top of page

এন্ধাৰৰ অপেশ্বৰী

  • Sahitya Chorcha
  • Mar 22, 2021
  • 1 min read

সৌ সিদিনা এন্ধাৰ নিশা, প্ৰদীপৰ খুটাটোৰ তলত ৰৈ, চকা মকা চাৱনিৰে হঠাৎ তোমাক দেখিলোঁ।

আউলি-বাউলি চুলিৰে এখোজ দুখোজ কৈ আগবাঢ়ি আহিছা মোৰ কাষলৈ।

হঠাৎ তোমাক গভীৰ নিশা দেখা পাই স্তম্ভিত হলোঁ। লাহেকৈ সুধিলো ক’ৰ পৰা কলৈ যোৱা বুলি।

কওঁ নকও কৈ তাই ওঁঠ জুৰি কঁপাই মাথোঁ পাৰ হৈ গ’ল মোৰ কাষেদি।

যেন তাই ভাগৰুৱা! অথবা সময় হীন নিশাচৰ বাটৰুৱা। আৰু মই ৰ’ লাগি চাই ৰলো, তাইক নেদেখা পৰ্য্যন্ত, গভীৰ এন্ধাৰত।

কিয় জানো? বুকুখন দুৰু দুৰু কৈ কঁপিছে, ঘিট্‌-মিট্‌ এন্ধাৰত তাই হীন অকলে মই।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page