top of page

আধা লিখা কবিতা

  • Jun 26, 2021
  • 1 min read

সপোন বিলাক সপোনহৈ ৰৈ গ’ল, দি গ’ল মাথোঁ এটি মিঠা অনুভূতি!

কথা বিলাক ভবাৰ দৰে নাছিল। কিন্তু অনুভৱ বিলাক সচাঁ আছিল!

কথা বিলাক দীঘল আছিল নে চুটি। কল্পনাৰ চহৰ খনত এজাক আপুৰুগীয়া কৃত্ৰিম বৰষুণ,

মৌন দুটি ওঁঠৰ আলমত স্থগিত হৈ থাকিল শব্দৰ লহৰ!

কিছু কথা তোমাৰ আছিল কিছু কথা মোৰ।

অবুজ হৃদয়ৰ স্তব্ধ স্পন্দনত বিয়পি পৰিছিল অমৃতৰ কিছু টোপাল।

হঠাৎ জিকাৰ খাই শিহৰি উঠিছিল মৃত আত্মা।

বন্ধ দুটি চকুত জিলিকি উঠা সূৰ্যৰ কিৰণত দেখা স্পষ্ট ছবি খন তোমাৰে আছিল।

কিন্তু বুজি নাপালোঁ ই বাস্তৱ আছিল নে সপোন আছিল?

হয়তো বাস্তৱৰ আধাৰত মোৰ হৃদয়ৰ ভাঁজে ভাঁজে নীলা চিয়াঁহীৰে লিখি থোৱা ই মোৰে আধা লিখা কবিতা আছিল।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page