The website is being updated and edited. Please share comments on contact page.
SEARCH RESULTS
Search this site
606 results found with an empty search
- নামমাত্ৰ সেন্দুৰ
কবিতা ভাল পোৱা ল’ৰাটো এদিন মোৰ প্ৰেমত পৰিছিল, কলিজাটো মোৰ দুহাতত তুলি দিবলৈ উদবাউল হৈ পৰিছিল। মই ক’লো এতিয়া যে মই প্ৰেমত পৰাটো নিষিদ্ধ, সংসাৰৰ চাকনৈয়াত মোৰ জীৱন দ্ৰৱণীয়। তেওঁ হেনো নাজানে মই যে বিবাহিতা, মই ক’লো যে মই নিজক পাহৰিও সংসাৰৰ কৰ্তব্য পালন কৰিছো, প্ৰেমত পৰাটো দুৰৰে কথা, নিজৰ কথা ভবাৰো সময় নহয় কেতিয়াবা। কপালত জিলিকা নানাৰঙী ফোঁট মোৰ শিৰৰ নামমাত্ৰ সেন্দুৰ, তেওঁৰ হেনো চকুত নপৰে সেইবাবে হেনো খেলিমেলি লাগিল, হেপাহবোৰো অজানিতে বাঢ়িল। তেওঁ হেনো মোক লৈ সপোন সাজিছে মই সেন্দুৰখিনি আজিকালি সকলোৱে দেখাকৈ লওঁ, কপালত জোনৰ দৰে জিলিকাকৈ; অজানিতে কাৰোবাক মৰীচিকা খেদি কষ্ট দিবলৈ ময়ো ভাল নাপাওঁ, কবিতা ভাল পোৱা ল’ৰাটোৱে এতিয়া সাহিত্যৰ প্ৰেমত পৰিল , দৃষ্টিত সুন্দৰতা বাঢ়িল, হৃদয়খন বিশাল হৈ পৰিল; মনটো আকাশ হৈ থাকিল । সাহিত্যৰ পৃথিৱীত নিজকে সপি দি তেওঁ এতিয়া বহুত সুখী। #assamesekobita #assamesepoetry #hendur #SahityaChorcha
- জীৱিকাৰে নুজুখিবা যোগ্যতা
জীৱন সমুদ্ৰ যাত্ৰাত জীৱিকাৰে নকৰিবা সৰু বৰ ভাগ, এল আই চি এজেন্ট মানে নহয় ডকাইত। দৈৱ দূৰ্বিপাকত জ্ঞানী জনৰো সৰু হ’ব পাৰে জীৱিকাৰ বাট, জীৱিকাৰে নুজুখিবা মানুহৰ অন্তৰ, সৰু জীৱিকাৰ গৰাকীৰো বিশাল অন্তৰ। পাৰিলে দিবা উপযুক্ত সন্মান, ইতিকিং কৰি কোনো জীৱিকাক নকৰিবা অপমান; জীৱিকাৰে যোগ্যতা নহয় নিৰূপণ, আকাংক্ষিত জীৱিকাৰ স্বৰ্ণীল পথ সকলোৰে নাই কপালত। হ’ব পাৰে কোনোবা এল আই চি এজেন্ট, চাকৰি নাপায় কৰে ডাকঘৰ বা বেংকৰ এজেন্ট, তেনে নাৰীৰ কথা এবাৰ ভাবিবা, হৃদয়ত বহি থাকে আত্মসন্মানৰ ৰজা। নিবিচাৰে কাৰো দয়াৰ দান, আত্ম প্ৰতিষ্ঠাৰ নিৰন্তৰ প্ৰয়াস, সহযোগ নকৰিলে ‘বিনম্ৰতা’ প্ৰত্যাখ্যান উপায়, তেনে ব্যৱসায়ক ডকাইতী বুলি নাভাবিবা ভাই। দেউতাও ভাৰত চৰকাৰৰ কৰ্মচাৰী, স্বামীৰো আছে ব্যৱসায় অকণি, উপাৰ্জনৰ বাধ্যবাধকতা নাই আলসুৱা নাৰী, আত্মনিৰ্ভৰশীল হ’বলৈ আমি বাছি লৈছো এল আই চি। কোনেও ক’ব নোৱাৰে ডাঠি, ভৱিষ্যত মেঘমুক্ত বুলি, অহংকাৰ নকৰি জীৱিকাক সন্মান দিয়ক নোৱাৰিলে বিনম্ৰতাৰে প্ৰত্যাখ্যান কৰক। স্ব নিয়োজনৰ বাট মুকলি কৰি, জীৱন পোহৰাই তোলা প্ৰতিগৰাকী নাৰীয়ে হ’ব পাৰে অপৰাজিতা। #assamesekobita #axomiyakobita #jugyata #SahityaChorcha
