ড শোকৰ খুন্দাত তাই ঢলি পৰিল। Ambulance এখনত মাক পুতেকক একেলগে দুজনমানে হস্পিতাললৈ বুলি লৈ গ’ল৷ৰিমিৰ বাটত চেতনা আহিল কিন্তু পুত্ৰৰ চেতনা ঘূৰি নাহিল লগতে জীৱটোও হেৰাই থাকিল৷ মাকে পুত্ৰৰ বিয়োগৰ শোকত বিহ্বল হৈ চিঞৰিবলৈ ধৰিলে-“দীপ তই চিৰকাল নুমাব নোৱাৰাকৈ মেজিত দিবলগীয়া জুঁইকুৰা দপদপকৈ জ্বলিবলৈ মোৰ বুকুতে দি থৈ গ’লি৷ যি জুঁয়ে মেজি নহয় মোক জ্বলাই ছাঁই কৰিব৷ বছৰি মাঘৰ বিহুত যিমান মেজি জ্বলিব সিমানে মোৰ বুকুখন পুৰি ছাঁই হ’ব৷” এতিয়া মাঘৰ বিহুৰ প্ৰাকক্ষণত ৰিমিৰ বুকুত জ্বলি উঠিছে মেজিৰ জুঁইকুৰা৷ প্ৰতিবছৰেই মাঘৰ বিহুটি আহিলেই ৰিমিৰ বুকুৰ জুঁইকুৰা বৰ গাঢ়কৈ ৰঙা হৈ জ্বলি উঠে৷ #Assamesegolpa #Axomiyagolpa #mejirjuikura #SahityaChorcha
- ধৰ্মৰ অৰ্থ বিছাৰি
বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ আকাশ পাতাল পাৰ্থক্য আচাৰ ব্যৱহাৰ সামাজিক নিয়ম নহয় ধৰ্ম য’ত থাকে অধৰ্ম অসত্য অবিচাৰ অন্যায়ৰ প্ৰাচুৰ্যময় দম্ভ ধৰ্ম ক্ৰমবিৱৰ্তনবাদী ক্ৰমবিকাশী সমূজ্জ্বল সেউজ জ্ঞানৰ তত্ত্ব সম্বলিত মহত্বনিহিত অত্যাশ্চৰ্য্য তীব্ৰতম জ্যোতি জন্মজন্মাত্বৰৰ অনুশীলন বিকীৰ্ণ সাধন সন্নিৱিষ্ট চিৰন্তন জীৱন্ত যোগসমৃদ্ধ মৌলিক স্বীকাৰ্য্যপূৰ্ণ ব্ৰহ্মময় প্ৰেমৰ শাশ্বত ভাস্বত সমৃদ্ধি যি সৰ্ব্বাঙ্গীন উন্নতিৰ চৰম সীমাত পৰ্য্যায়ক্ৰমে আত্মজ্ঞানী মানুহক সাৰল্যতাৰে কৰাই প্ৰৱিষ্ট প্ৰদান কৰে সত্য সুন্দৰ আধ্যাত্মতাত্ত্বিক দৃষ্টি ধৰ্ম মানে নহয় শাস্ত্ৰ পঠন ধৰ্মীয় উৎসৱ উদযাপন নহয় সম্প্ৰদায়িক নিয়ম পালনৰ বাধ্যতামূলক ৰীতি নীতি প্ৰলিপ্ত কৰ্ম ভক্তি প্ৰেম বিনম্ৰতা সত্য সুন্দৰ মাৰ্গৰে মন অন্তৰ প্ৰাঞ্জল উজ্জ্বল পৱিত্ৰ হ’লে স্বতঃস্ফূৰ্ততাৰেই মানৱৰ বৌদ্ধিক জ্ঞান অন্তৰত উপবিষ্ট হৈ স্বয়ংক্ৰিয় হয় ধৰ্মৰ তাত্ত্বিক মহত্ত্ব ধৰ্ম আধ্যাত্মিক পৰমাৰ্থিক জ্ঞান দ্ৰষ্টা সত্য সুন্দৰ সুবলিত সুৰম্য জীৱন শ্লষ্টা পৰা অপৰাপ্ৰজ্ঞাৰ নিগূঢ় তত্ত্ব বিস্তৃত সৰ্বোত্তম মনিষামণ্ডিত সৰ্বশ্ৰেষ্ঠ মাৰ্গ প্ৰণৱ ধ্বনি য’ত অনিৰ্বাৰ প্ৰতিধ্বনিত শাস্ত্ৰ পঠন শ্ৰৱন প্ৰতিস্থাপনে নিদিয়ে শক্তিশালী শ্ৰেষ্ঠাসন অতিক্ৰমো কৰিব নোৱাৰে দেৱদুৰ্লভ মনুষ্যত্ব মানুহ নহ’লে সত্য স্পষ্ট যোগ নিৱিষ্ট ধৰ্মজ্ঞান নিষ্ঠ লভিব নোৱাৰে ব্ৰহ্ম সাযূজ্য ধৰ্ম জীৱশ্ৰেষ্ঠ মানৱক আধ্যাত্মিক জ্ঞানেৰে সমূজ্জ্বল কৰি শ্ৰেষ্ঠত্ব প্ৰদান কৰাৰ মহত্বযুক্ত বীৰ্য্য শাস্ত্ৰ পঢ়িলে শুনিলেই ধূপ চাকি জ্বলাই