top of page

অনুভৱ

Jul 3, 2021
1 min read

১ মধুৰ সময় বুলি নাই মোৰ মুখত হাঁহি শেষ প্ৰয়াস কৰিছো পামনে আবেলিৰ বেলি।

২ প্ৰাচীৰ খন জোকাৰি দিছে দুৱাৰ খন জপাই দিয়া। ক’ত পাবা নিৰ্মল বতাহ দিয়া নিয়াৰ হিচাপ নিকাচত।

৩ জীয়াই থকাৰ প্ৰেৰণাত যন্ত্ৰনা সহ্য কৰিব পাৰি। আশাৰে জীয়াই থাকিব পাৰি কিন্তু মৃত্যু ভাবি পাৰ কৰিব নোৱাৰি।

৪ মানৱতাৰ জয় গান গোৱা মানুহবোৰ বৰ স্বাৰ্থপৰ। মানৱতাৰ মৃত্যুত তেওঁলোকে চকুপানী নোটোকে। তেওলোকে কান্দে মানুহৰ মৃত্যুত। মানৱতা শেষ নকৰিবা বন্ধু। মানৱতাৰ মৃত্যু হলে আৰু নোপজে মানৱতা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page