বিহংগম (একাদশ খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে
অভিনন্দনে তাৰ ৰুমৰ দুৱাৰখন খুলিয়েই দেখিলে সন্মুখত অচাৰাই হাতত এপাহ ৰঙা গোলাপ আৰু এটা লেফাফা লৈ ঠিয় দি আছে ৷ তাই মুখত মৰমলগা মিচিকিয়া হাঁহিটিৰে পুৱাৰ অভিবাদন জনাই তাৰ হাতত লেফাফাটো তুলি দি ক’লে, মহাশয় যোৱা ৰাতি হোৱা আপোনাৰ অসুবিধাখিনিৰ বাবে আমি দুঃখিত ৷ পুনৰ আপোনাৰ যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি আপোনাক অগ্ৰীম কুপন উপলভ্ কৰিছো যাতে আপুনি আপোনাৰ পুৱাৰ আৰু নিশাৰ আহাৰ সময়ত পাব পাৰে ৷ নিতৌ পুৱা সাত বজাৰ পৰা দহ বজালৈকে পুৱাৰ আহাৰ ডাইনিং হ’লতে পাব ৷ ৰুমত যদি খাদ্য পৰিবেশন কৰি