ভাটৌ চৰাই
- Sahitya Chorcha
- Feb 3, 2021
- 1 min read
এদিন কিনি আনিছিলোঁ সেউজীয়া পক্ষী ফুটিছিল মৰমৰ মাত।
বনৰীয়া চৰাই তই, ঘৰচীয়া হলি, সেই বাবে মেলি দিছিলোঁ তোক।
বিশ্বাসৰ এবুকু মৰম লৈ ঘূৰি ফুৰিছিলি ঘৰৰ কোঠাত, তই যেন সহোদৰ ভাই।
আলহি আহিলে স্নেহেৰে আদৰিছিলি, একেখন বিচনাত শুইছিলি তই।
আবেগিক মৰমেৰে কোলাত আহি উঠিলে তই হেঁপাহৰ চুমা দিছিলোঁ তোক।
আজি হেৰালি ক’ত, উৰি গলি কাকো নোকোৱাকৈ, তই কপটীয়া ভাটৌ চৰাই।




Comments