মই প্ৰেমতেই বিলীন
- Sahitya Chorcha
- Feb 9, 2021
- 1 min read
সময় পালে কেতিয়াবা আহিবা এদিন চাই যাবা হৃদয়ত তুমি দিয়া মৰমৰ চিন অন্তৰত অন্তৰথৈ চুই চাবা চাই যাবা সৌন্দৰ্য মুখী সাংসাৰিক বাস্তৱ কিমান কঠিন।
অনুভৱ কৰি যাবা গছে পাতে ফুলে ফলে মইযে তোমাৰ প্ৰেমতেই বিলীন মোৰ চিন্তা স্বপ্নৰে উতলা মনে প্ৰাণে দোলায়মান দুয়োপাৰে নলীনৰ বাদে নেথাকে পুলিন।
চিন্ময়তা অবিচ্ছিন্ন সঙ্গীতৰ লহৰে লহৰে শুনি যাবা দেখি যাবা বুজি যাবা তাপময় বাস্তৱৰ বিস্মৃতিৰ প্ৰসাৰী আকাশে মোৰ স্মৃতি কোনোদিন কৰিব নোৱাৰে পৰাধীন।
নেথাকি কাষত থাকিলেও বহুদূৰ দূৰত সকলোতে শুনো তোমাৰ প্ৰেমৰেই গুণগুণ গান ঋতুৰ সুৱাস অন্ধকাৰ ধুমুহাৰ আকাশ সকলোৱেই কৰাই মোক তোমাৰ স্মৰণ।
শিৰৰ সেন্দুৰে বোলোৱা কঠিন বাস্তৱৰ তালে তালে শয়নে সপোনে জনমে মৰণে পলে অনুপলে হাঁহিয়ে কান্দোনে মই তোমাৰ প্ৰেমতেই বিলীন মই তোমাৰ প্ৰেমতেই বিলীন।




Comments