top of page

লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি

সন্ধিয়া চৌকাত জুইকুৰা লগোৱাৰ লগে লগেই চোনু আৰু মুনো আইতাকৰ কাষ পালেহি। আইতা, আজি বহুত দিন আপুনি আমাক সাধু কোৱা নাই। আজি সাধু এটা কওঁক না আইতা…..! আইতাকৰ ভৰিখনত ধৰি জোকাৰি দিলে মুনোৱে।

: উসঃ…! ৰাম তহঁতৰ পৰা আৰু উপায় নাই । শুন তেতিয়াহ’লে….

এখন দেশত এজন বৰ ধনী সদাগৰ আছিল । সদাগৰৰ দুজনী ঘৈণীয়েক আছিল । ডাঙৰজনী ঘৈণীয়েকৰ নাম আছিল তৰা আৰু সৰুজনীৰ নাম আছিল তগৰ। সদাগৰে প্ৰথমতে তৰাক বৰ মৰম কৰিছিল কিন্তু বিয়া কৰাই অনাৰ চাৰি পাঁচ বছৰৰ পাছতো সন্তানৰ মুখ দেখা নাছিল । সেয়ে সদাগৰ বৰ চিন্তাত পৰিছিল। এদিন সদাগৰ চহৰলৈ ওলাই যাওঁতে এজনী বৰ মৰমলগা ছোৱালী লগ পাইছিল , আৰু সেইজনীয়ে আছিল তগৰ। কথা বতৰা পতাৰ পাছত তগৰলৈ সদাগৰৰ বৰ মৰম উপজিল সেয়ে সদাগৰে তগৰৰ ঘৰৰ মানুহৰ লগত কথা পাতি তগৰক বিয়া পাতিলে।

: তাৰ পাছত কি হ’ল আইতা…? প্ৰশ্ন কৰিলে চোনুৱে

: বিয়াৰ পাছত সদাগৰে তৰা তগৰক সমানেই মৰম কৰিছিল। কিন্তু লাহে লাহে তগৰৰ প্ৰতি সদাগৰৰ মৰম বাঢ়িবলৈ ধৰিলে।

: কিয় আইতা….? টপৰাই প্ৰশ্ন কৰিলে মুনোৱে

: তেতিয়া তগৰ মাক হ’বলৈ ওলাইছিল। সেয়ে সদাগৰে তগৰক বেছিকৈ মৰম কৰিছিল। কিছুদিন পাছত তগৰে এটা ল’ৰা সন্তান জন্ম দিলে। সদাগৰ আনন্দত আত্মহাৰা হ’ল। কিন্তু সদাগৰৰ আনন্দ দেখি তৰাৰ বৰ খং উঠিছিল। ভিতৰি ভিতৰি তগৰৰ প্ৰতিও খং উঠিছিল। লাহে লাহে তগৰৰ ল’ৰাটো ডাঙৰ হৈছিল। সদাগৰে মৰমতে তাৰ নাম থৈছিল ধনবৰ। এদিন সদাগৰ বহুত দূৰত ফুৰিবলৈ গৈছিল। তেতিয়া ঘৰত আছিল তৰা, তগৰ আৰু ধনবৰ। তৰাই মনে মনে ভাবিবলৈ ধৰিলে তগৰক নাইবা ধনবৰক যদি শেষ কৰি দিব পৰা যায়, তেতিয়া সদাগৰে তৰাক আগৰ দৰে মৰম কৰিব। কুবুদ্ধিটো মনলৈ অহাৰ লগে লগেই তৰাই তগৰ আৰু ধনবৰক শেষ কৰি পেলোৱাৰ পৰিকল্পনা কৰিলে।

: আইতা…! তৰাই ধনবৰক মাৰি পেলালে নেকি….! আইতাকৰ হাতখন জোকাৰি জোকাৰি প্ৰশ্ন কৰিলে চুনুৱে।

: তহঁতে যদি এইদৰে মোক প্ৰশ্ন কৰি থাক । মই সাধু কম কেনেকৈ….! সাধুতো কৈ শেষ নোহোৱালৈকে তহঁতে মোক একো প্ৰশ্ন নকৰিবি….!

: হ’ব আইতা । বৰ নম্ৰকৈ কলে চুনুৱে।

: তাৰ পাছত তৰাই হাটলৈ গৈ বিহ অলপ কিনি আনি পাকঘৰৰ টেকেলীএটাত লুকুৱাই থলে। ইটো সিটো কাম কৰি থাকোঁতে তৰাই কথাটো পাহৰি থাকিলে। পাছদিনা ৰাতিপুৱা ঘৰৰ গৰুজনী গাখীৰ ক্ষীৰাই আনি বিহ থোৱা ঘটটোতে গাখীৰখিনি দৈ হ’বৰ বাবে থৈ দিলে। দুদিনমান পাছত টেকেলিটোৰ পৰা দৈ অলপ উলিয়াই মনে মনে পাকঘৰৰ চুকতে বহি তৰাই খাই দিলে। খাই দিয়া কিছু সময় পাছত তৰাৰ গাটো বেয়া হ’বলৈ ধৰিলে। বিচনাতে চটফটাই থকা দেখি কি নো হৈছে বুলি তগৰে জুমি চালে। কেকাই গেঠাই বিচনাত পৰি থকা দেখি তগৰৰ বৰ হাঁহি উঠিল। যিদিনাই ঘৰত কাম বেছিকৈ ওলাই সেইদিনাই তৰাই বেমাৰ হোৱাৰ অভিনয় কৰে। সেয়ে তগৰু নিজৰ ৰূমতে সোমাই থাকিল। যেতিয়া একো মাত বোল নোহোৱা হ’ল তেতিয়া তগৰে ভয়তে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তগৰৰ চিঞৰ শুনি ওচৰ চুবুৰীয়া সকলো গোট খালে। ঠিক সেইখিনি সময়তে বেপাৰীজন সদাগৰৰ পদূলিয়ে পাৰ হৈ গৈছিল। চোতালত মানুহ দেখি কিনো হৈছে বুলি বেপাৰীজন সদাগৰৰ ঘৰলৈ সোমাই আহিল আৰু তৰা মাত বোল নোহোৱাকৈ শুই থকা দেখি বেপাৰীজনে সঁচা কথাটো সকলোৱে আগত কৈ দিলে। সঁচা কথাটো শুনাৰ পিছত সকলোৰে তৰালৈ খং উঠিল আৰু সকলো ঘৰা ঘৰি গুচি গ’ল। : তাৰমানে তৰা মৰি থাকিল নেকি আইতা…? প্ৰশ্ন কৰিলে চুনুৱে।

: বিহ মিহলৈ হৈ থকা দৈ খাই তৰা মৰি থাকিল । এতিয়া তহঁতে মোক সাঁধুটোৰ পৰা কি শিকিলি ক’ৱ লাগে।

: কেতিয়াও কাকো অনিষ্ট কৰাৰ কথা চিন্তা কৰিব নালাগে । চুনু আৰু মুনো দুয়োটাই একেলগে ক’লে।

: তাৰমানে তহঁতে বুজি পালি । সেইকাৰণে কয় লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি।

0 views0 comments

Related Posts

See All

コメント


bottom of page