- এন্ধাৰৰ অপেশ্বৰী
সৌ সিদিনা এন্ধাৰ নিশা, প্ৰদীপৰ খুটাটোৰ তলত ৰৈ, চকা মকা চাৱনিৰে হঠাৎ তোমাক দেখিলোঁ। আউলি-বাউলি চুলিৰে এখোজ দুখোজ কৈ আগবাঢ়ি আহিছা মোৰ কাষলৈ। হঠাৎ তোমাক গভীৰ নিশা দেখা পাই স্তম্ভিত হলোঁ। লাহেকৈ সুধিলো ক’ৰ পৰা কলৈ যোৱা বুলি। কওঁ নকও কৈ তাই ওঁঠ জুৰি কঁপাই মাথোঁ পাৰ হৈ গ’ল মোৰ কাষেদি। যেন তাই ভাগৰুৱা! অথবা সময় হীন নিশাচৰ বাটৰুৱা। আৰু মই ৰ’ লাগি চাই ৰলো, তাইক নেদেখা পৰ্য্যন্ত, গভীৰ এন্ধাৰত। কিয় জানো? বুকুখন দুৰু দুৰু কৈ কঁপিছে, ঘিট্-মিট্ এন্ধাৰত তাই হীন অকলে মই। #assamesekobita #axomiyakobita #opesori #SahityaChorcha
- ফাগুনৰ কবিতা
ফাগুন মানে, চঞ্চলা শিমলুৰ ৰঙা, মৌপিয়াই চুমা খোৱা লাজুকী মদাৰ, অভিমানী পলাশৰ ৰঙীন আভা। ফাগুন মানে মেঘৰ মাদল নবজা উদাস আকাশ, উতনুৱা গাভৰু কঁহুৱা। ফাগুন মানে উদং পথাৰ, সৰা পাতৰ বেজাৰত নুফুলা এজাৰ। ফাগুন মানে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা দুৰন্ত পছোৱা, মোৰ খিৰিকীৰে সোমাই অহা এজাক দুষ্ট বতাহ। ফাগুন মানে ধূলিয়ৰি গৰখীয়া বাটৰ নিজম সন্ধ্যা, তৰাং নদীৰ পাৰৰ লঠঙা গছৰ ডালত ওলমি ৰোৱা জোনৰ স্নিগ্ধতা। ফাগুন মানে বসন্তৰ সেউজীয়াৰ আলিংগনৰ প্ৰতিক্ষাত উৎকন্ঠিত প্ৰেমিকৰ আশাৰ সম্ভাৰ৷ ফাগুন মানে জীৱনৰে নীতিকথা – ৰিক্ততাৰ অন্তত প্ৰাণৰ প্ৰাচুৰ্যতা, যিদৰে তাৰ শুকান মাটিৰো থাকে জীপাল সপোন বণ্যা #assamesekobita #axomiyakobita #fagun #SahityaChorcha
- মোৰ গাওঁ মোৰ মানুহ – মাতৃভক্তি
মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল চুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি পৰম্পৰাগত দৰে আছিল৷ তেনে এদিনাখন ভৰদুপৰীয়া গেলা গৰমত আমি পাচটা মান খটাসুৰে ৰাস্তাৰ দাঁতিত বহি থাকোতেই কাষেৰে সকলোৰে পৰিচিত ডাকুলীবাই পাৰ হৈ গ’ল ৷ আমাৰ শৈশৱৰ সময়ত ঘাইকৈ দুটা কাৰণত ডাকুলী বাই আছিল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ প্ৰথম আকৰ্ষণৰ কাৰণটো হ’ল তাই কাষলতিৰ খোচনাত