top of page

ৰোমন্থন

গভীৰ ভয়াবহতা লৈ সমাগত হ’ল ২০২০ চন| মানুহৰ মনত কেৱল শংকা আৰু শংকা| বাহিৰলৈ ওলাবলৈ ভয় ক’ৰোণা ভাইৰাচৰ ৰণচণ্ডী ৰূপ, ভিতৰত তলি উদং| ভোকত কেচুৱাই কান্দিছে; কিন্তু খুৱাবহি কি? সকলোতে চলি আছে যে ল’কডাউন| শাৰীৰিক চিন্তাতকৈ জুৰুলা কৰিছে মানসিক চিন্তাইহে; পেটৰ ক্ষুধা বাৰণ কৰিবলৈযে নাই কোনো আৰ্জন| জোৰজুলুমকৈ ওলাই গ’লেও পুলিচৰ পিটন| মোখোৰা নলগালে ভৰিব লাগিব শকত ধন। ঘৰৰ ভিতৰত পেপুৱা লাগিছে জনগণ, ভিতৰত নাই খুদ-কণ; বহিঃৰাজ্যত বন্দী হৈছে আত্মীয়-স্বজন| পেটত ক্ষুধা অন্তৰত জুই, কেনেকৈ কৰিব নিৰ্বাপণ? কেউফালে মৃত্যুৰ কৰিলি, ওচৰলৈ যাব নোৱাৰে আত্মীয়-স্বজন| ভয়াবহতা,ভয়াবহতা কেৱল ভয়াবহতাৰ ছবি| বাৰে বাৰে চলিছে ল’কডাউন আৰু ল’কডাউন| ভিতৰতে সোমাই শিল্পী-সাহিত্যিকে কৰি গৈছে মূল্যাংকণ; হাততযে আহি পৰিছে অফুৰন্ত সময় কৰিবলৈ চিত্ৰাংকণ| কা-কেবকলৈ যি আন্দোলনৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ক’ৰোণাৰ বৰষুণে সকলো নিঃশেষ কৰি দিলে, পাঁচজন শ্বহীদৰ আত্মাইও শান্তি নাপালে| ভয়াৰ্ত হৈয়েই দিনৰ পিছত দিন গ’ল, মাহৰ পিছত মাহ বাগৰিল, ২০২০ৰ অন্তীমক্ষণ সমাগত হ’ল; নতুন২০২১ ক চনক আদৰণি জনাবৰ হ’ল|

0 views0 comments

Related Posts

See All

Comments


bottom of page