হতাশতা
- Jun 9, 2021
- 1 min read
সাত ৰঙৰ মাজত হতাশ এটা ভয়ঙ্কৰ ৰঙ
মানৱ জীৱনৰ অংগহীন সঙ্গী
নিৰৱে বৈ থাকে হৃদয়ৰ অন্তৰে অন্তৰে।
কথা বতৰা নকলেও সকলো সময়তে সকলো ক্ষেত্ৰতে
গোপনে গোপনে অংশ গ্ৰহণ কৰে,
তথাপি মই ভাবোঁ,,,,
জীয়াই থাকিবলৈ হলে হতাশাত বুৰ নগৈ
জীয়াব লাগিব সূৰ্য্যৰ কিৰণ হৈ
সমুদ্ৰৰ পানী চাই সাতুৰিবলৈ এৰিলে
জীৱনৰ পথ হৈ পৰে অৱৰোধ,,,,,।
সেয়ে হতাশতা এৰি হৃদয় চুই যোৱাকৈ
উশাহৰ হাঁহি এটাৰে বিশ্বজয়— হতাশতাৰ পৰাজয়।




Comments