The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
606 results found with an empty search
- কাঁচিয়লি ৰ’দ
গোমা আকাশৰ কলিয়া ডাৱৰ ফালি কাঁচিয়লি ৰদে পোহৰ মেলিছে। কাঁচিয়লি ৰ’দে চুমিচে পথাৰখনক, আৰু সেউজীয়া খিনি আৰু সেউজীয়া হৈ উজ্বলি উঠিছে ৰূপালী ৰ’দ। ক্ৰমশঃ এটি সোণালী সুৰ হৈ বিয়পি পৰিছে চৌদিশে ধৰাৰ বুকুত। কাঁচিয়লি ৰ’দৰ চুমা পৰশত পথাৰৰ দুবৰিত থকা নিয়ৰবোৰ উজ্বলি উঠিছে একো একোটা মুকুতাৰ মণি হৈ। পথৰুৱা ৰোৱণীৰ দেহত পৰি কাঁচিয়লি ৰ’দৰ আভাই গালে মুখে সানি দিছে মুঠি মুঠি আবিৰ আৰু কপালত বিন্দু বিন্দু ঘামৰ টোপাল। #assamesekobita #assamesepoetry #axomiyakobita #SahityaChorcha
- অভিমানী আবেগ
সুকুমল হৃদয়ত ওপজে , আবেগৰ গভীৰ অনুভৱ। এদিনো জুখি চাব পৰা নাই, অনুভৱ কিমান মধুৰ! সাগৰৰ গভীৰতা , কিদৰে জুখিম , জুখিব নাজানোঁ আবেগৰ অনুভৱ। সংজ্ঞা বিচাৰিব নাজানোঁ , কিদৰে আছে একাঁজলি অনুভৱ হিয়াৰ মাজত! দূৰৈত থাকিলে মই , খেপিয়াই বিচাৰোঁ অনুভৱ তোমাৰ, কিজানিবা ওচৰতে পাওঁ। আবেগে আমনি কৰিলে, চকুলো নিগৰে মোৰ , কাষত বিচাৰো তোমাৰ অনুভৱ। জানানে ? অনুভৱ মোৰো আছে , আবেগ পুহিছোঁ মই সৰু হৃদয়ত। আবেগৰ মাজত অভিমান লৈ বিচাৰোঁ তোমাক। #SahityaChorcha #obhimaniabeg #assamesepoetry #axomiyakobita #assamesekobita
- নাৰী
মানুহে কিয় কয় তোমাৰ নাৰী হিচাপে নিজস্ব নাই তোমাক দেখি পৃথিৱী চলে নাৰীৰ পিছে পিছে। মোৰ দেউতাৰ ঘৰৰ লক্ষ্য মই স্বামীৰ ঘৰৰ অন্নপূৰ্ণা ল’ৰাৰ ঘৰত জন্ম মোৰ মোৰ অবিহনে সংসাৰ অপূৰ্ণ মোৰ অবিহনে আপোন কৰিব পাৰিব কোনো কোনো পাৰিব আজি দেউতাৰ ঘৰ এৰিওঁ আনকি বান্ধি ৰাখিছোঁ গোত্ৰ পৰা গোত্ৰান্তৰ যদিওঁ মই হয় তথাপিও যেন মাননী হৈ সকলো দুঃখ সহ্য কৰো ভাৰতমাতা সেই নাৰী নাৰী জগতৰ মাতৃ নাৰী হ’ল এই পৃথিৱী সকলোৰে জন্মদাত্ৰী পুৰুষ তান্ত্ৰিক সমাজ তুমি পুৰুষক ডাঙৰ কৰি জানে থোৱা সেই পুৰুষৰ নাৰীৰ গৰ্ভে ধাৰণ কৰে মহাকাল মোৰ পায় পদতলে শায়িত চিৰকাল মোৰ অবিহনে এই সংসাৰত সকলো এদিন হ’ব অচল #SahityaChorcha #women #nari #axomiyakobita #assamesekobita
- অচিনাকী মৃত দেহ
প্ৰতি নিশ্বাসত পলে পলে দেখা মই পাওঁ কেঁচা আলিৰ দাঁতিত অচিনাকী মানুহৰ মৃত দেহ নিশাৰ ভিতৰতে জানো কৰ পৰা আহিল সেই অচিনাকী মৃত দেহ মোৰ লিহিৰি আঙুলিৰ পৰশেৰে লিৰিকি বিদাৰি চাওঁ সেই মৃত দেহ অসহনীয় আঘাটৰ দাগবোৰ দেখি মোৰ চকুৰ পতাত নিগৰে আৱেগৰ চকু পানী শোকত ম্ৰিয়মান হৈ ক্ৰমশঃ এখোজ দুখোজ কৈ বিচাৰি যাওঁ মই অচিনাকী মৃত জনৰ পৰিচয় বিচাৰি। #SahityaChorcha #poetry #axomiyakobita #deathbody #assamesekobita
- জীৱন নহয় পৰিশুদ্ধ
জ্ঞানপ্ৰলুব্ধ তত্ত্বসূৰ্য্যপ্ৰেম অন্বেসী জন মধু মাখিৰ দৰেই অত্যন্ত প্ৰলুব্ধ কৰ্মকুশল কাৰ্যদক্ষ তত্ত্বজ্ঞ পাণ্ডিত্যপূৰ্ণ অনাসক্ত ধাৰ্মিক গুৰু অবিহনে জীৱন নহয় পৰিশুদ্ধ #assamesekobita #assamesepoetry #axomiyakobita #SahityaChorcha
- সহনশীলতা
গুৱাহাটীত থকা পুতেক হেমন্তই কেইদিনমান আগতে আহি মাকক লৈ গ’লহি নিজৰ লগতে ৰাখিম বুলি। বহু দিনৰ পৰাই ভাবি আছিল অকলে থকা মাকজনীয়ে সিহঁতৰ লগত থাকি অন্ততঃ অকলশৰীয়া অনুভৱ নকৰিব। নাতিৰ লগত খেলিবলৈ পালে স্ফূৰ্তিত থাকিব পাৰিব। হেমন্তৰ ঘৈণীয়েকে কিন্তু আপত্তি কৰিছিল । বুঢ়ী মানুহ এগৰাকীৰ আলপৈচান ধৰি থাকিবলৈ তেওঁৰ সময় নাই। তথাপি হেমন্তৰ বহু চেষ্টাৰ বাবে ঘৰত ৰাখিবলৈ মান্তি হ’ল যদিও খোৱ লোৱাৰ ক্ষেত্ৰত বৰ হীন দেৰি কৰি থাকিল । এদিন হেমন্তই কলংপাৰ বজাৰৰ পৰা মাকে ভাল পোৱা ডাঙৰ শ’ল মাছ এটি আনিলে । ঘৈণীয়েকক ভালদৰে বনাবলৈ দি মাকক দুটুকুৰা দিবলৈ কৈ অলপ ওলাই গ’ল। হেমন্তই দুপৰীয়া ভাত পানী খায় উঠি মাকৰ ওচৰলৈ গৈ মাকক সুধিলে – মা আজি মাছৰ আঞ্জাখন বৰ সোৱাদ হৈছিল দে, শ’ল মাছ কেনে পালি? মাকে একো নক’লে। কাৰণ মাকৰ ভাতৰ পাতত মাছ দিয়াই নাছিল। তেওঁ অকল দাইল আৰু আলু ভাজিৰেহে ভাত খাইছিল। পুতেকে বোৱাৰীয়েকক গালি পাৰিব বুলি মিছাকৈয়ে ক’লে – হয়দে বৰ ভাল পালো খায়, আঞ্জাখন বৰ সোৱাদ হৈছিল, মাছ খিনিও বৰ ভাল আছিলও হেমন্ত। #assamesekobita #axomiyakobita #poetry #SahityaChorcha
- “বানপানীৰ ভয়াবহতা”
এটুপ এটুপকৈ কপালৰ ঘাম মাটিত পেলাই এমুঠি পোৱাৰ আশাৰে শুকান ঠৰঙা পথাৰখনিত হাল নাঙলৰে তৈয়াৰ কৰিলো বোকা মাটি গাঁৱৰ ডেকা-গাভৰুৰ হাতত কঠিয়া তুলি দি কৰিলো ধানৰ খেতি ধাননিৰ সেউজীয়া ৰং সলনি হৈ লাহে লাহে পকিব ধৰিলে পথাৰখনি হ’ল সোনালী হঠাত এদিন বৰলুইতৰ বিশাল বানপানী আহি সোনালী ৰঙে ভৰা ধাননি পথাৰখনি তহিলং কৰি তচনচ কৰিলে দুখীয়াৰ জীৱন প্ৰণালী সাঁচি থৈছিলো অলপ সোনগুটি ভঁড়ালত সেই সোনগুটি ও আজি বানপানীৰ কবলত হাঁহ কুকুৰা গৰু ছাগলী ও উটিলে পানীত ঘৰবাৰী এৰি জীৱন কটাইছোঁ ৰাস্তা-পদূলিত কোনে লব এই বিষম পৰিস্থিতিৰ বোজা কোনে বুজি পাব দুখীয়াৰ জীৱনৰ দুৰ্দশা ভবিষ্যতে অন্ত পৰিবনে এই জলন্ত সমস্যা নে পুণৰ উন্মুক্ত হব বানপানীৰ ভয়াবহতা? #SahityaChorcha #axomiyakobita #assamesekobita #flood #banpani