কঢ়িয়াই লৈ ফুৰা জোলোঙাখন আৰু তাইক চুনী মাল গাড়ী বুলি কলে তাইৰ মুখৰ পৰা অগ্নি বৰষা গালি শপনি বোৰ ৷ কেতিয়াবা আকৌ তাইক ভালকৈ তাইৰ বয়স কিমান বুলি সুধিলে কয় বিশ বছৰ, অ, আ পঢ়িবলৈ দিলে কিবা এক বিশেষ সুৰত স্বৰবৰ্ণ খন সুৱলাকৈ গাই শুনোৱাই ৷ গিৰিয়েকৰ নাম কি আছিল বুলি সুধিলে কয় ৰাতি যে আকাশত ওলাই সেইটো, কিন্ত পাপ লগাৰ ভয়ত ভূলটো নকয় চন্দ্ৰ বুলি ৷ ডাকুলীবাইয়ে কঢ়িয়াই ফুৰা জোলোঙাখনত আছলতে কি থাকে সেইয়া জানিবলৈ আমাৰ মনত আছিল প্ৰবল অনুসন্ধিৎসুকতা ৷ সেই কাৰণে আমাৰ সদায়েই প্ৰয়াস থাকে তাইৰ জোলোঙাখন খুলি চাবলৈ ৷ আকৌ চুনী ককাইদেউ আছিল ডাকুলীবাইৰ ককায়েক ৷ ডাকুলীবাই অকালতে বিধবা হৈ মানষিক ভাৰসাম্য হেৰুৱাৰ পাছত ককায়েকৰ ঘৰতে থাকিছিল ৷ কেতিয়াবা দোকানৰ পৰা ককায়েকৰ মালপত্র কঢ়িয়াই নিয়ে কাৰণে তাইক চুনীৰ মাল গাড়ী বুলি কলে তাই খঙত জকি উঠিছিল ৷ কেতিয়াবা অতিষ্ঠ হৈ তাই দলি ফৰ্মূটিও মাৰি পঠিয়াই আৰু তেতিয়াই আমিবোৰে ছেদেলি ভেদেলি দি পলাওঁ ৷ সেইয়াই আছিল আমাৰ শৈশৱৰ আসুৰিক উন্মাদনা ৷ আনদিনাৰ দৰে সেই দিনাখনো অকনো ব্যতিক্ৰম নহ’ল ৷ তাই আমাৰ কাষেদি পাৰহৈ যোৱাৰ লগে লগেই আমি জোকাবলৈ আৰম্ভ কৰিদিলো ৷ আৰু কোনোবা এপাকত আমাৰ লগৰ এটাই তাইৰ জোলোঙাখন চিলনীয়ে থপিওৱাৰ দৰে থপিয়াই নি লুইতৰ কাষৰ হোলাটোৰ ওচৰ পালগৈ ৷ তাই কান্দি কাটি গালি শপনি পাৰি গোচৰ দিবলৈ আকৌ সোমাই গ’ল আমাৰ ঘৰত ৷ সেই সময়ত দেউতাও স্কুলৰ পৰা আহি জিৰণি মাৰি আছিল ৷ গতিকে দেউতাৰ ওচৰত গোচৰ পৰা মানে মই কানফলীয়া খোৱাটো চুড়ান্ত ৷ গতিকে কিংকৰ্তব্যবিমোৰ হৈ ময়ো বাকী দলটোৰ পাছে পাছে নদীৰ ঘাটলৈ দৌৰ দিলো ৷ ইতিমধ্যেই লগৰ অকনে হোলাটোৰ পাৰত বহি ডাকুলীবাইৰ জোলোঙাখন খুলি ঠান বান কৰিলেই ৷ জোলোঙাখনৰ ভিতৰত কলপাতেৰে মেৰিয়াই থোৱা কেইখনমান সৰু সৰু চূণৰ পুৰীয়া, আধলি আৰু সিকি কেইটামান আৰু এটা ভাতৰ টোপোলা ৷ লগৰ কেইটামানে জোলোঙাখন পেলাই দিয়াটোকে বিছাৰিছিল যদিও ভৰদুপৰীয়া ভাতৰ টোপোলাটো দেখাৰ পাছত কিবা মোৰ মনটো উদাস হৈ পৰিল ৷ অকনৰ হাতৰ পৰা জোলোঙাখন আজোৰ মাৰি লৈ ডাকুলীবাইৰ ঘৰলৈকে খোজ দিলো ৷ নদীৰ পাৰেদি গৈ ডাকুলীবাইৰ উৰুখা পঁজাৰ পিৰালিত ভৰি দিয়াৰ পাছত ভিতৰত ডাকুলীবাইৰ উচুপনি শুনিলো ৷ উচুপি উচুপি তাই মাকক