top of page

বন্য হস্তীৰ ক্লেশ

হে, জীৱ শ্ৰেষ্ঠ মানৱ নিজৰ বাবে ডাঙৰ ডাঙৰ দালান গঢ়িছা, গঢ়িছা ৰম্য ৰমণীয় বাসস্থান বাসভৱন । পিছে মোৰ বাসস্থান কিয় কালদগ্ধ কৰিছা? গছ-বন কাটি কিয় লঠঙা কৰিছা?

নিজৰ বাবে নিতৌ ন ন খাদ্যৰ ব্যঞ্জন তৈয়াৰ কৰি ৰাজভোগ ভোজন কৰিছা । পিছে মোৰ খাদ্যস্থল কিয় চাৰখাৰ কৰিছা?

খাদ্য বিচাৰি তোমালোকৰ সমীপত গ’লে আকৌ জুই, ফটকা, দা ধনুকাঁড় আদিৰে আক্ৰমণ কৰি থকা-সৰকা কৰা।

তোমালোকেই কোৱা মই ক’ত থাকিম ? মই খাদ্য ক’ত পাম? মই মোৰ পৰিয়ালৰ বাসস্থান বিচাৰি কলৈ যাম?

কেনেকৈ বুজাও মোৰো তোমালোকৰ দৰে যে পো-পোৱালি আছে পৰিয়াল আছে মৰম আছে মমতা আছে ভোক আছে ভোগ আছে দায়িত্ব আছে দৰকাৰ আছে মান আছে অভিমান আছে।

0 views0 comments

Related Posts

See All
bottom of page