বুকুত আজি জুই জ্বলে
- Jul 5, 2021
- 1 min read
চৌদিশে এয়া… কিহৰ কিৰিলি শুনিছো অনাকাঙ্ক্ষিত সময়ৰ অঘোষিত আস্ফালন বুকুত বাজিছে ব্যথাভৰা নিনাদ সহিব পৰা নাই পিতৃহাৰা মাতৃহাৰা শিশুৰ হৃদয়ৰ আৰ্তনাদ কলিজাৰে সৰকি গৈছে তপত হুমুনিয়াহৰ শব্দ আপোনহাৰা কত চিনাকি জনৰ! কৰ্মহীন বহুজনৰ আকুতি বুকুৰ দুচকুৰে তেজ হৈ সৰি পৰি ধূসৰ হৈছে পৃথিৱী! অশান্ত হৈছে মন-প্ৰাণ ৰুৰুৱাই জ্বলিছে কলিজাত তামসীৰ অশান্ত প্ৰহৰৰ নিদ্ৰাবিহীন নাগৰিকৰ অন্তহীন হাহাকাৰ! ক’ত হেৰাই যায় ৰ’দৰ আঁচলত কঢ়িয়াই ফুৰা আশাৰ মহঙা ভোগজৰা!




Comments