জানমণি ঐ
জানমনি ঐ! জাননে তই বহাগ আহিলে নহয়, সাঁচি থবি বৈ থোৱা বিহুৱান খনি, মই যাম তোৰ কাষলৈ—– বিহুৱান ডিঙিত পিন্ধাবি মোক, এইবাৰো বহাগৰ বিহু সাৱধানে পাতিম দেই।
হিয়াত এবোজা মৰম লৈ আশা ভৰা মন লৈ ৰৈ থাকিবি দেই, তোৰ কাষলৈ বিহুৰ দিনা আহিম মই, অনুভৱৰ বতাহ এজাক লগত লৈ , দহোকৰি বন কাতি কৰি থৈ ।
সময় যে বৰ জটিল , তই জানো বুজি পোৱা নাই , বসন্ত আহিছে কুঁহিপাত মেলিছে তই জানো দেখা নাই তই জানো শুনা নাই ক’ভিডৰ বীজাণু আহিছে হুৰমূৰকৈ , এইবাৰ বিহু হব নে নাই কব পৰা নাই !
জানমনি ঐ ! উচুপি উচুপি নিচুকাই ৰাখিবি তোৰ কোমল হৃদয় , কান্দোনত ভাগি নপৰিবি দেই—- লোটক নিগৰাই—- মজিয়া উটুৱাই নিদিবি তই , সাঁচি ৰখা বিহুৱান পিন্ধিম গৈ মই।
এইবাৰ বহাগ আহিছে , কুলি কেতেকীয়ে গছৰ ডালত পৰি গীত জুৰিছে , মিঠা মিঠা মাতেৰে বসন্তক আদৰি আনিছে, তই একাজলি মৰমেৰে দৈৰ টেকেলি আছুতীয়াকৈ ৰাখিবি দেই ।
সাঁচি থোৱা বিহুৱান খনি —- তোৰ হাতেৰে পিন্ধাবি মোক — ঢুলীয়াক কৈ থবি — এইবাৰ বসন্তত মিলিজুলি বিহু পাতিম , এপাক নাচিম গৈ তোৰ লগত।




Comments