জোলোঙাখন আমি আজুৰি নিয়া গোচৰ দি আছিল ৷ তাই যেতিয়াই নিজে নাখাইয়ো মাকলৈ মাগি অনা ভাতৰ টোপোলাটো হেৰুৱাব লগীয়া হোৱাৰ কাৰণে ইনাই বিনাই মাকক ক্ষমা কৰি দিবলৈ কান্দিছিল মোৰ শিশু হৃদয়খনো মোচৰ খাই উঠিছিল ৷ অন্তৰত সম্পূৰ্ণ অনুতপ্তৰ অনুভৱলৈ হাতসাৰে ভৰিতসাৰে ডাকুলীবাইৰ ঘৰৰ পিৰালিত জোলোঙাখন ৰাখি মই উভতি খোজ দিলো ৷ মনতে ভাবিলো মানসিক বিকাৰগ্ৰস্ত মানুহজনীৰ অন্তৰত মাতৃৰ প্ৰতি ভক্তি আৰু আস্থা ৷ নিজে নাখাই মাকৰ পতিপাল কৰিবলৈ কাষলতিৰ তলত কঢ়িয়াই ফুৰা জোলোঙাখন ৷ দেউতাই মাৰিলেও কাটিলেও আজি মোৰ চাক্ষুষ কথাখিনি দেউতাক কমেই বুলি সাহসেৰে ঘৰলৈকে পোনাই দিলো ৷ সকলোতকৈ ডাঙৰ কথাটো হ’ল সেইদিনাখন মোৰ মুখত সকলোবোৰ শুনি দেউতাই মোক অকণো খঙ ন’কৰিলে ৷ মাথো এনেকুৱা কাম যাতে পুনৰাই নকৰো তাকে সঁকিয়াই দিলে ৷ ডাকুলীবাইৰ আকুল মাতৃভক্তিৰ নিদৰ্শনে মোৰ হৃদয়ত আজীৱন সাঁচ বহুৱাই গ’ল ৷ ‘মা’ পৃথিৱীৰ সকলোতকৈ অমিয়া আৰু কোমল আৰু সহজেই উচ্চাৰণ কৰিব পৰা শব্দ ৷ মা জীয়াই থাককেই বা নাথাকক আমি প্ৰতি দিনেই জানি অজানি পুৱাৰ পৰা গধূলিলৈ সুখ দুখ সকলো ক্ষনতে মা বুলি উচ্চাৰণ কৰো ৷ মা তুমি অনন্যা ৷ মই বহুত ধন্য যে মোৰ গাঁও খনৰ বহু অখ্যাত লোকৰ বিখ্যাত গুনবোৰ ফহিয়াই জীৱন যাত্ৰাত আগুৱাই যাবলৈ জ্ঞান, সাহস আৰু অনুপ্ৰৰেণা লভিব সুযোগ পালো ৷ জননী জন্মভূমি স্বৰ্গদৰপি গৰীয়সী ৷ #Assamesegolpa #assamesestory #Axomiyagolpa #SahityaChorcha
- এপাক মাৰিবাচোন মাজুলী লৈ
বন্ধু, সময় যদি কৰিব পাৰা যাবা চোন এপাক মাজুলীৰ ফালে। সৃষ্টিকৰ্তাৰ যাদুকৰি পৰশত প্ৰান পাই উঠা চতুৰ্দিশে কেৱল সৌন্দৰ্যৰ বিপুল সম্ভাৰ ঝাও বনৰ মাজে মাজে সেউজীয়াৰে পূৰ্ন বননি বিশাল চাপৰিত জাকে জাকে গৰু ম’হৰ পাল। পানীয়ে চোবাই খোৱা গাৱৰ কলাসুলভ ভংগিমা। পানীৰ ঢৌৰ তালে তালে টুলুংভুটুং টুলুঙা নাও ছৈ দিয়া নাৱত জীৱনৰ সমস্ত বিষাদ পাহৰি নাৱৰীয়াই টনা ভাটিয়ালি সুৰ। আকাশত শৰালিৰ জাক পানী যুঁৱলিত দেওহাঁহৰ যোৰা বালিত বালিমাহি। কি অপৰূপ ৰূপ মাধুৰী মাজুলী খনৰ। সেয়েহে, বন্ধু তোমাক মাতিছো তুমি হেনো ৰজাঘৰীয়া ফালৰ মানুহ। বিশ্বৰ বৃহত্তম নদীদ্বীপ অপৰূপ সৌন্দৰ্যৰে বিভূষিতা হৈয়ো কিমান যে যন্ত্ৰনা লুকাই থাকে মাজুলীৰ বুকুত। মাজুলীৰ ৰূপ মাধুৰী উপভোগ কৰি থাকোতে মোক যেন কোনোবাই হাত বাউলিছে। জনাব বিচাৰিছে আন্ধাৰৰ কোলাত যেন লাহে লাহে খহনীয়াৰ কবলত পৰি সৰ্বশ্ৰান্ত হেৰুৱা দুৰ্ভগীয়া পৰিয়ালৰ ন্যায়ৰ বাবে কৰা কৰুণ বিননিৰ সুৰৰ মালিতা। কোনে বুজ লব? সেয়েহে বন্ধু, তুমি যদি সময় কৰিব পাৰা আহিবা। তুমি মই মিলি মাজুলী নামৰ নদীদ্বীপটোৰ বিষয়ে কথাপাতিম। নিৰ্বাচন আহিলে দেখো চিনাকি-অচিনাকি মুধা ফুটালোক। মুখত কথাৰ ফুলজাৰি দি যায় কামত নহা এশএবুৰি প্ৰতিশ্ৰুতি। নিষ্ঠুৰ-নিল্লৰ্জ মানৱৰ অত্যাচাৰ নীৰবে সহ্য কৰি অন্তৰৰ সকলো বিষাদক নেওচি ব্ৰজমুষ্টিৰে সকলো কষ্টৰ ভাৰ কান্ধত জাপি লৈছে মাজুলীবাসীয়ে। সেইবাবেই মাতিছো ৰজাঘৰীয়া বন্ধু তোমাক কাতৰে। এবাৰ হ’লেও বাৰিষাৰ আগে আগে পাক এটা মাৰিবাচোন বিশ্বদৰবাৰত স্থান পোৱা নদীদ্বীপ মাজুলী খনলৈ। #SahityaChorcha #assamesepoetry #biggestriverisland #majuli #assamesekobita
- পুষ্প হাঁহি
আচ্ছন্ন কাদম্বিনীৰ কান্তিময় কাহিলি কান্তপক্ষী শান্ত হৈ কুহেলিকাৰ কাব্যকুঞ্জত শোভিত শব্দগুচ্ছ —– চন্দ্ৰকলাৰ লাৱণ্য লৈ। কুন্তলাৰ ফুটগধূলি —– কৰতীয়া মাখিৰ কূদৃষ্টি পোখালিৰ আগলী নাশ প্ৰসিদ্ধ আলোক শূন্য অপ্ৰতিৰোধ্য নিশা বিবেকৰ ওচৰত অন্ধতামিশ্ৰা অপ্ৰশুদ্ধ বায়ু গ্ৰাস কৰে কৰৱীৰ কুসুমজ্যোতি হেৰুৱাই যায় এটা নতুন সৰুজৰ দোকমোকালি হাঁহি। অপ্ৰমাৰ কৰতালি দংসন কৰে হৃদয়ৰ পষ্পাঞ্জলি! হেৰুৱাই যায় এটা নতুন পুষ্প হাঁহি। #assamesekobita #axomiyakobita #pushpahahi #SahityaChorcha
- অৱৰুদ্ধ কৰুণতা
বাৰ্দ্ধক্য , উস ! বাৰ্দ্ধক্যৰ কথা নুসুধিবা মোক বাৰ্দ্ধক্যৰ ছবি নেদেখুৱাবা মোক সেই দুখৰ ছবি ——- বিষাদৰ বাস্তৱ কৰুণ ছবি চাব নিবিচাৰোঁ , বাৰ্দ্ধক্যৰ উপভোগ নিবিচাৰোঁ এই ক্ষণত । শুকাবলৈ ধৰা গ্ৰন্থি বোৰ লেৰেলি শুকাই যোৱা মাংস পেশী বোৰ দেখিলে বৰ অশান্তি লাগে — ভয় আৰু সংশয় আহি জুপুকা মাৰে —– বৃদ্ধ পথৰ পথিক হোৱাৰ সময়ক ফুলৰ থোপাৰে স্বাগতম নজনাওঁ । যন্ত্ৰণাই ভাৰাক্ৰান্ত মনত দোলা দি যায় —– বৃদ্ধাৱস্থাৰ ছবি দেখিলে ভয় সোমায় — মূৰ আচন্দ্ৰনাই যায় যন্ত্ৰণাৰ কথা ভাবিলে , মন অশান্ত হৈ পৰে—– সমস্যাৰ সাগৰত ঢৌ হৈ উটিব নোৱাৰোঁ । সোণালী শৈশৱ—— উদণ্ড যৌৱনৰ মধুৰ সময় —- কিয় স্থায়ী হৈ নাথাকে ——– ধন দৌলত কিয় অস্থায়ী