- অকল্পনীয় বাস্তৱ
সপোন সপোন লগা এটি পৰিবেশ মোৰ হাতত এখন কিতাপ! কিতাপখনৰ লিখক মইয়েই! মোৰ এখন কিতাপ ওলাব, কিতাপখন উন্মোচন কৰিব, এইবোৰ আছিল অবাস্তৱ কল্পনা! কিন্তু! কল্পনা বাস্তৱ হ’ল| সচাঁকৈয়ে আহি পৰিল দুখনকৈ কিতাপ মোৰ হাতলৈ! কথা এষাৰ মনলৈ আহিছে, “য’তে ইচ্ছা ত’তে বাট|” মানুহৰ আন্তৰত ইচ্ছা জাগিলে সমাধানৰ পথও মুকলি হয় | ভগৱান প্ৰদত্ত প্ৰতিভা থাকিলে ভগৱানেই বিকাশৰ পথ আনি দিয়ে | বহুত কল্পনা ,বহুত আশা বুকুত বান্ধি সৃজনীশীলতাৰে আগবাঢ়ি গৈছিলো কৈশোৰৰ পৰা ; সঞ্চিত কৰিছিলো সৃষ্টিৰাজি, উৎসাহ নাছিল , মাত্ৰ অনুভৱক লিখিত ৰূপ দিছিলো উকা কাগজৰ বুকুত ; পৰিবেশ -পৰিস্থিতিত অসম্ভৱ আছিল এইবোৰ সকাৰ ৰূপ দিয়াৰ | ভগৱানক মাত্ৰ অভিযোগ কৰোঁ,” বিকশিত নোহোৱা প্ৰতিভা দিছা কিয় ? “ ভগৱানৰ সুদৃষ্টি আহি পৰিছিল , পঠাই দিলে মানৱৰূপী দূত সৃষ্টি হ’ল অকল্পনীয় বাস্তৱ যিটো সন্মুখত দেখিলে অনুভৱ হয় সপোনৰ আমেজ | #SahityaChorcha #assamesepoetry #axomiyakobita #okalpaniyabastav #assamesekobita
- “অনুভৱ এক অনামী শিল্পীৰ সত্বা”
এক অনামী শিল্পীৰ প্ৰেমত পৰিছো আকৌ এবাৰ তুলি লৈছো আকৌ এবাৰ বুকুৰ ৰক্ত কনিকা বিয়পাব বিচাৰিছো পৰিস্কাৰ হৈ থকা বগা দিস্তাজোৰা কাগজৰ পাটত তেজৰ ৰং তুলিকা সেই অনামী শিল্পীৰ দৰেই নীৰবতাৰ গান গোৱা সেই শিল্পী জনাই বিশাল বৰলুইতৰ বুকুত সন্ধান পাইছিল নিৰৱতাৰ আৰু স্বাধীন নহৈও স্বাধীনতাৰ উৎস বিচাৰী পাইছিল সৰ্বহাৰাৰ মাজত “সুন্দৰ যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে” শিল্পীৰ কাপৰ পৰা নিগৰিত মন্ত্ৰৰ ধ্বনি সেই নিনাদৰ সুৰে সুৰে ঝংকৰিত হৈছিল মানবী প্ৰেমৰ সুস্বাদু ৰস সেয়েহে সেই অনামী শিল্পীৰ প্ৰেমত পৰিছো নিৰাশাৰ ভৰপূৰ জীৱনৰ দস্তাবেজ সজাবলৈ হাতত তুলি লৈছো সৃষ্টিৰ ৰং তুলিকা জীয়াই থকাৰ পৰা মৰণলৈ আশাৰ পৰা নিৰাশালৈ আকৌ ঘূৰিব জীৱনৰ চাকনৈয়া ই মাথো আৰম্ভনি হে ইতিহাসে মাথো ৰিঙিয়াই কৈ যায় সময় সলনি হব পাৰে কিন্ত শিল্পীয়ে দি যোৱা অমৰ গাঠা বোৰ আমাৰ ৰিক্ত হ্নদয়ৰ পৰা মোচখাই নাযায় চিৰ সেউজীয়া, চিৰ নমস্য “সেই শিল্পীৰ অনামী সত্বা” #assamesekobita #assamesepoetry #axomiyakobita #SahityaChorcha
