top of page

মৌন দুটি ওঁঠৰ ভাষাৰে

সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷

আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷

ফাগুনৰে উন্মনা বাউলি মলয়াই ৰং সানিলে পলাশৰে ৰংঙত উতলা হৈ প্ৰেমৰে আবিৰ হৃদয়তে৷

আধৰুৱা প্ৰণয় বাটতে তুমি মোৰ হ’লাহি সাৰথি জ্বলি শেষ হ’ব খোজা মোৰ বিভীষিকা চাকিটিক দুহাতে ধৰি কলিজাতে৷

বিছৰা নাছিলোঁ কদাপিতো মদাৰৰ ৰংঙতে পাগলী হৈ তোমাৰ প্ৰেমৰ শলিতা গছি জ্বলাম বুলি নিস্তব্ধে৷

বিছাৰিছিলোঁ কৃষ্ণচূড়াঁৰ তুলবুলীয়া ৰঙীন সমাহাৰে জিলিকাই তুলিম আমাৰ শ্বাশত প্ৰেমক চিৰযুগমীয়া কৰি নিশব্দে৷

0 views0 comments

Related Posts

See All
bottom of page