top of page

বীৰ লাচিত

  • Sahitya Chorcha
  • Jun 13, 2021
  • 1 min read

বীৰ লাচিত, বীৰ লাচিত মোৰ অসমৰ বীৰ, তোমাৰ অসম নাই আজি আছে মাএ নামহে বাকী।

অসমৰ এই বিশাল মাটিত নাই কোনো বীৰ, ব্ৰহ্মপুত্ৰৰ এই দুয়ো পাৰত সাজিছে বিদেশীয়ে ঘৰ।

কি উজনি, কি নামনি চাৰিওফালে কৰিছে প্ৰব্ৰজন, কি সত্ৰ, কি নামঘৰ সকলোৰে ভূমি কৰিছে দখল।

সময় নাই আৰু সময় নাই বহুতযে পলম হ’ল, কেইদিনমানতে বিদেশীয়ে চলাব অসমখনক চৰকাৰ পাতি।

বিদেশীয়ে অসমীয়াক খেদিব সন্ধান কোনে ৰাখিব? অসমী আই হব বাংলাদেশ খৱৰ কোনে ৰাখিব?

আকৌ এবাৰ ৰঙা হ’ব শৰাইঘাটৰ বগাপানী, আকৌ অসমীক বচাবলৈ নাই যে আজি বীৰ।

আকৌ তুমিয়েই বীৰহৈ জন্মিব লাগিব এই অসমত, আকৌ অসমীক তোমাৰ বীৰত্বৰেই বচাব লাগিব বিদেশীৰ পৰা।

আকৌ এবাৰ শুনাব লাগিব তোমাৰ ৰণ আহ্বান বাণী, আকৌ শৰাইঘাটত যুঁজিব লাগিব বীৰ লাচিতহৈ হেংদাং দাঙি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page