হৈ যায় —– — নিজে সজা অট্টালিকালৈ মৰম হেৰায় — নিজে ঘটা সম্পত্তি বোৰলৈ ঘৃণা ওপজে — অহংকাৰ বোৰ কিয় জহি খহি যায় ? বাৰ্দ্ধক্য , টুলুঙা নাওত উঠা জীৱনৰ সময়—– নামোতে টুলুং ভুটুং কৰি ডুবিব পাৰে নাও, পানীত পৰিলে ককবকাই থাকিব লাগিব, নিঃসংগ জীৱনটো ১০৮ চাইৰেণ বজোৱা গাড়ীত উঠাই—– ঢাপলি মেলিব নিৰ্দ্দিষ্ট ঠাই খনলৈ , আপোন জনে হুৱাদুৱা কৰিব—- খবৰ লবলৈ যোৱা জনে ইচ আচ কৰিব। পৌঢ়তা , এই অৱস্থা সকলোৰে চিনাকি , শোচনীয়া অৱস্থা জীৱনৰ বিয়লি বেলা—- ভগ্ন স্বাস্থ্য পৌঢ় বেলাত —— স্মৃতি ৰোমন্থন কৰা বেজাৰ লগা সময় —- ছয় ৰিপুৱে আমনি কৰে এই সময়ত, বেমাৰে খুলি খুলি খাই পৌঢ় বয়সত। পকা চুলি, সৌন্দৰ্য বিহীন মুখ খন—— শোটোৰা পৰা গাৰ ছাল , থৰক বৰক খোজ কাটল , ধূসৰ দৃষ্টি শক্তি , আৰু সেই লাখুটি ডাল , ঘণ্টাৰ পাচত ঘণ্টা বহি থকা চকী খন, কেকাই কেকাই শুই থকা বিচনা খন পানী আৰু ঔষধৰ টোপোলা বোৰ , উস ! জীবনৰ অসহ্য এই জ্বালা যন্ত্ৰণা ! আবেগ জাগে লোভে আগুৱাই আহি জুমুৰি দিয়ে অৱহেলিত যেন লগা এটি জীৱন, চকু পানী নিগৰে হঠাৎ —– কৰুণতাই আগুৰি ধৰে চিন্তাৰ মাজত — — অতীতৰ কথা ফঁহিয়াই চোৱাৰ সময় —- এইয়াই কল্পনা বাৰ্দ্ধক্য সময়ৰ—— ইমান আলসুৱা সময় , মৰম বিচাৰি হাবাথুৰি খোৱাৰ সময়, অনিদ্ৰা আৰু স্মৃতি ভ্ৰমৰ সময় । বাৰ্দ্ধক্য , অতি নিদাৰুণ সময় , বাস্তৱ হেৰুৱাৰ কঠিন সময় , ধন দৌলত মোহ ভঙ্গৰ সময় , পাপ পুণ্য বিচাৰ কৰি শূণ্য উত্তৰ প্ৰাপ্যৰ সময় , নিৰাশা আশাহীন সময় , কষ্ট পোৱা আৰু কষ্ট দিয়াৰ সময় , পেচাৱ পায়খানা কৰিবলৈ যাব নোৱাৰা সময়, অজানিতে খং উঠাৰ সময় , বৰ বেদনা দায়ক নিকৰুণ, উশাহ শেষ হোৱাৰ সময় । বৃদ্ধাৱস্থাত সমস্যা বিপদ সীমাৰ ওপৰেদি বৈ যায় , হাঁহাকাৰত ওপঙি ফুৰে মৰ্ম্মান্তিক বেজাৰ , দুখৰ লোটক ঢল হৈ বাগৰে ভাঙি চিঙি উটুৱাই লৈ যায় সুখৰ সময় , এটি সৰু কোঠালী হয় আশ্ৰয় শিবিৰ, মৰমতে দুই এজনে মৰম যাচে—– এষাৰী মাত অমৃত যেন লগে, স্পৰ্শত মন প্ৰাণ সজীৱ হৈ পৰে । সোলা দাঁত, মৰহি যোৱা এজোৰী ওঁঠ , কবলৈ বিচৰা শব্দ ফুটি নোলোৱাৰ সময়, এঢোক পানী খাবলৈও শক্তি হীন অৱস্থা, কাপোৰ পিন্ধিবলৈও অসহায় , থৰ বৰক খোজ , উপভোক বুলিবলৈ দেখোন একোৱেই নাই , দুবেলা অন্ন খাবলৈও অনিচ্ছা অপাৰগ, এইয়া জীৱনৰ অৱৰুদ্ধ কৰুণতা । #aborudha #assamesekobita #axomiyakobita #SahityaChorcha