- আহাচোন কাষলৈ প্ৰেমৰ গাণ গাবলৈ
এবুকু প্ৰেমলৈ আঁহাচোন কাষলৈ ফূলাই তোলা এই নীৰস পৃথিৱী তৃপ্ত কৰা মোৰ উৎকলিত উতপ্ত হিয়া বোৱাই অমৰ প্ৰেমৰ অমিয়া মাধুৰী দশোদিশে আজি তোমাৰেই উমাল আপেক্ষা গছে পাতে ফুলিছে তোমাৰ ৰূপৰ ছবি তোমাৰ বাবেই আজি বলিছে বলিয়া পছোৱা উন্মত্ত বসন্ত উত্তাল গতিৰে বৈছে নিৰবধি লাজ অভিমান এৰি থৈ প্ৰেমত বাউলীহৈ প্ৰেমৰ মদিৰালৈ আঁহাচোন কাষলৈ হালিজালি হৃদয়ত হৃদয় মিলি অমৰ প্ৰেমৰ জোৱাৰ তুলি জক্ মকাই ফুলি উঠক এই নীৰস পৃথিৱী মিলন মাধুৰী সনা অমৰ প্ৰেমৰ গান আঁহা গাঁও হৃদয় ঢালি সেউজৰ সুৰ তুলি হিয়াৰ সুৱাস লাগি বৈ যাওঁক প্ৰেমৰ নদী অমৰ প্ৰেমৰ মূৰ্চ্ছনাময় খলকনি তুলি বিশুদ্ধ হওঁক পৃথিৱী তোমাৰ প্ৰেমৰ সুৱাস লাগি উজ্বলি উঠক এই স্নিগ্ধ শীতল জোনাক ৰাতি লাজৰ ওৰণী আঁতৰাই আঁহাচোন কাষলৈ প্ৰেম বসন্ত হওঁক মায়াময় মিলনৰ লগৰী দুয়োৰে বুকুত দুয়ো মিলি যাওঁ আঁহা আজি মিলনৰ মধুৰ লহৰত যাওঁ উটি ভাঁহি সত্য সুন্দৰ প্ৰেমৰ আহ্বান নকৰিবাচোন অপমান আত্মাইহে আত্মাক চিনি আদৰেৰে লয় আদৰি চিৰ সুৰীয়া সুগন্ধি প্ৰেমত আত্মা ডুবযোৱা বাবেই প্ৰেমেৰে মাতিছো আজি তোমাক কাষৰলে প্ৰেমৰ ছন্দে ছন্দে হৃদয়ে হৃদয় বিছাৰে অকাতৰে প্ৰেম আৰু প্ৰশান্তিৰে সুন্দৰ জীৱন সজাবলে #SahityaChorcha #lovesong #assamesepoetry #axomiyakobita #assamesekobita
- সেউজী হেঁপাহ
হাত বাউলি মনে মোৰ আজি উলাহত নাচিছে বহু অপেক্ষা সাঁতোৰি আজি নয়নে পাৰ দেখিছে! ভোকাতুৰৰ দৰে মানুহ মই আজি মোক লগা নাই ভোক কাৰণ “”দেখা পাবা জোনক কালিলৈ” এই বুলি তাই চিঠিত লিখিছে!! হিয়াত প্ৰবল ইচ্ছা উৎপন্ন হৈছে ৰঙা দলিছা এখন পাৰিবলৈ বহু দিনীয়া মোৰ বাঞ্ছনাই অধীৰ ফুল জনীক আদৰিবলৈ !! এই হেঁপাহ যুগমীয়া হৈ ৰওঁক থাপনাত এই বুলি ধূণা কৰো প্ৰাপ্তিয়ে প্ৰায় মৰম হ্ৰাস কৰা দেখিছো আনৰ কেনেকৈ জীয়াম মই এই ৰোগৰ কবলত যদি ময়ো পৰো #assamesekobita #assamesepoetry #SahityaChorcha #seujiya
- সেউজীয়া সুৱাস
সুনীল আকাশৰ সেউজীয়া সুৱাস আকুল ব্যাকুল আত্মা আধাৰিত পৰমাত্মাৰেই পৰমাত্মিক প্ৰণয় প্ৰদীপ্ত বৰ্ণিল প্ৰকাশ তীব্ৰপ্ৰেম আৰু উচ্ছল প্ৰজ্ঞাৰে বিস্তীৰ্ণ অনন্ত নিত্য অচিন্ত্য বৰ্ণিল বসন্ত য’ত সুৰম্য চৈতন্যস্বনিত ভক্তিপ্ৰেম বৈৰাগ্যৰে নিৰ্মল নিৰৱকাশ #Assamesestabak #assamesseshyari #SahityaChorcha












