top of page

তুমি নাৰী স্ৰোতস্বিনী

তুমি মহিমাময়ী —- হৰিণ নয়নী–নয়নৰ মণি— লুইতৰ পাৰৰ লিহিকা খাগৰি, মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব– জীৱন লগৰী— জীৱন যুদ্ধৰ প্ৰথম প্ৰহৰী ।

তুমি চন্দ্ৰ মূখী , তুমি উজ্জ্বল নক্ষত্ৰ , তুমি চিকমিক বিজুলী, তুমি নিঃশব্দ নিশাৰ নীৰৱ নায়িকা, এক শব্দহীন আশাৰ মধুৰতা ।

তোমাৰ দুই নয়ণ স্বেত পদ্মৰ কলি যেন লাগে– তোমাৰ চাওনিত সৰলতা ওপজে, কেশত সুবাস বিয়পে , তুমি নাৰী চিৰ প্ৰকৃতি বহ্নিমান ফিৰিঙটি তুমি সহনশীল প্ৰাণময়ী চঞ্চলা অনাবিল আনন্দ ।

ওঁ‌ঠত মিচিকীয়া হাঁ‌হি, মৌ মাখি যেন গুণ গুণ শব্দৰে মুখৰিত — কুলু কুলু শব্দৰে বৈ যোৱা সুঁ‌তি তুমি কুকিল কণ্ঠী গীতিকাৰ ক’লাকাৰ , স্বতন্ত্ৰ তোমাৰ অঙ্গীকাৰ— তুমি শিল্পীপ্ৰাণ—— তুমি নাৰী চিৰ প্ৰবাহিত সত্য ধাৰাৰ।

ৰঙা গোলাপৰ পাহি যেন কমনীয়তা— তেজোদীপ্ত মনৰ গৰাকী —- তুমি নাৰী স্ৰোতস্বিনী তেজস্বিনী চিন্তা চেতনাৰ—- পুলক জগাই তোলা হাস্যময়ী লাস্যময়ী।

ইমান আলসুৱা—ঠুনুকা মন, পলসুৱা এডৰা পথাৰ চিৰ সেউজীয়া —চিৰ সত্য স্বৰূপ– বাসনাৰ মূৰ্ত্ত প্ৰতীক, চেতনাৰ প্ৰকাশ , তুমি নাৰী মন্দাকিনী।

আজন্ম প্ৰেমিকা— দূৰন্ত মনৰ উদ্দীপনা– ক্ষুন্ন মনৰ তীব্ৰ গতিৰ জলতৰঙ্গ– তিক্ষ্ণ বুদ্ধিমতী— প্ৰজন্ম সৃষ্টিত তুমি নৱ অধিকাৰি তুমি জননী এই ধৰণীৰ ।

অশ্ৰুধাৰা নিগৰি বৈ যায়– ইমান কোমল হৃদয় , উচুপি উঠা শোকাকুল প্ৰাণ , তুমি নৱমল্লিকা তুমি ক্ৰোধৰ উৰ্ম্মিমালা , তুমি লেহুকা নাৰী তিলোত্তমা ।

সৰ্পৰ দৰে ফেট তুলি—– বিস্ময় সৃষ্টি কৰা , নিলাজী বনৰ দৰে জয় পৰি যোৱা– নিমাতি কন্যা তুমি , তুমি জ্ঞানমালিনী জাগতিক জীৱনৰ ।

প্ৰচণ্ড ক্ষোভৰ গৰাকী , ডাৱৰ সদৃশ অভিমানী — আকাশ যেন বিশালতা তোমাৰ– সুকোমল অনুভৱ— মহিমাময়ী তুমি ত্যাগৰ প্ৰতীক।

তুমি বীৰাঙ্গনা , তুমি অনামিকা তুমি খৰস্ৰোতা নদীৰ দৰে বিস্ময় প্ৰকৃতি তোমাৰ —- পখিলাৰ দৰে ৰঙীন— শুভ্ৰ মনৰ গৰাকী– তুমি যৌৱনা নাৰী ।

ঈশ্বৰে সপি দিছে অযুত মৰম , হিয়াই উজাৰে আবেগ — স্নেহ বিলাসিতাৰ— প্ৰেমময়ী জীৱন তোমাৰ— ভাৱনাৰ সপোন কুঁ‌ৱৰী তুমি— প্ৰেৰণাৰ উৎস জগত জননী।

কবিতাৰ ছন্দত প্ৰকাশিত , শিলত খোদিত তুমি ভাস্কৰ্য, সুহৃদ বন্ধু ইতিহাসৰ পাতত—- তুমি মায়াৱিনী গভীৰ নিশাৰ ।

গজ গামিনী তুমি—- প্ৰতি খোজত গভীৰতা আছে, আশাৰ প্ৰদীপ জ্বলে — প্ৰাণোচ্ছল মনৰ গৰাকী– তুমি সৰল প্ৰাণৰ স্বত্বাধিকাৰী।

তুমি নাৰী চিৰ নমস্য, তুমি ইতিহাস ৰছোতা—- নতুন ভাৱনাৰে ৰহস্যময়ী– তুমি হাস্যময়ী—— তুমি নাৰী —— কৰুণাময়ী তোমাৰ আলিঙ্গনত সঞ্জীৱিত প্ৰাণ।

2 views0 comments

Related Posts

See All
bottom of page