- হ’মেই বিজয়ী
কৰিমেই যুদ্ধ হ’মেই বিজয়ী পৰাজয় নলও নলও স্বীকাৰ কৰি আগুৱাইছো আগুৱাম নৰও থমকি হেৰুৱা নাই আত্মবিশ্বাস আত্মশক্তি মৰিলেও মৰিম প্ৰাণটাকি যুদ্ধ কৰি নাহো পিছ হুহকি ব্যৰ্থতাক সাৱতি যুদ্ধইযে মাতে আমাক হাত বাউলি কৰিছো কৰিম যুদ্ধ মৰণ পণ কৰি আমাৰ কৰ্মই গঢ়িব আমাৰ ভাগ্য বাধা নেওচি সাফল্যক আনিব আদৰি বজাইছো তুৰ্য ওলাবই ওলাব সূৰ্য্য দুখ বিষাদৰ দিন যাবই যাব আঁতৰি অচ্যুত অগতিৰ অগ্ন্যুৎপাতেৰে জ্বলালো অকৃত্ৰিম অগ্নচিৎ লৈ শুদ্ধ সিদ্ধান্ত কৰিছো অনিৰ্বাৰ যুদ্ধ হৈ স্থিতপজ্ঞ হোৱা নাই নহও অকৃতাৰ্থ শত্ৰুক কৰিমেই কৰিম ব্যৰ্থ ই মোৰ অবিকল্প সুস্পষ্ট সুস্থিৰ লক্ষ্য অনিৰুদ্ধ মই অক্লিষ্ট অকুতোভয়দীপ্ত সাফল্য মোৰ অনিবাৰ্য অনিবাৰ্য বীৰদৰ্পে আহিছো আগবাঢ়ি কৰিমেই যুদ্ধ হ’মেই বিজয়ী ধৈৰ্য্যৰ শৌৰ্য্যস্নাতা মই অক্লান্তপ্ৰহৰী #SahityaChorcha #assamesepoetry #axomiyakobita #homeibijoyi #assamesekobita
- অভিমানী হিঁয়াখনি
শেহতিয়া ফাগুনৰ ব’তাহ জাকত নীৰৱে, উৰি যাব ধৰিছে তোমাৰ, বিষাদ ভৰা অভিমানী মন। সৰি পৰা ফুলৰ পাপৰিৰ দৰে মৰহি যাব ধৰিছে তোমাৰ হিয়াখন। জেঠুৱা খৰাঙত ফাট মেলা হৃদয়খন ফাগুনৰ বা লাগি হ’ল এডৰা শুকান বাকৰি। এতিয়া বসন্তৰ আগমনত জিৰ জিৰ কৈ পৰিব, বৰষুণৰ টোপাল বোৰ। মোৰ মনাকাশৰ পৰা তোমাৰ অভিমানী হিঁয়াত। ফেনেফোটোকাৰে উফণ্ডি উঠিব তোমাৰ আবেগ ভৰা হৃদয়খনি। জীপাল কৰি ৰাখিম মই আবেগ ভৰা তোমাৰ হৃদয়ৰ সাগৰত সাতুৰি নাদুৰি তৃষ্ণা পুৰাবলৈ। #abhimanihiyakhoni #assamesekobita #axomiyakobita #SahityaChorcha
- এটি মিঠা হাঁহিত
হাঁহিবিন সুন্দৰ জীৱন অসম্ভৱ-অকল্পনীয়, হাঁহিমুখী ব্যক্তিত্ব সকলোৰে প্রিয়। এটি মিঠা হাঁহিত সকলো মন্ত্ৰমোহিত, প্ৰেমৰ ভাৱ উপচে দীৰ্ঘ যৌৱন বৃদ্ধৰহিত। হাঁহিৰ যাদুৱে জীৱনৰ সৌন্দৰ্য বঢ়ায়, হাঁহিৰেই জাগে আত্ম-বিশ্বাস মনুষ্যৰ জীৱন পোহৰায়। #assamesekobita #axomiyakobita #etimithahahit #SahityaChorcha
- মৰম লাগে মৰম