অৰ্পণ কৰি শৰাই বন্দন অৰ্চন নিৱেদন কৰিলেই ধৰ্মই প্ৰজ্বলিত নকৰে সত্য জ্ঞানৰ অনন্ত মহা সমুদ্ৰ ধৰ্ম স্বৰ্ণমণ্ডিত শ্ৰেষ্ঠ জ্ঞান আহৰণৰ প্ৰজ্ঞাশীল চৰম সৰ্বোন্নতিৰ সৰ্বোত্তম সৰ্বগুণসমৃদ্ধ আধ্যাত্মিক আত্মোন্নতি সন্নিবিষ্ট দুৰ্লভ মনুষ্যজন্মৰ সুৰভিসুৱাসৰ সূৰ্য্য লক্ষ্য #assamesekobita #axomiyakobita #dharmororthobisari #SahityaChorcha
- ভোগালী
পদূলিত উখলমাখল ভোগালীৰ আখৰা৷ ঢেঁকীৰে চাবত কঁপে লাহী কঁকালৰে ভাঁজ জুৰুলিজুপুৰি কৈ তিতিছে ৰিহা আঁচলৰে আগ৷ চিৰা, পিঠা, লাৰু, মুৰি মহৰে আঠা দৈ ৷ চুঙা পিঠা, ঘিলা পিঠা, তিলৰে পিঠা লৈ আদৰিমে মাঘৰে বিহুক পৰিয়ালৰ মাজতে ৰৈ৷ মাটি মাহৰ সোৱাদেৰে,মিঠা আলুৰ মিঠাৰে,বকুল বৰা ধানৰ জলপানৰ আঠাৰে, কণজহা চাউলৰ ভাতৰে সুগন্ধি সুৱাদ লৈ৷ #assamesekobita #axomiyakobita #Bhogali #SahityaChorcha
- “জীৱন এক ভেলাঘৰ”
জীৱনটো যেন এক ভেলাঘৰ! যিদৰে কাঠী-কামি ,তমাল-মাৰলি খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা ভেলাঘৰ সজাৰ যি আনন্দ ভোজভাত উৰুকাৰ নিশা অগ্নি প্ৰজ্বলিতং মন্ত্ৰ পাঠ তিনিপাক ঘুৰি পুৱাৰ উৰুলিত হুতাশন! মানুহৰ একেই আনন্দ জন্ম-যান্ত্ৰনা জীয়াই থকাৰ সময়ৰ ছন্দত বাঁহ-কাঠৰে দাহন ই’ও এক হুতাশন- সাতপাক ঘূৰাৰ নিয়ম— মুখাগ্নি কাৰেবাৰ কবৰ জানাজা আকৌ আনকাৰোবাৰ কফিন— সকলো দেখোন অনুভৱ ভেলাঘৰ মোৰ কবিতা!! #assamesekobita #axomiyakobita #jibanekbhelaghar #SahityaChorcha
- ক্ৰমবিৱৰ্তন
ক’ত মোৰ সেই সপোনৰ বালিচৰ আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!! ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত.. ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ এষাৰি মৌমিঠা আকুল মাত!! ক’ত সেই কাহিলীপুৱাতে উঠি মেজি জ্বলোৱাৰ অঘোষিত প্ৰতিযোগিতা.. ক’ত এতিয়াৰ তীক্ষ্ণ বাণীৰে আপোনজনক আঘাত হনাৰ তিক্ততা!! ক’ত অগ্নিদেৱতাক স্মৰি আশীষ লোৱাৰ উৎসুকতা… ক’ত আজি আনক দহি চাৰখাৰ কৰি নিজে সুখী হোৱাৰ দৈন্যতা!! ক’ত সেই ভোগালীৰ লাৰু-পিঠা-দৈ-ক্ৰীমৰ পোহাৰ… ক’ত আজি পেটত গামোচা বান্ধি অলেখৰ ভোক নিবাৰণৰ বেপাৰ! ক’ত ফূৰ্তিৰ নামত আনৰ জেওৰা-জপনা চুৰি কৰা সেইদিন.. ক’ত আপোনজনৰ তেজ চুহি জীৱন নিঃশেষ কৰা আজিৰ এই দুৰ্দিন!! ক’ত অতীতৰ গাঁথাত লেটি লোৱা একালৰ সেই সুসময়… ক’ত এতিয়া সময়ে জাহ নিওৱা মূল সুঁতিৰ নিৰন্তৰ অৱক্ষয়!! #assamesekobita #axomiyakobita #Krambibartan #SahityaChorcha