তুমি কান্দিছা, কান্দা চকুপানী শেষ নোহোৱালৈকে কান্দিয়েই থাকে। তুমি এদিন কৈছিলা নহয় মোৰ সুখৰো, দুখৰো আধা ভাগ তোমি লবা বুলি, লবাই কিয়নো, তুমি যে মোৰ অৰ্ধাঙ্গিণী। সেয়ে এতিয়া, কান্দি থাকা, পুত্ৰৰ মায়ামোহৰ কথা পাহৰিব নোৱাৰি বৃদ্ধাশ্ৰমত এতিয়া ভালদৰে থাকা। আমাৰ দৰে মানুহবোৰ পুত্ৰৰ বাবে এতিয়া আৱৰ্জনা হৈ পৰিছো আৰু জাৱৰক যেনেকৈ ডাষ্টবিনত পেলাই থয় ঠিক একেদৰেই আমকো আজি আমাৰ মৰমৰ পুত্ৰই পেলাই থৈ গল বৃদ্ধাশ্ৰমত। আমাৰ মনবোৰ বৰ সহজ সৰল আছিল ও আমি আগতেই এটা বৰ ডাঙৰ ভুল কৰি পেলাইছো। সেই তেতিয়াই যদি আমি অনাথআশ্ৰমৰ পৰা তাক আমাৰ লৰা কৰি নানিলোহৈ তেতিয়া হওতো আজি আমি আমাৰ চালেৰে পানী পৰা ঘৰটোত শান্তিৰে থাকিব পাৰিলোঁহৈ। আমি তাক অনাথ আশ্ৰমৰ পৰা তুলি আনি আমাৰ নিজৰ লৰা বুলি ভাবি ডাঙৰ কৰিলোঁ, কিন্তু আজি আমি আছো বৃদ্ধাশ্ৰমত । যিটো লৰাই সৰুতে বৃদ্ধ মানুহ দেখিলে ঘৰলৈ মাতি আনিব বিচাৰিছিল, সেইটো লৰাই আজি নিজৰ মাক দেউতাকক তাৰ ঘৰত দেখিলে খং উঠে। মই জীৱনটোত বহু ডাঙৰ ভুল কৰিছোঁ তাক মই নিজতকৈও বেছি ভাল পায় ভুল কৰিছোঁ। তাক মই বিশ্বাস কৰি ভুল কৰিছো। তাক মই মৰম কৰি ভুল কৰিছোঁ। তাক মই মোৰ সৰ্বোচ্চ বুলি ভাবি ভুল কৰিছোঁ। সেইজনক ভাল পায় কি লাভ, যিজনে মোৰ ভালপোৱাবোৰকে অৱহেলা কৰিলে। সেইজনক বিশ্বাস কৰি কি লাভ, যিজনে মোৰ সেই বিশ্বাসক বিশ্বাসঘাটকতা কৰিলে। সেইজনক মৰম কৰিনো কি লাভ, যিজনে মোৰ সেই নিশ্বাৰ্থ মৰমবোৰৰ মূল্য দিব বিচাৰে। সেইজন মানুহক নিজৰ সৰ্বোচ্চ বুলি ভাবি কি লাভ, যিজনে ওলোটাই মোকেই সন্দেহ কৰে। দুখ লাগে, নিজকে শেষ কৰি দিবৰ মন যায়, কিন্তু সকলো বেয়া সমস্যাৰ সমাধান জানো আত্মহত্যা হয়? কপাল, কপাল লাগিব এনেকুৱা এখন বৃদ্ধাশ্ৰমত থাকিবলে কপালত লিখা থাকিব লাগিব অনাথআশ্ৰমত থকা লৰাক যেনেকৈ নিজৰ কৰিবলৈ কপাল লাগে তেনেকৈ বুঢ়া কালত বৃদ্ধাশ্ৰমত থাকিবলৈও কপালত লিখা থাকিব লাগিব আমাক টকা পইচা নালাগে ও মাথোঁ মৰম লাগে মৰম বুঢ়া কালত আমি একো নাখালেও জীয়াই থাকিম মাথো অলপ মৰম দিবিচোন। লৰা ছোৱালীৰ মৰম পালে বুঢ়া মাকদেউতাকক আৰু একো নালাগে শান্তিৰে মৰিব পাৰে। কোনেনো এতিয়া আমাক মৰম দিব সমাজত বাৰু আমাৰ দৰে মানুহ নাইনে , আমি যেনেকৈ অনাথআশ্ৰমৰ পৰা তাক আনি মাক দেউতাকৰ মৰম দিছিলোঁ, আমাৰ দৰে জাৱৰকো এই বৃদ্ধাশ্ৰমৰ পৰা কোনোবাই তুলি নি লৰা ছোৱালীৰ মৰম দিবনে? #assamesekobita #axomiyakobita #Morom #SahityaChorcha












